ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb24 জানুৱাৰী পৃষ্ঠা ১৪-১৫
  • ফেব্ৰুৱাৰী ২৬-মাৰ্চ ৩

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ফেব্ৰুৱাৰী ২৬-মাৰ্চ ৩
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
mwb24 জানুৱাৰী পৃষ্ঠা ১৪-১৫

ফেব্ৰুৱাৰী ২৬–মাৰ্চ ৩

গীতমালা ১১-১৫

গীত ১৩৯ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. কল্পনা কৰক আপুনি এনে এখন পৃথিৱীত আছে, যʼত চাৰিওফালে শান্তি আছে

(১০ মি.)

যেতিয়া লোকসকলে নিয়মবোৰ পালন নকৰে, তেতিয়া খেলি-মেলি আৰু প্ৰতিবাদ হয় (গীত ১১:২, ৩; w০৬-HI ৫/১৫ ১৮ ¶৩)

যিহোৱাই পৃথিৱীৰ পৰা হিংসা একেবাৰে শেষ কৰিব বুলি আমি বিশ্বাস কৰিব পাৰোঁ (গীত ১১:৫; wp১৬.৩-HI ১৩)

যিহোৱাই উদ্ধাৰ কৰাৰ যি প্ৰতিজ্ঞা কৰিছে, তাৰ ওপৰত মনন কৰিলে আমি ধৈৰ্য্য ধৰিব পাৰিম আৰু নতুন পৃথিৱীৰ অপেক্ষা কৰিব পাৰিম (গীত ১৩:৫, ৬; w১৭.০৮-HI ৬-৭ ¶১৫)

এজনী ছোৱালীয়ে ৰাতি জংগলত এজোপা গছৰ তলত আৰামেৰে শুই আছে আৰু সেই গছৰ ডালত এটা বাঘ শুই আছে।

কৰি চাওক: যিহিষ্কেল ৩৪:২৫ পঢ়ক, কল্পনা কৰক এই পদত কোৱাৰ দৰে আপুনি এনে এখন ঠাইত আছে, যʼত চাৰিওফালে শান্তি আছে।—kr ২৩৬-HI ¶১৬.

২. আধ্যাত্মিক ৰত্ন বিচাৰক:

(১০ মি.)

  • গীত ১৪:১—এই পদত যি চিন্তাধাৰাৰ বিষয়ে কোৱা হৈছে, সেয়া খ্ৰীষ্টানসকলৰ ওপৰতো কেনেকৈ প্ৰভাৱ পেলাব পাৰে? (w১৩-HI ৯/১৫ ১৯-২০ ¶১২)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ১৩:১–১৪:৭ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(২ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। গৃহস্থক স্মৰণীয় দিনৰ বাবে নিমন্ত্ৰণ দিয়ক। (লোকসকলক প্ৰেম কৰক পাঠ ৫ ভাগ ৩)

৫. কথা-বতৰা আৰম্ভ কৰক

(১ মি.) ঘৰে-ঘৰে প্ৰচাৰ। গৃহস্থক স্মৰণীয় দিনৰ বাবে নিমন্ত্ৰণ দিয়ক। (লোকসকলক প্ৰেম কৰক পাঠ ৩ ভাগ ৪)

৬. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) ঘৰে-ঘৰে প্ৰচাৰ। আপুনি গৃহস্থক স্মৰণীয় দিনৰ বাবে নিমন্ত্ৰণ-পত্ৰ দিছে আৰু তেওঁ ইয়াৰ বিষয়ে বেছিকৈ জানিব বিচাৰিছে। (লোকসকলক প্ৰেম কৰক পাঠ ৭ ভাগ ৪)

৭. বাইবেল অধ্যয়ন কৰক

(৫ মি.) এক অনন্ত জীৱন! পাঠ ১৩ আৰু আমি কি শিকিলোঁ, আপুনি কেনেকৈ উত্তৰ দিব আৰু লক্ষ্য। নিজৰ বিদ্যাৰ্থীক “বেছিকৈ জানক” ভাগৰ পৰা কোনো এখন লেখ দেখুৱাই ঈশ্বৰে মিছা ধৰ্মৰ বিষয়ে কেনে অনুভৱ কৰে, সেয়া বুজিবলৈ সহায় কৰক। (শিক্ষা অধ্যায় ১২)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত ৮

৮. “যুদ্ধৰ অস্ত্ৰতকৈয়ো প্ৰজ্ঞা উত্তম”

(১০ মি.) আলোচনা।

“বিশ্বাসীসকলৰ দৰে হওক, দুষ্টৰ দৰে নহয়—হনোকৰ দৰে হওক, লেমকৰ দৰে নহয়” ভিডিঅʼত দেখুৱা দেউতাই বাইবেল পঢ়ি আছে আৰু তাৰ ওপৰত মনন কৰি আছে। তেওঁ কল্পনা কৰি আছে যে হনোক এখন গুহাত লুকাই আছে আৰু কিছুমান মানুহে হাতত অস্ত্ৰ লৈ তেওঁক বিচাৰি আছে।

আজি গোটেই পৃথিৱীত হিংসা বহুত বাঢ়ি গৈ আছে। যেতিয়া আমি হিংসা হৈ থকা দেখোঁ বা আমাৰ লগতে এইদৰে হয়, তেতিয়া আমি কিমান ভয় খাওঁ আৰু চিন্তিত হৈ পৰোঁ, তাৰ বিষয়ে যিহোৱাই জানে। আমাক সুৰক্ষাৰো প্ৰয়োজন আছে বুলি যিহোৱাই জানে। সেইবাবে, তেওঁ আমাক বহুতো উপায়েৰে সুৰক্ষা দিয়ে। তাৰে মাজৰ এটা উপায় হৈছে তেওঁ নিজৰ বাক্য বাইবেলৰ যোগেদি সুৰক্ষা দিয়ে।—গীত ১২:৫-৭.

বাইবেলত এনে বুদ্ধিৰ কথা কোৱা হৈছে যি ‘যুদ্ধৰ অস্ত্ৰতকৈয়ো উত্তম।’ (উপ ৯:১৮) ধ্যান দিয়ক বাইবেলৰ সিদ্ধান্তবোৰ পালন কৰিলে আমি কেনেকৈ হিংসাৰ ভুক্তভোগী হোৱাৰ পৰা বাচি থাকিব পাৰিম।

  • উপ ৪:৯, ১০—বিপদ হোৱাৰ সম্ভাৱনা থকা এলেকাবোৰত অকলে নাযাব। এনে পৰিস্থিতিৰ পৰাও আঁতৰি থাকক, যʼত আপোনাৰ বিপদ হʼব পাৰে

  • হিতো ২২:৩—যেতিয়া আপুনি ঘৰৰ পৰা বাহিৰলৈ যায়, তেতিয়া আপোনাৰ আশে-আপে কি হৈ আছে তাৰ প্ৰতি সতৰ্ক হৈ থাকক

  • হিতো ২৬:১৭—আনৰ কাজিয়াত নোসোমাব

  • হিতো ১৭:১৪—যদি কোনো এখন এলেকাত প্ৰতিবাদ হʼব বুলি আপোনাৰ অনুভৱ হয়, তেনেহʼলে লগে লগে সেই ঠাইৰ পৰা ওলাই যাওক। যদি আন্দোলন কৰিবলৈ লোকসকলে কোনো ঠাইত গোট খাইছে, তেনেহʼলে সেই ঠাইলৈ নাযাব

  • লূক ১২:১৫—আপোনাৰ বস্তুবোৰ বচাবলৈ নিজৰ জীৱন বিপদত নেপেলাব

বিশ্বাসীসকলৰ দৰে হওক, দুষ্টৰ দৰে নহয়—হনোকৰ দৰে হওক, লেমকৰ দৰে নহয় ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

যদিও সেই পৰিয়ালে এনে এখন ঠাইত থাকিছিল, যʼত হিংসা হৈছিল, তথাপিও দেউতাকে হনোকৰ উদাহৰণ মনন কৰি কি নিৰ্ণয় লʼলে?—ইব্ৰী ১১:৫

কিছুমান পৰিস্থিতিত এজন খ্ৰীষ্টানে হয়তো নিজকে বা নিজৰ ধন-সম্পত্তিক বচাবলৈ কিছুমান পদক্ষেপ লʼবলৈ নিৰ্ণয় লʼব পাৰে। কিন্তু এইদৰে কৰাৰ সময়ত তেওঁ যাতে কাৰো হত্যা নকৰে আৰু তেজৰ দোষী নহয় তাৰ প্ৰতি তেওঁ সম্পূৰ্ণৰূপে ধ্যান দিয়া উচিত।—গীত ৫১:১৪. জুলাই ২০১৭ চনৰ প্ৰহৰীদুৰ্গত (হিন্দী) দিয়া “পাঠকসকলৰ প্ৰশ্ন” লেখখন পঢ়ক।

৯. শনিবাৰ, ২ মাৰ্চৰ পৰা স্মৰণীয় দিনৰ অভিযান

(৫ মি.) এজন প্ৰাচীনৰ দ্বাৰা ভাষণ। এই অভিযান, বিশেষ ভাষণ আৰু স্মৰণীয় দিনৰ বাবে কি কি ব্যৱস্থা কৰা হৈছে, তাৰ বিষয়েও জনাওক। প্ৰচাৰকসকলক মনত পেলাই দিয়ক যে যদি তেওঁলোকে বিচাৰে, তেনেহʼলে মাৰ্চ আৰু এপ্ৰিল মাহত ১৫ ঘন্টাৰ সহকাৰী অগ্ৰগামী সেৱা কৰিব পাৰে।

১০. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) এক অনন্ত জীৱন! পাঠ ৪৫ ভাগ ৪ আৰু আমি কি শিকিলোঁ, আপুনি কেনেকৈ উত্তৰ দিব আৰু লক্ষ্য

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত ৩৭ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক