ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | পাঁচনিৰ কৰ্ম্ম ২৫-২৬
পৌলে কৈচৰক আপীল কৰে আৰু ৰজা হেৰোদ আগ্ৰিপ্পক সাক্ষ্য দিয়ে
যদি আমাক “দেশাধিপতি আৰু ৰজাবিলাকৰ আগলৈ” নিয়া হয়, তেনেহʼলে কি কʼব লাগে, তাৰ বিষয়ে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। কিন্তু “নিজৰ পক্ষে উত্তৰ দিবলৈ” আমি সদায় সাজু থকা উচিত। (মথি ১০:১৮-২০; ১পিত ৩:১৫) যদি বিৰোধীসকলে “বিধি স্থাপন কৰি অপকাৰ কৰে,” তেনেহʼলে আমি পৌলৰ দৰে কি কৰা উচিত?—গীত ৯৪:২০.
আমি শুভবাৰ্ত্তা ঘোষণা কৰিবলৈ ন্যায়িক অধিকাৰক ব্যৱহাৰ কৰিব পাৰোঁ।—পাঁচ ২৫:১১
আমি সন্মানেৰে অধিকাৰীসকলৰ লগত কথা পতা উচিত।—পাঁচ ২৬:২, ৩
যদি সম্ভৱ হয়, তেনেহʼলে শুভবাৰ্ত্তাই আমাক আৰু আনক কেনেকৈ উপকৃত কৰিছে, তাৰ বিষয়ে বৰ্ণনা কৰক।—পাঁচ ২৬:১১-২০