ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb24 মাৰ্চ পৃষ্ঠা ৯-১৬
  • এপ্ৰিল ১-৭

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এপ্ৰিল ১-৭
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
mwb24 মাৰ্চ পৃষ্ঠা ৯-১৬

এপ্ৰিল ১-৭

গীতমালা ২৩-২৫

গীত ৪ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. ‘যিহোৱা মোৰ ৰখীয়া’

(১০ মি.)

যিহোৱাই নিজৰ মেৰবোৰক পথ দেখুৱাই (গীত ২৩:১-৩; w০৫ ১১/১ ২৩-২৪ ¶৯, ১০)

যিহোৱাই নিজৰ মেৰবোৰক ৰক্ষা কৰে (গীত ২৩:৪; w০৫ ১১/১ ২৫ ¶১৩-১৫)

যিহোৱাই নিজৰ মেৰবোৰৰ বাবে আহাৰৰ ব্যৱস্থা কৰে (গীত ২৩:৫; w০৫ ১১/১ ২৬ ¶১৭-১৮)

এজন ৰখীয়াই এটা মেৰক কোলাত লৈছে আৰু মৰমেৰে তাৰ ওপৰত হাত বুলাই আছে।

এজন ৰখীয়াৰ দৰে যিহোৱাই প্ৰেমেৰে আমাৰ চোৱা-চিতা কৰে।

নিজকে সোধক: ‘যিহোৱাই কি কি উপায়েৰে মোৰ চোৱা-চিতা কৰিলে?’

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ২৩:৩—‘ধৰ্ম্ম-পথ’ কি হয় আৰু এই পথত চলি থাকিবলৈ আমি কি কৰা উচিত? (w১১-HI ২/১৫ ২৪ ¶১-৩)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ২৩:১–২৪:১০ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে চিন্তিত হোৱা এজন ব্যক্তিক বাইবেলৰ পৰা কোনো এটা পদ দেখুৱাই শান্ত্বনা দিয়ক। (লোকসকলক প্ৰেম কৰক পাঠ ২ ভাগ ৫)

৫. পুনৰ লগ কৰক

(৪ মি.) ঘৰে-ঘৰে প্ৰচাৰ। যিজন ব্যক্তিয়ে দুখ-কষ্ট নথকা অনন্ত জীৱন নামৰ ব্ৰচাৰখন লৈছিল, তেওঁক জনাওক যে ইয়াৰ পৰা কেনেকৈ বাইবেল অধ্যয়ন কৰা হয়। (লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ৩)

৬. বাইবেল অধ্যয়ন কৰক

(৫ মি.) এক অনন্ত জীৱন! পাঠ ১৪ ভাগ ৪ (লোকসকলক প্ৰেম কৰক পাঠ ১১ ভাগ ৩)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত ৫৪

৭. “অচিনাকীৰ মাত” নুশুনিব

(১৫ মি.) আলোচনা।

এজন ৰখীয়া আৰু এজন অচিনাকী লোকে মেৰবিলাকক মাতি আছে। কিন্তু মেৰবিলাকে মেৰৰখীয়াৰ মাত শুনি তেওঁৰ ফালে গৈ আছে।

ভেড়াবোৰে নিজৰ ৰখীয়াৰ মাত চিনি পাই আৰু তেওঁৰ পিছে পিছে যায়। কিন্তু অচিনাকী লোকৰ মাত শুনি তেওঁৰ ওচৰৰ পৰা পলাই যায়। (যোহ ১০:৫) ঠিক সেইদৰে, আমি আমাৰ ৰখীয়া যিহোৱা আৰু যীচুৰ মাত শুনোঁ। তেওঁলোক ভৰসাৰ যোগ্য আৰু তেওঁলোকে আমাক প্ৰেম কৰে। (গীত ২৩:১; যোহ ১০:১১) আমি অচিনাকী লোকৰ মাত নুশুনোঁ, যিসকলে “কল্পিত” কথা কৈ আমাৰ বিশ্বাস দুৰ্বল কৰিবলৈ চেষ্টা কৰে।—২পিত ২:২, ৩.

আদিপুস্তক ৩ অধ্যায়ত কোৱা হৈছে যে পৃথিৱীত কেতিয়া প্ৰথমবাৰ এজন অচিনাকী লোকৰ মাত শুনা গৈছিল। এই অচিনাকি ব্যক্তি আন কোনো নহয় চয়তান আছিল। সি নিজৰ পৰিচয় লুকুৱাই ৰাখিবলৈ এটা সাপৰ জৰিয়তে হৱাৰ লগত কথা পাতিলে। চয়তানে হৱাৰ লগত এজন বন্ধুৰ দৰে কথা পাতিলে। তেওঁ যিহোৱাৰ উদ্দেশ্যৰ ওপৰত প্ৰশ্ন তুলি কথাবোৰ প্ৰস্তুত কৰিলে। দুখৰ বিষয় যে হৱাই তেওঁৰ কথাৰ ওপৰত বিশ্বাস কৰিলে। পৰিণামস্বৰূপে, হৱাই নিজৰ আৰু নিজৰ পৰিয়ালৰ ওপৰত সমস্যা লৈ আহিল।

আজি চয়তানে যিহোৱা আৰু তেওঁৰ সংগঠনৰ বিষয়ে মিছা কথা আৰু ভুল তথ্যবোৰ বিয়পাই আছে যাতে যিহোৱা আৰু সংগঠনৰ ওপৰত থকা আমাৰ ভৰসা নাইকিয়া হৈ যায়। কিন্তু অচিনাকী লোকৰ মাত শুনাৰ লগে লগে আমি পলাই যোৱা উচিত। তেওঁলোকে কি কৈ আছে সেয়া শুনাও উচিত নহয়। কিয় বাৰু? চিন্তা কৰক, হৱাক ফুচলাবলৈ চয়তানে কিমান দেৰি কথা পাতিলে? (আদি ৩:১, ৪, ৫) কিন্তু যেতিয়া এজন ব্যক্তিয়ে যিহোৱাৰ সংগঠনৰ বিষয়ে কিবা ভুল কথা কʼব বিচাৰে, যাক আমি ভালদৰে চিনি পাওঁ, প্ৰেম কৰোঁ আৰু যাৰ উদ্দেশ্যও বেয়া নহয়, তেতিয়া আমি কি কৰিম?

“অচিনাকীৰ মাত” নুশুনিব ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:

যেতিয়া গ্ৰেচৰ মাকে তাইক যিহোৱাৰ সংগঠনৰ বিষয়ে ভুল কথাবোৰ কʼবলৈ ধৰিলে, তেতিয়া তাই কি কৰিলে? ইয়াৰ পৰা আপুনি কি শিকিলে?

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) এক অনন্ত জীৱন! পাঠ ৪৮ ভাগ ৫ আৰু আমি কি শিকিলোঁ, আপুনি কেনেকৈ উত্তৰ দিব আৰু লক্ষ্য

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত ১১৭ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক