ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb24 জুলাই পৃষ্ঠা ৬-৭
  • জুলাই ২২-২৮

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জুলাই ২২-২৮
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
mwb24 জুলাই পৃষ্ঠা ৬-৭

জুলাই ২২-২৮

গীতমালা ৬৬-৬৮

গীত ৭ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. যিহোৱা প্ৰতিদিনে আমাৰ ভাৰ বহন কৰে

(১০ মি.)

যিহোৱাই আমাৰ প্ৰাৰ্থনা শুনে আৰু তাৰ উত্তৰ দিয়ে (গীত ৬৬:১৯; w২৩.০৫ ১২ ¶১৫)

যিহোৱাই বিশেষকৈ দুৰ্বল আৰু নিঃসহায় লোকসকলৰ ওপৰত ধ্যান দিয়ে (গীত ৬৮:৫; w১১-HI ৪/১ ৩১ ¶৬; w০৯-HI ১০/১ ২১ ¶১)

যিহোৱাই প্ৰতিদিনে আমাক সহায় কৰে (গীত ৬৮:১৯; w২৩.০১ ১৯ ¶১৭)

ছবি: এগৰাকী ভনীয়ে দিনত বহু বাৰ প্ৰাৰ্থনা কৰি আছে। ১. ৰাতিপুৱা শুই উঠাৰ লগে লগে। ২. লʼৰা-ছোৱালীক স্কুললৈ পঠোৱাৰ আগত। ৩. কামৰ ঠাইত।

ধ্যানৰ বাবে প্ৰশ্ন: আমি নিজৰ ভাৰ কেনেকৈ যিহোৱাৰ ওপৰত এৰি দিব পাৰোঁ?

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ৬৮:১১— এই পদত কোৱাৰ দৰে মহাবাহিনীত কোন লোকসকলেও জড়িত হৈ আছে? (w২৪.০১ ১৬ ¶৩)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ৬৬:১-২০ (শিক্ষা অধ্যায় ১১)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) ঘৰে-ঘৰে প্ৰচাৰ। গৃহস্থই আন দেশৰ বা সংস্কৃতিৰ হয় বা বেলেগ ভাষা কয়। (লোকসকলক প্ৰেম কৰক পাঠ ৫ ভাগ ৩)

৫. পুনৰ লগ কৰক

(৪ মি.) ঘৰে-ঘৰে প্ৰচাৰ। যোৱাবাৰ গৃহস্থক আপুনি যি ট্ৰেক্ট দিছিল তাৰ ওপৰতে কথা-বতৰা আগবঢ়াওক। (লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ৩)

৬. বাইবেল অধ্যয়ন কৰক

(৫ মি.) এক অনন্ত জীৱন! পাঠ ১৫ ভাগ ১-৩ (শিক্ষা অধ্যায় ৮)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত ১০২

৭. আপুনি কাৰোবাৰ ভাৰ কম কৰিব পাৰিবনে?

(১৫ মি.) আলোচনা।

আমি সমস্যাৰ সন্মুখীন হোৱাৰ সময়ত অকলে নহওঁ। (২বং ২০:১৫; গীত ১২৭:১) সহায়কৰ্তা যিহোৱা আমাৰ লগত আছে। (যিচ ৪১:১০) তেওঁ আমাক কেনেকৈ সহায় কৰে? নিজৰ বাক্য আৰু সংগঠনৰ যোগেদি। (যিচ ৪৮:১৭) যিহোৱাই আমাক নিজৰ পবিত্ৰ শক্তি দিয়ে। (লূক ১১:১৩) তেওঁ আমাক সহায় কৰিবলৈ আৰু আমাৰ সাহস বঢ়াবলৈ ভাই-ভনীসকলক উৎসাহিত কৰে। (২কৰি ৭:৬) ইয়াৰ অৰ্থ হৈছে, যিহোৱাই আন ভাই-ভনীসকলৰ ভাৰ কম কৰিবলৈ আমাক ব্যৱহাৰ কৰে।

“মণ্ডলীত নিঃস্বাৰ্থ প্ৰেম দেখুৱাওক— বৃদ্ধ লোকসকলক” ভিডিঅʼৰ দৃশ্য। ভনী পলিনা চেন্টিচ গোমচ হাঁহি মুখেৰে ঘৰৰ বাহিৰত থিয় হৈ আছে।

মণ্ডলীত নিঃস্বাৰ্থ প্ৰেম দেখুৱাওক— বৃদ্ধ লোকসকলক। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

  • এজন বৃদ্ধ ভাই বা ভনীৰ ভাৰ কম কৰিবলৈ আপুনি কি কৰিব পাৰে?

“মণ্ডলীত নিঃস্বাৰ্থ প্ৰেম দেখুৱাওক— পূৰ্ণ-সময়ৰ সেৱকসকলক” ভিডিঅʼৰ দৃশ্য। যোচেফ আৰু অনিতা ডিভিট দুয়োজন একেলগে প্ৰচাৰ কৰি আছে।

মণ্ডলীত নিঃস্বাৰ্থ প্ৰেম দেখুৱাওক— পূৰ্ণ-সময়ৰ সেৱকসকলক। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

  • এজন পূৰ্ণ-সময়ৰ সেৱকৰ ভাৰ কম কৰিবলৈ আপুনি কি কৰিব পাৰে?

“মণ্ডলীত নিঃস্বাৰ্থ প্ৰেম দেখুৱাওক— আন দেশৰপৰা অহা লোকসকলক” ভিডিঅʼৰ দৃশ্য। বিল আৰু মেগী জেং বাইবেল অধ্যয়নৰ সময়ত হাঁহি আছে।

মণ্ডলীত নিঃস্বাৰ্থ প্ৰেম দেখুৱাওক— আন দেশৰপৰা অহা লোকসকলক। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

  • যিসকলে সমস্যাৰ সন্মুখীন হৈ আছে, তেওঁলোকৰ ভাৰ কম কৰিবলৈ আপুনি কি কৰিব পাৰে?

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) এক অনন্ত জীৱন! পাঠ ৬০

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত ৩৮ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক