পৰিচৰ্য্যা সভাৰ তালিকা
টোকা: এই অধিৱেশনৰ সময়ছোৱাত প্ৰত্যেক সপ্তাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত সেৱা সভাৰ বাবে তালিকা দিয়া হʼব। “ঈশ্বৰীয় আজ্ঞাকাৰীতা” জিলা অধিৱেশনত উপস্থিত হʼবলৈ মণ্ডলীসমূহে আৱশ্যকীয় সাল-সলনি কৰিব পাৰে। যʼত উপযুক্ত হয়, মণ্ডলীয়ে জিলা অধিৱেশনত উপস্থিত হোৱাৰ পূৰ্বেই সেৱা সভাত ১৫ মিনিট সময় এই মাহৰ অন্তপত্ৰত দিয়া পৰামৰ্শ আৰু স্মৰণীবোৰ স্থানীয়ভাৱে প্ৰযোজ্য কৰি আলোচনা কৰিব পাৰে। অধিৱেশনৰ এমাহ বা দুমাহৰ পিছত ১৫-২০ মিনিট সময় উলিয়াই এখন সেৱা সভাত (সম্ভৱতঃ স্থানীয় আৱশ্যকতাসমূহ ভাগটোত) জিলা অধিৱেশনত শিকা বিষয়বোৰে প্ৰকাশকসকলক প্ৰচাৰ ক্ষেত্ৰত কেনেকৈ সহায় কৰিব, সেই বিষয়ে আলোচনা কৰিব পাৰে। আমি অধিৱেশনত শিকা বিষয়বোৰক কেনেকৈ পৰিচৰ্য্যা কাৰ্য্যত প্ৰযোজ্য কৰিলে অধিক সহায়ক হʼব, এই বিষয়ে সেৱা সভাত পৰিচালনা হʼবলগীয়া ভাগত মন্তব্য দিবলৈ সুযোগ পাম।
এপ্ৰিল ১১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৪
১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্ব্বাচিত ঘোষণাসমূহ। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহ (যদি স্থানীয় এলেকাৰ বাবে উপযুক্ত) ব্যৱহাৰ কৰি কেনেকৈ এপ্ৰিল ১ প্ৰহৰীবুৰুজ আৰু এপ্ৰিল ২২ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে, সেই বিষয়ে উপস্থাপন প্ৰস্তুত কৰক। আন ব্যৱহাৰিক উপস্থাপনো ব্যৱহাৰ কৰিব পাৰে। এটা উপস্থাপনত কেনেকৈ প্ৰকাশকে ৰাস্তাত সাক্ষী দিয়া কাৰ্য্য কৰিছে, সেই বিষয়ে উপস্থাপন প্ৰস্তুত কৰক।
১৫ মি: “একেৰাহে প্ৰচাৰ কাৰ্য্যত লাগি থাকক।”a যদি সময়ে অনুমতি দিয়ে, তেন্তে লেখটোত দিয়া শাস্ত্ৰীয় পদবোৰৰ ওপৰত আধাৰিত কৰি মন্তব্য দিবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক।
২০ মি: “নতুন ব্ৰচাৰখন বিতৰণ কৰাৰ এক বিশেষ অভিযান।”b এই ভাগটো সেৱা ওভাৰচিয়াৰে পৰিচালনা কৰে। লেখটোত উল্লেখ কৰা পৰামৰ্শ ব্যৱহাৰ কৰি উপস্থাপন প্ৰদৰ্শন কৰক। এটা উপস্থাপনত গৃহস্থই আমাৰ বাৰ্ত্তাৰ প্ৰতি অধিক আগ্ৰহকতা নেদেখুৱায়। গতিকে তেওঁক ব্ৰচাৰখনৰ পৰিৱৰ্তে এখন ট্ৰেক্ট দিয়ক।
গীত ২১৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
এপ্ৰিল ১৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১২৭
১০ মি: স্থানীয় ঘোষণাসমূহ। ব্ৰচাৰখন বিতৰণ কৰিবলৈ কৰা বিশেষ অভিযানৰ বাবে কৰা ব্যৱস্থাৰ বিষয়ে চমুকৈ উল্লেখ কৰক। স্থানীয় এলেকাত যি উপস্থাপনেৰে ব্ৰচাৰখন দি ভাল ফলাফল লাভ কৰিছে, সেই উপস্থাপন ব্যৱহাৰ কৰি এটা প্ৰদৰ্শন প্ৰস্তুত কৰক।
২০ মি: “প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা ভাগ ৮.”c নতুনকৈ বাইবেল অধ্যয়ন কৰা বিদ্যাৰ্থীক যিহোৱাৰ সাক্ষীসকল—তেওঁলোক কোন? তেওঁলোকে কি বিশ্বাস কৰে? ব্ৰচাৰখনৰ এটা কপি দিয়াৰ বিষয়ে প্ৰদৰ্শন কৰক। প্ৰচাৰকজনে ব্ৰচাৰখনৰ ২০ পৃষ্ঠাত দিয়া ছবিখন দেখুৱাই চমুকৈ ৰাজহুৱা সভাবোৰৰ বিষয়ে আলোচনা কৰে। প্ৰকাশকজনে আগন্তুক ৰাজহুৱা ভাষণৰ বিষবস্তুৰ বিষয়ে উল্লেখ কৰি বিদ্যাৰ্থীজনক উপস্থিত হʼবলৈ আমন্ত্ৰণ কৰে।
১৫ মি: স্থানীয় অনুভৱসমূহ। নতুন ব্ৰচাৰখন বিতৰণৰ বাবে আয়োজন কৰা বিশেষ অভিযানত ভাগ লৈ লাভ কৰি পোৱা অনুভৱৰ বিষয়ে কʼবলৈ আমন্ত্ৰণ কৰক। উল্লেখনীয় অভিজ্ঞতাবোৰক পুনৰ অভিনয় কৰি দেখুৱাবলৈ আগতীয়াকৈ ব্যৱস্থা কৰক। যদি মণ্ডলীত এই ব্ৰচাৰখন কম মাত্ৰাত আছে, তেন্তে ব্ৰচাৰখনৰ অতিৰিক্ত কপিবোৰ প্ৰকাশকসকলক সাহিত্য বিভাগত ঘূৰাই দিবলৈ অনুৰোধ কৰক।
গীত ১৬৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
এপ্ৰিল ২৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১১১
১৫ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপোৰ্ট আৰু দান-বৰঙণি পঠোৱাৰ বিনিময়ত শাখা কাৰ্য্যালয়ৰ পৰা লাভ কৰা প্ৰাপ্তি স্বীকাৰ পত্ৰখন পঢ়ক। সকলো প্ৰচাৰকক এপ্ৰিল মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপোৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহ (যদি স্থানীয় এলেকাৰ বাবে উপযুক্ত) ব্যৱহাৰ কৰি কেনেকৈ মে’ ১ প্ৰহৰীবুৰুজ আৰু মে’ ৮ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে, সেই বিষয়ে উপস্থাপন প্ৰস্তুত কৰক। আন ব্যৱহাৰিক উপস্থাপনো ব্যৱহাৰ কৰিব পাৰে। এটা উপস্থাপনত কেনেকৈ লোকসকলে “মই জানিবলৈ ইচ্ছুক নহওঁ” (বাইবেল পৰিচৰ্চ্চা কেনেকৈ আৰম্ভ আৰু একেৰাহে চলাই যাব পাৰি নামৰ সৰু কিতাপখনৰ ৮ পৃষ্ঠাত চাওক।) বুলি কৈ কথোপকথনত বাধা সৃষ্টি কৰা লোকক কেনেকৈ সফলতাৰে প্ৰচাৰ কৰিব পাৰি, সেই বিষয়ে উপস্থাপন প্ৰস্তুত কৰক। উল্লেখিত বিষয়টো স্থানীয় এলেকাত থকা লোকসকলৰ বাবে অধিক ব্যৱহাৰিক হʼব পাৰে।
৩০ মি: “বৃহৎ মণ্ডলীত যিহোৱাৰ ধন্যবাদ কৰক।”d এই ভাগটো মণ্ডলীৰ চেক্ৰেটাৰীয়ে পৰিচালিত কৰে। মণ্ডলীক নিযুক্ত কৰা অধিৱেশনৰ বিষয়ে উল্লেখ কৰক। প্ৰহৰীবুৰুজ অধ্যয়নৰ বাবে দিয়া অনুচ্ছেদবোৰক কেনে প্ৰকাৰে অধ্যয়ন কৰা হয়, সেই বিষয়ে বিবেচনা কৰক। নিযুক্তি পোৱা পাঠকক অনুচ্ছেদবোৰ পঢ়িবলৈ কওক। “জিলা অধিৱেশনৰ স্মাৰক” নামৰ বক্সটো আলোচনা কৰক।
গীত ৮ সমাপ্তিৰ প্ৰাৰ্থনা।
মে’ ২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৪৮
১০ মি: স্থানীয় ঘোষণাসমূহ। চমুকৈ ৬ পৃষ্ঠাত দিয়া “পৰ দি থাকক! নামৰ ব্ৰচাৰখনৰ পৰা অধ্যয়ন,” লেখটো আলোচনা কৰক। এই ব্ৰচাৰখন আলোচনাৰ বাবে দিয়া তালিকাৰ পৰিলেখৰ বিষয়ে উল্লেখ কৰক। মে’ ২৩ তাৰিখৰ পৰা প্ৰত্যেক সপ্তাহে হʼবলগীয়া পুস্তক অধ্যয়নৰ বাবে সকলোকে ভালকৈ সাজু হৈ আহিবলৈ উৎসাহিত কৰক।
২০ মি: নতুন ব্ৰচাৰখন ব্যৱহাৰ কৰি লোকসকলক আগ্ৰহী কৰি তুলা। সেৱা ওভাৰচিয়াৰে এই ভাগটো শ্ৰোতাসকলৰ সৈতে আলোচনা কৰে। পৰ দি থাকক! নামৰ ব্ৰচাৰখনত দিয়া বক্সবোৰ আৰু পুনৰ সাক্ষাতৰ সময়ত ব্যৱহাৰ কৰাৰ বিষয়ে আলোকপাত কৰক। ব্ৰচাৰখনত দিয়া কোনটো বক্সৰ বিষয়ৰ প্ৰতি স্থানীয় লোকসকলে অধিককৈ আগ্ৰহী হʼব, সেই বিষয়ে শ্ৰোতাসকলৰ সৈতে আলোচনা কৰক। পুনৰ সাক্ষাতৰ সময়ত বক্সবোৰ ব্যৱহাৰ কৰাৰ উপস্থাপন প্ৰস্তুত কৰক। পিছৰ বাৰ পুনৰ সাক্ষাতৰ সময়ত আলোচনা কৰিবলগীয়া বক্সটোক উল্লেখ কৰি উপস্থাপন সমাপ্তি কৰে।
১৫ মি: “উপকাৰ আৰু সহভাগিতাৰ কাৰ্য্য কৰক।”e বিষয়টোক স্থানীয়ভাৱে প্ৰযোজ্য কৰি আমি ব্যৱহাৰিকৰূপে কেনেকৈ আনক সহায় কৰিব পাৰোঁ, সেই বিষয়ে উল্লেখ কৰক।
গীত ৪৭ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
[Footnotes]
a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
c এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
d এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
e এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।