ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ২ কৰিন্থীয়া ৭-১০
আমাৰ সাহাৰ্য্য সেৱা
খ্ৰীষ্টানসকলৰ সেৱাৰ দুটা দিশ আছে। এটা হৈছে “মিলনৰ পৰিচৰ্য্যা” অথবা ঘোষণা কাৰ্য্য আৰু শিক্ষা দিয়া। দ্বিতীয়টো হৈছে সমস্যাৰ সময়ত আমাৰ ভাই-ভনীসকলক “সাহাৰ্য্য সেৱা” আগবঢ়োৱা। (২কৰি ৫:১৮-২০; ৮:৪, NW) গতিকে, সহায়ৰ প্ৰয়োজন হোৱা খ্ৰীষ্টান ভাই-ভনীসকলক সহায় আগবঢ়োৱাটো আমাৰ বাবে এক পবিত্ৰ সেৱা। সাহাৰ্য্য সেৱাৰ যোগেদি
ভাই-ভনীসকলৰ অভাৱ পূৰ হৈছে।—২কৰি ৯:১২ক
তেওঁলোকে নিজৰ আধ্যাত্মিক বিষয়বোৰ, যেনে ঘোষণা কাৰ্য্য, সভা আদি পুনৰ আৰম্ভ কৰিব পাৰিছে। এনে কৰাৰ যোগেদি তেওঁলোকে যিহোৱা ঈশ্বৰক ধন্যবাদ কৰিব পাৰিছে।—২কৰি ৯:১২খ
যিহোৱা ঈশ্বৰক গৌৰৱান্বিত কৰিব পাৰে। (২কৰি ৯:১৩) এই সেৱাৰ যোগেদি সকলো লোক আৰু যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে ভুল ধাৰণা থকা লোকসকলকো সাক্ষ্য দিয়া হয়