ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৬/০৫ পৃষ্ঠা ৮
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৬/০৫ পৃষ্ঠা ৮

আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?

প্ৰহৰীবুৰুজ জুন ১

“দৰিদ্ৰতাৰ এদিন অন্ত পৰিব বুলি আপুনি ভাবেনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] ঈশ্বৰে এই বিষয়ে কি প্ৰতিজ্ঞা কৰিছে, সেই সম্পৰ্কে মনোযোগ দিয়ক। [মীখা ৪:⁠৪ পদটো পঢ়ক।] এই আলোচনীখনত সেই প্ৰতিজ্ঞা কেনেকৈ বাস্তৱিকতালৈ পৰিণত হʼব, তাৰ বিষয়ে আলোচনা কৰা হৈছে।” আগন্তুক পুনৰ সাক্ষাতত আলোচনা কৰিবলৈ এই প্ৰশ্নটো সোধক: “এই প্ৰতিজ্ঞা কেতিয়া পূৰ্ণ হʼব?”

সচেতন! জুন ২২

“আপুনি ভাবেনে যে আমি প্ৰত্যেকে এই বাক্যৰ অনুসাৰে জীৱন-যাপন কৰিলে আমাৰ অঞ্চলটো এখন উত্তম স্থান হৈ পৰিব? [ইফিচীয়া ৪:⁠২৮ পদটো পঢ়ক। তাৰ পিছত উত্তৰৰ বাবে ৰওক।] এই আলোচনীখনত দোকানৰ পৰা বস্তু চুৰ কৰা ব্যক্তিসকলৰ বাবে আমাৰ প্ৰত্যেকেই দিবলগীয়া হোৱা অধিক মূল্যৰ বিষয়ে আলোচনা কৰা হৈছে। তদুপৰি ইয়াত এইটোও কোৱা হৈছে যে, অতি শীঘ্ৰেই দোকানৰ পৰা হোৱা চুৰি আৰু তেনে ধৰণৰ আন আন অপৰাধবোৰ অন্ত পৰিব।”

প্ৰহৰীবুৰুজ জুলাই ১

“আমাৰ বেছিভাগ লোকে নিজৰ জীৱনৰ অধিক সময়ছোৱা বৃত্তি বা চাকৰিত অতিবাহিত কৰে। কিছুমানে ইয়াক আশীৰ্ব্বাদ আৰু কিছমানে অভিশাপ বুলি দৃষ্টি কৰে। এই বিষয়ে আপুনি কি ভাবে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক। তাৰ পিছত উপদেশক ২:⁠২৪ পদটো পঢ়ক।] এই আলোচনীখনে দেখুৱাইছে যে, পৰিশ্ৰম কৰাৰ ওপৰত ভাৰসাম্য দৃষ্টি বজাই ৰাখিবলৈ বাইবেলে কেনেকৈ সহায় কৰিব পাৰে। তদুপৰি ইয়াত এইটোও কোৱা হৈছে যে কেনেকৈ কৰ্ম্মজনিত হেঁচাবোৰত সফলতাৰে সম্মুখীন হʼব পাৰে।”

সচেতন! জুলাই ৮

“বৰ্তমান প্ৰতিযোগিতামূলক এই চাকৰিৰ বজাৰত নিবনুৱা সমস্যা এক বিস্ফুৰিত ৰূপত প্ৰকাশ পাইছে। এই আলোচনীখনত চাকৰি বিচাৰি পোৱাৰ পাঁচটা মুখ্য সহায়ৰ পৰিলেখ দিয়া হৈছে। [“চাকৰি বিচাৰি পোৱা পাঁচটা মুখ্য সহায়ক।” নামৰ লেখটোত দিয়া ডাঠ আখৰৰ শিৰোনামাটো আলোকপাত কৰক।] তদুপৰি ইয়াত কেনেকৈ এটা চাকৰি স্থায়ী কৰিব পাৰি, সেই বিষয়েও পৰামৰ্শ আগবঢ়োৱা হৈছে।” আলোচনীখনৰ ১০ পৃষ্ঠাত দিয়া হিতোপদেশ ২২:⁠২৯ পদটো পঢ়ক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক