ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 মাৰ্চ পৃষ্ঠা ৮
  • ঈশ্বৰ আৰু ওচৰ-চুবুৰীয়াৰ প্ৰতি প্ৰেম কেনেকৈ দেখুৱাব পাৰি

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰ আৰু ওচৰ-চুবুৰীয়াৰ প্ৰতি প্ৰেম কেনেকৈ দেখুৱাব পাৰি
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • মিল থকা বিষয়
  • বাইবেল পঢ়ক আৰু সম্পূৰ্ণৰূপে লাভৱান হওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • বাইবেল পাঠ কৰাৰ যোগেদি লাভৱান আৰু আনন্দিত হ’ব পাৰি
    ২০০০ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • বাইবেলৰপৰা আপুনি কেনেকৈ লাভৱান হʼব পাৰে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 মাৰ্চ পৃষ্ঠা ৮

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

ঈশ্বৰ আৰু ওচৰ-চুবুৰীয়াৰ প্ৰতি প্ৰেম কেনেকৈ দেখুৱাব পাৰি

মোচিৰ নিয়মত দুটা প্ৰধান আজ্ঞাৰ বিষয়ে বৰ্ণনা কৰা আছে। সেয়া হৈছে ঈশ্বৰৰ প্ৰতি প্ৰেম আৰু ওচৰ-চুবুৰীয়াৰ প্ৰতি প্ৰেম। সত্য খ্ৰীষ্টানসকল যদিও মোচিৰ নিয়মৰ অধীনত নাই, কিন্তু এই দুটা নিয়মৰ যোগেদি আমি জানিব পাৰোঁ যে যিহোৱা ঈশ্বৰে আমাৰপৰা কি আশা কৰে। (মথি ২২:৩৭-৩৯) এনেধৰণৰ প্ৰেম আমি জন্মগতভাৱে লাভ নকৰোঁ, কিন্তু ইয়াক বিকশিত কৰিব লাগিব। কেনেকৈ বাৰু? এটা উপায় হৈছে প্ৰতিদিনে বাইবেল পঢ়া। যেতিয়া আমি বাইবেলত বৰ্ণনা কৰা যিহোৱা ঈশ্বৰৰ বিভিন্ন গুণৰ বিষয়ে আলোচনা কৰোঁ, তেতিয়া আমি “যিহোৱাৰ সৌন্দৰ্য্য দেখিবলৈ” সক্ষম হʼম। (গীত ২৭:৪) পৰিণামস্বৰূপে, ঈশ্বৰৰ প্ৰতি থকা প্ৰেম ক্ৰমান্বয়ে গভীৰ হʼব আৰু আমাৰ ভাবধাৰা তেওঁৰ দৰে হৈ পৰিব। ইয়ে আমাক যিহোৱাৰ আজ্ঞাবোৰ পালন কৰিবলৈ আৰু আনৰ প্ৰতি নিঃস্বাৰ্থ প্ৰেম দেখুৱাবলৈ সহায় কৰিব। (যোহ ১৩:৩৪, ৩৫; ১যোহ ৫:৩) বাইবেল পঢ়াটো আকৰ্ষণীয় কৰি তোলাৰ বাবে তলত তিনিটা পৰামৰ্শ উল্লেখ কৰা হৈছে:

  • আপোনাৰ কল্পনাশক্তি আৰু জ্ঞানেন্দ্ৰিয় ব্যৱহাৰ কৰক। কল্পনা কৰক যে আপুনি সেই ঠাইত উপস্থিত আছে। আপুনি কি দেখিছে, কি শুনিবলৈ পাইছে আৰু কেনেধৰণৰ গোন্ধ পাইছে? চাৰিওফালে থকা লোকসকলে কেনে অনুভৱ কৰিছে?

    এজন ভায়ে বাইবেলত পঢ়া কথাখিনি কপনা কৰিছ
  • বেলেগ বেলেগ উপায় ব্যৱহাৰ কৰক। ইয়াত কেইটামান উপায় উল্লেখ কৰা হৈছে: জোৰেৰে পঢ়ক বা যদি আপোনাৰ ভাষাত অডিঅ’ ৰেকৰ্ডিং উপলব্ধ আছে, তেনেহʼলে শুনক। বাইবেলৰ অধ্যায়বোৰ ক্ৰমান্বয়ে পঢ়ি যোৱাৰ পৰিৱৰ্তে, কোনো এটা চৰিত্ৰ বা বিষয় লৈ পঢ়ক। উদাহৰণস্বৰূপে, যীচুৰ বিষয়ে পঢ়িবলৈ নিউ ৱৰ্ল্ড ট্ৰান্‌চলেশ্ব্যান্‌ অৱ দ্য হলি স্ক্ৰিপশ্বাৰচ্‌ৰপৰা অতিৰিক্ত লেখ A৭ অথবা B১২ চাওক। যি অধ্যায়ৰপৰা দৈনিক পাঠ তুলি ধৰা হৈছে, সেই অধ্যায়টো পঢ়ক। বাইবেলৰ কিতাপবোৰ লিখা বছৰৰ ক্ৰম অনুসৰি পঢ়ক।

    এগৰাকী ভনীয়ে jw.org ৱেবছাইটত বাইবেল পঢ়িছ
  • বুজিব পৰাকৈ পঢ়ক। কেৱল বাইবেলখন পঢ়ি শেষ কৰাৰ উদ্দেশ্যেৰে এদিনতে বহুতো অধ্যায় পঢ়াৰ পৰিৱৰ্তে, যদি আপুনি প্ৰতিদিনে এটা অধ্যায়ো পঢ়ি, ইয়াৰ অৰ্থ বুজিবলৈ আৰু ধ্যান কৰিবলৈ চেষ্টা কৰে, তেনেহʼলে আপুনি বেছিকৈ উপকৃত হʼব। ইয়াৰ লগত জড়িত থকা বিষয়বোৰ বিবেচনা কৰক। সবিশেষ চালি-জাৰি চাওক। নিউ ৱৰ্ল্ড ট্ৰান্‌চলেশ্ব্যান্‌ত থকা মানচিত্ৰ আৰু শব্দকোষ ব্যৱহাৰ কৰক। আপুনি বুজি নোপোৱা অন্ততঃ এটা বিষয়ৰ ওপৰত অনুসন্ধান কৰক। যদি সম্ভৱ হয়, তেনেহʼলে আপুনি যিমান সময় বাইবেল পঢ়াৰ বাবে ব্যৱহাৰ কৰে, সিমান সময় ধ্যান কৰাৰ বাবেও উলিয়াওক।

    নিউ ৱৰ্ড ন্‌চলেশ্ব্যান্‌ৰ দুটা অতিৰিক্ত লেখ
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক