ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১১/০৫ পৃষ্ঠা ৩
  • আমি কেনেকৈ সহায় কৰিব পাৰোঁ?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আমি কেনেকৈ সহায় কৰিব পাৰোঁ?
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • প্ৰাকৃতিক দুৰ্য্যোগৰ সময়ত যিহোৱাৰ সাক্ষীসকলে সহায় আগবঢ়ায়নে?
    যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন
  • ‘যিহোৱাৰ উদ্দেশে দান’
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • দুৰ্যোগৰ পিছত কেনেকৈ সহায় কৰিব পাৰি?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • আপোনালোকৰ প্ৰেমৰ বাবে যিহোৱাক ধন্যবাদ জনাওঁ
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১১/০৫ পৃষ্ঠা ৩

আমি কেনেকৈ সহায় কৰিব পাৰোঁ?

১ পৃথিৱীৰ যিকোনো ঠাইত বা অংশত হোৱা দুৰ্যোগৰ বিষয়ে শুনি যিহোৱাৰ সাক্ষীসকলে প্ৰায়ে এইদৰে প্ৰশ্ন সোধে “আমি কেনেকৈ সহায় কৰিব পাৰোঁ?” পাঁচনিৰ কৰ্ম্ম ১১:⁠২৭-⁠৩০ পদত বৰ্ণনা কৰিছে যে, বৰ আকাল হোৱাৰ বাবে প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে যিহূদিয়াত থকা ভাই-ভনীসকললৈ সাহায্য পঠিয়াইছিল।

২ বৰ্তমান সময়ত আমাৰ সংগঠনৰ চৰকাৰী চনদবোৰে দাতব্য কাৰ্য্য, প্ৰাকৃতিক বা মানুহৰ দ্বাৰা হোৱা ধ্বংস আৰু আনৰ আৱশ্যকীয় সময়ত আৰ্থিকভাৱে সহায় কৰিবলৈ অনুমতি দিছে।

৩ উদাহৰণস্বৰূপে, যোৱা বছৰত দক্ষিণ এছিয়াত ছুনামিত প্ৰভাৱিত হোৱা সকলৰ সাহায্যৰ বাবে বহুতো ভাই-ভনীয়ে দান-বৰঙণি আগবঢ়ালে। সংগঠনৰ এনে সাহায্য কাৰ্য্যত আন্তৰিকতাৰে দান কৰা আৰ্থিক পুঁজিৰ বাবে ভাই-ভনীসকলক বাস্তৱতে শলাগ লʼবলগীয়া। যিহেতু কিছুমান দেশত যেতিয়া দান-বৰঙণিবোৰ বিশেষ কোনো দুৰ্যোগৰ সাহায্যৰ বাবে দান কৰা হয়, তেতিয়া সেই পুঁজি দান কৰোঁতাজনে নিৰ্দ্দেশৰ অনুসাৰে আমাৰ ভাই-ভনীসকলক স্থানীয়ভাৱে ভালদৰে সহায় লাভ কৰাৰ স্বত্ত্বেও এক নিৰ্দ্দিষ্ট সময়ৰ ভিতৰত সেই পুঁজিখিনি তেওঁলোকৰ বাবে ব্যৱহাৰ কৰিবলগীয়া হয়।

৪ সেইবাবে যেতিয়া মানৱীয়তা আৰু সাহায্যৰ বাবে দান কৰা হয়, তেতিয়া সেই দান-বৰঙণি বিশ্বজুৰি কৰা কাৰ্য্যৰ বাবে দান কৰিবলৈ পৰামৰ্শ দিয়া হʼল। তেনে কৰাৰ দ্বাৰা সেই পুঁজি কেৱল সাহায্যৰ কাৰ্য্যতে নহয়, কিন্তু আমাৰ খ্ৰীষ্টান ভাই-ভনীসকলৰ আধ্যাত্মিক আৱশ্যকতাৰ বাবেও ব্যৱহাৰ কৰিব পাৰি। বিশ্বজুৰি কৰা কাৰ্য্যৰ উপৰিও যদি কোনো এজন ব্যক্তিয়ে তেনে সাহায্যৰ কাৰ্য্যৰ বাবে দান কৰিব বিচাৰিছে, তথাপিও সেই দান-বৰঙণি গ্ৰহণ কৰি কেৱল তেনে সাহায্যৰ কাৰ্য্যৰ বাবেহে ব্যৱহাৰ কৰা হʼব। গতিকে দান-বৰঙণিৰ পুঁজিবোৰ কʼত বা কেনেকৈ অথবা কি উদ্দেশ্যৰে ব্যৱহাৰ কৰা আৱশ্যক, সেই বিষয়ে কোনো নিৰ্দ্দেশনা নিদিয়াকৈ সংস্থালৈ দান-বৰঙণি পঠালে অধিক ব্যৱহাৰিক হʼব।

৫ আমি বিশ্বজুৰি কৰা কাৰ্য্যৰ বাবে নিৰ্দ্দেশিত কৰি পঠোৱা পুঁজিবোৰ কেৱল ভৱিষ্যত সাহায্যৰ কাৰ্য্যৰ বাবে সাঁচি থোৱাতকৈ ভৱিষ্যতে নিৰ্মাণ কৰিবলগীয়া ৰাজ্যগৃহৰ বাবে অধিক প্ৰয়োজন। এনে কৰাৰ দ্বাৰা আমি ইফিচীয়া ৪:⁠১৬ পদত উল্লেখ কৰা মনোবৃত্তিৰ সামঞ্জস্যত একেলগে কাৰ্য্য কৰিম, যʼত এইদৰে কোৱা হৈছে যে, “প্ৰত্যেক ভাগৰ কাৰ্য্য-সাধনৰ দৰে, প্ৰেমত শৰীৰৰ বৃদ্ধি সাধন কৰে।”

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক