খ্ৰীষ্টান হিচাপে জীৱন-যাপন
উত্তম জীৱন
যিহোৱা ঈশ্বৰৰ সংগঠনত ডেকা লʼৰা-ছোৱালীয়ে সেৱা কৰাৰ বাবে বহুতো সুযোগ আছে। কেমেৰুন নামৰ এজনী ভনীয়ে কেনেকৈ যৌৱন কাল বুদ্ধিমতাৰে ব্যৱহাৰ কৰিছে, তাৰ বিষয়ে জানিবলৈ উত্তম জীৱন নামৰ ভিডিঅʼখন চাওক। ইয়াৰ পাছত নিম্ন লিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক। (jw.org বাইবেলৰ শিক্ষাবোৰ > লʼৰা-ছোৱালী চাওক।)
কেমেৰুনৰ বাবে জীৱনত কি বিষয় গুৰুত্বপূৰ্ণ আছিল?
তাই কেতিয়া আৰু কেনেকৈ নিজৰ সেৱা আৰু বেছিকৈ কৰিবলৈ নিৰ্ণয় লয়?
যি দেশত প্ৰচাৰকৰ প্ৰয়োজন, তেনে এখন দেশত সেৱা কৰিবলৈ তাই কেনেকৈ তৈয়াৰী কৰিছিল?
আন এখন দেশত সেৱা কৰোঁতে কেমেৰুনে কি কি সমস্যাৰ সন্মুখীন হৈছিল?
আমি আন এখন ঠাই বা বেলেগ পৰিৱেশত যিহোৱা ঈশ্বৰক সেৱা কৰাটো কিয় লাভজনক হʼব পাৰে?
কেমেৰুনে কি কি আশীৰ্বাদ লাভ কৰিছিল?
যিহোৱা ঈশ্বৰক সেৱা কৰাটোৱেই কিয় এক উত্তম জীৱন?
যিহোৱা ঈশ্বৰৰ সংগঠনত ডেকা লʼৰা-ছোৱালীয়ে সেৱা কৰিবলৈ আৰু কি কি সুযোগ আছে?