ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 অক্টোবৰ পৃষ্ঠা ৩
  • যিহোৱাৰ লগত থকা আপোনাৰ সম্পৰ্কক মূল্যৱান বুলি গণ কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ লগত থকা আপোনাৰ সম্পৰ্কক মূল্যৱান বুলি গণ কৰক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • আপুনি ঈশ্বৰৰ কাষ কেনেকৈ চাপিব পাৰে
    জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়
  • কিশোৰ-কিশোৰীসকল—যিহোৱা আপোনাৰ প্ৰকৃত বন্ধু হয়নে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 অক্টোবৰ পৃষ্ঠা ৩
ছবি: এজন ব্যক্তিয়ে যিহোৱাৰ লগত দৃঢ় সম্পৰ্ক গঢ়ি তুলিছে। ১. তেওঁ প্ৰাৰ্থনা কৰিছে। এটা কাঁড় চিন ওপৰলৈ যোৱা দেখুৱা হৈছে। ২. তেওঁ বাইবেল পঢ়িছে। এটা কাঁড় চিন তললৈ অহা দেখুৱা হৈছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

যিহোৱাৰ লগত থকা আপোনাৰ সম্পৰ্কক মূল্যৱান বুলি গণ কৰক

যিহোৱাৰ সাক্ষীসকলে এটা বিশেষ আশীৰ্বাদ লাভ কৰিছে। গোটেই বিশ্বব্ৰহ্মাণ্ডৰ অধিকাৰী, যিহোৱাৰ লগত আমাৰ এক সম্পৰ্ক আছে। আমি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰি বাপ্তিষ্মা লৈ তেওঁৰ সেৱক হৈছোঁ, সেইবাবে যিহোৱাৰ লগত আমাৰ সম্পৰ্কক দৃঢ় কৰিব পাৰোঁ। যিহোৱাই নিজৰ পুত্ৰৰ যোগেদি আমাক নিজৰ কাষ চপাইছে। (যোহ ৬:৪৪) আমি যিহোৱাক প্ৰাৰ্থনা কৰিব পাৰোঁ, কিয়নো তেওঁ আমাৰ প্ৰাৰ্থনা শুনে।—গীত ৩৪:১৫.

যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্কক আমি কেনেকৈ ৰক্ষা কৰিব পাৰোঁ। আমি ইস্ৰায়েলীসকলে কৰা ভুল কৰিব নিবিচাৰোঁ। যিহোৱাৰ লগত চুক্তি কৰাৰ কিছুসময়ৰ পাছত, ইস্ৰায়েলীসকলে এটা সোণৰ দামুৰি সাজিলে আৰু তাক উপাসনা কৰিবলৈ ধৰিলে। (যাত্ৰা ৩২:৭, ৮; ১কৰি ১০:৭, ১১, ১৪) আমি নিজকে প্ৰশ্ন কৰিব পাৰোঁ: যেতিয়া মোৰ মনলৈ বেয়া কাম কৰিবলৈ ভাৱনা আহে, তেতিয়া মই কি কৰোঁ? মোৰ কাৰ্য্যবোৰে দেখুৱাইনে যে যিহোৱাৰ লগত থকা মোৰ সম্পৰ্কক মই মূল্যৱান বুলি গণ্য কৰোঁ? যিহোৱাৰ প্ৰতি থকা গভীৰ প্ৰেমে আমাক, তেওঁ ঘিণ কৰা কাম কৰাৰপৰা আঁতৰি থাকিবলৈ সহায় কৰে।—গীত ৯৭:১০.

যিহোৱাৰ লগত থকা আপোনাৰ সম্পৰ্কক ৰক্ষা কৰক (কল ৩:৫) ভিডিঅ’খন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • লোভ কৰাৰ অৰ্থ কি?

  • আমি কিয় লোভ আৰু মূৰ্ত্তি-পূজা কৰা উচিত নহয়?

  • ব্যভিচাৰ আৰু মূৰ্ত্তি-পূজাৰ মাজত কি সম্পৰ্ক আছে?

  • যিহোৱাৰ সংগঠনৰ দায়িত্বত থকা লোকসকলে নিজৰ সংগীসকলৰ প্ৰয়োজনীয়তাৰ প্ৰতি কিয় ধ্যান দিয়া উচিত?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক