খ্ৰীষ্টান হিচাপে জীৱন-যাপন
প্ৰেম সত্য খ্ৰীষ্টানসকলৰ পৰিচয় হয়—সত্যত আনন্দ কৰক
কিয় গুৰুত্বপূৰ্ণ: যীচুৰ দৰে আমিও ঈশ্বৰৰ উদ্দেশ্যৰ বিষয়ে সত্যতা শিকোৱা উচিত। (যোহ ১৮:৩৭) মিছলীয়া আৰু অধাৰ্ম্মিকতাৰ জগতত জীয়াই থকাৰ সত্ত্বেও আমি সত্যত আনন্দ কৰা উচিত, সত্য কোৱা উচিত আৰু সত্য কথাৰ ওপৰত ধ্যান দিয়া উচিত।—১কৰি ১৩:৬; ফিলি ৪:৮.
ইয়াক কেনেকৈ কৰিব:
পৰচৰ্চ্চা নুশুনিবলৈ বা পৰচৰ্চ্চা নকৰিবলৈ দৃঢ়সংকল্প লওক।—১থিচ ৪:১২
আনৰ দুৰ্দশা দেখি আনন্দিত নহʼব
আমাক উৎসাহিত কৰা বিষয়বোৰত আনন্দিত হওক
‘তোমালোকে পৰস্পৰে প্ৰেম কৰা’—অধাৰ্মিকতাত আনন্দ নকৰি, সত্যত আনন্দ কৰক নামৰ ভিডিঅʼখন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
আল্কাই কেনেকৈ “অধাৰ্মিকতাত আনন্দ” কৰিছিল?
আলিয়াই কথা-বতৰাৰ দিশ কিদৰে ভাল বিষয়বোৰলৈ লৈ যায়?
আমি কেনেধৰণৰ ভাল বিষয়বোৰ আলোচনা কৰিব পাৰোঁ?
অধাৰ্মিকতাত আনন্দ নকৰি, সত্যত আনন্দ কৰক