সতেজ কৰি তুলা সঙ্গীত
১ গীত গোৱাটো হৈছে আমাৰ উপাসনাৰ এটা অপৰিহাৰ্য্য অংশ। প্ৰাচীন ইস্ৰায়েলসকলৰৰ সময়ত আচফ আৰু তেওঁৰ ভায়েকবিলাকে এইদৰে গীত গাইছিল: “যিহোৱাৰ ধন্যবাদ কৰা, . . . তেওঁৰ উদ্দেশে গীত গোৱা, তেওঁৰ উদ্দেশে বাদ্য বজোৱা; তেওঁৰ আচৰিত কাৰ্য্যবোৰ ধ্যান কৰা।” (১ বং. ১৬:৮, ৯) বৰ্তমান সময়ত আমি আমাৰ খ্ৰীষ্টান সভাবোৰত উচ্চস্বৰত যিহোৱাৰ উদ্দেশ্যে গীত গাওঁ। (ইফি. ৫:১৯) পৰমপ্ৰধান ব্যক্তিজনৰ নামত স্তুতি গীত গোৱাটো আমাৰ বাবে এক বিশেষাধিকাৰ নহয়নে বাৰু!—গীত ৬৯:৩০.
২ কিংডম মেলডিচ্, ৰাজ্য গীতৰ বাদ্যসঙ্গীত শুনাৰ দ্বাৰা আমাৰ মনটো আধ্যাত্মিক বিষয়বোৰেৰে পূৰ্ণ কৰিব পাৰি। এই বিষয়ে এগৰাকী ভনীয়ে এইদৰে কয়: “যেনেকৈ সংগীতবোৰ বজোৱা হয়, মই মোৰ মনটোত গীতবোৰৰ শব্দ শুনিবলৈ পাওঁ। এনে সঙ্গীত শুনি যিহোৱাক মোৰ বিচাৰধাৰাত ৰাখি মই কিমান যে আনন্দিত হওঁ!”—ফিলি. ৪:৮.
৩ সঙ্গীত শুনি আনন্দ কৰাৰ সময়: ঘৰত কিংডম মেলডিচ্ বজোৱাৰ দ্বাৰা পৰিয়ালত এক আনন্দময় আৰু আধ্যাত্মিক পৰিৱেশ গঢ়ি তুলা হয়। এই বিষয়ে এটা পৰিয়ালে এইদৰে লিখিছিল: “আমি আমাৰ ঘৰ আৰু গাড়ীত এই হৃদয়স্পৰ্ষী সঙ্গীত বাৰে বাৰে বজোৱা স্বত্ত্বেও শুনি কেতিয়াও আমনি অনুভৱ কৰা নাই। সদায়ে সভাৰ বাবে সাজু হোৱা বা সন্মিলনলৈ যোৱাৰ সময়ত গাড়ীত কিংডম মেলডিচ্ বজোৱাত আমাৰ বাবে এক শান্তিপূৰ্ণ মন প্ৰদান কৰে।” এগৰাকী ভনীয়ে এইদৰে কৈছিল: “মই যেতিয়া ঘৰুৱা কাম যেনে, কাপোৰ জাপি ৰাখা আৰু আন কাম কৰাৰ সময়ত সেইবোৰ শুনি অধিক সতেজতা অনুভৱ কৰোঁ। মই যেতিয়া নিৰুৎসাহিত হওঁ তেতিয়া সেই সঙ্গীতবোৰ বজাওঁ। এই সঙ্গীতবোৰে এক আনন্দজনক প্ৰভাৱ পেলাই! . . . প্ৰত্যেকটো গীতে সন্তুষ্টি কঢ়িয়াই আনে।” আপুনি এনে সতেজমূলক সঙ্গীতবোৰ শুনি লাভৱান হয়নে?
৪ আজিৰ জগতত প্ৰকাশ পোৱা বেছিভাগ সঙ্গীতে জগতৰ মনোবৃত্তি প্ৰতিফলিত কৰে। গতিকে লʼৰা-ছোৱালীক হিতকাৰক মনোভাৱ বিকশিত কৰাত সহায় কৰিবলৈ পিতৃ-মাতৃসকলে তেওঁলোকৰ লʼৰা-ছোৱালীক কিংডম মেলডিচ্ শুনিবলৈ উৎসাহিত কৰিব পাৰে। তদুপৰি বাইবেল অধ্যয়ন কৰা নতুন ব্যক্তি আৰু আগ্ৰহী লোকসকলে যিহোৱাক মহিমা আৰু সতেজ কৰি তুলা এই মধুৰ আধ্যাত্মিক সঙ্গীতবোৰ শুনি অৱশ্যেই আনন্দিত হʼব।—গীত ৪৭:১, ২, ৬, ৭.