খ্ৰীষ্টান হিচাপে জীৱন-যাপন
আপোনাৰ ব্যক্তিগত অধ্যয়ন আৰু লাভদায়ক কৰি তোলক
কিয় গুৰুত্বপূৰ্ণ: যদি আমি ঈশ্বৰৰ বাক্য ব্যক্তিগতভাৱে অধ্যয়ন কৰোঁ, তেনেহʼলে ইয়ে আমাক সত্যৰ “বহল, দীঘল, ওখ আৰু দৰ অনুভৱ” কৰিবলৈ সহায় কৰে। (ইফি ৩:১৮) ইয়াৰ উপৰিও, ইয়ে আমাক এই দুষ্ট জগতত নিষ্কলঙ্ক হৈ থাকিবলৈ আৰু ঈশ্বৰৰ বাক্য “দৃঢ়তাৰে ধৰি ৰাখিবলৈ” সহায় কৰে। (ফিলি ২:১৫, ১৬, NW) ব্যক্তিগতভাৱে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিবলৈ আমি নিজৰ প্ৰয়োজনীয়তা অনুসৰি বিষয় বাছনি কৰিব পাৰোঁ। বাইবেল পঢ়া আৰু অধ্যয়ন কৰাৰপৰা বেছিকৈ লাভৱান হʼবলৈ আমি কি কৰিব পাৰোঁ?
ইয়াক কেনেকৈ কৰিব:
নিজৰ বাইবেলৰ পদবোৰত দাগ দিয়ক আৰু টোকা লিখক। আপুনি ফোন বা টেবলেটটো এইদৰে কৰিব পাৰে
ঈশ্বৰৰ বাক্য পঢ়াৰ সময়ত নিজকে এইদৰে সোধক: ‘কোন? কি? কেতিয়া? কʼত? কিয়? কেনেকৈ?’
তথ্যবোৰ বিচাৰক। উপলব্ধ থকা অনুসন্ধানৰ সঁজুলি ব্যৱহাৰ কৰক, কোনো এটা বিষয় বা বাইবেলৰ পদ অনুসন্ধান কৰক
আপুনি পঢ়া বিষয়বোৰ নিজৰ জীৱনত কেনেকৈ পালন কৰিব পাৰে, তাৰ ওপৰত ধ্যান কৰক
শিকা বিষয়বোৰ আপুনি নিজৰ দৈনন্দিন জীৱনত পালন কৰক।—লূক ৬:৪৭, ৪৮
দৃঢ়তাৰে ধৰি ৰাখক—প্ৰভাৱশালী ব্যক্তিগত অধ্যয়নৰ যোগেদি নামৰ ভিডিঅʼখন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
ব্যক্তিগত অধ্যয়নৰ বিষয়ে কিছুমান ভাই-ভনীয়ে কি কয়?
ব্যক্তিগত অধ্যয়ন কৰাৰ আগতে আমি কিয় প্ৰাৰ্থনা কৰা উচিত?
বাইবেলৰ পদ ভালদৰে বুজিবলৈ আমাক কিহে সহায় কৰিব?
বাইবেল অধ্যয়ন কৰাৰ সময়ত আমি কেনেধৰণৰ দাগ দিব পাৰোঁ?
ঈশ্বৰৰ বাক্য অধ্যয়ন কৰাৰ সময়ত ধ্যান কৰাটো কিয় অতি প্ৰয়োজন?
শিকাৰ পাছত আমি কি কৰা উচিত?
“মই তোমাৰ ব্যৱস্থা কেনে ভাল পাওঁ। ওৰে দিনটো সেয়ে মোৰ ধ্যানৰ বিষয়।” —গীত ১১৯:৯৭