ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb24 ছেপ্টেম্বৰ পৃষ্ঠা ৫-১৬
  • ছেপ্টেম্বৰ ১৬-২২

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ছেপ্টেম্বৰ ১৬-২২
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
mwb24 ছেপ্টেম্বৰ পৃষ্ঠা ৫-১৬

ছেপ্টেম্বৰ ১৬-২২

গীতমালা ৮৫-৮৭

গীত নং ৪১ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

ৰজা দায়ূদে অন্তৰৰ পৰা প্ৰাৰ্থনা কৰি আছে।

১. প্ৰাৰ্থনা কৰিলে আমি ধৈৰ্য্য ধৰিবলৈ সহায় পাওঁ

(১০ মি.)

আনন্দিত থাকিবলৈ সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰক (গীত ৮৬:৪)

যিহোৱাৰ বিশ্বাসী হৈ থাকিবলৈ তেওঁৰ পৰা সহায় বিচাৰক (গীত ৮৬:১১, ১২; w১২-HI ৫/১৫ ২৫ ¶১০)

যিহোৱাই আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ নিশ্চয় দিব বুলি বিশ্বাস ৰাখক (গীত ৮৬:৬, ৭; w২৩.৫ ১৩ ¶১৭-১৮)


নিজকে সোধক, ‘সমস্যাৰ সময়ত মই বাৰে বাৰে যিহোৱালৈ প্ৰাৰ্থনা কৰোঁনে আৰু দেৰিলৈকে তেওঁৰ লগত কথা পাতোঁনে?’—গীত ৮৬:৩.

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ৮৬:১১—আমি কেনেকৈ সম্পূৰ্ণ হৃদয়েৰে যিহোৱাক সন্মান দেখুৱাব পাৰোঁ? (w২০.০৬ ১৩ ¶১৭-১৮)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ৮৬:১–৮৭:৭ (শিক্ষা অধ্যায় ১২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। ব্যক্তিজনক সোধক যে তেওঁ বাইবেল অধ্যয়ন কৰিব বিচাৰেনে। (লোকসকলক প্ৰেম কৰক পাঠ ৩ ভাগ ৫)

৫. পুনৰ লগ কৰক

(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। ব্যক্তিজনে কিছু সময়ৰ আগতে আপোনাক জনাইছিল যে অলপতে হোৱা কিবা ঘটনাক লৈ তেওঁ চিন্তিত হৈ আছে। ব্যক্তিজনক সোধক যে তেওঁ বাইবেল অধ্যয়ন কৰিব বিচাৰেনে। (লোকসকলক প্ৰেম কৰক পাঠ ৭ ভাগ ৪)

৬. বাইবেল অধ্যয়ন কৰক

(৫ মি.) এক অনন্ত জীৱন! পাঠ ১৫ ভাগ ৫. নিজৰ বিদ্যাৰ্থীৰ লগত কথা পাতক যে অহা সপ্তাহ যেতিয়া আপুনি নাথাকিব, তেতিয়া তেওঁৰ অধ্যয়ন কেনেকৈ হʼব। (লোকসকলক প্ৰেম কৰক পাঠ ১০ ভাগ ৪)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ৮৩

৭. হাৰ নামানিবা

(৫ মি.) আলোচনা।

ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:

  • কেতিয়াবা কেতিয়াবা আমাক কিয় প্ৰচাৰ কৰিবলৈ মন নাযায়?

  • তথাপি আমি কিয় হাৰ মনা উচিত নহয়?

৮. বাইবেল অধ্যয়ন কৰিবলৈ চেষ্টা কৰি থাকক!

(১০ মি.) আলোচনা।

এজনী ভনীয়ে টেক্সি ষ্টেণ্ডত এগৰাকী তিৰোতাক প্ৰচাৰ কৰি আছে।
এহাল দম্পতীয়ে কাৰ্ট লগাই প্ৰচাৰ কৰি আছে আৰু “বিনামূলীয়াকৈ বাইবেলৰ পৰা শিকক” পʼষ্টাৰ ব্যৱহাৰ কৰিছে। এগৰাকী তিৰোতাই কাৰ্টৰ ফালে চাই পাৰ হৈ আছে।
এহাল দম্পতীয়ে ঘৰে ঘৰে প্ৰচাৰ কৰি আছে আৰু গৃহস্থক “দুখ-কষ্ট নথকা এক অনন্ত জীৱন!” ব্ৰচাৰখন দি আছে।

এই মাহৰ বিশেষ অভিযানত এক অনন্ত জীৱন! কিতাপৰ পৰা আপুনি বাইবেল অধ্যয়ন আৰম্ভ কৰিব পাৰিলেনে? যদি পাৰিলে, তেনেহʼলে আপুনি হয়তো বহুত আনন্দিত হʼল। আপোনাৰ পৰিশ্ৰমৰ ফল দেখি ভাই-ভনীসকলে নিশ্চয় উৎসাহিত হʼল। কিন্তু আপুনি যদি বাইবেল অধ্যয়ন আৰম্ভ কৰিব নোৱাৰিলে, তেনেহʼলে আপুনি ভাবিব পাৰে যে আপোনাৰ পৰিশ্ৰম ব্যৰ্থ হʼল। নিৰাশাৰ এই ভাবনাৰ লগত যুঁজিবলৈ আপুনি কি কৰিব পাৰে?

‘আমি নিজক ঈশ্বৰৰ পৰিচাৰক বুলি ধৈৰ্য্যৰ দ্বাৰাই দেখুৱাইছোঁ’—প্ৰচাৰ কৰাৰ সময়ত ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:

  • যদি আমাৰ অনুভৱ হয় যে প্ৰচাৰত আমি যি পৰিশ্ৰম কৰিছোঁ, সেয়া “গাঁতলৈ” গৈছে, তেনেহʼলে ২ কৰিন্থীয়া ৬:৪, ৬ পদৰ পৰা আমি কেনেকৈ উৎসাহ লাভ কৰিব পাৰোঁ?

  • বহুত পৰিশ্ৰম কৰাৰ পাছতো যদি আপুনি বাইবেল অধ্যয়ন আৰম্ভ কৰিব নোৱাৰে, তেনেহʼলে আপুনি কি সাল-সলনি কৰিব পাৰে?

মনত ৰাখক যে আমি কিমান বাইবেল অধ্যয়ন আৰম্ভ কৰিব পাৰিলোঁ বা কৰোঁ, ইয়াৰ ওপৰত আমাৰ আনন্দ নিৰ্ভৰ নকৰে। কিন্তু আমাৰ পৰিশ্ৰমৰ পৰা যিহোৱা আনন্দিত হয়, এই কথাৰ পৰা আমি আনন্দিত হওঁ। (লূক ১০:১৭-২০) সেইবাবে, উৎসাহেৰে এই অভিযানত ভাগ লওক আৰু বিশ্বাস ৰাখক যে ‘প্ৰভুত আপোনালোকৰ পৰিশ্ৰম ব্যৰ্থ নহʼব।’—১কৰি ১৫:৫৮.

৯. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) w২১.০৯ ২০-২২ ¶১-৯

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ৩৯ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক