ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb24 মে’ পৃষ্ঠা ৬-৭
  • মে’ ২৭–জুন ২

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মে’ ২৭–জুন ২
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
mwb24 মে’ পৃষ্ঠা ৬-৭

মে’ ২৭–জুন ২

গীতমালা ৪২-৪৪

গীত ৮৬ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. যিহোৱাৰ পৰা পোৱা শিক্ষাৰ সম্পূৰ্ণকৈ লাভ উঠাওক

(১০ মি.)

আনৰ লগত মিলি যিহোৱাৰ উপাসনা কৰক। যদি সম্ভৱ হয়, তেনেহʼলে সভালৈ যাওক (গীত ৪২:৪, ৫; w০৬-HI ৬/১ ৯ ¶৪)

ঈশ্বৰৰ বাক্য অধ্যয়ন কৰাৰ আগতে প্ৰাৰ্থনা কৰক (গীত ৪২:৮; w১২-HI ১/১৫ ১৫ ¶২)

জীৱনৰ প্ৰতিটো দিশতে বাইবেলৰ সিদ্ধান্ত পালন কৰক (গীত ৪৩:৩)

অধিৱেশনত ভনীসকলে মন দি শুনি আছে আৰু নোট লৈ আছে।

ঈশ্বৰে দিয়া শিক্ষাৰ সহায়ত আমি সমস্যাবোৰ পাৰ কৰিব পাৰোঁ আৰু সমৰ্পণৰ অনুসৰি জীৱন-যাপন কৰিব পাৰোঁ। —১পিত ৫:১০; w১৬.০৯-HI ৫-৬ ¶১১-১২.

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ৪৩:৫—লেবীৰ এই কথাৰ পৰা আমি কি শিকিব পাৰোঁ? (w০৯-HI ১১/১৫ ৯ ¶১১-১২)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ৪৪:১-২৬ (শিক্ষা অধ্যায় ১১)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৪ মি.) ঘৰে-ঘৰে প্ৰচাৰ। গৃহস্থক সোধক যে তেওঁ বাইবেল অধ্যয়ন কৰিব বিচাৰেনে। (লোকসকলক প্ৰেম কৰক পাঠ ৫ ভাগ ৫)

৫. পুনৰ লগ কৰক

(৫ মি.) ঘৰে-ঘৰে প্ৰচাৰ। গৃহস্থক অহা সপ্তাহত হʼবলগীয়া জন ভাষণৰ বাবে মাতক। যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহত কি হয়? ভিডিঅʼখন দেখুৱাওক। (লোকসকলক প্ৰেম কৰক পাঠ ৭ ভাগ ৫)

৬. ভাষণ

(৩ মি.) লোকসকলক প্ৰেম কৰক আন কিছুমান পৰামৰ্শ ক ভাগ ৪—বিষয়: ভৱিষ্যতে সকলোৰে স্বাস্থ্য ভাল হʼব। (শিক্ষা অধ্যায় ২)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত ২১

৭. কৰ্চ আৰু কামৰ বিষয়ে সঠিক নিৰ্ণয় লওক

(১৫ মি.) আলোচনা।

ছবি: এজন ডেকা ভায়ে বাইবেল পঢ়ি মনন কৰি আছে যে স্কুলৰ পঢ়া শেষ কৰাৰ পাছত তেওঁ কি কৰিব। ১. তেওঁ নিজৰ স্কুলৰ কাউন্সেলাৰৰ লগত কথা পাতি আছে। ২. তেওঁ ‘ৰাজ্য প্ৰচাৰকসকলৰ স্কুলত’ উপস্থিত আছে। ৩. তেওঁ আন দেশত সেৱা কৰি আছে।

কিশোৰ-কিশোৰীসকল, স্কুলৰ পঢ়া শেষ কৰাৰ পাছত আপুনি কি কৰিম বুলি ভাবিছে? আপুনি কি চাকৰি কৰিব তাৰ বিষয়ে হয়তো আগতীয়াকৈ ভাবি থৈছে, যাতে আপুনি অগ্ৰগামী সেৱাও কৰিব পাৰে। অথবা এইদৰে কৰিবলৈ আপুনি কোনো এটা কৰ্চ কৰাৰ কথা ভাবিছে, যাৰ পৰা আপুনি কিবা দক্ষতা শিকিব পাৰে বা কিবা লাইচেঞ্চ বা ডিপ্লমা পাব পাৰে। অথবা আপুনি কিবা দক্ষতা শিকিলে আৰু আপুনি কি কাম কৰিম তাৰ বিষয়ে ভাবি আছে। আপোনাৰ জীৱনটো সলনি হʼবলৈ গৈছে। হয়তো আপুনি মনতে বহুত কিবা-কিবি ভাবি আছে। আপোনাৰ ওচৰত হয়তো বহুতো ৰাস্তা থাকিব পাৰে। আপুনি বেলেগ কিবা কৰিব বিচাৰে, কিন্তু আনে আপোনাৰ পৰা বেলেগ কিবা আশা কৰে। এনে পৰিস্থিতিত আপুনি কেনেকৈ সঠিক নিৰ্ণয় লʼব পাৰে?

মথি ৬:৩২, ৩৩ পঢ়ক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:

  • কোনো কাম বা কৰ্চ আৰম্ভ কৰাৰ আগতে ঈশ্বৰৰ সেৱাৰ লগত জড়িত লক্ষ্য ৰখাটো কিয় ভাল?

  • মাক-দেউতাকে নিজৰ লৰা-ছোৱালীক মথি ৬:৩২, ৩৩ পদত দিয়া সিদ্ধান্তটো পালন কৰিবলৈ কেনেকৈ সহায় কৰিব পাৰে?—গীত ৭৮:৪-৭

এই বিষয়বোৰত নিৰ্ণয় লোৱাৰ সময়ত চিন্তা কৰক যে বহুত টকা-পইচা গোটোৱা বা বিখ্যাত ব্যক্তি হোৱাৰ ইচ্ছা আপোনাৰ আছে নেকি? (১যোহ ২:১৫, ১৭) মনত ৰাখক যে বহুত ধন-সম্পত্তি থাকিলে এজন ব্যক্তিৰ বাবে ঈশ্বৰৰ ৰাজ্যক নিজৰ জীৱনত প্ৰথম স্থান দিবলৈ কঠিন হʼব পাৰে। (লূক ১৮:২৪-২৭) যদি এজন ব্যক্তিয়ে বহুত টকা-পইচা গোটাবলৈ চেষ্টা কৰি আছে, তেনেহʼলে তেওঁ হয়তো যিহোৱাৰ লগত থকা নিজৰ সম্পৰ্ক মজবুত কৰিব নোৱাৰিব।—মথি ৬:২৪; মাৰ্ক ৮:৩৬.

প্ৰকৃত সফলতা দিব নোৱাৰা বস্তুবোৰৰপৰা সাৱধান হওক!—ধন-সম্পত্তি ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

  • হিতোপদেশ ২৩:৪, ৫ পদটো মনত ৰাখি আপুনি কেনেকৈ সঠিক নিৰ্ণয় লʼব পাৰে?

উপায়

  • ঈশ্বৰৰ সেৱাৰ লগত জড়িত সৰু-ডাঙৰ লক্ষ্য ৰাখক

  • এনেধৰণৰ কৰ্চ বাছনি কৰক আৰু কাম শিকক, যাৰ পৰা আপুনি এই লক্ষ্য পাব পাৰে

  • এনেধৰণৰ কৰ্চ বাছনি কৰক, যাৰ পৰা আপুনি সহজতে চাকৰি পাব পাৰে আৰু আপুনি নিজৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব পাৰে

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) এক অনন্ত জীৱন! পাঠ ৫৪

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত ১২৩ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক