ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১১/৯৯ পৃষ্ঠা ৩-৬
  • ইন্টাৰনেটৰ ব্যৱহাৰ—ইয়াৰ পৰা অহা বিপদৰ প্ৰতি সতৰ্ক হওঁক!

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ইন্টাৰনেটৰ ব্যৱহাৰ—ইয়াৰ পৰা অহা বিপদৰ প্ৰতি সতৰ্ক হওঁক!
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • ‘অসাৰ বস্তু’ লাভ কৰাৰ পৰা বিৰত থাকক
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১১/৯৯ পৃষ্ঠা ৩-৬

ইন্টাৰনেটৰ ব্যৱহাৰ—ইয়াৰ পৰা অহা বিপদৰ প্ৰতি সতৰ্ক হওঁক!

১ যিহোৱাৰ লোকসকলে এজনে আনজনৰ সৈতে স্ফুৰ্তিদায়ক সঙ্গতিৰ আনন্দ লাভ কৰে। তেওঁলোকে প্ৰচাৰ কাৰ্য্যৰ পৰা পোৱা অনুভৱবোৰত সমভাগী হয় আৰু যিহোৱাৰ সাক্ষীৰ সৈতে সম্পৰ্ক থকা ঘটনা আৰু গোটেই বিশ্বত হোৱা ৰাজ্যৰ কাৰ্য্যৰ বাৰ্ত্তা শুনি প্ৰশংসা কৰে। তেওঁলোকে আমাৰ ভাইসকলৰ সৈতে ঘটা যিকোনো উল্লেখজনক ঘটনাৰ বিষয়ে কবলৈ পছন্দ কৰে, যেনে ক্লেশ বা প্ৰকৃতিক দুৰ্য্যোগ আৰু তেওঁলোকে জানিব বিচাৰে যে তাৰ বাবে সহায় কৰিবলৈ তেওঁলোকে কি কৰিব পাৰে। এইধৰণৰ ইচ্ছুক হৈ কৰা কাৰ্য্যই ভাতৃত্ব ঐক্যতা আৰু এজনে আনজনৰ প্ৰতি প্ৰেমৰ প্ৰমাণ দিয়ে।—যোহন ১৩:৩৪, ৩৫.

২ আজি আমি পৃথিৱীত ঘটা ঘটনা বিষয়ে ততালিকে বাৰ্ত্তা পাওঁ। গোটেই বিশ্বত হোৱা ঘটনাবিলাকৰ চলন্ত বিৱৰণি ৰেডিঅ, দূৰদৰ্শনৰ দ্বাৰা পাওঁ। টেলিফোনৰ দ্বাৰাও গোটেই বিশ্বত থকা লোকসকলৰ সৈতে অবিলম্বে সম্পৰ্ক ৰখাটো সম্ভৱ হৈ পৰিছে। বৰ্তমান সময়ত সম্পৰ্ক ৰখাৰ আটাইতকৈ উন্নত মাধ্যম হৈছে ইন্টাৰনেট যিটো গোটেই বিশ্বত জনাজাত হৈ পৰিছে।—সচেতন!, জুলাই ২২, ১৯৯৭ চাওঁক।

৩ টেলিফোনৰ আৱিষ্কাৰে গোটেই বিশ্বত কম সময়তে ব্যক্তিগতৰূপে কথা-বতৰা হবলৈ বাট মুকলি কৰে। যদিও টেলিফোন এটা অতি আৱশ্যকীয় মাধ্যম, কিন্তু ইয়াক ব্যৱহাৰ কৰাৰ বাবে সাৱধান হোৱা আৱশ্যক, কিয়নো ইয়াৰ দ্বাৰা অনুচিত সঙ্গতি বা কাৰ্য্য কৰিব পৰা যায় আৰু অতিৰিক্ত টেলিফোনৰ ব্যৱহাৰৰ বাবে অধিক ধন খৰচ হʼব পাৰে। টেলিভিছন আৰু ৰেডিঅ শিক্ষাদানৰ বাবে আৱশ্যকীয় মাধ্যম। দুখৰ বিষয় এই যে তাৰ বেছিভাগ কাৰ্য্যক্ৰম নৈতিকভাৱে অধঃপতন আৰু ইয়াত মনোযোগ দিয়াৰ মানেই হৈছে সময়ক অলাগতীয়ালভাৱে ব্যয় কৰা। জ্ঞানে আমাক টেলিভিছন আৰু ৰেডিঅৰ কাৰ্য্যক্ৰমবোৰক ভালদৰে বাচঁনি কৰিবলৈ সহায় কৰে।

৪ ইন্টাৰনেটৰ দ্বাৰা কৰা যোগা-যোগ কম খৰচৰ ভিতৰত হয় আৰু বিশ্বৰ বহুতো চিন্তা-ধাৰা লাভ কৰিব পাৰি আৰু সংবাদৰ বহল দুৱাৰ মুকলি কৰে। (সচেতন! (ইংৰাজী), জানুৱাৰী ৮, ১৯৯৮) যিহেতু, ইন্টাৰনেটৰ ব্যৱহাৰে এজন ব্যক্তিৰ আধ্যত্মিকতা আৰু নৈতিকতাৰ বিপদসমূহক প্ৰকাশ কৰে। ই কেনেকৈ কৰে?

৫ বহুতে অনায়াসে লাভ কৰা সংবাদ যেনে, কেনেকৈ অস্ত্ৰ-শস্ত্ৰ, বোমা তৈয়াৰ কৰিব পাৰে তাৰ প্ৰতি মনযোগ দিয়ে। উদ্যোগে অভিযোগ দিছে যে কৰ্ম্মীসকলে বেছিভাগ সময় ইন্টাৰনেট ব্যৱহাৰ কৰাত ব্যয় কৰে। ইন্টাৰনেটৰ পৰা স্পষ্টৰূপে অহা আধ্যাত্মিক বিপদসমূহৰ বেছিভাগ বিৱৰণি আমাৰ আলোচনীবোৰত বৰ্ণনা কৰা হৈছে। বেছি ভাগ ৱেব চাইট্‌ কাৰ্য্যক্ৰমত হিংসামূলক আৰু অশ্লীল কাৰ্য্যক্ৰম দেখুৱা হয় যি খ্ৰীষ্টানসকলৰ বাবে অনুপযোগী। (গীত. ১১৯:৩৭) এই বিপদসমূহৰ উপৰিও, এনেধৰণৰ প্ৰলোভন আৰু বিপদ আহিব পাৰে যাৰ বাবে যিহোৱাৰ সাক্ষীসকলে নিজকে ৰক্ষা কৰা আৱশ্যক। সেই বিপদবোৰ কি কি?

৬ আপুনি, কোনো এজন আলহীৰ পৰিচয় নজনাকৈ নিজৰ ঘৰলৈ আমন্ত্ৰণ কৰিবনে? যদি সেই ব্যক্তিজনৰ পৰিচয় জনাৰ কোনো পথ নাই তেতিয়াহʼলে কি হব? আপুনি তেনেধৰণৰ আলহীক আপোনাৰ লৰা-ছোৱালীৰ সৈতে অকলে এৰি দিবনে? ইন্টাৰনেট সৈতেও সেই একেই হব পাৰে।

৭ ইলেকট্ৰনিক মেইল যোগেদি সেই ব্যক্তিসকলৰ সৈতে আদান-প্ৰদান কৰিব পৰা যায় যিসকলক আপুনি নাজানে। ইলেকট্ৰনিকৰূপে বা চাট্‌-ৰোমৰ দ্বাৰা কথা-বতৰা হোৱাৰ ক্ষেত্ৰটো সেই একেদৰেই সত্য। তাত ভাগ লোৱাসকলে নিজকে যিহোৱাৰ সাক্ষী বুলি দাবী কৰিব পাৰে কিন্তু বাস্তৱতে তেওঁলোক সাক্ষী নহয়। কিছুমানে ডেকা ব্যক্তি বুলি দাবী কৰিব পাৰে কিন্তু বাস্তৱতে তেওঁ এজন ডেকা ব্যক্তি নহব পাৰে। বা কিছুমান ব্যক্তিয়ে পুৰুষ বা মহিলা বুলি দাবী কৰিব পাৰে।

৮ আমাৰ বিশ্বাসৰ সম্পৰ্কে অনুভৱ বা মন্তব্যৰূপে সংবাদ আপোনাৰ ওচৰলৈ আহিব পাৰে। এই সংবাদবোৰ এজনৰ পৰা আনজনলৈ যায়। সাধাৰণতে সেই সংবাদবোৰ চিনাক্ত কৰিব পৰা নাযায় আৰু সেইবোৰ সত্য নহব পাৰে। সেই মন্তব্যবোৰ হয়তো ধৰ্ম্মত্যাগী ব্যক্তি দ্বাৰা হʼব পাৰে।—২ থিচ. ২:১-৩.

৯ এই বিপদৰ কথা মনত ৰাখি, যদি আপুনি ইন্টাৰনেট ব্যৱহাৰ কৰে তেনেহʼলে নিজকে প্ৰশ্ন কৰক: ‘মই ইয়াক কিহৰ বাবে ব্যৱহাৰ কৰোঁ? মই যিদৰে ইয়াক ব্যৱহাৰ কৰোঁ তাৰ পৰা মোৰ আধ্যত্মিকতাত কোনো ক্ষতি হোৱাৰ সম্ভাৱনা আছেনে? মই আনক আধ্যাত্মিকতাত অনিষ্টৰ অৱদান আগবঢ়াইছোঁ নে?’

১০ “যিহোৱা সাক্ষীসকলৰ” ৱেব চাইট: কিছুমান উদাহৰণক বিবেচনা কৰক যিসকলে ব্যক্তিগতৰূপে ইন্টাৰনেট চাইট্‌ স্থাপন কৰিছে আৰু তেওঁলোকে নিজকে যিহোৱাৰ সাক্ষী বুলি দাবী কৰে। তেওঁলোকে আপোনাক তেওঁলোকৰ চাইট্‌বিলাক চাবলৈ আৰু আন ব্যক্তিসকলৰ অৰ্থাৎ যিসকলে যিহোৱা সাক্ষী বুলি দাবী কৰে তেওঁলোকে দিয়া অনুভৱবিলাক পঢ়িবলৈ আমন্ত্ৰণ কৰে। তেওঁলোকে আপোনাক নিজৰ ভাৱধাৰা আৰু সংস্থাই প্ৰৱন্ধ কৰা সাহিত্যবিলাকৰ বিষয়ে মন্তব্য দিবলৈ উৎসাহিত কৰিব পাৰে। কিছুমানলোকে প্ৰচাৰ কাৰ্য্যত ব্যৱহাৰ কৰিবলৈ মতামত দিয়ে। এই চাইট্‌বিলাকে ব্যক্তিগতভাৱে আনৰ সৈতে কথা-বতৰা হবলৈ চাট্‌-ৰোমৰ ব্যৱস্থা কৰিছে, ঠিক যেনেদৰে টেলিফোন দ্বাৰা যোগ-যোগ কৰিব পাৰে। তেওঁলোকে প্ৰায়ে কোনো এঠাইত থকা যিহোৱাৰ সাক্ষীসকলৰ ৱেৱ চাইট্‌ৰ বিষয়ে নিৰ্দ্দেশিত কৰে যাতে আপুনি তেওঁলোকৰ সৈতেও যোগা-যোগ কৰিব পাৰে। কিন্তু আপুনি এইধৰণৰ যোগ-যোগক ধৰ্ম্মত্যাগীসকলৰ দ্বাৰা নহয় বুলি কব পাৰেনে?

১১ ইন্টাৰনেট দ্বাৰা যোগা-যোগ ইফিচীয়া ৫:১৫-১৭ পদত দিয়া পৰামৰ্শৰ অনুসৰি নহব পাৰে। পাঁচনি পৌলে এইদৰে লিখিছিল: “এতেকে যি দৰে চলা, তালৈ সাৱধানে চাবা; অজ্ঞানৰ দৰে নহয়, কিন্তু জ্ঞানীৰ দৰে চলিবা; সুসময়ক কিনি লবা; কিয়নো এই কাল মন্দ। এই হেতুকে তোমালোক নিৰ্ব্বোধ নহবা, কিন্তু প্ৰভুৰ ইচ্ছা কি, তাক জ্ঞাত হোৱা।”

১২ খ্ৰীষ্টান মণ্ডলী হৈছে একমাত্ৰ ঈশ্বৰ-শাসিত ব্যৱস্থা যাৰ যোগেদি আমি “বিশ্বাসী বুদ্ধিমান দাস” সকলে প্ৰবন্ধ কৰা আধ্যাত্মিক আহাৰ প্ৰাপ্ত কৰিব পাৰোঁ। (মথি ২৪:৪৫-৪৭) ঈশ্বৰৰ সংস্থাৰ ভিতৰতে আমি নিৰ্দ্দেশনা আৰু সুৰক্ষা পাওঁ যিহে আমাক এই জগতৰ আৰু তাৰ কাৰ্য্যবিলাকৰ পৰা আঁতৰাই ৰাখি প্ৰভুৰ কাৰ্য্যত ব্যস্থ ৰাখে। (১ কৰি. ১৫:৫৮) গীতমালা লিখকে ঈশ্বৰৰ একত্ৰিত লোকসকলৰ মাজত পোৱা আনন্দ আৰু নিৰাপত্তাৰ বিষয়ে উল্লেখ কৰিছিল। (গীত. ২৭:৪, ৫; ৫৫:১৪; ১২২:১) যিসকলে মণ্ডলীৰ সৈতে সঙ্গতি কৰে তেওঁলোকক মণ্ডলীয়ে আধ্যাত্মিক সহায় আৰু সমৰ্থন দিয়ে। তাত আপুনি স্নেহী, বিবেচনাশীল আৰু চোৱা-চিতা কৰা বন্ধুসকলক বিচাৰি পাব—যিসকলক আপুনি জানে, তেওঁলোকে সহায় কৰিবলৈ ইচ্ছুক আৰু বিপদ সময়ত শান্ত্বনা দিয়ে। (২ কৰি. ৭:৫-৭) যিসকলে মন পৰিৱৰ্তন নকৰাকৈ একেৰাহে পাপ কাৰ্য্য কৰি থাকে বা যিসকলে ধৰ্ম্মত্যাগী মনোবৃত্তি উন্নত কৰে মণ্ডলীয়ে তেওঁলোকক বহিষ্কাৰ কৰি মণ্ডলীৰ সদস্যসকলক নিৰাপত্তা দিয়ে। (১ কৰি. ৫:৯-১৩; তীত ৩:১০, ১১) ইন্টাৰনেটৰ দ্বাৰা যোগা-যোগ কৰি আপুনি তেনে মৰমীয়াল ব্যৱস্থা লাভ কৰিব পাৰিবনে?

১৩ এইটো স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে ইয়াৰ বিপৰীতে সত্য ধৰ্ম্ম আছে। কিছুমান ৱেব চাইট্‌ত স্পষ্টৰূপে ধৰ্ম্মত্যাগী মত প্ৰচাৰ কৰা হয়। নাইবা এইধৰণৰ ৱেব চাইটে এইটোও দাবী কৰিব পাৰে যে যিসকলে ইয়াক প্ৰযোজনা কৰে তেওঁলোকে এইদৰে প্ৰমাণ দিয়ে যেন তেওঁলোক সচাঁকৈ যিহোৱাৰ সাক্ষী হয়। তেওঁলোকে হয়তো আপুনি এজন যিহোৱা সাক্ষী হয়নে নহয় তাক চিনাক্ত কৰিবলৈ আপোনাক নিৱেদন কৰিব পাৰে।

১৪ যিহোৱাই বিচাৰে যে আপুনি আপোনাৰ বিবেচনা শক্তি ব্যৱহাৰ কৰক। কিয় তেনে কৰাটো তেওঁ বিচাৰে? কিয়নো তেওঁ জানে যে ই আপোনাক বিভিন্ন বিপদসমূহৰ পৰা ৰক্ষা কৰিব। হিতোপদেশ ২:১০-১৯ পদৰ আৰম্ভণি এইদৰে কৰা হৈছে: “কিয়নো প্ৰজ্ঞাই তোমাৰ হৃদয়ত প্ৰবেশ কৰিব, আৰু জ্ঞান তোমাৰ প্ৰাণৰ সুখজনক হব। কুপথৰ পৰা তোমাক উদ্ধাৰ কৰিবলৈ, আৰু যিবোৰে কুটিল বাক্য কয়।” কিহৰ পৰা উদ্ধাৰ কৰিব? এইধৰণৰ ‘আন্ধাৰৰ পথৰ’ পৰা যিয়ে সৰল পথ ত্যাগ কৰে আৰু তেনেধৰণৰ লোকসকলৰ পৰা যিসকলে অনৈতিক আৰু কূটিলতাৰে জীৱন-যাপন কৰে।

১৫ যেতিয়া আমি ৰাজ্যগৃহত যাওঁ ইয়াত কোনো সন্দেহ নাই কিয়নো আমি নিজৰ ভাইসকলৰ সৈতে থাকো। কাৰণ আমি তেওঁলোকক জানো। এইবাবে কোনো এজনকে প্ৰমাণীকৰণৰ আৱশ্যকতা নাই, কিয়নো ভাতৃ প্ৰেমে আমাক সুনিশ্চিত কৰে। আমি আচলতে যিহোৱা সাক্ষী হওঁ নে নহওঁ তাক প্ৰমাণ কৰিবলৈ আমাক ব্যক্তিভাৱে কোনো প্ৰমাণ পত্ৰৰ আৱশ্যকতা নাই। ইয়াত আমি প্ৰকৃত উৎসাহৰ আদান প্ৰদান পাওঁ, যেনেকৈ পৌলে ইব্ৰী ১০:২৪, ২৫ পদত কৈছিল। ৱেব চাইট্‌বিলাকত কৰা সম্পৰ্কই আমাক এইধৰণৰ সহায় দিব নোৱাৰে। গীতমালা ২৬:৪, ৫ পদত কোৱা কাথাফাঁকি মনত ৰাখি ইন্টাৰনেট ব্যৱহাৰ কৰোঁতে অহা বিপদসমূহৰ প্ৰতি সজাগ হʼব পাৰোঁ।

১৬ ইন্টাৰনেটৰ যোগেদি বহুতো বেলেগ-বেলেগ বিষয়ত সংবাদ পোৱা যায় যে তাৰ কোনো সীমা নাই। প্ৰায়ে এইধৰণৰ পৰিস্থিতিত কিশোৰ-কিশোৰীসকলে সহজতে অপৰাধ আৰু শোষণৰ বলি হয়। লʼৰা-ছোৱালীবোৰ সৰল মনোভাৱৰ হয় সেইবাবে তেওঁলোকে যিকোনো বস্তুতে বিশ্বাস কৰে আৰু তেওঁলোকে নতুন কম্পিউটাৰ জগতৰ পৰা শিক্ষা লাভ কৰিবলৈ, জিজ্ঞাসু আৰু ব্যাকুল হয়। সেইবাবে পিতৃ-মাতৃসকলে লʼৰা-ছোৱালীক যিদৰে সঙ্গীত আৰু চিনেমাৰ নিৰ্ব্বাচিত কৰা বিষয়ে নিৰ্দ্দেশনা দিয়ে ঠিক সেইদৰে ইন্টাৰনেটৰ ব্যৱহাৰৰ বিষয়তো শাস্ত্ৰীয় নিৰ্দ্দেশনা দিয়া আৱশ্যক।—১ কৰি. ১৫:৩৩.

১৭ দুখৰ বিষয় এই যে আমাৰ কিছু ভাই-ভনীয়ে বহিষ্কাৰ কৰা হʼল, কিয়নো তেওঁলোকে চাট ৰোমৰ দ্বাৰা ইন্টাৰনেটৰ যোগেদি জগতৰ ব্যক্তিৰ সৈতে সঙ্গতি কৰিবলৈ ললে আৰু অৱেশষত তেওঁলোকে অনৈতিকতাৰ ফান্দত পৰিল। এজন প্ৰাচীনৰ ৰিপৰ্টত আচৰিত হবলগীয়া এই যে বহুতো ভাই-ভনীয়ে ইন্টাৰনেটৰ দ্বাৰা স্থাপন কৰা সম্পৰ্কক বজাই ৰাখিবলৈ নিজৰ স্বামী বা স্ত্ৰীক ত্যাগ দিলে। (২ তীম. ৩:৬) আন ব্যক্তিসকলে ধৰ্ম্মত্যাগীসকলৰ দ্বাৰা দিয়া সংবাদ স্বীকাৰ কৰি সত্যক ত্যাগ কৰিলে। (১ তীম. ৪:১, ২) এই গুৰুত্বপূৰ্ণ বিপদসমূহলৈ দৃষ্টি কৰিলে আমাক এনে নালাগেনে যে ইন্টাৰনেটৰ চাট্‌-ৰোমত সন্মিলিত হোৱাৰ বিষয়ে সাৱধানতা অৱলম্বন কৰা আৱশ্যক? নিঃসন্দেহ, যিদৰে হিতোপদেশ ২:১০-১৯ পদত কোৱা হৈছে সেই অনুসাৰি জ্ঞান, বুদ্ধি, চিন্তাধাৰা আৰু বিবেচনা শক্তি ব্যৱহাৰ কৰি নিজকে ৰক্ষা কৰিব পাৰোঁ।

১৮ লক্ষ্য কৰিবলগীয়া এই যে বহুতো ব্যক্তিয়ে শুভবাৰ্ত্তা প্ৰচাৰ কৰা উদ্দেশ্যৰে ব্যক্তিগতভাৱে ৱেব চাইট্‌ স্থাপন কৰিছে। ইয়াৰে বহুতো চাইট্‌বিলাক, সতৰ্ক নোহোৱা ভাইসকলৰ দ্বাৰা স্থাপন কৰা হৈছে। আন কিছুমান চাইট্‌ ধৰ্ম্মত্যাগী দ্বাৰা স্থাপন কৰা হয়, যাতে বিশ্বাসীসকলক আকৰ্ষণ কৰিব পাৰে। (২ যোহন ৯-১১) আমাৰ ভাইসকলে তেনেধৰণৰ ৱেব চাইট্‌ স্থাপন কৰিব পাৰে নে নোৱাৰে তাৰ বিষয়ে মন্তব্য দি আমাৰ ৰাজ্য পৰিচৰ্য্যা নবেম্বৰ ১৯৯৭ চনৰ ৩ পৃষ্ঠাত এইদৰে বৰ্ণনা কৰিছে: “কোনো ভায়ে যিহোৱাৰ সাক্ষী, আমাৰ কাৰ্য্য বা বিশ্বাসৰ বিষয়ে ইন্টাৰনেটৰ দ্বাৰা সংবাদ তৈয়াৰ কৰা কোনো আৱশ্যকতা নাই। যিসকলে বিচাৰে তেওঁলোকক আমাৰ স্বীকৃতিপ্ৰাপ্ত চাইটে [www.watchtower.org] সঠিক সংবাদ দিব।”

১৯ ইন্টাৰনেটৰ দ্বাৰা অধ্যয়নৰ কৰাটো সহায়ক হয়নে? কিছুমানে ভাৱিব পাৰে যে ভাইসকলক বিভিন্ন ঈশ্বৰ-শাসিত কাৰ্য্যৰ অনুসন্ধানৰ সংবাদ দি তেওঁলোকলৈ সহায় আগবঢ়াইছে। উদাহৰণস্বৰূপে, এজন ব্যক্তিয়ে জন-ভাষণৰ ওপৰত আধাৰিত অনুসন্ধান কৰি ইন্টাৰনেটৰ দ্বাৰা পঠিয়াই, তেওঁলোকে ভাৱে যে এই ধৰণৰ সংবাদ, যিসকলে সেই একেই জন-ভাষণ তৈয়াৰী কৰিছে তেওঁলোকৰ বাবে সহায় হʼব। আনসকলে অধ্যয়ন হবলগীয়া প্ৰহৰীদূৰ্গ-ৰ শাস্ত্ৰৰ পদসমূহ বা ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ বা মণ্ডলীৰ পুস্তক অধ্যয়ন বিষয়-বস্তুৰ অনুসন্ধান কৰি পঠিয়ায়। কিছুমানে হয়তো পৰিচৰ্য্যা কাৰ্য্যক উন্নত কৰিবলৈ পৰামৰ্শ আগবঢ়াব পাৰে। এইধৰণৰ বিষয়বোৰ সচাঁকৈ লাভদায়কনে?

২০ যিহোৱাৰ সংস্থাই প্ৰস্তুত কৰা প্ৰকাশনবোৰে আমাৰ চিত্তক উন্নত চিন্তাধাৰাৰে শিক্ষা দিয়ে যাতে আমি “জ্ঞানেন্দ্ৰিয়বোৰ ভাল-বেয়া বিষয় নিৰ্ণয়” কৰিব পাৰোঁ। (ইব্ৰী ৫:১৪) আনে কৰা অনুসন্ধানৰ বিষয়-বস্তুৱে আমাক সেই লক্ষ্যত উপনীত কৰিব পাৰে বুলি আমি কʼব পাৰোঁনে?

২১ বেৰুত থকা খ্ৰীষ্টানসকলে এইদৰে কৈছিল “থিচলনীকীৰ লোকতকৈ এওঁবিলাকৰ সুমতি আছিল।” কিয় তেনে কোৱা হৈছিল? কিয়নো “এওঁবিলাকে সম্পূৰ্ণ আগ্ৰহেৰে বাক্য গ্ৰহণ কৰি, এয়ে হয় কি নহয় তাকে জানিবলৈ নিতৌ নিতৌ শাস্ত্ৰ আলোচনা কৰিলে।” (পাঁচ. ১৭:১১) যদিও পৌল আৰু চীলে তেওঁলোকক প্ৰচাৰ কৰিছিল কিন্তু যেতিয়ালৈকে তেওঁলোকে নিজে অনুসন্ধান নকৰিলে তেতিয়ালৈকে তেওঁলোকে সত্যক স্বীকাৰ কৰা নাছিল।

২২ ভাষণৰ বা সভাৰ প্ৰস্তুতিকৰণৰ বাবে আনে অনুসন্ধান কৰা বিষয়-বস্তুৱে আচলতে আমাৰ ব্যক্তিগত অধ্যয়নৰ উদ্দেশ্যত বাধা উৎপন্ন কৰে। ব্যক্তিগতভাৱে আপুনি নিজে ঈশ্বৰৰ বাক্যত বিশ্বাস উৎপন্ন কৰিবলৈ ইচ্ছা নকৰিবনে? ব্যক্তিগত বিশ্বাসত ভিক্তি কৰি, আপোনাৰ ভাষণ, সভাৰ মন্তব্যত আৰু প্ৰচাৰ কাৰ্য্যত আপুনি আপোনাৰ বিশ্বাসক প্ৰকাশ কৰিব পাৰে। (ৰোমী. ১০:১০) আন ব্যক্তিয়ে কৰা অনুসন্ধানৰ বিষয়-বস্তু ব্যৱহাৰ কৰিলে হিতোপদেশ ২:৪, ৫ পদত কোৱা যি “ৰূপৰ দৰে তেওঁক বিচাৰা, আৰু গুপ্ত ধনৰ দৰে তেওঁৰ অনুসন্ধান লোৱা” পৰামৰ্শ তেওঁৰ বাবে কাৰ্য্যকাৰী নহব।

২৩ উদাহৰণস্বৰূপে, যেতিয়া আপুনি শাস্ত্ৰৰ পদসমূহ নিজৰ বাইবেলৰ পৰা পঢ়ে, তেতিয়া আপুনি প্ৰত্যেক শাস্ত্ৰৰ বচনসমূহক সংক্ষেপতে বাখ্যা কৰিব পাৰে। আপুনিও লূকে লিখাৰ দৰে “সকলো বিষয়ে নিশ্চয়কৈ অনুসন্ধান” কৰিব পাৰে। (লূক ১:৪) অতিৰিক্ত প্ৰচেষ্টাই আপোনাক পৰিচৰ্য্যা আৰু ভাষণ দিয়া সময়ত শাস্ত্ৰৰ বচন খোলাত পাৰ্গত কৰি তুলিব পাৰে। বহুতে এইদৰে কৈছে যে তেওঁলোকে এইবাবে যিহোৱাৰ সাক্ষীসকলৰ কাৰ্য্যত প্ৰভাৱিত হয় কিয়নো তেওঁলোকে জানে যে কেনেদৰে বাইবেল ব্যৱহাৰ কৰিব লাগে। আৰু এইটো আমাৰ ক্ষেত্ৰত তেতিয়াহে ব্যৱহাৰিক হব যদিহে আমি ব্যক্তিগতৰূপে শাস্ত্ৰৰ বচন নিজৰ বাইবেলৰ পৰা খুলি পঢ়ো।

২৪ আমি বুদ্ধিমানৰূপে সময়ক ব্যয় কৰা উচিত: এই বিষয়ে আন কিছুমান কথা বিবেচনা কৰিব পৰা যায় যে ইন্টাৰনেটৰ পৰা সংবাদ সংগ্ৰহ কৰা, পঢ়া আৰু উত্তৰ পঠোৱা এইবোৰত কিমান সময় আমি ব্যয় কৰোঁ। গীতমালা ৯০:১২ পদত আমাক প্ৰাৰ্থনা কৰিবলৈ উৎসাহিত দিছে: “আমি জ্ঞানৰ অন্তঃকৰণ লাভ কৰিব পৰাকৈ, আমাৰ আয়ুসৰ কাল গণনা কৰিবলৈ শিক্ষা দিয়া।” পৌলে কৈছিল: “সেই কাল চুটি কৰা হৈছে।” (১ কৰিন্থীয়া ৭:২৯) আৰু আগলৈ এইদৰে কৈছিল: “এই হেতুকে আহাঁ, শুভক্ষণ পালে, সকলোলৈ, বিশেষকৈ পৰিয়ালস্বৰূপ বিশ্বাস কৰাবিলাকলৈ হিতজনক কৰ্ম্ম কৰোঁহঁক।”—গালা. ৬:১০.

২৫ এইধৰণৰ পৰামৰ্শসমূহে আমাৰ সময়ক সুবিবেচকৰূপে ব্যৱহাৰ কৰা আৱশ্যকতাৰ প্ৰতি সহায় আগবঢ়াইছে। ঈশ্বৰৰ বাক্য পঢ়াত সময় অতিবাহিত কৰি কিমান যে লাভৱান হʼব পাৰি! (গীত. ১:১, ২) আমাৰ বাবে সেই সঙ্গতিয়ে হৈছে সবাতোতকৈ উত্তম। (২ তীম. ৩:১৬, ১৭) পিতৃ-মাতৃসকল, আপোনালোকে নিজৰ লৰা-ছোৱালীক নিজৰ সময়ক বুদ্ধিমানীৰে ৰাজ্যৰ কাৰ্য্যত লগাবলৈ শিক্ষা দিছেনে? (উপ. ১২:১) ইন্টাৰনেটত সময় অলাগতীয়ালভাৱে অতিবাহিত কৰাতকৈ ব্যক্তিগত আৰু পৰিয়ালৰ বাইবেল অধ্যয়ন, সভাত উপস্থিত হোৱা আৰু প্ৰচাৰ কাৰ্য্যত সময়ত অতিবাহিত কৰাটো উত্তম হʼব।

২৬ এই সংক্ৰান্তত, খ্ৰীষ্টানৰূপে আমাৰ জীৱন আধ্যাত্মিক বিষয় আৰু যিবিলাক আমাৰ বাবে উপযোগী আৰু আৱশ্যক সেইবিলাকত মনযোগ দিয়াটোৱে আমাৰ বাবে বুদ্ধিমানীৰ কাৰ্য্য হʼব। ইয়াৰ বাবে উত্তম বিবেচক হৈ পৰীক্ষা কৰা প্ৰয়োজন যে কেনেধৰণৰ সংবাদবোৰত নিজৰ সময় আৰু মনোযোগ দিয়া উচিত। খ্ৰীষ্টানৰূপে আমাৰ জীৱনত কি উপযোগী তাৰ আৱশ্যকতা বুজি যীচুৱে এইদৰে কৈছিল: “কিন্তু তোমালোকে প্ৰথমে তেওঁৰ ৰাজ্য আৰু ধাৰ্ম্মিকতা বিচাৰা; তাতে এই সকলোও তোমালোকক দিয়া হব।” (মথি ৬:৩৩) আপোনাৰ জীৱনত আন কাৰ্য্যৰ পৰিৱৰ্তে ৰাজ্যৰ প্ৰতি থকা কাৰ্য্যবিলাকৰে পূৰ্ণ হোৱাত আপুনি আনন্দিত হোৱা নাইনে?

২৭ ইন্টাৰনেটৰ ই-মেইল: যিহেতু যি পৰিয়াল বা বন্ধুসকল দূৰত থাকে, তেওঁলোকৰ সৈতে ব্যক্তিগত অনুভৱ আৰু বিচাৰ-ধাৰা কোৱাটো কোনো ভুল নহয়, কিন্তু এইটো প্ৰকৃততে সঠিক হবনে যদি তেনেধৰণৰ সংবাদ এনে লোকসকললৈ পঠোৱা হয় যিসকলক আপোনাৰ পৰিয়াল বা বন্ধু-বান্ধৱে নাজানে? বা মাত্ৰ এনেই সেই সংবাদবোৰ ৱেব পেজত যি কোনো ব্যক্তিক পঢ়িবলৈ দিয়াতো ভাল হʼব নে? এই ব্যক্তিগত সংবাদসমূহৰ কপি এনে ব্যক্তিসকলক নভৱা-নিচিন্তাকৈ পঠোৱাটো ভাল হʼব নে যিসকল আপোনাৰ পৰিচিত লোক বা পৰিচিত নহয়? ঠিক তেনেদৰে যদি আপুনি, আনৰ পৰা পোৱা সংবাদবোৰ স্পষ্টৰূপে আপোনাৰ নামৰ কোনো আভাস নাথাকে, তেনে সংবাদ আনক প্ৰেৰণ কৰাটো প্ৰেমময় কাৰ্য্য হʼবনে?

২৮ আপুনি প্ৰেৰণ কৰা অনুভৱটো যদি সঠিক নহয় তেনেহʼলে কি হʼব? তেনে অনুভৱে অসত্যক প্ৰকাশ নকৰিব নে? (হিতো. ১২:১৯; ২১:২৮; ৩০:৮; কল. ৩:৯) নিশ্চয় কৰিব, সেইবাবে এই বচনে আমাক বিবেচনা কৰিবলৈ উৎসাহিত কৰিব, যʼত কোৱা হৈছে “এতেকে যি দৰে চলা, তালৈ সাৱধানে চাবা; অজ্ঞানৰ দৰে নহয়, কিন্তু জ্ঞানীৰ দৰে চলিবা।” (ইফি. ৫:১৫) বাৰ্ষিক পুস্তক, প্ৰহৰীদূৰ্গ আৰু সচেতন! আলোচনীবিলাকত বহুতো ধৰণৰ অনুভৱ আছে যিয়ে আমাক সেই ‘পথত’ চলিবলৈ উৎসাহিত কৰে, তাৰ বাবে আমি কিমান যে আনন্দিত!—যিচ. ৩০:২০, ২১.

২৯ ইয়াত অন্য এটাও বিপদ আছে। পাঁচনি পৌলে তাৰে কিছুমান বিপদৰ বিষয়ে কৈছিল: “তেওঁবিলাকে ঘৰে ঘৰে ফুৰি সোৰোপা হয়; কেৱল সেয়ে নহয়, টুটকীয়া, আৰু লোকৰ বন চোৱা হৈ, অনুচিত কথা কবলৈ শিকে।” (১ তীম. ৫:১৩) এই পদৰ পৰা আমি কব পাৰো যে নিজৰ ভাইসকলক গুৰুত্বহীন সংবাদবোৰ দিবলৈ সময় আৰু প্ৰচেষ্ঠা কৰাটো একেবাৰেই ভূল।

৩০ ই-মেইলত যথেষ্ট পৰিমাণৰ সময় ব্যয় কৰাৰ বিষয়ে বিবেচনা কৰক। ডাটা স্চমগ নামৰ কিতাপে এক আকৰ্ষণীয় কথা বৰ্ণনা কৰে: যেনেকৈ এজনে বহু সময় ধৰি ই-মেইল ব্যৱহাৰ কৰে, অতি সোনকালে ই মাত্ৰ নতুন কথাবোৰ জানিবলৈ মাধ্যমেই হয় নপৰে কিন্তু ই এক বোজা হয় পৰে কিয়নো প্ৰত্যেক দিনা সহকৰ্ম্মী, বন্ধু-বান্ধৱ, পৰিয়ালে যথেষ্ট পৰিমাণৰ সংবাদ পঠিয়াই, . . . আৰু অবাঞ্চিতভাৱে অহা যথেষ্ট পৰিমাণৰ সংবাদ পঢ়া আৰু উত্তৰৰ বাবে বিমোৰত পৰে।” আগলৈ এইদৰে কয়: “বহুতো ইনেকট্ৰনিক সংবাদ যোগান ধৰোঁতাই বেয়া অভ্যাস কৰি লৈছে যে তেওঁলোকে মনোৰঞ্জনৰ সংবাদ যেনে, কৌতুক, চহৰীয়া আখ্যান, দিঘলীয়া চিঠি, আৰু ইত্যাদি তেওঁলোকৰ ইলেকট্ৰনিক ঠিকনাত থকা সকলোলৈ প্ৰেৰণ কৰে।”

৩১ এইটো প্ৰমাণ পোৱা গৈছে আমাৰ বহুতে ভায়ে তেওঁলোকৰ ভিতৰত ই-মেইল পৰিসঞ্চৰিত কৰে—যেনেকৈ পৰিচৰ্য্যাৰ সম্বন্ধে কৌতুক বা প্ৰবৃত্ত হোৱা কাহিনী; আমাৰ বিশ্বাসৰ ওপৰত লিখা কিছুমান কৱিতা; সন্মিলন, অধিৱেশন, বা কিংডম হলত শুনা বিভিন্ন ভাষণসমূহৰ পৰা পোৱা উদাহৰণসমূহ; প্ৰচাৰ কাৰ্য্যৰ পৰা পোৱা অনুভৱ; আৰু আন আন সংবাদবোৰ—এইবিলাক শুদ্ধ বুলি ধৰিব পাৰি। বহুতো ভাই-ভনীয়ে এনেধৰণৰ সঘনাই অহা সংবাদবোৰক নিৰীক্ষণ নকৰে যে সেইবোৰ কোনে পঠিয়াইছে, সেইবাবে এইটো জনাটো কঠিন হয় পৰে যে তেওঁলোকে সংগ্ৰহ কৰা সংবাদৰ পাছত প্ৰকৃততে কোন আছে আৰু কি এইবোৰ সংবাদ প্ৰকৃততে সচাঁ হয় নে নহয়।।—হিতো. ২২:২০, ২১.

৩২ প্ৰায়ে এনেধৰণৰ গুৰুত্বহীন সংবাদবোৰত ভাল শব্দ ব্যৱহাৰ কৰা নহয় এইকথা মনত ৰাখি পৌলে তীমথিক কৈছিল: “মোৰ পৰা যি যি শুনিলা, তাক নিৰাময় বাক্যৰ আৰ্হি বুলি খ্ৰীষ্ট্‌ যীচুৰ সম্বন্ধীয় বিশ্বাস আৰু প্ৰেমত ধাৰণ কৰা।” (২ তীম. ১:১৩) শাস্ত্ৰ বচনত কোৱা সত্য “শুদ্ধ ওঁঠ” হৈছে “নিৰাময় বাক্যৰ আৰ্হি” যিটো আচলতে যিহোৱাৰ ৰাজ্যৰ দ্বাৰা তেওঁৰ সাৰ্ব্বভৌমত্বৰ দোষ মুক্ত কৰা, বাইবেল বিষয়ৰ ওপৰত আধাৰিত। (চফ. ৩:৯) যিহোৱাৰ সাৰ্ব্বভৌমত্বৰ দোষ নিৰ্বাৰণক সমৰ্থন কৰিবলৈ সকলো প্ৰচেষ্টাৰে আমি আমাৰ সুলভ সময় আৰু শক্তিক উচৰ্গা কৰা উচিত।

৩৩ যিহেতু আমি এই ৰীতি-ব্যৱস্থাৰ একেবাৰে শেষ সময়ত জীয়াই আছোঁ সেই বাবে সতৰ্ক হোৱা উচিত। বাইবেলে সতৰ্কবাণী দি এইদৰে কৈছে: “গুজৰি থকা সিংহৰ দৰে তোমালোকৰ শত্ৰু চয়তানে কাক কেনেকৈ গ্ৰাস কৰিব পাৰিব, তাৰ উপায় বিচাৰি ফুৰিছে।” (১ পিত. ৫:৮) আগলৈ আৰু এইদৰে কৈছে: “চয়তানৰ নানাবিধ কুকল্পনাৰ সন্মুখত থিৰে থাকিবলৈ সমৰ্থ হবৰ কাৰণে, ঈশ্বৰৰ আটাই সাজ পিন্ধা।”—ইফি. ৬:১১.

৩৪ ইন্টাৰনেটৰ অপব্যয় কৰা মানে যিসকলে ইয়াৰ শক্তিত প্ৰলোভিত হৈছে চয়তানক তেওঁলোকৰ ওপৰত প্ৰবল হোৱা। যদিও ইয়াত অলপহে লাভদায়ক বিষয় আছে, কিন্তু যদি ইয়াক সতৰ্কতাৰে ব্যৱহাৰ কৰা নহয় তেনেহʼলে বিপদে খাপ দি আছে। পিতৃ-মাতৃয়ে তেওঁলোকৰ লৰা-ছোৱালীয়ে ইন্টাৰনেট ব্যৱহাৰ কৰাৰ সময়ত বিশেষভাৱে সাৱধানতা অৱলম্বন কৰা আৱশ্যক।

৩৫ ইন্টাৰনেটত ভাৰসাম্যতা ৰাখি দৃষ্টি কৰিলে ৰক্ষা পাব পাৰি। ঠিক সময়ত পৌলে আমাক স্মৰণ কৰাই দিয়াৰ বাবে প্ৰশংসা কৰিছোঁ, তেওঁ কৈছিল: “এতিয়াৰ পৰা . . . যিবিলাকে সংসাৰ ব্যৱহাৰ কৰে, তেওঁবিলাক তাৰ অতিৰিক্ত ব্যৱহাৰ নকৰাৰ নিচিনা হওক; কিয়নো এই সংসাৰৰ আকাৰ-প্ৰকাৰ অতীত হব লাগিছে।” (১ কৰি. ৭:২৯-৩১) এই কথা মনত ৰাখিলে আমি নিজকে আৰু আমাৰ পৰিয়ালক জগতৰ পৰা অহা বহুতো প্ৰস্তাৱ, যʼত সন্মিলিত আছে ইন্টাৰনেটৰ দ্বাৰা পোৱা বহুতো বিষয়ৰ পৰা ৰক্ষা পোৱাত সহায় কৰিব পাৰিম।

৩৬ আমি মণ্ডলীত আমাৰ ভাইসকলৰ সৈতে সঙ্গতি ৰাখি আৰু আমাৰ বাকী থকা সময়ক বুদ্ধিমানীৰে ব্যৱহাৰ কৰি ৰাজ্য প্ৰচাৰৰ বাবে নিজে আগবাঢ়ি যোৱা আৱশ্যক। যেনেকৈ এই ব্যৱস্থাৰ শেষ একেবাৰে ওচৰত, আহঁক আমি ‘পৰজাতি লোকে তেওঁবিলাকৰ মনৰ অসাৰতাৰে যেনে আচৰণ কৰে, আমি তেনে আচৰণ আৰু নকৰিম’ কিন্তু ‘যিহোৱাৰ ইচ্ছা কি তাক জ্ঞাত হম।’—ইফি. ৪:১৭; ৫:১৭, NW.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক