বিশ্বাসত থিৰে থাকিবলৈ কিহে আমাক সহায় কৰিব?
১ যি সময়ৰ পৰা আমি যিহোৱাৰ সংগঠনৰ সৈতে সঙ্গতি কৰিবলৈ আৰম্ভ কৰিলোঁ, তেতিয়াৰ পৰা আধ্যাত্মিক উন্নতিয়ে আমাক বহুত আনন্দিত কৰিছে! কিন্তু, ‘শিপা ধৰি, আৰু বিশ্বাসত থিৰ হৈ’ থাকিবলৈ আধ্যাত্মিকতাত উন্নতি কৰি থকা আৱশ্যক। (কল. ২:৬, ৭) যিহেতু বহুতে আধ্যাত্মিকতাত উন্নতি কৰিছে, কিন্তু কিছুমানে “বিশ্বাসত সুস্থিৰ” নথকাৰ বাবে আধ্যাত্মিকতাৰ পৰা আতঁৰি গৈছে। (১ কৰি. ১৬:১৩) কেনেকৈ আমি আধ্যাত্মিকতাত থিৰে থাকিবলৈ নিজকে ৰক্ষা কৰিব পাৰোঁ?
২ আধ্যাত্মিক কাৰ্য্যবোৰত ব্যস্ত থাকক: যিহোৱাৰ সংগঠনত থকা সকলোবোৰ আধ্যাত্মিক কাৰ্য্যত নিয়মীয়াকৈ ভাগ লওঁক। কিয়নো ইয়াত আমাৰ আধ্যাত্মিক আৱশ্যকতাবোৰৰ ভৰণ-পোষণ দিয়া হয়। মণ্ডলীৰ সভা, সন্মিলন আৰু অধিৱেষনবোৰে আধ্যাত্মিকৰূপে উন্নতি কৰি বিশ্বাসত দৃঢ় হৈ থাকিবলৈ প্ৰেৰণা যোগায়। ইয়াৰ দ্বাৰাই আমাক সেইবোৰত একেৰাহে উপস্থিত হৈ থাকি লাভৱান হʼবলৈ সহায় কৰে। (ইব্ৰী ১০:২৪, ২৫) বাইবেল, প্ৰহৰীদূৰ্গ আৰু সচেতন! আলোচনী আৰু অন্যান্য আধ্যাত্মিক বিষয়ে বিবেচনা কৰা কিতাপবোৰ ঈশ্বৰৰ বাক্যৰ আহাৰৰূপে যুগুত কৰা হৈছে। সেইবাবে ইয়াক নিয়মীয়াকৈ পঢ়া আৱশ্যক। কিয়নো ইয়ে আমাক আধ্যাত্মিকতাত শিপা ধৰি বৃদ্ধি হৈ শক্তিশালী হবলৈ সহায় কৰে। (ইব্ৰী ৫:১৪) ব্যক্তিগতৰূপে আধ্যাত্মিক লক্ষ্য তৈয়াৰ কৰা আৰু সেইবোৰত পৰিশ্ৰম কৰাৰ দ্বাৰাও চিৰকালৰ বাবে লাভৱান হব পাৰে।—ফিলি. ৩:১৬.
৩ আধ্যাত্মিকৰূপে অভিজ্ঞতা থকা ব্যক্তিসকলৰ পৰা সহায় লওঁক: মণ্ডলীত আধ্যত্মিকৰূপে অভিজ্ঞতা থকা ব্যক্তিসকলৰ সৈতে সঙ্গতি কৰক। প্ৰাচীনসকলৰ সৈতে কথা-বতৰা হওঁক যিহেতু তেওঁলোকে আমাৰ বিশ্বাস দৃঢ় কৰাত আগভাগ লয়। (১ থিচ. ২:১১, ১২) যেতিয়া তেওঁলোকে কোনো উপদেশ বা পৰামৰ্শ দিয়ে সেইবোৰক স্বীকাৰ কৰা আৱশ্যক। (ইফি. ৪:১১-১৬) সহায়ক সেৱকসকলো আনক বিশ্বাসত থিৰে থাকিবলৈ সহায় কৰাত আগ্ৰহী। গতিকে উৎসাহৰ বাবে তেওঁলোকৰ পৰাও সহায় লোৱা উচিত।
৪ প্ৰচাৰ ক্ষেত্ৰত আপোনাক সহায়ৰ আৱশ্যকনে? প্ৰাচীনসকলৰ সৈতে কথা-বতৰা হওঁক আৰু তেওঁলোকৰ পৰা সহায় বিচাৰক। হয়তো তেওঁলোকে আপোনাক ‘অগ্ৰগামীসকলে আনক সহায় কৰে’ কাৰ্য্যক্ৰমত ভাগ লʼবলৈ সহায় কৰিব পাৰে। আপুনি নতুনকৈ বাপ্তিষ্মা প্ৰাপ্তনে? আমাৰ পৰিচৰ্য্যা (ইংৰাজী) কিতাপখন অধ্যয়ন কৰক আৰু আধ্যাত্মিকতাত উন্নতি কৰাত সহায় কৰিবলৈ যি ব্যৱস্থা আছে তাক প্ৰয়োগ কৰক। আপুনি পিতৃ বা মাতৃনে? নিজৰ লʼৰা-ছোৱালীক একেৰাহে আধ্যাত্মিকতাত দৃঢ় কৰিবলৈ সহায় কৰক।—ইফি. ৬:৪.
৫ শিপা ধৰি, আৰু বিশ্বাসত থিৰ হৈ থকাৰ দ্বাৰা আমি যিহোৱাৰ সৈতে ঘনিষ্ট সমন্ধ আৰু ভাই-ভনীসকলৰ সৈতে এক প্ৰেমময় সম্পৰ্ক গঢ়ি তুলিব পাৰিম। ইয়ে আমাক চয়তানৰ আক্ৰমণক প্ৰতিৰোধ কৰিবলৈ শক্তি দিব আৰু ভৱিষ্যতে থকা অনন্ত জীৱনৰ আশাক দৃঢ় কৰিব।—১ পিত. ৫:৯, ১০.