ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যাত্ৰাপুস্তক ২৩-২৪
বহু লোকৰ অনুগামী নহবা
২৩:১-৩
যিহোৱাই সাক্ষীসকলক বহুতলোকৰ কথা শুনি মিছা সাক্ষ্য নিদিবলৈ সতৰ্কবাণী দিছিল লগতে ন্যায়াধীশসকলক আনৰ কথা শুনি ভুল নিৰ্ণয় নলʼবলৈ সতৰ্ক কৰিছিল। আমিও এই সিদ্ধান্ত জীৱনৰ বেলেগ বেলেগ পৰিস্থিতিত পালন কৰা উচিত। কিয়নো আজিও জগতৰ লোকসকলে সত্য খ্ৰীষ্টানসকলক তেওঁলোকৰ দৰে চিন্তা-ভাৱনা আৰু আচৰণ কৰিবলৈ হেঁচা দিয়ে।—ৰোম ১২:২.
বহুলোকৰ কথা শুনাটো কিয় বুদ্ধিমানৰ কাম নহয়, যেতিয়া
আপুনি মিছা কথা বা উৰা বাতৰি শুনে?
আপুনি কাপোৰ কিনে, চুলি সাজে বা মনোৰঞ্জন কৰে?
আপুনি অন্য জাতি, সংস্কৃতি বা আৰ্থিক অৱস্থাৰ লোকসকলৰ বিষয়ে মতামত দিয়ে বা তেওঁলোকৰ লগত ব্যৱহাৰ কৰে?