ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মথি ২৫
“পৰ দি থাকা”
যীচুৱে দহজনী কন্যাৰ উদাহৰণ বিশেষকৈ অভিষিক্ত লোকসকলৰ বাবে ব্যৱহাৰ কৰিছিল। কিন্তু ইয়াৰপৰা লাভ কৰা শিক্ষা সকলো খ্ৰীষ্টানৰ বাবে প্ৰযোজ্য। (w১৫-HI ৩/১৫ ১২-১৬) “এতেকে পৰ দি থাকা; কিয়নো সেই দিন বা সময় তোমালোকে নাজানা।” (মথি ২৫:১৩) যীচুৱে দিয়া দৃষ্টান্তৰ বিষয়ে আপুনি বৰ্ণনা কৰিব পাৰিবনে?
দৰা (পদ ১)—যীচু
সুবুদ্ধি কন্যা (পদ ২)—অভিষিক্ত খ্ৰীষ্টানসকল। তেওঁলোকে বিশ্বাসেৰে নিজৰ দায়িত্ব পালন কৰে আৰু শেষলৈকে দীপ্তিস্বৰূপ প্ৰকাশিত হয় (ফিলি ২:১৪)
ৰিঙিওৱা: “সৌৱা দৰা!” (পদ ৬)—যীচুৰ উপস্থিতিৰ প্ৰমাণ
নিৰ্ব্বুদ্ধি কন্যা (পদ ৮)—এনে অভিষিক্ত খ্ৰীষ্টানসকল, যিসকলে দৰাৰ বাবে অপেক্ষা কৰে, কিন্তু তেওঁলোকে পৰ দি নাথাকে আৰু নিজৰ নিষ্ঠা বজাই ৰখাত বিফল হয়
সুবুদ্ধি কন্যাকেইজনীয়ে নিজৰ তেল ভগাবলৈ অমান্তি হয় (পদ ৯)—অন্তিম ছাব মৰাৰ পাছত, অভিষিক্ত খ্ৰীষ্টানসকলে, বিশ্বাসৰপৰা বিচলিত হোৱা অভিষিক্তসকলক সহায় কৰাৰ সময় আৰু নাথাকিব
“দৰা আহিল” (পদ ১০)—মহাক্লেশৰ শেষৰ সময়ছোৱাত, যীচুৱে বিচাৰ কৰিবলৈ আহিব
সুবুদ্ধি কন্যাকেইজনীয়ে দৰাৰ লগত বিয়াঘৰত সোমালে আৰু দুৱাৰ বন্ধ কৰা হʼল (পদ ১০)—যীচুৱে নিজৰ বিশ্বাসী অভিষিক্ত খ্ৰীষ্টানসকলক স্বৰ্গত একত্ৰিত কৰে, কিন্তু বিশ্বাসত নথকা অভিষিক্তসকলে স্বৰ্গলৈ যোৱাৰ সুযোগ হেৰুৱায়