আপুনি আনক সহায় কৰিবলৈ “ইচ্ছা কৰেনে”?
১ যীচুৱে বাস্তৱতে লোকসকলৰ প্ৰতি বিশেষ যত্ন লৈছিল। যেতিয়া এজন কুষ্ঠ ৰোগীয়ে যীচুৰ সহায় বিচাৰিছিল তেতিয়া তেওঁ নিজৰ হাত মেলি সেই ব্যক্তিজনক স্পৰ্ষ কৰি এইদৰে কৈছিল: “মই ইচ্ছা কৰিছোঁ; শুচি হোৱা।” (মাৰ্ক ১:৪০-৪২) বৰ্তমান সময়ত যীচুৰ মনোবৃত্তিক অনুকৰণ কৰি আমি কেনেকৈ আনক সহায় কৰিব পাৰোঁ?
২ আগ্ৰহী লোকসকল: আগ্ৰহী ব্যক্তিসকলে যিহোৱাৰ উপাসক হʼবলৈ মণ্ডলীৰ প্ৰত্যেকজন ব্যক্তিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা আদায় কৰে। যেতিয়া কোনো আগ্ৰহী ব্যক্তিয়ে সভাত উপস্থিত হয়, আমি তেওঁলোকক অভিবাদন আৰু তেওঁলোকৰ সৈতে পৰিচয় হোৱা আৱশ্যক। যিকোনো সুযোগতে তেওঁলোকক উৎসাহিত কৰিবলৈ সাজু থাকক। সভাত তেওঁলোকে দিয়া মন্তব্যৰ বাবে তেওঁলোকৰ শলাগ লওক। বাইবেলৰ সিদ্ধান্তসমূহৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ চেষ্টা কৰাৰ বাবে তেওঁলোকক প্ৰশংসা কৰক। মণ্ডলীৰ আন ভাই-ভনীৰ সৈতে প্ৰকৃত বন্ধুত্ব স্থাপন কৰিবলৈ তেওঁলোকক সহায় কৰক।
৩ সঙ্গী বিশ্বাসী ভাই-ভনীসকল: ‘বিশেষকৈ পৰিয়ালস্বৰূপে বিশ্বাস কৰাসকলে’ বিভিন্ন প্ৰকাৰে আমাৰ পৰা সহায় পোৱাৰ বাবে উপযোগী। (গালা. ৬:১০) কিয়নো তেওঁলোকৰ বহুতে হয়তো শাৰীৰিকভাৱে অসুস্থ হʼব পাৰে। গতিকে আপুনি তেওঁলোকক উৎসাহকজনৰূপে সাক্ষাৎ কৰি এক গুৰুত্বপূৰ্ণ সাহায্য আৰু ব্যৱহাৰিক সহায় আগবঢ়াব পাৰে। কিছুমানে হয়তো তেওঁলোকৰ জীৱনত বহুতো সমস্যাৰ সম্মুখীন হʼব পাৰে। তেনে ভাই-ভনীসকলৰ প্ৰতি সহানুভূতি দেখুৱাই তেওঁলোকে কোৱা কথাৰ প্ৰতি মনোযোগ দি আপুনি তেওঁলোকক আশ্বাস দিব পাৰে। (১ থিচ. ৫:১৪) প্ৰাচীনসকলেও তেওঁলোকৰ দায়িত্ব বহন কৰিবলৈ আমাৰ সহযোগিতাৰ আৱশ্যক। (ইব্ৰী ১৩:১৭) তদুপৰি, আমি সঙ্গী সেৱকসকলৰ প্ৰতি আগ্ৰহী আৰু সহায়যুক্ত মনোবৃত্তি প্ৰকাশ কৰি “শান্তিজনক” হʼব পাৰোঁ।—কল. ৪:১১.
৪ পৰিয়ালৰ সদস্যসকল: যীচুৰ আৰ্হিক অনুকৰণ কৰি আমি আমাৰ পৰিয়ালৰ সদস্যসকলৰ প্ৰতি বিবেচক হোৱা উচিত। গভীৰ বিবেচনাই পিতৃ-মাতৃক ‘নিজ নিজ লʼৰা-ছোৱালীক যিহোৱাৰ শিক্ষা আৰু চেতনাত প্ৰতিপালন কৰিবলৈ’ পৰিচালিত কৰিব। লʼৰা-ছোৱালীয়েও পৰিয়ালৰ অধ্যয়ন, মণ্ডলীৰ সভা বা প্ৰচাৰ কাৰ্য্যৰ বাবে সাজু থাকি তেওঁলোকে নিজৰ ভূমিকা আদায় কৰিব পাৰে। বাঢ়ি অহা লʼৰা-ছোৱালীয়ে যীচুৰ সহানুভূতি গুণক প্ৰতিফলিত কৰি বৃদ্ধ পিতৃ-মাতৃক তেওঁলোকৰ সমস্যাত প্ৰেমেৰে সহায় কৰিব পাৰে। এইদৰে আৰু আন প্ৰকাৰে আমাৰ সকলোৱে “নিজৰ ঘৰৰবিলাকক ভক্তি কৰিবলৈ” প্ৰস্তুত হʼব পাৰে।—১ তীম. ৫:৪.
৫ যীচুৰ আৰ্হিক অনুকৰণ কৰি যেনেকৈ আনক সহায় কৰিম, আমি হয়তো তেওঁলোকৰ সমস্যাসমূহক হ্ৰাস কৰি পৰিয়াল আৰু মণ্ডলীৰ ভাই-ভনীৰ সৈতে এক নিবিড় সম্বন্ধ স্থাপন কৰিব পাৰিম। সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে আমি “কৰুণাময় পিতৃ” যিহোৱাৰ নাম মহিমান্বিত কৰিম।—২ কৰি. ১:৩.