খ্ৰীষ্টান হিচাপে জীৱন-যাপন
তেওঁলোকৰপৰা আপুনি কি শিকিব পাৰে?
আপোনাক নতুনকৈ পৰিচাৰক বা প্ৰাচীন হিচাপে নিয়োগ কৰা হৈছে নেকি? হয়তো মণ্ডলীৰ আন পৰিচাৰক বা প্ৰাচীনতকৈ আপোনাৰ দক্ষতা, সামৰ্থ বা শিক্ষাগত অৰ্হতা বেছি থাকিব পাৰে। কিন্তু আপুনি তেওঁলোকৰপৰা বহুতো কথা শিকিব পাৰে, যদিও তেওঁলোক বয়সস্থ, অসুস্থ শৰীৰ বা পৰিয়ালৰ দায়িত্ব থকাৰ বাবে মণ্ডলীৰ কামবোৰ কৰিব পৰা নাই।
অভিজ্ঞতা থকা ভাইসকলক সন্মান কৰক নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
১. ভাই ৰিচাৰ্ডে কেনেকৈ ভাই বেলʼক সন্মান দেখুৱাইছিল?
২. ভাই বেনে কি ভুল কৰিছিল আৰু কিয়?
৩. ভাই বেনে ইলীচাৰ উদাহৰণৰপৰা কি শিকিলে?
৪. আপুনি ভাই বা ভনী যিয়েই নহওক কিয়, অভিজ্ঞতা থকা সংগী খ্ৰীষ্টানসকলক আপুনি কেনেকৈ সন্মান কৰিব পাৰে? তেওঁলোকৰপৰা আপুনি কি শিকিব পাৰে?