ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১১/০৫ পৃষ্ঠা ২
  • পৰিচৰ্য্যা সভাৰ তালিকা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৰিচৰ্য্যা সভাৰ তালিকা
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • নবেম্বৰ ১৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • নবেম্বৰ ২১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • নবেম্বৰ ২৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • ডিচেম্বৰ ৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১১/০৫ পৃষ্ঠা ২

পৰিচৰ্য্যা সভাৰ তালিকা

নবেম্বৰ ১৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ২২০

১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্ব্বাচিত ঘোষণাসমূহ। (যদি আপোনাৰ এলেকাৰ বাবে উপযুক্ত হয়) ৪ পৃষ্ঠাত দিয়া পৰামৰ্শবোৰ ব্যৱহাৰ কৰি কেনেকৈ নবেম্বৰ ১ প্ৰহৰীবুৰুজ আৰু নবেম্বৰ ২২ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে, সেই বিষয়ে প্ৰদৰ্শন কৰক। প্ৰত্যেকটো উপস্থাপনত “মই ধৰ্ম্মৰ বিষয়ে জানিবলৈ আগ্ৰহী নহওঁ” বুলি কোৱা লোকসকলৰ সৈতে কেনেকৈ কথোপকথন কৰিব পাৰি, সেই বিষয়ে প্ৰদৰ্শন কৰি দেখুৱাউক।​—⁠বাইবেলৰ পৰিচৰ্চ্চা কেনেকৈ আৰম্ভ, ৯ পৃ. চাওক।

১৫ মি: ঈশ্বৰৰ মন আনন্দিত কৰা দান-বৰঙণি। নবেম্বৰ ১, ২০০৫ চনৰ প্ৰহৰীবুৰুজ ৮-⁠১২ পৃষ্ঠাৰ (w05-AE ১১/১) ওপৰত আধাৰিত কৰি এজন প্ৰাচীনে ভাষণ দিয়ে।

২০ মি: “যিহোৱাৰ মহিমা ঘোষণা কৰক।” a লেখটোৰ ৪ অনুচ্ছেদ আলোচনা কৰাৰ সময়ত, সকলো শ্ৰোতাক চমুকৈ কʼবলৈ কওক যে, কেনেকৈ উত্তম আচাৰ-ব্যৱহাৰে সাক্ষী দিয়াৰ সুযোগ মুকলি কৰে।

গীত ২৪ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

নবেম্বৰ ২১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৪০

১০ মি: স্থানীয় ঘোষণাসমূহ।

২০ মি: যিহোৱা ঈশ্বৰক আপোনাৰ নিজৰ কৰি লওক। এপ্ৰিল ১, ২০০৫ চনৰ প্ৰহৰীবুৰুজ, ২৫-⁠২৮ পৃষ্ঠাৰ ওপৰত আধাৰিত কৰি এজন প্ৰাচীনে ভাষণ দিয়ে। অব্ৰাহাম, দায়ূদ আৰু এলিয়াৰ উদাহৰণৰ পৰা শিকা বিষয়বোৰক ব্যৱহাৰিকৰূপে প্ৰস্তুত কৰক।

১৫ মি: “মনোযোগী হৈ ব্যক্তিগত আগ্ৰহকতা প্ৰকাশ কৰক।” b এজন প্ৰকাশকে ব্যক্তিগত আগ্ৰহকতা প্ৰকাশ আৰু গৃহস্থৰ পৰিস্থিতিৰ অনুসাৰে মন্তব্য দিয়াৰ বিষয়ে উল্লেখ কৰি এক উপস্থাপন প্ৰস্তুত কৰক।

গীত ৬৭ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

নবেম্বৰ ২৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৭

১২ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপোৰ্ট আৰু দান-বৰঙণি পঠোৱাৰ বিনিময়ত শাখা কাৰ্য্যালয়ৰ পৰা লাভ কৰা প্ৰাপ্তি স্বীকাৰ পত্ৰখন পঢ়ক। সকলো প্ৰচাৰকক নবেম্বৰ মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপোৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। (যদি আপোনাৰ এলেকাৰ বাবে উপযুক্ত হয়) ৪ পৃষ্ঠাত দিয়া পৰামৰ্শবোৰ ব্যৱহাৰ কৰি কেনেকৈ ডিচেম্বৰ ১ প্ৰহৰীবুৰুজ আৰু ডিচেম্বৰ ৮ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে, সেই বিষয়ে প্ৰদৰ্শন কৰক। আন ব্যৱহাৰিক উপস্থাপনো প্ৰস্তুত কৰিব পাৰে। উপস্থাপনত দান-বৰঙণিৰ ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰক।

১৫ মি: “আমি কেনেকৈ সহায় কৰিব পাৰোঁ?” এটা ভাষণৰূপে প্ৰস্তুত কৰক। সত্যত থকা সঙ্গী ভাই-ভনীসকলৰ আৱশ্যকতাৰ সময়ত যিহোৱাৰ উপাসকসকলে আগবঢ়োৱা সাহায্যৰ উদাহৰণ দাঙি ধৰক। (সচেতন! আগষ্ট ৮, ২০০৩ চন ১০-⁠১৫ পৃ.; নবেম্বৰ ২২, ২০০২ চন ১৯-⁠২৪ পৃ.; অক্টোবৰ ২২, ২০০১ চন ২৩-⁠২৭ পৃ.; আৰু আন উদ্ধৃতিবোৰো ব্যৱহাৰ কৰিব পাৰে।) তাৰ পিছত আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ ৩ পৃষ্ঠাত দিয়া লেখটোৰ মুখ্য বিষয়বোৰক আলোচনা কৰক। জোৰ দি উল্লেখ কৰক যে যদি কোনোবাই এনে মানৱ হিতকৰ আৰু সাহায্যৰ বাবে কোনো দান-বৰঙণি দিবলৈ বিচাৰে, তেন্তে বিশ্বজুৰি কৰা কাৰ্য্যৰ পুঁজিত দান কৰিলে উত্তম হʼব।

১৮ মি: ডিচেম্বৰ মাহত ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰা। ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। আৰম্ভণিতে বক্তাই পাঁচ মিনিট ভাষণ দিয়াৰ পিছত জানুৱাৰী ২০০৫ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ ৮ পৃষ্ঠাত দিয়া “কেনেকৈ সৰল প্ৰস্তাৱনাবোৰৰ ব্যৱহাৰ কৰিব পাৰি” নামৰ লেখটোৰ পৰা এই বিষয়বোৰ আলোচনা কৰক: (১) সাধাৰণতে আমি অধিক কাৰ্য্যকাৰী হʼবলৈ নিজৰ ভাষাত উপস্থাপন প্ৰস্তুত কৰোঁ। (২) স্থানীয় পৰিস্থিতিৰ অনুসাৰে আমাৰ উপস্থাপন প্ৰস্তুত কৰিবলৈ আমি উত্তমভাৱে বিবেচক হোৱা উচিত। (৩) আমি স্থানীয় লোকসকলৰ পৃষ্ঠভূমি আৰু চিন্তাধাৰাৰ বিষয়ে বিবেচনা কৰা উচিত। (৪) আমি ব্যৱহাৰ কৰিবলগীয়া অধ্যায়বোৰক ভালকৈ পঢ়া আৰু লোকসকলক আগ্ৰহী কৰি তুলা বিষয়বোৰৰ প্ৰতি মনোযোগ দিয়া উচিত। (৫) আমি সৰল উপস্থাপনত দিয়া পৰিলেখ ব্যৱহাৰ কৰাতেই সীমিত থকা উচিত নহয়। তাৰ পিছত ডিচেম্বৰ মাহত দিবলগীয়া প্ৰকাশনৰ সৈতে এই বিষয়বোৰ ব্যৱহাৰ কৰক। তদুপৰি আপুনি জানুৱাৰী ২০০৫ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ অন্তপত্ৰখনৰ পৰা নাইবা স্থানীয় এলেকাত প্ৰযোজ্য হোৱা আন সৰল উপস্থাপন ব্যৱহাৰ কৰিব পাৰে। এটা বা দুটা উপস্থাপন প্ৰস্তুত কৰক।

গীত ১২৩ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

ডিচেম্বৰ ৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৩৮

১০ মি: স্থানীয় ঘোষণাসমূহ।

১৫ মি: স্থানীয় আৱশ্যকতাসমূহ।

২০ মি: “আমাৰ পৰিচৰ্য্যাই কি সম্পন্ন কৰে।” c লেখটোৰ ৫ অনুচ্ছেদ বিবেচনা কৰাৰ সময়ত ফেব্ৰুৱাৰী ১৫, ২০০৪ চন, প্ৰহৰীবুৰুজ ৩২ পৃষ্ঠাত দিয়া বিষয়টোক মন্তব্যত সন্মিলিত কৰক।

গীত ২৬ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

[Footnotes]

a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

c এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক