খ্ৰীষ্টান হিচাপে জীৱন-যাপন
মিছা কথা প্ৰচাৰ কৰাৰপৰা আঁতৰি থাকক
বৰ্তমান সময়ত ইন্টাৰনেট, টিভি, আলোচনী আৰু ৰেডিঅʼৰ যোগেদি যিকোনো খবৰ ক্ষন্তেক সময়তে লাখ লাখ লোকক দিব পাৰি। আমি ‘সত্য ঈশ্বৰক’ উপাসনা কৰোঁ, সেইবাবে অজানিতে কেতিয়াও মিছা কথা প্ৰচাৰ কৰা উচিত নহয়। (গীত ৩১:৫; যাত্ৰা ২৩:১) মিছা কথা প্ৰচাৰ কৰিলে, বহুতো হানি হ’ব পাৰে। কোনো এটা খবৰ সঁচা হয় নে নহয়, এই বিষয়ে ভালদৰে জানিবলৈ নিজকে সোধক:
‘এই খবৰ বিশ্বাসযোগ্য ব্যক্তিয়ে দিছেনে?’ খবৰ দিওঁতাজনে এই বিষয়ে ভালদৰে নাজানিবও পাৰে। কেতিয়াবা এজন ব্যক্তিৰপৰা আন এজন ব্যক্তিলৈ খবৰ পাওঁতে পাওঁতে কথাবোৰ সলনি হয়। সেইবাবে এই খবৰ কোনে দিছে, যদি আপুনি ভালদৰে নাজানে, তেনেহ’লে চকু বন্ধ কৰি তাৰ ওপৰত বিশ্বাস নকৰিব। এই ক্ষেত্ৰত মণ্ডলীৰ দায়িত্বত থকা ভাইসকলে বেছিকৈ ধ্যান দিয়া উচিত। তেওঁলোকে যিবোৰ খবৰ জনাই, সেয়া সত্য হোৱা উচিত, কিয়নো তেওঁলোকৰ কথাৰ ওপৰত আমি সকলোৱে বিশ্বাস কৰোঁ
‘এই খবৰৰ বাবে কাৰোবাৰ নাম বদনাম হʼব পাৰেনে?’ যদি কোনো কথাৰ বাবে এজন ব্যক্তিৰ নাম বদনাম হয়, তেনেহ’লে আমি সেই খৰব সকলোকে কোৱাৰপৰা আঁতৰি থাকিম।—হিতো ১৮:৮; ফিলি ৪:৮
‘ইয়াৰ ওপৰত ভৰসা কৰিব পাৰিনে?’ উত্তেজনামূলক কথা বা উৰা বাতৰি সহজে বিশ্বাস নকৰিব
পৰচৰ্চা কৰাৰপৰা মই কেনেকৈ দূৰে থাকিম? নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
হিতোপদেশ ১২:১৮ পদৰ অনুসৰি আমাৰ কথা-বতৰাই আনৰ কেনেকৈ ক্ষতি কৰিব পাৰে?
আনৰ বিষয়ে কথা পতাৰ সময়ত ফিলিপীয়া ২:৪ পদটো মনত ৰখা কিয় ভাল হʼব?
কোনোবাই পৰচৰ্চা কৰাৰ সময়ত আমি কি কৰা উচিত?
আনৰ বিষয়ে কথা পতাৰ আগতে, আমি নিজকে কি সোধা উচিত?