ৰাইজক সহায় কৰাৰ এক মাধ্যম
প্ৰকৃত খ্ৰীষ্টানসকলে ৰাজহুৱাভাৱে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰাত ভাগ লয়। (ফিলি. ২:১৭) সেই প্ৰচাৰ কাৰ্য্যক সম্পন্ন কৰিবলৈ তেওঁলোকে ২০ টা ভাষাত কিছুমান মুখ্য ব্ৰচাৰ, ট্ৰেক্ট আৰু প্ৰবন্ধসমূহ আমাৰ স্বীকৃতিপ্ৰাপ্ত ইন্টাৰনেটৰ www.watchtower.org. নামৰ ৱেবছাইটটো প্ৰস্তুত কৰিছে। এই ৱেবছাইটটো যিহোৱাৰ সাক্ষীসকলৰ চলিত প্ৰকাশনসমূহ বিতৰণ কৰিবলৈ নিয়োগ কৰা নাই। ইয়াৰ অভিপ্ৰায় হৈছে ৰাইজক যিহোৱাৰ সাক্ষীসকলৰ লোকসকলক কেনে শিক্ষা প্ৰদান কৰে এই বিষয়ে সঠিক সংবাদ দিয়া।
অলপতে আমাৰ এই স্বীকৃতিপ্ৰাপ্ত ৱেবছাইটটোত কিছুমান বিশেষ প্ৰকাশন অন্তৰ্ভুক্ত কৰা হৈছে। অন্তৰ্ভুক্ত কৰা সেই বিশেষ প্ৰকাশন হৈছে ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? নামৰ ব্ৰচাৰখন, যিটো ২২০ তকৈও অধিক ভাষাত উপলব্ধ আছে। তদুপৰি সকলো ভাষাত ২০০৪ চনৰ পৰা জানুৱাৰী ১ প্ৰহৰীবুৰুজ আৰু জানুৱাৰী ৮ সচেতন! আলোচনীৰ শেষ পৃষ্ঠাত আমাৰ ৱেবছাইটটোৰ ঠিকনা প্ৰকাশ কৰা হৈছে।
আপুনি এই সঁজুলিটো কেনেকৈ ব্যৱহাৰ কৰিব? আপুনি হয়তো এনে আগ্ৰহী ব্যক্তিসকলক প্ৰচাৰ কাৰ্য্যত লগ পাব পাৰে যিসকলৰ মাতৃভাষা আপোনাৰ সৈতে একেই নহয়। যদি তেওঁলোকে ইন্টাৰনেট ব্যৱহাৰ কৰে তেন্তে আপুনি প্ৰহৰীবুৰুজ বা সচেতন! আলোচনীৰ শেষ পৃষ্ঠাত দিয়া ৱেবছাইটটোৰ ঠিকনা দেখুৱাব পাৰে। এইদৰে সেই ব্যক্তিজনে আপুনি তেওঁৰ ভাষাত কোনো প্ৰকাশন লৈ পুনৰাই সাক্ষাৎ নকৰালৈকে বিচাৰে ব্ৰচাৰখন নিজৰ মাতৃভাষাত নিৰীক্ষণ কৰিব পাৰিব। অথবা আপুনি হয়তো তেওঁৰ ভাষা কোৱা কোনো মণ্ডলীক সেই আগ্ৰহী ব্যক্তিজনক সাক্ষাৎ কৰিবলৈ কʼব পাৰে।