ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 ফেব্ৰুৱাৰী পৃষ্ঠা ৪
  • “তোমাৰ পিতৃ-মাতৃক সন্মান কৰিবা”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “তোমাৰ পিতৃ-মাতৃক সন্মান কৰিবা”
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • মিল থকা বিষয়
  • আনক সমাদৰ কৰা
    ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 ফেব্ৰুৱাৰী পৃষ্ঠা ৪

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

“তোমাৰ পিতৃ-মাতৃক সন্মান কৰিবা”

যীচু খ্ৰীষ্টই পৃথিৱীত থকাৰ সময়ত তেওঁ এই আজ্ঞাৰ ওপৰত গুৰুত্ব দিছিল: “তোমাৰ পিতৃ-মাতৃক সন্মান কৰিবা।” (যাত্ৰা ২০:১২; মথি ১৫:৪) যীচুৱে এই কথা কোনো সংকোচ নকৰাকৈ কʼব পাৰিছিল। কিয়নো এজন কিশোৰ হিচাপে তেওঁ নিজৰ পিতৃ-মাতৃৰ “বশ” হৈ আছিল। (লূক ২:৫১) এজন প্ৰাপ্তবয়স্ক ব্যক্তি হিচাপে যীচুৱে নিজৰ মৃত্যুৰ পাছত যাতে কোনোবাই মাতৃৰ যত্ন লʼব পাৰে, তাৰ ব্যৱস্থা কৰিছিল।—যোহন ১৯:২৬, ২৭.

বৰ্তমান সময়তো, খ্ৰীষ্টান কিশোৰ-কিশোৰীসকলে নিজৰ পিতৃ-মাতৃৰ অধীনত থাকে আৰু তেওঁলোকৰ লগত সন্মানেৰে কথা-বতৰা হয়। আমাৰ পিতৃ-মাতৃক সন্মান দেখুৱাৰ বাবে বয়সৰ কোনো নিৰ্দিষ্ট সীমা নাই। পিতৃ-মাতৃ বৃদ্ধ হোৱাৰ পাছতো, আমি তেওঁলোকৰ প্ৰজ্ঞা তথা জ্ঞান আৰু উপদেশৰপৰা উপকৃত হৈ তেওঁলোকক সন্মান দেখুৱাব পাৰোঁ। (হিতো ২৩:২২) ইয়াৰ উপৰিও, আমি বয়সস্থ পিতৃ-মাতৃক যেতিয়াই প্ৰয়োজন হয়, তেতিয়াই আৰ্থিকভাৱে আৰু মানসিকভাৱে সহায় কৰাৰ যোগেদি তেওঁলোকক সন্মান দেখুৱাব পাৰোঁ। (১তীম ৫:৮) আমি সৰুৱেই হওঁ বা বয়সত ডাঙৰেই হওঁ, আমি সকলোৱে নিজৰ পিতৃ-মাতৃৰ লগত ভাল সম্পৰ্ক ৰখা উচিত আৰু ইয়ে হৈছে তেওঁলোকক সন্মান কৰাৰ এক উপায়।

মই মা-দেউতাৰ লগত কিদৰে কথা পাতিম? নামৰ হোৱাইট বোৰ্ড এনিমেশ্বনখন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • পিতৃ-মাতৃৰ লগত কথা পাতিবলৈ আপুনি কিয় অসুবিধা অনুভৱ কৰিব পাৰে?

  • পিতৃ-মাতৃৰ লগত কথা-বতৰা হোৱাৰ সময়ত আপুনি তেওঁলোকক কেনেকৈ সন্মান দেখুৱা উচিত?

    এজন ল’ৰাই নিজৰ মা-দেউতালৈ চিঠি লিখিছ, নিজৰ মা-দেউতাৰ লগত কথা পাতিছ আৰু নিজৰ দেউতাৰ লগত ফুটবল খেলিছ
  • নিজৰ পিতৃ-মাতৃৰ সৈতে কথা-বতৰা হʼবলৈ যত্ন কৰা কিয় লাভজনক? (হিতো ১৫:২২)

    জীৱনত আহিবলগীয়া সমস্যাবোৰ পাৰ কৰিবলৈ মা-দেউতাকে নিজৰ ল’ৰাজনক সহায় কৰিছ

    পিতৃ-মাতৃৰ লগত হোৱা কথা-বতৰাই জীৱনত সফলতা লাভ কৰিবলৈ আপোনাক সহায় কৰিব

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক