‘অসাৰ বস্তু’ লাভ কৰাৰ পৰা বিৰত থাকক
১ বৰ্তমান সময়ত যোগাযোগ কৰাৰ সকলোতকৈ পৰিচিত মাধ্যমটো হৈছে ই-মেইল। পৰিয়ালবৰ্গ আৰু বন্ধু-বান্ধৱৰ সৈতে ই-মেইলৰ জৰিয়তে কোনো ব্যক্তিগত অভিজ্ঞতা আদান-প্ৰদান কৰাটো যদিও উপযুক্ত, কিন্তু ইয়াৰ সৈতে কেনে ‘অসাৰ বস্তু’ সংযোগ হৈ থাকে তাক আপুনি জানেনে?—হিতো. ১২:১১.
২ ই-মেইল পঢোঁতে সাৱধানতা অৱলম্বন কৰা: কিছুমানে দাবী কৰি কয় যে ই-মেইলৰ যোগেদি তেওঁলোকে নতুন বুলি বিবেচনা কৰা কোনো তথ্য লাভ কৰাৰ দ্বাৰা যিহোৱাৰ সংগঠনৰ সৈতে অধিক নিবিড়ভাৱে খাপ খাই পৰিছে। ই-মেইলৰ জৰিয়তে পঠোৱা সংবাদৰ সৈতে হয়তো কোনো ভাই বা ভনীৰ অভিজ্ঞতা, বেথেলত হোৱা কোনো ঘটনা, অত্যাচাৰ অথবা দুৰ্যোগৰ সন্মুখীন হোৱা ৰিপোৰ্ট আৰু ৰাজ্য পৰিচৰ্য্যা স্কুলবোৰত প্ৰকাশ কৰা কোনো গোপনীয় তথ্য চামিল থাকিব পাৰে। অন্য কিছুমানে হয়তো নিজৰ বন্ধু-বান্ধৱক এই সংবাদবোৰ সৰ্ব্বপ্ৰথমে দিয়াৰ আশাৰে আগ্ৰহী হৈ এনে মেইলবোৰ পঠিয়াই।
৩ কোনো কোনো সময়ত সংবাদ আৰু অভিজ্ঞতাসমূহক ৰহণ হানি বা অতিৰঞ্জিত কৰি কোৱা হয়। অথবা প্ৰেৰকজনে আনক আবেগী কৰি তুলাৰ চেষ্টাৰে এই মেইলসমূহত মিছা ধাৰণা প্ৰকাশ কৰে। যিসকলে তেনে তথ্যবোৰ প্ৰকাশ কৰাত খৰতকীয়া হয়, সেই সংবাদসমূহৰ সকলোবোৰ যে সঁচা, এনে নহয়। (হিতো. ২৯:২০) কিছুমান ক্ষেত্ৰত প্ৰেৰণ কৰা বৃত্তান্তসমূহ অবিশ্বাসনীয় আৰু এইবোৰক কৌতুহল উৎপন্ন কৰিবলৈ পঠোৱা হয়। এনেধৰণৰ অশুদ্ধ বা বিপথে পৰিচালিত কৰা ৰিপৰ্টসমূহ ‘অনৰ্থক গল্প-কথাৰ’ সমান হয়, যিবোৰে যথাৰ্থ ঈশ্বৰীয় ভক্তি বিকাশিত নকৰে।—১ তীম. ৪:৬, ৭.
৪ যদি আপুনি পঠোৱা সংবাদসমূহ সঠিক নহয় তেনেহʼলে ইয়াৰ বাবে উৎপন্ন হোৱা সন্তাপ বা বেমেজালিৰ বাবে অলপমাত্ৰাত আপুনি দায়ী হʼব। দায়ূদে তেওঁৰ সকলো পুত্ৰক হত্যা কৰাৰ অতিৰঞ্জিত বাৰ্ত্তা শুনি যন্ত্ৰণাত “নিজৰ কাপোৰ ফালি” দুখ প্ৰকাশ কৰিলে। প্ৰকৃততে কেৱল তেওঁৰ এজন পুত্ৰৰহে মৃত্যু হৈছিল। তেনে বাৰ্ত্তাই তেওঁক শোকাতুৰ কৰি তুলাত যথেষ্ট আছিল, কিন্তু তেনে ৰহণ হানি কোৱা বাৰ্ত্তাই দায়ূদক অধিক বেদনা দিছিল। (২ চমূ. ১৩:৩০-৩৩) আমি নিশ্চয়ে আমাৰ ভাই বা ভনীক তেনে ধৰণৰ কোনো মেইল বা সংবাদ প্ৰেৰণ কৰি বিপথে পৰিচালিত বা নিৰুৎসাহিত কৰিব নিবিচাৰিম।
৫ ঈশ্বৰৰ নিৰ্দ্ধাৰিত সংযোগ মাধ্যম: আমি মনত ৰাখা উচিত যে আমাক স্বৰ্গীয় পিতৃয়ে এক যোগাযোগৰ মাধ্যমৰূপে ‘বিশ্বাসী বুদ্ধিমান দাসবৰ্গক’ নিযুক্ত কৰিছে। গতিকে ঘৰখনৰ বিশ্বাসীসকলক সংবাদ দিয়া আৰু একেইদৰে “উচিত সময়ত আহাৰ” দিয়াটো তেওঁলোকৰহে দায়িত্ব। এই আধ্যাত্মিক আহাৰ কেৱল ঈশ্বৰৰ সংগঠনৰ যোগেদিহে উপলব্ধ কৰা হয়। সেয়েহে আমি সদায় ভাৰসাযোগ্য সংবাদ লাভ কৰিবলৈ নেটৱৰ্কত থকা ইন্টাৰনেট ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে ঈশ্বৰৰ নিযুক্তি মাধ্যমৰ ওপৰতহে নিৰ্ভৰ কৰা উচিত।—মথি ২৪:৪৫.
৬ ইন্টাৰনেট ৱেব চাইট্: আমাৰ অনুমোদিত ৱেব চাইটো হৈছে: www.watchtower.org. এই চাইটৰ জৰিয়তে ৰাইজক সংবাদ দিয়া হয়। গতিকে যিহোৱাৰ সাক্ষীৰ বিষয়ে জানিবলৈ কোনো ব্যক্তি, সমিটি বা মণ্ডলীয়ে তৈয়াৰ কৰা ৱেব চাইটৰ আৱশ্যক নাই। কিছুমানে হয়তো দান বৰঙণীৰ আধাৰিত আমাৰ আলোচনীৰ সৈতে সকলো শাস্ত্ৰীয় পদ আৰু উল্লেখ আৰু অধিৱেশনৰ বিষয়বস্তুসমূহৰ সম্পূৰ্ণ বিৱৰণিৰ কপি মেইলৰ যোগেদি পঠিয়াই। ইয়াৰ বাবে কোনো লাভ জড়িত থাকক বা নাথাকক, আলোচনীসমূহৰ ইলেক্ট্ৰনিক কপিসমূহ প্ৰেৰণ কৰাৰ যোগেদি যিহোৱাৰ সাক্ষীসকলৰ আইনগত প্ৰতিলিপি স্বত্বৰ ব্যৱস্থাক উলংঘন কৰে। যদিও কিছুমানে হয়তো ইয়াক ভাই-ভনীসকলক কৰা সেৱাৰূপে দৃষ্টি কৰিব পাৰে, কিন্তু এনে কাৰ্য্য অনুমোদনযুক্ত নহয় আৰু এনে কাৰ্য্যক অৱশ্যেই প্ৰত্যাহাৰ কৰা উচিত।
৭ এতেকে ইলেক্ট্ৰনিক মাধ্যমেৰে যেতিয়া যোগাযোগ কৰা হয় তেতিয়া উত্তম বিচাৰধাৰা আৰু সুবিবেচক হৈ আমি নিজৰ মনত “সকলো বিধৰ বহুমূল্য আৰু মনোহৰ বস্তুৰে” পৰিপূৰ্ণ কৰাটো নিশ্চিত কৰা আৱশ্যক।—হিতো. ২৪:৪.