ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb24 জানুৱাৰী পৃষ্ঠা ১২-১৩
  • ফেব্ৰুৱাৰী ১৯-২৫

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ফেব্ৰুৱাৰী ১৯-২৫
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
mwb24 জানুৱাৰী পৃষ্ঠা ১২-১৩

ফেব্ৰুৱাৰী ১৯-২৫

গীতমালা ৮-১০

গীত ২ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. ‘মই যিহোৱাৰ ধন্যবাদ কৰিম’

(১০ মি.)

যিহোৱাই আমাৰ আনন্দৰ বাবে বহুতো বস্তু দিছে (গীত ৮:৩-৬; w২১.০৮ ৩ ¶৬)

সেইবাবে তেওঁৰ আচৰিত কামৰ বিষয়ে আনক জনাই আমি তেওঁৰ প্ৰশংসা কৰোঁ (গীত ৯:১; w২০.০৫ ২৩ ¶১০)

আমি উৎসাহেৰে গীত গোৱাৰ যোগেদিও তেওঁৰ প্ৰশংসা কৰোঁ (গীত ৯:২; w২২.০৪ ৭ ¶১৩)

ছবি: যিহোৱাৰ প্ৰসংশা কৰাৰ কিছুমান উপায়। ১. এজনী বৃদ্ধ ভনীয়ে নাৰ্চজনীক প্ৰচাৰ কৰি আছে। ২. ভাই-ভনীসকলে সভাত একেলগে মিলি গীত গাই আছে। ৩. এজন সৰু লʼৰাই সভাত উত্তৰ দিবলৈ হাত উঠাইছে। ৪. এজন ডেকা ভায়ে ৰাজ্যগৃহ চাফ-চিকুণ কৰিবলৈ সহায় কৰি আছে। ৫. এজনী যুৱতী ভনীয়ে নিজৰ ক্লাচৰ এজনী ছোৱালীক প্ৰচাৰ কৰি আছে।

নিজকে সোধক: ‘মই আৰু কি কি উপায়েৰে যিহোৱাৰ প্ৰশংসা কৰিব পাৰোঁ?’

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ৮:৩—“তোমাৰ হাতে কৰা আকাশ-মণ্ডল,” গীত ৰচকে কোৱা এই বাক্যৰ অৰ্থ কি আছিল? (it-১-E ৮৩২)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ১০:১-১৮ (শিক্ষা অধ্যায় ১১)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) ঘৰে-ঘৰে প্ৰচাৰ। গৃহস্থই কয় যে তেওঁ ঈশ্বৰৰ ওপৰত বিশ্বাস নকৰে। (লোকসকলক প্ৰেম কৰক পাঠ ৫ ভাগ ৪)

৫. পুনৰ লগ কৰক

(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। ইয়াৰ আগতে লগ কৰাৰ সময়ত সেই ব্যক্তিজনে কৈছিল যে তেওঁ ঈশ্বৰৰ ওপৰত বিশ্বাস নকৰে। কিন্তু তেওঁ এয়াও কৈছিল যে তেওঁ সেই প্ৰমাণবোৰ চালি-জাৰি চাবলৈ সাজু আছে, যিবোৰে প্ৰমাণ কৰে যে এজন সৃষ্টিকৰ্তা আছে। (শিক্ষা অধ্যায় ৭)

৬. ভাষণ

(৫ মি.) w২১.০৬ ৬-৭ ¶১৫-১৮—বিষয়: নিজৰ বাইবেল বিদ্যাৰ্থীক সহায় কৰক যাতে তেওঁ যিহোৱাৰ প্ৰশংসা কৰিব পাৰে। (শিক্ষা অধ্যায় ১০)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত ১০

৭. সুযোগ বিচাৰি প্ৰচাৰ কৰাৰ সময়ত স্বাভাৱিকভাৱে কথা পাতক

(১০ মি.) আলোচনা।

যিহোৱাৰ আৰু বেছিকৈ প্ৰশংসা কৰাৰ এটা উপায় হৈছে সেই লোকসকলক প্ৰচাৰ কৰা যিসকলক আমি প্ৰতি দিনৰ কাম কৰোঁতে লগ পাওঁ। (গীত ৩৫:২৮) আৰম্ভণিতে সুযোগ বিচাৰি প্ৰচাৰ কৰিবলৈ আমাক হয়তো ভয় লাগিব পাৰে। কিন্তু খৰ-খেদাকৈ প্ৰচাৰ কৰাৰ পৰিৱৰ্তে যদি আমি স্বাভাৱিকভাৱে কথা-বতৰা আৰম্ভ কৰিবলৈ আৰু ইয়াক বজাই ৰাখিবলৈ শিকোঁ, তেনেহ’লে আমি ভালদৰে প্ৰচাৰ কৰিব পাৰিম। ইয়াৰ উপৰিও এইদৰে প্ৰচাৰ কৰিবলৈ আমাক ভাল লাগিব।

“শান্তিৰ ‘শুভবাৰ্ত্তা প্ৰচাৰ’ কৰিবলৈ সাজু থাকক—নিজেই আগবাঢ়ি কথা পাতক” ভিডিঅʼখনৰ এটা দৃশ্য। হোটেলত আহাৰ খোৱাৰ সময়ত এজনী ভনীয়ে এগৰাকী তিৰোতাৰ লগত কথা-বতৰা আৰম্ভ কৰিছে।

শান্তিৰ “শুভবাৰ্ত্তা প্ৰচাৰ” কৰিবলৈ সাজু থাকক—নিজেই আগবাঢ়ি কথা পাতক ভিডিঅ’খন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

ভিডিঅ’খনত দেখুৱাৰ দৰে আপুনি কেনেকৈ সুযোগ বিচাৰি ভালদৰে প্ৰচাৰ কৰিব পাৰে?

কথা-বতৰা আৰম্ভ কৰাৰ কিছুমান উপায়:

  • প্ৰতিবাৰে যেতিয়া আপুনি বাহিৰলৈ যায়, তেতিয়া লোকসকলৰ লগত কথা পাতিবলৈ সুযোগ বিচাৰি থাকক। যিহোৱালৈ প্ৰাৰ্থনা কৰক যাতে তেওঁ এনে এজন ব্যক্তিক লগ কৰাই দিয়ে যিজনে সত্যৰ বিষয়ে জানিব বিচাৰে

  • বন্ধুৰ দৰে কথা পাতক আৰু ওচৰত থকা ব্যক্তিজন কি কথাৰ প্ৰতি আগ্ৰহী তাক জানিবলৈ চেষ্টা কৰক। তেতিয়াহে আপুনি জানিব পাৰিব যে বাইবেলৰ কোনটো কথা শুনি তেওঁক ভাল লাগিব

  • যদি সম্ভৱ হয়, তেনেহʼলে আপুনি তেওঁক আকৌ কেনেকৈ যোগাযোগ কৰিব পাৰে তাৰ বিষয়ে সোধক

  • যদি প্ৰচাৰ কৰাৰ আগতেই কথা-বতৰা শেষ হৈ যায়, তেনেহʼলে নিৰাশ নহʼব

  • যদি কাৰোবাৰ লগত আপোনাৰ ভাল কথা-বতৰা হয়, তেনেহʼলে পাছতো সেই ব্যক্তিজনৰ বিষয়ে চিন্তা কৰক। মাজে-সময়ে তেওঁক বাইবেলৰ পৰা এনে কিবা পদ বা jw.org-ৰ পৰা কিছুমান লেখ পঠিয়াওক, যি তেওঁক ভাল লাগিব

কৰি চাওক: যদি কোনোবাই আপোনাক সোধে যে ‘এই দেওবাৰে আপুনি কি কৰিলে?’ তেতিয়া তেওঁক সভাত শিকা কিছুমান কথা জনাওক। অথবা আপুনি কেনেকৈ লোকসকলক বাইবেলৰ পৰা ভাল কথাবোৰ জনাই, তাৰ বিষয়ে তেওঁক জনাওক।

৮. মণ্ডলীৰ প্ৰয়োজনীয়তা

(৫ মি.)

৯. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) এক অনন্ত জীৱন! পাঠ ৪৫ ভাগ ১-৩

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত ৪০ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক