ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb25 মে’ পৃষ্ঠা ৬-৭
  • মে’ ১৯-২৫

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মে’ ১৯-২৫
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
mwb25 মে’ পৃষ্ঠা ৬-৭

মে’ ১৯-২৫

হিতোপদেশ ১৪

গীত নং ৮৯ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. দুৰ্যোগৰ সময়ত ভাবি-চিন্তি পদক্ষেপ লওক

(১০ মি.)

সকলো কথাৰ ওপৰত চকু মুদি বিশ্বাস নকৰিব (হিতো ১৪:১৫; w২৩.০২ ২২-২৩ ¶১০-১২)

কেৱল নিজৰ ভাৱনা আৰু অনুভৱৰ ওপৰত নিৰ্ভৰ নকৰিব (হিতো ১৪:১২)

যিসকল লোকে যিহোৱাৰ সংগঠনৰ নিৰ্দেশনা পালন নকৰে, তেওঁলোকৰ কথা নুশুনিব (হিতো ১৪:৭)

এটা পৰিয়ালে JW ব্ৰডকাষ্টিংত এটা কাৰ্য্যক্ৰম চাই আছে।

ধ্যানৰ বাবে প্ৰশ্ন: প্ৰাচীনসকল, দুৰ্যোগৰ সময়ত আপুনি যিহোৱাৰ ওপৰত ভৰসা ৰাখিবলৈ আৰু তেওঁৰ পৰামৰ্শ পালন কৰিবলৈ সাজু নে?—w২৪.০৭ ০৫ ¶১১.

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • হিতো ১৪:১৫—কোনো নিৰ্ণয় লোৱাৰ আগতে আমি কি কি কথাৰ ওপৰত ধ্যান দিয়া উচিত? (lff পাঠ ৩৫ ভাগ ২)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) হিতো ১৪:১-২১ (শিক্ষা অধ্যায় ১১)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) ৰাজহুৱাভাৱে প্ৰচাৰ। দেশৰ অৰ্থনৈতিক বিষয়ক লৈ চিন্তিত হৈ থকা এজন ব্যক্তিক বাইবেলৰ পৰা কিছুমান কথা জনাওক। (লোকসকলক প্ৰেম কৰক পাঠ ৩ ভাগ ৩)

৫. পুনৰ লগ কৰক

(৪ মি.) ঘৰে-ঘৰে প্ৰচাৰ। যোৱাবাৰ গৃহস্থই যি বিষয়ত আগ্ৰহ দেখুৱাইছিল, সেই বিষয়তে এখন পত্ৰিকা দেখুৱাওক। (লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ৪)

৬. বাইবেল অধ্যয়ন কৰক

(৫ মি.) নিজৰ বিদ্যাৰ্থীক প্ৰতিদিনে বাইবেল পঢ়িবলৈ উৎসাহিত কৰক। তেওঁ এই লক্ষ্যত কেনেকৈ উপনিত হʼব পাৰে, সেয়াই জনাওক। (শিক্ষা অধ্যায় ১৯)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ১২৬

৭. দুৰ্যোগৰ সন্মুখীন হʼবলৈ সাজু থাকক

(১৫ মি.) আলোচনা।

এই ভাগ এজন প্ৰাচীনে আগবঢ়াব। যদি শাখা কাৰ্য্যালয় আৰু প্ৰাচীন গোষ্ঠীয়ে কিবা নিৰ্দেশনা দিছে, তেনেহʼলে সেইবোৰ পুনৰ আলোচনা কৰক।

আমি “শেষ কালত” জীয়াই আছোঁ, সেইবাবে আমি জানোঁ যে সমস্যাবোৰ বাঢ়ি গৈ থাকিব। (২তীম ৩:১; মথি ২৪:৮) দুৰ্যোগৰ আগত বা দুৰ্যোগৰ সময়ত প্ৰায়ে দেখা গৈছে যে যিহোৱাৰ লোকসকলক কিছুমান নিৰ্দেশনা দিয়া হয়, যাতে তেওঁলোকে সুৰক্ষিত হৈ থাকিব পাৰে। যদি আমি দুৰ্যোগৰ পৰা ৰক্ষা পাব বিচাৰোঁ, তেনেহʼলে এতিয়াৰে পৰা তৈয়াৰী কৰা আৰু যিহোৱাৰ লগত নিজৰ সম্পৰ্ক মজবুত কৰাৰ প্ৰয়োজন।—হিতো ১৪:৬, ৮.

  • যিহোৱাৰ লগত থকা নিজৰ সম্পৰ্ক মজবুত কৰক: বাইবেল পঢ়া আৰু ব্যক্তিগত অধ্যয়ন কৰাৰ এটা ভাল অভ্যাস গঢ়ি তোলক। বেলেগ বেলেগ উপায়েৰে প্ৰচাৰ কৰাৰ নিজৰ দক্ষতা বঢ়াওক। যদি আপুনি বহু সময়ৰ পৰা ভাই-ভনীসকলক লগ কৰিব পৰা নাই, তেনেহʼলে চিন্তিত নহʼব। (হিতো ১৪:৩০) যিহোৱা আৰু যীচু সদায় আপোনাৰ লগত থাকিব।—od-HI ১৭৬-১৭৭ ¶১৫-১৭

  • প্ৰয়োজনীয় বস্তুবোৰ সাজু কৰি ৰাখক: আপাতকালীন বেগ (go bag) সাজু কৰাৰ উপৰিও আপুনি নিজৰ পৰিয়ালৰ বাবে প্ৰচুৰ মাত্ৰাত খোৱা বস্তু, পানী, ঔষধ আৰু আন প্ৰয়োজনীয় বস্তুবোৰ সাজু কৰি ৰাখক। যদি হঠাতে কিবা সমস্যা আহে আৰু আপোনাক বহু সময়লৈকে নিজৰ ঘৰতে থাকিবলগীয়া হয়, তেনেহʼলে এই বস্তুবোৰ আপোনাৰ কামত আহিব।—হিতো ২২:৩; g১৭.০৫-HI ৪

আগৰ ছবিত দেখুৱা পৰিয়ালে দুৰ্যোগৰ সন্মুখীন হʼবলৈ প্ৰয়োজনীয় বস্তুবোৰ সাজু কৰি আছে।

আপুনি দুৰ্যোগৰ সন্মুখীন হʼবলৈ সাজু আছেনে? ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:

  • দুৰ্যোগৰ সময়ত যিহোৱাই কেনেকৈ আমাৰ সহায় কৰিব পাৰে?

  • দুৰ্যোগৰ সন্মুখীন হʼবলৈ আমি এতিয়াৰে পৰা কি কি ব্যৱহাৰিক পদক্ষেপ লʼব পাৰোঁ?

  • দুৰ্যোগৰ সন্মুখীন হোৱা ভাই-ভনীসকলক আমি কেনেকৈ সহায় কৰিব পাৰোঁ?

নিজকে সোধক:

‘অলপতে হোৱা প্ৰাকৃতিক দুৰ্যোগ বা মানুহৰ বাবে হোৱা দুৰ্যোগৰ পৰা মই সাজু হৈ থকাৰ বিষয়ে কি শিকিলোঁ?’

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) w২১.১২ ২৫-২৭ ¶১০-১৯

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ১১৬ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক