ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb24 ছেপ্টেম্বৰ পৃষ্ঠা ১০-১১
  • অক্টোবৰ ৭-১৩

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অক্টোবৰ ৭-১৩
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
mwb24 ছেপ্টেম্বৰ পৃষ্ঠা ১০-১১

অক্টোবৰ ৭-১৩

গীতমালা ৯২-৯৫

গীত নং ৮৪ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. জীৱন-যাপন কৰাৰ ভাল উপায় হৈছে যিহোৱাৰ সেৱা কৰা!

(১০ মি.)

আমাৰ উপাসনা পোৱাৰ অধিকাৰ কেৱল যিহোৱাৰ আছে (গীত ৯২:১, ৪; w১৮.০৪-HI ২৬ ¶৫)

যিহোৱাই নিজৰ লোকসকলক সঠিক নিৰ্ণয় লʼবলৈ আৰু আনন্দত থাকিবলৈ সহায় কৰে (গীত ৯২:৫; w১৮.১১-HI ২০ ¶৮)

যিহোৱাই নিজৰ সেৱকসকলক মূল্যৱান বুলি ভাবে, আনকি বৃদ্ধ হʼলেও (গীত ৯২:১২-১৫; w২০.০১ ১৯ ¶১৮)

ছবি: ১. এজনী ছোৱালীয়ে প্ৰাৰ্থনা কৰি আছে। ২. তাইৰ বাপ্তিষ্মা হৈ আছে।

নিজকে সোধক, ‘নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিবলৈ আৰু বাপ্তিষ্মা লʼবলৈ কি কথাই মোক বাধা দিছে?’

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ৯২:৫—এই পদত যিহোৱাৰ বুদ্ধিৰ বিষয়ে যিদৰে উল্লেখ কৰা হৈছে, সেয়া কিয় সঠিক হয়? (cl-HI ১৭৬ ¶১৮)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ৯৪:১-২৩ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। কথা পাতি থাকোঁতে ব্যক্তিজনক জনাবলৈ চেষ্টা কৰক যে আপুনি কেনেকৈ বাইবেলৰ পৰা ভাল কথাবোৰ আনক জনায়। (লোকসকলক প্ৰেম কৰক পাঠ ৫ ভাগ ৩)

৫. পুনৰ লগ কৰক

(৩ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। এজন ব্যক্তিয়ে আগতে বাইবেলৰ বাৰ্তা ভালদৰে শুনিছিল, কিন্তু বাইবেল অধ্যয়ন কৰিবলৈ মানা কৰিছিল। তেওঁক সোধক যে তেওঁ এতিয়া অধ্যয়ন কৰিব বিচাৰেনে। (লোকসকলক প্ৰেম কৰক পাঠ ৮ ভাগ ৪)

৬. বাইবেল অধ্যয়ন কৰক

(৫ মি.) উন্নতি নকৰা বাইবেল বিদ্যাৰ্থীৰ লগত আলোচনা। (লোকসকলক প্ৰেম কৰক পাঠ ১২ ভাগ ৫)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ৫

৭. যেতিয়া ভয় আৰু চিন্তাই ডেকাসকলক আগুৰি ধৰে

(১৫ মি.) আলোচনা।

এজনী ছোৱালীয়ে বহুত চিন্তিত হৈ আছে আৰু তললৈ চাই আছে।

যিহোৱাৰ সেৱকসকলে কেতিয়াবা কেতিয়াবা বহুত চিন্তিত হৈ পৰে। যেনে, দায়ূদকো চিন্তাই বহুবাৰ আগুৰি ধৰিছিল। (গীত ১৩:২; ১৩৯:২৩) বৰ্তমান সময়তো আমাৰ ভাই-ভনীসকলক, আনকি ডেকাসকলকো ভয় আৰু চিন্তাই আগুৰি ধৰে। বহুবাৰ ডেকাসকলে বেছিকৈ চিন্তা কৰাৰ বাবে দৈনন্দিন কামবোৰ কৰিব নোৱাৰে। যেনে, স্কুল বা সভালৈ যোৱা। ইয়াৰ বাবে তেওঁলোকৰ পেনিক এটেক হʼব পাৰে বা তেওঁলোকে আত্মহত্যা কৰিবলৈ চেষ্টা কৰিব পাৰে।

ডেকাসকল, যদি আপোনালোকে বহুত চিন্তিত হৈ পৰে, তেনেহʼলে নিজৰ মা-দেউতাৰ লগত কথা পাতক বা মণ্ডলীৰ কোনো অভিজ্ঞ ভাই বা ভনীৰ লগত কথা পাতক। কিন্তু যিহোৱালৈ প্ৰাৰ্থনা কৰিবলৈ নাপাহৰিব। (ফিলি ৪:৬) তেওঁ নিশ্চয় আপোনাৰ সহায় কৰিব। (গীত ৯৪:১৭-১৯; যিচ ৪১:১০) ষ্টিঙলৈ মন কৰক।

যিহোৱাই মোৰ যত্ন লʼলে ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:

• বাইবেলৰ কোনটো পদৰ পৰা ষ্টিঙে সহায় পালে আৰু কিয়?

• যিহোৱাই কেনেকৈ তেওঁৰ যত্ন লʼলে?

সেই ছোৱালীয়ে মা-দেউতাকক নিজৰ মনৰ সকলো কথা জনাই আছে আৰু তেওঁলোকে মন দি তাইৰ কথা শুনি আছে।

পিতৃ-মাতৃসকল, যদি আপোনালোকৰ লʼৰা-ছোৱালীয়ে চিন্তিত হৈ পৰে, তেনেহʼলে আপোনালোকে তেওঁলোকক সহায় কৰিব পাৰে। ধৈৰ্য্য ধৰি তেওঁলোকৰ কথা শুনক, তেওঁলোকক প্ৰেম কৰে বুলি জনাওক আৰু যিহোৱাও তেওঁলোকক প্ৰেম কৰে বুলি আশ্বাস দিয়ক। (তীত ২:৪; যাকো ১:১৯) সেই সময়ছোৱাত শান্ত্বনা পাবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰক আৰু সাহস বিচাৰক, যাতে নিজৰ লʼৰা-ছোৱালীক সহায় কৰিব পাৰে।

মণ্ডলীত কোনে বহুত বেছি চিন্তিত হৈ পৰিছে বা তেওঁলোকে কেনে পৰিস্থিতিৰ মাজেৰে পাৰ হৈছে, সেয়া হয়তো আমি বুজি নাপাবও পাৰোঁ। তথাপিও আমি তেওঁলোকক সহায় কৰিব পাৰোঁ। আমি মণ্ডলীৰ সকলো ভাই-ভনীসকলক অনুভৱ কৰাব পাৰোঁ যে আমি তেওঁলোকক প্ৰেম কৰোঁ আৰু আপোন বুলি ভাবোঁ।—হিতো ১২:২৫; ইব্ৰী ১০:২৪.

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) w২১.০৯ ২৭-২৮ ¶৯-১১

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ৮১ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক