ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৬/০৫ পৃষ্ঠা ৭
  • ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ মৌখিক পুনৰ নিৰীক্ষণ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ মৌখিক পুনৰ নিৰীক্ষণ
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৬/০৫ পৃষ্ঠা ৭

ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ মৌখিক পুনৰ নিৰীক্ষণ

তলত দিয়া প্ৰশ্নসমূহ ২০০৫ চনৰ জুন মাহৰ ২৭ তাৰিখে আৰম্ভ হʼবলগীয়া ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলত মৌখিকভাৱে আলোচনা কৰা হʼব। স্কুল অধ্যক্ষজনে এই পুনৰ নিৰীক্ষণটো ৩০ মিনিটত সমাপ্তি কৰিব। ইয়াত দিয়া প্ৰশ্নসমূহ ২০০৫ চনৰ মে’ ২ তাৰিখৰ পৰা লৈ জুন ২৭ তাৰিখৰ নিযুক্তিসমূহৰ বিষয়বস্তুৰ ওপৰত আধাৰিত। [টোকা: যি প্ৰশ্নসমূহৰ পিছত কোনো উদ্ধৃতি দিয়া নাই, সেইবোৰ বিষয়ত আপুনি নিজেই অনুসন্ধান কৰি উত্তৰ দিয়া আৱশ্যক।​—⁠পৰিচৰ্য্যা স্কুল, কিতাপৰ ৩৬-৩৭ পৃ. চাওক।]

বক্তৃতাৰ বৈশিষ্ট্য

১. ভাষণত উপমা আৰু লক্ষণা ব্যৱহাৰ কৰাটো কিয় এক ব্যৱহাৰিক পদ্ধতি? (আদি. ২২:⁠১৭; গীত ১:⁠৩; যাকো. ৩:⁠৬) [be ২৪০ পৃ. ২-৪ অনু., বক্স]

২. উত্তম শিক্ষাদান কৰা উদাহৰণবোৰ আমি কʼত বিচাৰি পাম, কিন্তু এই ক্ষেত্ৰত আমি কেনে সাৱধানতা অৱলম্বন কৰা উচিত? [be ২৪২ পৃ. ১-২ অনু.]

৩. উদাহৰণবোৰ অধিক কাৰ্য্যকাৰী হʼবলৈ আমি কি মনত ৰাখা উচিত? [be ২৪৪ পৃ. ১-২ অনু.]

৪. আমি শিক্ষাদান কৰোঁতে কিয় দৃশ্যমান পদ্ধতি ব্যৱহাৰ কৰা উচিত আৰু এই ক্ষেত্ৰত যিহোৱা ঈশ্বৰে কি কৰিলে? [be ২৪৭ পৃ. ১-২ অনু., বক্স]

৫. প্ৰচাৰ কাৰ্য্যত আমি কেনেকৈ দৃশ্যমান পদ্ধতিৰ ব্যৱহাৰ কৰিব পাৰোঁ? [be ২৪৮ পৃ. ১ অনু.–২৪৯ পৃ. ২ অনু.]

ভাষণ নং ১

৬. লʼৰা-ছোৱালীক শিক্ষা দিয়াৰ সম্বন্ধে ঈশ্বৰৰ বাক্যই কেনে নিৰ্দ্দেশনা প্ৰদান কৰিছে? [w03 ৩/১৫ ১২ পৃ. ২ অনু.; ১৪ পৃ. ৩ অনু.]

৭. ডেকা অৱস্থাত দায়ূদৰ প্ৰতি থকা যিহোৱাৰ আগ্ৰহকতা কেনেকৈ প্ৰকাশ পালে আৰু দায়ূদে যিহোৱাৰ প্ৰতি কেনেকৈ নিজৰ আগ্ৰহকতা প্ৰকাশ কৰিলে? [w03 ৪/১৫ ২৯ পৃ. ৪ অনু.; ৩০ পৃ. ৩ অনু.]

৮. যিহোৱা ঈশ্বৰে হেবলে কৰা বলিদান কিয় গ্ৰহণ কৰিলে আৰু এই ঘটনাই আমাক কেনে আশ্বাস প্ৰদান কৰে? (আদি. ৪:⁠৪) [w03 ৫/১ ২৮ পৃ. ৪ অনু.–২৯ পৃ. ১ অনু.]

৯. হিতোপদেশ ৩:⁠১১ পদত উল্লেখ কৰা ‘যিহোৱাৰ অনুযোগ’ কি, যাক অস্বীকাৰ নকৰিবলৈ আগ্ৰহ কৰিছে? [w03-AE ১০/১ ৮ পৃ. ২-৪ অনু.]

১০. প্ৰথম তীমথিয় ৬:⁠৬-⁠৮ পদত উল্লেখ কৰা অনুসাৰে “সন্তুষ্ট” হোৱাৰ অৰ্থ কি? [w03 ৬/১ ৯ পৃ. ১-২ অনু.; ১০ পৃ. ১ অনু.]

সপ্তাহিক বাইবেল পাঠ

১১. দায়ূদ আৰু যোনাথনৰ মাজত থকা প্ৰেমৰ অটুট বন্ধন কিহৰ পূৰ্বাভাস আছিল? (২ চমূ. ১:⁠২৬) [w89 ১/১ ২৬ পৃ. ১৩ অনু.]

১২. দায়ূদে যিৰূচালেমলৈ ঈশ্বৰৰ নিয়ম চন্দুক আনিবলৈ প্ৰথমে কৰা চেষ্টাৰ পৰা আমি কি শিকিব পাৰোঁ? (২ চমূ. ৬:⁠২-⁠৯)

১৩. দ্বিতীয় বিবৰণ ২৪:⁠১৬ আৰু যিহিষ্কেল ১৮:⁠২০ পদত কৈছে যে পিতৃৰ দোষত সন্তান নমৰিব, তেনেহʼলে দায়ূদে বৎ-চেবাৰ সৈতে পাপ কৰাৰ পিছত কিয় তেওঁলোকৰ সন্তানটিৰ মৃত্যু হʼল? (২ চমূ. ১২:⁠১৪; ২২:⁠৩১)

১৪. আমি কেনেকৈ জানিব পাৰোঁ যে চীবাই মফীবোচতৰ অহিতে কৰা দাবী মিছা আছিল? (২ চমূ. ১৬:⁠১-৪)

১৫. তেনে পৰিস্থিতিত মফীবোচতে চীবাৰ প্ৰতি দেখুৱা প্ৰতিক্ৰিয়াৰ দ্বাৰা আমাৰ বাবে কেনে উত্তম আৰ্হি ৰাখিলে? (২ চমূ. ১৯:⁠২৪-⁠৩০)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক