ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb25 মে’ পৃষ্ঠা ১০-১১
  • জুন ৯-১৫

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জুন ৯-১৫
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
mwb25 মে’ পৃষ্ঠা ১০-১১

জুন ৯-১৫

হিতোপদেশ ১৭

গীত নং ১৫৭ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

প্ৰাচীন ইস্ৰায়েলৰ এহাল দম্পতীয়ে শান্তিময় পৰিৱেশত আনন্দেৰে নিজৰ এখন সৰু ঘৰত ৰুটী খাই আছে।

এহাল ইস্ৰায়েলী দম্পতীয়ে শান্তিময় পৰিৱেশত সাধাৰণ আহাৰৰ আনন্দ লৈ আছে

১. পতি-পত্নীসকল, নিজৰ ঘৰত শান্তি বজাই ৰাখিবলৈ পৰিশ্ৰম কৰক

(১০ মি.)

পতি-পত্নীসকল, নিজৰ ঘৰত শান্তি বজাই ৰাখিবলৈ পৰিশ্ৰম কৰিবলগীয়া হয়, কিন্তু ইয়াৰ লাভো আছে (হিতো ১৭:১; বেটুপাতত দিয়া ছবিখন চাওক)

সৰু সৰু কথাক লৈ খং পুহি নাৰাখিব আৰু কাজিয়াও নকৰিব (হিতো ১৭:৯; g-HI ১০/১৪ ৯ ¶২)

নিজৰ ভাৱনাবোৰ নিয়ন্ত্ৰণত ৰাখক (হিতো ১৭:১৪; w০৮-HI ৭/১ ১০ ¶৬-১১ ¶১)

প্ৰাচীন ইস্ৰায়েলৰ এহাল ধনী দম্পতী, তেওঁলোকৰ ওচৰত বহুতো ভাল ভাল আহাৰ আছে, কিন্তু তেওঁলোক সুখী নহয়। দুয়োজন খঙত আছে। পতিয়ে কিবা কৈ আছে, কিন্তু পত্নীয়ে একো গুৰুত্ব নিদিয়াকৈ আনফালে চাই আছে

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • হিতো ১৭:২৪—‘অজ্ঞানী লোকৰ চকু পৃথিৱীৰ সকলো ফালে ঘূৰি থাকে’ ইয়াৰ অৰ্থ কি? (it-১-E ৭৯০ ¶২)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) হিতো ১৭:১-১৭ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। (লোকসকলক প্ৰেম কৰক পাঠ ৩ ভাগ ৫)

৫. কথা-বতৰা আৰম্ভ কৰক

(৪ মি.) ৰাজহুৱাভাৱে প্ৰচাৰ। ব্যক্তিজনক সোধক যে তেওঁ বাইবেল অধ্যয়ন কৰিব বিচাৰেনে। (লোকসকলক প্ৰেম কৰক পাঠ ৬ ভাগ ৪)

৬. ভাষণ

(৫ মি.) w২৪.০১ ২৩-২৪ ¶১০-১৩—বিষয়: যিহোৱাই আপোনাক সহায় কৰিব। (হিতো ১৭:১৭) (শিক্ষা অধ্যায় ১৩)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ১১৩

৭. ভালদৰে কথা পাতিবলৈ এতিয়াৰে পৰা অভ্যাস কৰক

(১৫ মি.) আলোচনা।

পৰিয়ালত শান্তি বজাই ৰাখিবলৈ, পৰিয়ালৰ সকলো সদস্যই এজনে-আনজনৰ লগত ভালদৰে কথা পাতিব লাগিব। যদি তেওঁলোকে মনৰ কথা খুলি কয়, তেনেহʼলে বহু কিছু কৰিব পাৰিব আৰু সমস্যাৰ সময়ত এজনে-আনজনক সহায় কৰিব পাৰিব। (হিতো ১৫:২২) পৰিয়ালৰ সকলোৱে যাতে নিজৰ মনৰ কথা খুলি কʼব পাৰে, তাৰ কাৰণে আপুনি কি কৰিব পাৰে?

একেলগে সময় অতিবাহিত কৰক। (দ্বিতী ৬:৬, ৭) যেতিয়া পৰিয়ালৰ লোকসকলে একেলগে মিলি সভালৈ যায়, প্ৰচাৰ কৰে আৰু আনন্দ ফুৰ্টি কৰে, তেতিয়া তেওঁলোকৰ মাজত প্ৰেম আৰু ভৰসা বাঢ়ে। ইয়াৰ উপৰিও এই সময়ছোৱাত তেওঁলোকে শান্তিৰে কথা পাতিব পাৰে। কিন্তু কেতিয়াবা কেতিয়াবা আপুনি যি কৰিব বিচাৰে, তাৰ পৰিৱৰ্তে আপোনাৰ পৰিয়ালে যি কৰিব বিচাৰে, সেয়া কৰিবলগীয়া হʼব পাৰে। যদি আপুনি আনন্দেৰে এইদৰে কৰে, তেনেহʼলে ইয়াৰ বহুত লাভ হʼব। (ফিলি ২:৩, ৪) যেতিয়া আপোনাৰ পৰিয়ালে একেলগে মিলি সময় অতিবাহিত কৰে, তেতিয়া আপোনালোকে কেনেকৈ ভালদৰে কথা পাতিব পাৰে?—ইফি ৫:১৫, ১৬.

“পৰিয়ালৰ শান্তিৰ বাবে পথপ্ৰদৰ্শকৰ মতে চলক—মুকলিভাৱে কথা পাতক” ভিডিঅʼখনৰ এখন দৃশ্য। পৰিয়ালৰ লোকসকলে একেলগে আহাৰ খাই আনন্দৰে কথা পাতি আছে

পৰিয়ালৰ শান্তিৰ বাবে পথপ্ৰদৰ্শকৰ মতে চলক—মুকলিভাৱে কথা পাতক ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক

  • যদি আমি মোবাইল ফোন বা আন ইলেক্ট্ৰনিক বস্তুবোৰত লাগি থাকোঁ, তেনেহʼলে পৰিয়ালৰ কথা-বতৰাৰ ওপৰত কি প্ৰভাৱ পৰিব?

  • এই ভিডিঅʼৰ পৰা ভালদৰে কথা পতাৰ বিষয়ে আপুনি কি শিকিলে?

মনোযোগেৰে শুনক। (যাকো ১:১৯) লʼৰা-ছোৱালীয়ে তেতিয়াহে নিজৰ মনৰ কথা খুলি কʼব, যেতিয়া তেওঁলোকে অনুভৱ কৰিব যে পিতৃ-মাতৃয়ে তেওঁলোকক ভুল নুবুজিব আৰু তেওঁলোকৰ ওপৰত খং নকৰিব। যেতিয়া আপোনাৰ লʼৰা বা ছোৱালীয়ে এনে কথা কয়, যাৰ বাবে আপুনি আচৰিত হয়, তেতিয়াও খং নকৰিব। (হিতো ১৭:২৭) ইয়াৰ পৰিৱৰ্তে তেওঁ যি চিন্তা কৰিছে আৰু অনুভৱ কৰিছে, সেয়া বুজিবলৈ চেষ্টা কৰক। তেতিয়া তেওঁলোকে আপোনাৰ প্ৰেম অনুভৱ কৰিব আৰু আপুনি তেওঁক সহায় কৰিব পাৰিব।

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) w২২.০১ ৮-১১ ¶১-১০

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ৩৫ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক