জুন ১৬-২২
হিতোপদেশ ১৮
গীত নং ৯০ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)
১. যি ভাই-ভনীসকলৰ স্বাস্থ্য ভাল নহয়, তেওঁলোকক উৎসাহিত কৰক
(১০ মি.)
কি কʼব তাৰ বাবে যিহোৱাৰ পৰা পোৱা বুদ্ধিৰ ওপৰত নিৰ্ভৰ কৰক (হিতো ১৮:৪; w২২.১০ ২২ ¶১৭)
ব্যক্তিজনে কেনে অনুভৱ কৰিছে বুজিবলৈ চেষ্টা কৰক (হিতো ১৮:১৩; mrt-HI লেখ ১৯ বক্স)
এজন ভাল বন্ধু হওক, তেওঁৰ সহায় কৰক আৰু ধৈৰ্য্য ধৰক (হিতো ১৮:২৪; wp২৩.১-HI ১৪ ¶৩-১৫ ¶১)
নিজকে সোধক, ‘যদি মোৰ জীৱন-সংগী প্ৰায় অসুস্থ থাকে বা তেওঁৰ মানসিক সমস্যা আছে, তেনেহʼলে মই তেওঁক কেনেকৈ সহায় কৰিব পাৰোঁ ?’
২. আধ্যাত্মিক ৰত্ন বিচাৰক
(১০ মি.)
হিতো ১৮:১৮—প্ৰচীন সময়ত কিয় চিঠি খেলা হৈছিল? (it-২-E ২৭১-২৭২)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?
৩. বাইবেল পাঠ
(৪ মি.) হিতো ১৮:১-১৭ (শিক্ষা অধ্যায় ১১)
৪. কথা-বতৰা আৰম্ভ কৰক
(১ মি.) ঘৰে-ঘৰে প্ৰচাৰ। গৃহস্থই অন্য ভাষা কয়। (লোকসকলক প্ৰেম কৰক পাঠ ২ ভাগ ৫)
৫. পুনৰ লগ কৰক
(৩ মি.) ৰাজহুৱাভাৱে প্ৰচাৰ। যেতিয়া ব্যত্তিজনে কয় যে কি কʼবলৈ আছে সোনকালে কওক। (লোকসকলক প্ৰেম কৰক পাঠ ৭ ভাগ ৪)
৬. পুনৰ লগ কৰক
(৩ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। ব্যত্তিজনক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে এটা গুৰুত্বপূৰ্ণ সত্যতা জনাওক। (লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ৫)
৭. আপুনি কি বিশ্বাস কৰে বুজাওক
(৪ মি.) প্ৰদৰ্শন। সঘনাই সোধা প্ৰশ্ন ২৯—বিষয়: আপুনি সৃষ্টিবাদৰ ওপৰত বিশ্বাস কৰেনে? (লোকসকলক প্ৰেম কৰক পাঠ ৫ ভাগ ৫)
গীত নং ১৪৪
৮. মুখেৰে একো নোকোৱাকৈ নিজৰ সম্বন্ধীয় আৰু বন্ধুসকলক যিহোৱাৰ কাষ চাপিবলৈ সহায় কৰক
(১৫ মি.) আলোচনা।
আমাৰ মাজত হয়তো এনে বহুতো লোক আছে, যিসকলে এতিয়া যিহোৱাৰ সেৱা কৰা নাই, যেনে আমাৰ জীৱন-সংগী বা লʼৰা-ছোৱালী বা হয়তো আমাৰ বন্ধুৱে সত্য এৰি দিছে। এনে পৰিস্থিতিত হয়তো আমি তেওঁলোকৰ লগত জোৰ-জবৰদস্তি কৰিব পাৰোঁ বা তেওঁলোকক চিধা-চিধিকৈ কৈ দিব পাৰোঁ। যদিও আমি তেওঁলোকৰ ভালৰ বিষয়ে চিন্তা কৰি এইদৰে কৰোঁ, কিন্তু পৰিস্থিতি বেয়া হʼব পাৰে। (হিতো ১২:১৮) তেনেহʼলে তেওঁলোকক সহায় কৰাৰ আটাইতকৈ ভাল উপায় কি হয়?
প্ৰথম পিতৰ ৩:১, ২ কোৱা হৈছে, ‘যদি কাৰোবাৰ স্বামী সাক্ষী নহয়, তেনেহʼলে তেওঁক একো নোকোৱাকৈ জয় কৰিব পাৰি।’ হয়তো এগৰাকী ভনীৰ স্বামীয়ে তেওঁৰ লগত বাইবেলৰ ওপৰত আলোচনা কৰিবলৈ মানা কৰিব পাৰে, তেতিয়াও ভনীজনীয়ে নিজৰ আচাৰ-ব্যৱহাৰৰ যোগেদি তেওঁক সহায় কৰিব পাৰে। তেওঁ বাইবেলৰ ভাল গুণবোৰ প্ৰকাশ কৰিবলৈ শিকিব পাৰে। যেনে, প্ৰেম আৰু আদৰৰে ব্যৱহাৰ কৰা আৰু বুদ্ধিমতাৰে কাম কৰা। হয়তো এয়া দেখি তেওঁৰ স্বামীয়ে যিহোৱাৰ বিষয়ে জানিবলৈ আগ্ৰহী হʼব। (হিতো ১৬:২৩) আমাৰ ভাল আচাৰ-ব্যৱহাৰ আৰু কথাই আমাৰ সম্বন্ধীয় আৰু বন্ধুসকলৰ ওপৰত ভাল প্ৰভাৱ পেলাব পাৰে, যিসকলে এতিয়া যিহোৱাৰ সেৱা কৰা নাই।—কল ৪:৬.
তেওঁলোকে বিশ্বাসৰ বাবে মণে-প্ৰাণে সংঘৰ্ষ কৰি আছে—যিসকলৰ জীৱন-সংগী সত্যত নাই ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:
ভনী চাচাকিৰ পৰা আপুনি কি শিকিলে?
ভনী আইটʼৰ পৰা আপুনি কি শিকিলে?
ভনী অকাডাৰ পৰা আপুনি কি শিকিলে?
৯. মণ্ডলীৰ বাইবেল অধ্যয়ন
(৩০ মি.) w২২.০১ ১১-১৩ ¶১১-১৯