ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb24 মাৰ্চ পৃষ্ঠা ১০-১১
  • এপ্ৰিল ৮-১৪

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এপ্ৰিল ৮-১৪
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
mwb24 মাৰ্চ পৃষ্ঠা ১০-১১

এপ্ৰিল ৮-১৪

গীতমালা ২৬-২৮

গীত ৩৪ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

ৰজা দায়ূদে গভীৰভাৱে প্ৰাৰ্থনা কৰি আছে।

১. নিৰ্দোষী হৈ থাকিবলৈ দায়ূদে কি কৰিলে?

(১০ মি.)

দায়ূদে তেওঁৰ চিন্তাধাৰাক শুদ্ধ কৰিবলৈ যিহোৱাক কʼলে (গীত ২৬:১, ২; w০৪ ১২/১ ২৩ ¶৮-৯)

দায়ূদে বেয়া লোকসকলৰ লগত সংগতি কৰা নাছিল (গীত ২৬:৪, ৫; w০৪ ১২/১ ২৪ ¶১২-১৩)

যিহোৱাৰ উপাসনা কৰি দায়ূদে বহুত ভাল পাইছিল (গীত ২৬:৮; w০৪ ১২/১ ২৫ ¶১৭-১৮)


যদিও দায়ূদে বহুতো ভুল কৰিছিল, তথাপিও তেওঁ ‘একান্ত মনে সৰল ভাৱে চলিছিল।’ (১ৰাজা ৯:৪) দায়ূদে সম্পূৰ্ণ মনেৰে যিহোৱাক প্ৰেম কৰিছিল আৰু তেওঁৰ সেৱা কৰিছিল। এইদৰে তেওঁ যিহোৱাৰ বিশ্বাসী হৈ থাকিল।

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ২৭:১০—যেতিয়া আমাৰ পৰিয়ালৰ লোক বা বন্ধুৱে আমাক এৰি দিয়ে, তেতিয়া এই পদে কেনেকৈ আমাক শান্ত্বনা দিব পাৰে? (w০৬-HI ৮/১ ২০ ¶১৫)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ২৭:১-১৪ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(২ মি.) ঘৰে-ঘৰে প্ৰচাৰ। শিক্ষাদানৰ সঁজুলিৰ বাকচৰ পৰা এখন ট্ৰেক্ট ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৩)

৫. পুনৰ লগ কৰক

(৪ মি.) ঘৰে-ঘৰে প্ৰচাৰ। আপুনি আগতে যি ট্ৰেক্ট দিছিল, তাৰ পিছফালে দিয়া প্ৰশ্নৰ ওপৰত আলোচনা কৰক। jw.org ৱেবছাইট খোলক আৰু ইয়াত কেনেধৰণৰ তথ্য পোৱা যায়, সেয়া ব্যক্তিজনক দেখুৱাওক। (লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ৩)

৬. ভাষণ

(৫ মি.) লোকসকলক প্ৰেম কৰক আন কিছুমান পৰামৰ্শ ক ভাগ ৩ —বিষয়: এসময়ত কোনো ধৰণৰ প্ৰদূষণ নহʼব আৰু পৃথিৱীৰ পৰিৱেশ সুন্দৰ হৈ যাব। (শিক্ষা অধ্যায় ১৩)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত ১২৮

৭. নৈতিক আচৰণ বজাই ৰখা কিশোৰ-কিশোৰীসকল

(১৫ মি.) আলোচনা।

এজন ডেকাই এটা পদ পঢ়াৰ পাছত মনন কৰি আছে। তেওঁৰ ওচৰত এখন টেবলেত ৰখা আছে, যʼত “মোৰ কিশোৰ জীৱন—যৌনসম্পৰ্ক ৰাখিবলৈ অহা হেঁচাক মই কেনেকৈ যোঁজিব পাৰোঁ?” ভিডিঅʼখনৰ এটা দৃশ্য দেখিবলৈ পোৱা গৈছে। সেই দৃশ্যত যোচেফে পোটীফৰৰ পত্নীৰ ওচৰৰ পৰা পলাইছে।

মণ্ডলীৰ কিশোৰ-কিশোৰীসকলৰ বাবে নৈতিক আচৰণ বজাই ৰখাটো ইমান সহজ নহয়। অসিদ্ধ হোৱাৰ বাবে তেওঁলোকে নিজৰ লগতে যুঁজিবলগীয়া হয়। ডেকা বয়সত তেওঁলোকৰ যৌন ইচ্ছাও প্ৰবল হয়। (ৰোম ৭:২১; ১কৰি ৭:৩৬) ইয়াৰ উপৰিও, তেওঁলোকক একেই লিংগ বা বিপৰীত লিংগৰ লোকৰ লগত যৌন সম্পৰ্ক ৰাখিবলৈ বাৰে বাৰে হেঁচা দিয়া হয়। (ইফি ২:২) তথাপিও তেওঁলোকে যিহোৱাৰ বিশ্বাসী হৈ থাকে। ইয়াৰ বাবে আমি তেওঁলোকৰ ওপৰত গৰ্ব অনুভৱ কৰোঁ।

মোৰ কিশোৰ জীৱন—যৌনসম্পৰ্ক ৰাখিবলৈ অহা হেঁচাক মই কেনেকৈ যোঁজিব পাৰোঁ? ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:

  • কʼৰি আৰু কেমৰিনক কি কৰাৰ হেঁচা আহিছিল?

  • নৈতিক আচৰণ বজাই ৰাখিবলৈ তেওঁলোকে কি কৰিলে?

  • বাইবেলৰ কোনটো সিদ্ধান্তই এনেধৰণৰ সমস্যাৰ সন্মুখীন হʼবলৈ আপোনাক সহায় কৰিব?

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) এক অনন্ত জীৱন! পাঠ ৪৯ ভাগ ১-৫

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত ১৩২ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক