আপুনি ধন্যবাদসূচক মনোবৃত্তি প্ৰকাশ কৰক
১ আমি যদিও “শেষ-কালত ভয়ঙ্কৰ” সময়ত জীয়াই আছোঁ তথাপিও যিহোৱাক ধন্যবাদ দিয়াৰ বাবে আমাৰ ওচৰত বহুতো কাৰণ আছে। (২ তীম. ৩:১) সকলোতকৈ বহুমূলীয়া উপহাৰটো হৈছে ঈশ্বৰে আমাৰ বাবে তেওঁৰ একমাত্ৰ পুত্ৰক দান কৰিলে। (যোহ. ৩:১৬) ইয়াৰ উপৰিও আজি মিছা ধৰ্ম্মবোৰে আধ্যাত্মিক অনাহাৰত কটোৱাৰ বিপৰীতে আমি প্ৰচুৰ মাত্ৰাৎ আধ্যাত্মিক আহাৰ লাভ কৰিছোঁ। (যিচ. ৬৫:১৩) তদুপৰি আমি বিশ্বজুৰি ভাতৃত্ব সমাজৰ ভাগ আৰু সত্য উপাসনাক বৃদ্ধি কৰাত বিশেষাধিকাৰ পাইছোঁ। (যিচ. ২:৩, ৪; ৬০:৪-১০, ২২) যিহোৱাই আমাক প্ৰদান কৰা আশীৰ্ব্বাদসমূহৰ বাবে আমি তেওঁক কেনেকৈ ধন্যবাদ কৰিব পাৰোঁ?—কল. ৩:১৫, ১৭.
২ সম্পূৰ্ণ হৃদয়েৰে সেৱা কৰি আনন্দিত হোৱা: ভৌতিক বস্তু প্ৰদান কৰাৰ সম্পৰ্কে পাঁচনি পৌলে এইদৰে লিখিছিল: “হৰ্ষিত মনেৰে দিয়া জনক ঈশ্বৰে প্ৰেম কৰে।” (২ কৰি. ৯:৭) এই সিদ্ধান্তটো আমি ঈশ্বৰক কৰা উপাসনাৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়। সত্যৰ প্ৰতি থকা আমাৰ উৎসাহ, খ্ৰীষ্টান সভাবোৰত আনন্দিত হোৱা, প্ৰচাৰ কাৰ্য্যৰ প্ৰতি থকা উদ্দীপনা আৰু ঈশ্বৰৰ ইচ্ছাক আগ্ৰহেৰে পালন কৰাৰ দ্বাৰা আমি যিহোৱাৰ প্ৰতি আমাৰ কৃতজ্ঞতা প্ৰকাশ কৰোঁ।—গীত ১০৭:২১, ২২; ১১৯:১৪; ১২২:১; ৰোমী. ১২:৮, ১১.
৩ প্ৰাচীন সময়ত ইস্ৰায়েলসকলক দিয়া ব্যৱস্থাত বিশেষ কোনো উৎসৰ্গ কৰাৰ সময়ত নিৰ্দিষ্ট পৰিমাণ বান্ধি দিয়া নাছিল। প্ৰতিজন সেৱকে “যিহোৱাই . . . দিয়া আশীৰ্ব্বাদ অনুসাৰে” নিজ সামৰ্থ্যৰ সামঞ্জস্যত দান কৰি কৃতজ্ঞতা প্ৰকাশ কৰিছিল। (দ্বিতী. ১৬:১৬, ১৭) একেইদৰে আজিৰ সময়ত আমাক কৃতজ্ঞতাপূৰ্ণ হৃদয়ে আমাৰ পৰিস্থিতিৰ অনুসাৰে যিমান সম্ভৱ ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ আৰু শিষ্য বনোৱা কাৰ্য্যত ভাগ লʼবলৈ প্ৰেৰিত কৰিব। গ্ৰীষ্মকালৰ মাহবোৰে আমি ঈশ্বৰক ধন্যবাদ কৰাৰ অনেক সুযোগ কঢ়িয়াই আনে। কিছুমানে স্কুল বা চাকৰিৰ পৰা পোৱা ছুটিৰ সুবিধা লৈ অধিক সময় প্ৰচাৰ কাৰ্য্যত অতিবাহিত কৰে, আনকি সহযোগী অগ্ৰগামী প্ৰচাৰ কাৰ্য্যতো ভাগ লয়। আপুনিও এই গ্ৰীষ্মকালত প্ৰচাৰ কাৰ্য্যক অধিক সময়ে ভাগ লʼব পাৰিবনে?
৪ ধন্যবাদত উপচি পৰা: প্ৰাৰ্থনাৰ দ্বাৰা আমি যিহোৱাক প্ৰধানকৈ ধন্যবাদ দিব পাৰোঁ। (১ থিচ. ৫:১৭, ১৮) ঈশ্বৰৰ বাক্যই আমাক “বিশ্বাসত থিৰ হৈ, ধন্যবাদত উপচি” পৰিবলৈ আগ্ৰহ কৰিছে। (কল. ২:৭) গতিকে আমি যিমানেই ব্যস্ত বা মানসিক হেঁচাত নাথাকোঁ কিয়, নিতৌ কৰা আমাৰ প্ৰাৰ্থনাত ঈশ্বৰক ধন্যবাদ জনোৱা উচিত। (ফিলি. ৪:৬) এতেকে আঁহক আমি প্ৰাৰ্থনা আৰু একেইদৰে আমাৰ পৰিচৰ্য্যা কাৰ্য্যৰ দ্বাৰাই ‘ঈশ্বৰৰ অনেক ধন্যবাদত ঈশ্বৰৰ উদ্দেশে উপচি’ পাৰোঁহঁক।—২ কৰি. ৯:১২.