ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 ছেপ্টেম্বৰ পৃষ্ঠা ৫
  • কোনোবাই আমনি কৰিলে যিহোৱাৰ ওপৰত ভৰসা ৰাখক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • কোনোবাই আমনি কৰিলে যিহোৱাৰ ওপৰত ভৰসা ৰাখক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • স্কুলত কোনোবাই গুণ্ডাগিৰি কৰিলে মই কি কৰিব পাৰোঁ?
    কিশোৰ-কিশোৰীসকলে সোধা ১০ টা প্ৰশ্ন
  • মই যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি মোৰ নিৰ্ণয়ৰ পৰা জানিব পাৰিনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • পিতৃ-মাতৃসকল, আপোনাৰ লʼৰা-ছোৱালীয়ে যিহোৱাক কেনেকৈ আনন্দিত কৰিব পাৰে শিকাওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 ছেপ্টেম্বৰ পৃষ্ঠা ৫
এজনী যুৱতী ভনীয়ে মা-দেউতাকক নিজৰ ফোন দেখুৱাই আছে আৰু মনৰ কথা কৈ আছে। মা-দেউতাকে মন দি তাইৰ কথা শুনি আছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

কোনোবাই আমনি কৰিলে যিহোৱাৰ ওপৰত ভৰসা ৰাখক

লোকসকলে আমাক বহুতো উপায়েৰে আমনি কৰিব পাৰে। তেওঁলোকে আমাক দুখ দিব পাৰে বা যিহোৱাৰ উপাসনা কৰিবলৈ বাধা দিব পাৰে। এনে পৰিস্থিতিত আমি নিৰাশ হʼব পাৰোঁ। কিন্তু আমি বিৰোধীসকলক ভয় কৰিলে যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্ক দুৰ্বল হ’ব পাৰে। এনে লোকসকলৰ পৰা বাচি থাকিবলৈ আমি কি কৰিব পাৰোঁ?

যিহোৱাৰ বহুতো সেৱকক আমনি কৰাৰ সময়ত তেওঁলোকে যিহোৱাৰ ওপৰত ভৰসা ৰাখিলে। (গীত ১৮:১৭) তেওঁলোকৰ মাজৰ এজন আছিল ইষ্টেৰ। তাই সাহসেৰে দুষ্ট হামনৰ ষড়যন্ত্ৰ ৰজাৰ আগত লৈ আহিলে। (ইষ্টে ৭:১-৬) কিন্তু এইবোৰ কৰাৰ আগতে তাই লঘোন দিলে। এইদৰে কৰি তাই যিহোৱাৰ ওপৰত ভৰসা কৰে বুলি দেখুৱালে। (ইষ্টে ৪:১৪-১৬) যিহোৱাই তাইক আশীৰ্বাদ দিলে আৰু তেওঁক আৰু তেওঁৰ লোকসকলক ৰক্ষা কৰিলে।

যদি কোনোবাই আপোনাকো আমনি কৰে, তেনেহʼলে যিহোৱাৰ পৰা সহায় বিচাৰক। নিজৰ মা-দেউতা বা অনুভৱী লোকসকলৰ লগত কথা পাতক। আপুনি বিশ্বাস ৰাখিব পাৰে যে যিহোৱাই যিদৰে ইষ্টেৰক সহায় কৰিলে, ঠিক সেইদৰে আপোনাকো সহায় কৰিব। ইয়াৰ উপৰিও আপুনি কি কৰিব পাৰে?

মোৰ কিশোৰ জীৱন—কোনোবাই মোক আমনি কৰিলে মই কি কৰিব পাৰোঁ? নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • চাৰ্লি আৰু ফেৰিনৰ পৰা কিশোৰ-কিশোৰীসকলে কি শিকিব পাৰে?

  • চাৰ্লি আৰু ফেৰিনৰ কথাৰ পৰা মা-দেউতাই নিজৰ লʼৰা-ছোৱালীক সহায় কৰাৰ বিষয়ে কি শিকিব পাৰে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক