খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গভীৰভাৱে শাস্ত্ৰ কেনেকৈ অধ্যয়ন কৰিব পাৰি?
পৰীক্ষাৰ সময়ত আপুনি দানিয়েলৰ দৰে বিশ্বাসী হৈ থাকিব বিচাৰেনে? দানিয়েলে ঈশ্বৰৰ বাক্য গভীৰভাৱে অধ্যয়ন কৰিছিল আৰু ইয়াত নিগূঢ় ভৱিষ্যতবাণীবোৰো জড়িত আছিল। (দানি ৯:২) বাইবেলৰ ওপৰত কৰা গভীৰ অধ্যয়নে আপোনাক বিশ্বাসী হৈ থাকিবলৈ সহায় কৰিব। কেনেকৈ বাৰু? যিহোৱা ঈশ্বৰে কৰা প্ৰতিজ্ঞাবোৰ সত্য আৰু ই সঁচাকৈ পূৰ হʼব বুলি আপোনাৰ বিশ্বাস দৃঢ় কৰিব। (যিহো ২৩:১৪) গভীৰভাৱে বাইবেল অধ্যয়ন কৰাৰ যোগেদি আপুনি যিহোৱাৰ প্ৰতি আপোনাৰ প্ৰেম দৃঢ় কৰিবলৈ সক্ষম হʼব আৰু ইয়ে আপোনাক যি উচিত, তাক কৰিবলৈ উৎসাহিত কৰিব। (গীত ৯৭:১০) এতিয়া প্ৰশ্ন হʼব পাৰে যে আপুনি কেনেকৈ অধ্যয়ন আৰম্ভ কৰিব? এই পৰামৰ্শবোৰলৈ ধ্যান দিয়ক।
মই কি অধ্যয়ন কৰিম? ব্যক্তিগত অধ্যয়নৰ তালিকাত মণ্ডলীৰ সভাবোৰৰ বাবে প্ৰস্তুতি কৰাটো জড়িত কৰিব পাৰে। সাপ্তাহিক বাইবেল পাঠৰপৰা ভালদৰে লাভৱান হʼবলৈ, আপুনি বুজি নোপোৱা পদবোৰৰ ওপৰত সময় উলিয়াই অনুসন্ধান কৰক। ইয়াৰ উপৰিও, কিছুমান লোকে বাইবেলৰ ভৱিষ্যতবাণী, ঈশ্বৰৰ পবিত্ৰ আত্মাৰ বিভিন্ন দিশ, পাঁচনি পৌলৰ মিচনেৰী যাত্ৰা অথবা যিহোৱা ঈশ্বৰৰ সৃষ্টি আদি বিষয়বোৰ বেছিকৈ জানিবলৈ নিৰ্ব্বাচন কৰে। যদি বাইবেলৰ লগত জড়িত থকা কিবা প্ৰশ্ন আপোনাৰ মনলৈ আহে, তেনেহʼলে কʼৰবাত লিখি ৰাখক আৰু আপোনাৰ অধ্যয়নৰ সময়ছোৱাত ইয়াৰ উত্তৰ বিচাৰক।
মই কʼৰপৰা অনুসন্ধান কৰিম? কিছুমান উপায় জানিবলৈ, ঈশ্বৰৰ বাক্যত ৰত্ন অনুসন্ধান কৰিবলৈ কিছুমান সহায় নামৰ ভিডিঅʼখন চাওক। আপোনাৰ দক্ষতা পৰীক্ষা কৰিবলৈ, দানিয়েল ৭ অধ্যায়ত বৰ্ণনা কৰা জন্তুবোৰে কোন কেইটা বিশ্ব শক্তিক চিত্ৰিত কৰে, তাৰ বিষয়ে অনুসন্ধান কৰক।
অধ্যয়নৰ বাবে মই কিমান সময় অতিবাহিত কৰিম? ঈশ্বৰৰ লগত সম্বন্ধ গভীৰ কৰি তুলিবলৈ, নিয়মিতভাৱে অধ্যয়ন কৰা অতি প্ৰয়োজন। আৰম্ভণিতে আপুনি অধ্যয়নৰ বাবে সময় কম ৰাখিব পাৰে। কিন্তু পাছলৈ অধ্যয়নৰ সময় লাহে লাহে বঢ়াব পাৰে। ঈশ্বৰৰ বাক্য অধ্যয়ন কৰাটো গুপ্ত ধন অনুসন্ধান কৰাৰ দৰে হয়। আপুনি যিমানেই ধন বিচাৰি পাব, সিমানেই আৰু বিচাৰিবলৈ যত্ন কৰিব। (হিতো ২:৩-৬) ঠিক সেইদৰে, ঈশ্বৰৰ বাক্য অধ্যয়ন কৰাৰ বাবে আপোনাৰ হাবিয়াস বাঢ়িব আৰু প্ৰতিদিনে বাইবেল অধ্যয়ন কৰাটো আপোনাৰ অভ্যাসত পৰিণত হʼব।—১পিত ২:২.
দানিয়েল ৭ অধ্যায়ত বৰ্ণনা কৰা জন্তুবোৰে কাক চিত্ৰিত কৰে?
দানি ৭:৪
দানি ৭:৫
দানি ৭:৬
দানি ৭:৭
অতিৰিক্ত প্ৰশ্ন:
দানিয়েল ৭:৮, ২৪ পদত বৰ্ণনা কৰা বিষয়বোৰ কেনেকৈ পূৰ হয়?
ব্যক্তিগত অধ্যয়নৰ বাবে:
প্ৰকাশিত বাক্য ১৩ অধ্যায়ত বৰ্ণনা কৰা জন্তুবোৰে কাক চিত্ৰিত কৰে?