খ্ৰীষ্টান হিচাপে জীৱন-যাপন
যিহোৱাই আপোনাক প্ৰকৃত প্ৰেম কৰে
যিহোৱাই আপোনাক মূল্যৱান বুলি গণ্য কৰে। (যিচ ৪৩:৪) তেওঁ আপোনাক নিজৰ ফালে আকৰ্ষিত কৰিলে আৰু নিজৰ সংগঠনৰ ভাগ হʼবলৈ সুযোগ দিলে। যেতিয়া আপুনি সমৰ্পণ কৰিলে আৰু বাপ্তিষ্মা লʼলে, তেতিয়াৰপৰা আপুনি যিহোৱাৰ হৈ পৰিল। সেইবাবে, তেওঁ সমস্যাৰ সময়ত আপোনাৰ যত্ন লʼব আৰু নিজৰ সংগঠনৰ যোগেদি আপোনাক প্ৰকৃত প্ৰেম কৰিব।—গীত ২৫:১০.
শেহতীয়াকৈ হোৱা প্ৰাকৃতিক দুৰ্যোগত সংগঠনে যিদৰে ভাই-ভনীসকলক সহায় কৰিলে, তাৰ বিষয়ে চিন্তা কৰিলে যিহোৱাই আমাক প্ৰকৃত প্ৰেম কৰে বুলি আমাৰ বিশ্বাস বাঢ়িব।
২০১৯ চনৰ প্ৰবন্ধক সমিতিৰ ৰিপৰ্ট নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
প্ৰবন্ধক সমিতিয়ে কোনো দুৰ্যোগৰ বাবে শাখা কাৰ্য্যালয়ক কেনেকৈ প্ৰস্তুত কৰে?
ইণ্ডোনেচিয়া আৰু নাইজেৰিয়াত দুৰ্যোগৰ সময়ত যিহোৱাৰ সংগঠনে কেনেকৈ নিৰ্দেশনা দিছিল আৰু সহায় আগবঢ়াইছিল?
কভিড-১৯ মহামাৰীৰ সময়ত সংগঠনে লোৱা পদক্ষেপবোৰৰ ভিতৰত আপোনাক কি ভাল লাগিল?