ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb25 মাৰ্চ পৃষ্ঠা ৪-৫
  • মাৰ্চ ১৭-২৩

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মাৰ্চ ১৭-২৩
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
mwb25 মাৰ্চ পৃষ্ঠা ৪-৫

মাৰ্চ ১৭-২৩

হিতোপদেশ ৫

গীত নং ১২২ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. অনৈতিক শাৰীৰিক সম্পৰ্কৰ পৰা বহুত দূৰত থাকক

(১০ মি.)

অনৈতিক শাৰীৰিক সম্পৰ্ক ৰখাৰ বাবে আমাৰ মন প্ৰলোভিত হʼব পাৰে (হিতো ৫:৩; w০০-HI ৭/১৫ ২৯ ¶১)

অনৈতিক শাৰীৰিক সম্পৰ্ক ৰাখিলে বহুত বেয়া পৰিণাম হয় (হিতো ৫:৪, ৫; w০০-HI ৭/১৫ ২৯ ¶২)

অনৈতিক শাৰীৰিক সম্পৰ্কৰ পৰা বহুত দূৰত থাকক (হিতো ৫:৮; w০০-HI ৭/১৫ ২৯ ¶৫)

এজনী যুৱতী ভনীয়ে এজন লʼৰাক নিজৰ ফোন নম্বৰ নিদিও বুলি কৈ আছে

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • হিতো ৫:১৮, ১৯—যৌন সম্পৰ্কৰ বিষয়ে যিহোৱাৰ দৃষ্টিভংগী কি? (এক অনন্ত জীৱন! পাঠ ৪১ ভাগ ১)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) হিতো ৫:১-২৩ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) ৰাজহুৱাভাৱে প্ৰচাৰ। এজন ব্যক্তিক স্মৰণীয় দিনৰ নিমন্ত্ৰণ-পত্ৰ দিয়ক, যি খ্ৰীষ্টান নহয় আৰু jw.org-ত চাই জনাওক যে সেই ঠাইত স্মৰণীয় দিন কʼত পালন কৰা হʼব। (লোকসকলক প্ৰেম কৰক পাঠ ৬ ভাগ ৪)

৫. পুনৰ লগ কৰক

(৪ মি.) ঘৰে-ঘৰে প্ৰচাৰ। যোৱাবাৰ আপুনি গৃহস্থক স্মৰণীয় দিনৰ নিমন্ত্ৰণ-পত্ৰ দিছিল আৰু তেওঁ ইয়াৰ বিষয়ে বেছিকৈ জানিব বিচাৰিছিল। (লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ৫)

৬. বাইবেল অধ্যয়ন কৰক

(৫ মি.) এক অনন্ত জীৱন! পাঠ ১৬ আমি কি শিকিলোঁ, আপুনি কেনেকৈ উত্তৰ দিব আৰু লক্ষ্য। (লোকসকলক প্ৰেম কৰক পাঠ ১১ ভাগ ৪)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ১২১

৭. ডেটিং কৰাৰ সময়ত কেনেকৈ শুদ্ধ হৈ থাকিব পাৰোঁ?

(১৫ মি.) আলোচনা।

যেতিয়া এজন লʼৰা আৰু ছোৱালীয়ে এজনে-আনজনক পছন্দ কৰে আৰু এজনে-আনজনক জানিবলৈ একেলগে সময় কটাই, তাক ডেটিং বুলি কোৱা হয়। লোকসকলে ভাবে যে তেওঁলোকে আনৰ লগত মিলি বা অকলে, আনক জনায় বা নজনোৱাকৈ, লগ কৰি, ফোনত কথা-পাতি বা মেছেজ লিখি ডেটিং কৰিব পাৰে। আমি ফূৰ্তি কৰিবলৈ ডেটিং নকৰোঁ, তাৰ পৰিৱৰ্তে ইয়াক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি ভাবোঁ, যাৰ জৰিয়তে দুজন ব্যক্তিয়ে নিৰ্ণয় লʼব পাৰে যে তেওঁলোকে বিয়া পাতিব নে নাপাতে। তেওঁলোকৰ বয়স যিয়ে নহওক কিয়, ডেটিং কৰাৰ সময়ত তেওঁলোকে কি কি কথা মনত ৰাখিব পাৰে, যাতে তেওঁলোকে কোনো ভুল কাম নকৰে?—হিতো ২২:৩.

মধ্যবয়স্কৰ পুৰুষ আৰু তিৰোতা ডেটিং কৰি আছে। তেওঁলোকে এখন হোটেলত খানা খাই আছে আৰু আনন্দেৰে কথা পাতি আছে।

বিয়াৰ বাবে প্ৰস্তুতি—ভাগ ১: মই ডেটিং কৰিবলৈ সাজু আছোঁ নে?—এক আভাস ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:

  • যদি এজন ব্যক্তি বিয়াৰ বাবে সাজু নাই, তেনেহʼলে তেওঁ কিয় ডেটিং কৰা উচিত নহয়?(হিতো ১৩:১২; লূক ১৪:২৮-৩০)

  • মাক-দেউতাকে নিজৰ ছোৱালীজনীক যিদৰে সহায় কৰিলে, তাৰ কি কথা আপোনাৰ ভাল লাগিল?

হিতোপদেশ ২৮:২৬ পঢ়ক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:

  • ডেটিং কৰা লোকসকলে কি কৰিব পাৰে, যাতে তেওঁলোকে এনে পৰিস্থিতিৰ সন্মুখীন হʼবলগীয়া নহয়, যাৰ বাবে তেওঁলোকে ভুল কাম কৰিব পাৰে?

  • আপোনালোকে এজনে-আনজনক কেনেকৈ প্ৰেম দেখুৱাব, তাৰ বিষয়ে আগতীয়াকৈ সীমা নিৰ্ধাৰণ কৰাটো কিয় বুদ্ধিমানৰ কাম হʼব? যেনে: হাত ধৰা বা আন উপায়েৰে।

ইফিচীয়া ৫:৩, ৪ পঢ়ক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

  • ফোন বা অনলাইনৰ যোগেদি কথা পতাৰ সময়ত দুয়োজনে কি কি কথা মনত ৰখা উচিত?

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) w২১.১১ ২২-২৪ ¶৭-১৪

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ৩ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক