পৰিচৰ্য্যা সভাৰ তালিকা
মে’ ১০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৯৩
১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্ব্বাচিত ঘোষণাসমূহ। ৪ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহ যদি আপোনালোকৰ প্ৰচাৰ এলেকাৰ বাবে ব্যৱহাৰিক, তেন্তে সেই পৰামৰ্শবোৰ ব্যৱহাৰ কৰি কেনেকৈ মে’ ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণ সম্পৰ্কে দিয়া প্ৰথমটো পৰামৰ্শ ব্যৱহাৰ কৰক) আৰু মে’ ২২ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে, তাক প্ৰদৰ্শন কৰি দেখুৱাউক। আন উপস্থাপনো ব্যৱহাৰ কৰিব পাৰে। প্ৰত্যেকটো উপস্থাপনত “মোৰ নিজা ধৰ্ম্ম আছে” বুলি কৈ লোকসকলে আমাৰ কথোপকথনত বাধা জন্মোৱাৰ সময়ত কেনেকৈ তেওঁলোকৰ সৈতে সফলতাৰে কথোপকথন কৰিব পাৰি সেই বিষয়ে পৃথকে দুটা প্ৰদৰ্শন প্ৰস্তুত কৰক।—বাইবেল পৰিচৰ্চ্চা, ১০-১১ পৃষ্ঠা।
১৫ মি: প্ৰশ্ন বক্সৰ পৰা আলোচনা কৰক। প্ৰকাশকসকলক উৎসাহিত কৰি কওক যে আন ভাষা কোৱা লোকসকলক লগ পোৱাৰ সময়ত তেওঁলোকে যেন মণ্ডলীলৈ পঠোৱা অক্টোবৰ ১৫, ১৯৯৮ চনৰ চিঠিখনত উল্লেখ কৰা পৰামৰ্শৰ অনুসাৰে অনুগ্ৰহ কৰি সাক্ষাৎ কৰক (S-43) নামৰ ফৰ্মখন ব্যৱহাৰ কৰে। সাধাৰণতে এই ফৰ্মখন যদিও তেনে ব্যক্তিসকলে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তাৰ প্ৰতি আগ্ৰহকতা নেদেখুৱাই তথাপিও ব্যৱহাৰ কৰা উচিত।
২০ মি: “হৃদয় বহল হওক।”a ঈশ্বৰক উপাসনা নামৰ কিতাপখনৰ ১৫০ পৃষ্ঠাৰ ১৪ অনুচ্ছেদত দিয়া মন্তব্যসমূহ সন্মিলিত কৰক।
গীত ১৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
মে’ ১৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৮৮
১০ মি: স্থানীয় ঘোষণাসমূহ।
১৫ মি: “আপুনি ধন্যবাদসূচক মনোবৃত্তি প্ৰকাশ কৰক।”b যদি সময়ে অনুমতি দিয়ে তেন্তে শ্ৰোতাসকলক প্ৰবন্ধটোত দিয়া শাস্ত্ৰীয় পদবোৰৰ পৰা মন্তব্য দিবলৈ আগ্ৰহ কৰক। ৩ অনুচ্ছেদটো আলোচনা কৰাৰ সময়ত অলপতে সহযোগী অগ্ৰগামী সেৱক হিচাবে প্ৰচাৰ কৰা এজন বা দুজন ভাই বা ভনীক তেওঁলোকে অগ্ৰগামী সেৱা কৰি পোৱা আশীৰ্ব্বাদৰ বিষয়ে কʼবলৈ উৎসাহিত কৰক।
২০ মি: আমি পৰস্পৰে হিত চিন্তা কৰোঁ। (১ কৰি. ১২:২৫, ২৬) এই ভাগটো আমাৰ পৰিচৰ্য্যা কিতপখনৰ ১৫৭-৯ পৃষ্ঠাত দিয়া “পৰস্পৰে চিন্তা কৰা” নামৰ শিৰোনামাৰ অন্তৰ্গত দিয়া পৰামৰ্শসমূহৰ ওপৰত আধাৰিত কৰি ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনাৰূপে প্ৰস্তুত কৰক। যিহোৱাৰ উপাসকসকলে যদিও বিভিন্ন ভৌগোলিক দিশ বা স্থানত বাস কৰে তথাপিও আমি নিবিড়ভাৱে ঐক্যতাবদ্ধ হৈ আছোঁ। গতিকে আমাৰ সকলোৱে আমাৰ ভাই-ভনীসকলৰ বাবে সদায়ে প্ৰাৰ্থনা কৰা উচিত। তদুপৰি আৱশ্যকীয় সময়ত আমি অনতিপলমে সহায় আগবঢ়োৱা প্ৰয়োজন। উল্লেখ কৰা মুখ্য শাস্ত্ৰীয় পদবোৰ পঢ়ক আৰু আমাৰ প্ৰকাশনবোৰত দিয়া এটা বা দুটা উদাহৰণৰ বিষয়ে কওক।
গীত ১০০ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
মে’ ২৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১২৮
১২ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপোৰ্ট। মে’ ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণ সম্পৰ্কে দিয়া তৃতীয়টো পৰামৰ্শ ব্যৱহাৰ কৰক) আৰু জুন ৮ সচেতন! আলোচনী ব্যৱহাৰ কৰি এনে দুটা উপস্থাপন প্ৰস্তুত কৰক যিয়ে স্থানীয় কোনো এটা ধৰ্ম্মৰ ব্যক্তিক আগ্ৰহী কৰি তুলিব পাৰে।
১৫ মি: “সতেজ কৰি তুলা সঙ্গীত।” ভাষণ আৰু আলোচনাৰূপে প্ৰস্তুত কৰক। ২০০২ চনৰ বাৰ্ষিক পুস্তক, ১৭৫ পৃষ্ঠা আৰু ফেব্ৰুৱাৰী ১, ১৯৯৭ চনৰ প্ৰহৰীবুৰুজ ২৭ পৃষ্ঠা, ১-২ অনুচ্ছেদত দিয়া কিছুমান মন্তব্য সন্মিলিত কৰক।
১৮ মি: অনিয়মিতভাৱে সাক্ষী দিবলৈ সাজু থাকক। জুন ২০০৩ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা, ৩ পৃষ্ঠাৰ ওপৰত আধাৰিত কৰি ভাষণ আৰু আলোচনাৰূপে প্ৰস্তুত কৰক। অনিয়মিতৰূপে সাক্ষী দি পোৱা কিছুমান অভিজ্ঞতা কʼবলৈ আগতীয়াকৈ ব্যৱস্থা কৰক। চমু উপস্থাপনেৰে প্ৰদৰ্শন কৰি দেখুৱাউক যে অনিয়মিতৰূপে সাক্ষী দিবলৈ কেনেকৈ বাইবেলখনৰ বিষয়ে আপুনি অধিক জানিবলৈ বিচাৰেনে? নামৰ ট্ৰেক্ট আৰু সকলো জাতিৰ বাবে শুভবাৰ্ত্তা নামৰ সৰু পুস্তিকাখন ব্যৱহাৰ কৰিব পাৰি।
গীত ২১১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
মে’ ৩১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ২৬
৮ মি: স্থানীয় ঘোষণাসমূহ। সকলো প্ৰকাশকক মে’ মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপোৰ্ট দিবলৈ সোঁৱৰাই দিয়ক।
১৭ মি: জীৱনটো হৈছে এটা উপহাৰ, ইয়াক বহুমূলীয়া বুলি জ্ঞান কৰা আৱশ্যক। ৰীজনিং কিতাপৰ ২৫-৬ পৃষ্ঠাৰ ওপৰত আধাৰিত কৰি শ্ৰোতাসকলৰ সৈতে আলোচনা। মে’ ২২, ১৯৯৩ চনৰ সচেতন! আলোচনীৰ ১০-১১ পৃষ্ঠাত দিয়া মন্তব্যসমূহ সন্মিলিত কৰক। নিজ শৰীৰ প্ৰভাৱিত হোৱাৰ ক্ষেত্ৰত গৰ্ভপাত কৰাটো হৈছে মহিলাৰ অধিকাৰ বুলি কোৱা ব্যক্তিসকলক সেই সম্পৰ্কে থকা যিহোৱাৰ দৃষ্টিভঙ্গীক কেনেকৈ বৰ্ণনা কৰিব? জানুৱাৰী ১, ২০০০ চনৰ প্ৰহৰীবুৰুজ, ৪ পৃষ্ঠাৰ, ৪-৫ অনুচ্ছেদত দিয়া উদাহৰণটো বৰ্ণনা কৰক।
২০ মি: “মহান শিক্ষকজনৰ পৰা শিক্ষা লাভ কৰা কিতাপখনৰ বিতৰণ।” জুন মাহত আমি এই প্ৰকাশনখন বিতৰণ কৰিম। কিতাপখনৰ ৭ পৃষ্ঠাৰ, ১-৩ অনুচ্ছেদত দিয়া বৈশিষ্ট্যবোৰ বৰ্ণনা কৰক। এই কিতাপখন পঢ়ি শ্ৰোতাসকলে কি ভাল পালে, সেই বিষয়ে মন্তব্য দিবলৈ সকলোকে আগ্ৰহ কৰক। তাত দিয়া পৰামৰ্শবোৰ উল্লেখ কৰক। এই কিতাপখন বিতৰণ কৰাৰ সময়ত তাত দিয়া ছবিবোৰ কেনেকৈ ব্যৱহাৰ কৰিব সেই বিষয়ে কওক। এজন কিশোৰ বা কিশোৰীয়ে কেনেকৈ বয়সস্থ লোকক এই কিতাপখন দিব সেই সম্পৰ্কে তাৰে আন দুটাৰ এটা উপস্থাপন প্ৰস্তুত কৰক। যদি পৃথক উপস্থাপন স্থানীয় এলেকাত ব্যৱহাৰিক হয়, তেন্তে পিছৰ উপস্থাপনটো সলনি কৰিব পাৰে।
গীত ২৪ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
জুন ৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৩৬
১০ মি: স্থানীয় ঘোষণাসমূহ। “ৰাইজক সহায় কৰাৰ এক মাধ্যম” নামৰ প্ৰবন্ধটোত উল্লেখ কৰা মুখ্য বিষয়সমূহ আলোচনা কৰক। স্থানীয় এলেকাত লগ পোৱা লোকসকলে কোৱা কিছুমান আন ভাষাৰ বিষয়ে উল্লেখ কৰক।
১৫ মি: স্থানীয় আৱশ্যকতাসমূহ।
২০ মি: আপোনাৰ শিক্ষাদানত কাৰ্য্যকাৰী দৃষ্টান্তবোৰ ব্যৱহাৰ কৰক। ছেপ্টেম্বৰ ১, ২০০২ চনৰ প্ৰহৰীবুৰুজ আলোচনীৰ ২২-৪ পৃষ্ঠাৰ ওপৰত আধাৰিত কৰি ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। দৃষ্টান্তসমূহক কাৰ্য্যকাৰী কৰি তুলাৰ চাৰিটা কাৰণ কি? সৰল দৃষ্টান্তবোৰ ব্যৱহাৰ কৰিলে কিয় লাভজনক হʼব? আকৰ্ষণীয় দৃষ্টান্তবোৰ আমি কʼত বিচাৰি পাব পাৰোঁ? আলোচনীখনৰ ২৩ পৃষ্ঠাত দিয়া কিছুমান উদাহৰণক নিৰীক্ষণ কৰক আৰু প্ৰত্যকটো দৃষ্টান্ত কেনেকৈ ব্যৱহাৰিকৰূপে ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰক।
গীত ১৩৩ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
[Footnotes]
a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।