নৱেম্বৰ ১৭-২৩
পৰমগীত ৬-৮
গীত নং ৩৪ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)
১. দেৱালৰ দৰে হওক, দৰ্জাৰ দৰে নহয়
(১০ মি.)
চূলীস্মীত ছোৱালীৰ ককায়েকহঁতে তাই নিজৰ চৰিত্ৰ শুদ্ধ কৰি ৰখাটো বিচাৰিছিল (পৰ ৮:৮, ৯; it “পৰমগীত” ¶১১)
বাৰে বাৰে অনৈতিক শাৰীৰিক সম্পৰ্ক ৰখাৰ প্ৰলোভিত হোৱাৰ পাছতো তাই তাৰ পৰা আঁতৰি থাকিল, যাৰ বাবে তাই মনৰ শান্তি লাভ কৰিলে (পৰ ৮:১০; yp -HI ১৮৮ ¶২)
খ্ৰীষ্টান ডেকাসকলৰ বাবে তাই এটা ভাল উদাহৰণ হয় (yp২-E ৩৩)
নিজকে সোধক, ‘মই মোৰ মণ্ডলীৰ অবিবাহিত ভাই-ভনীসকলক কেনেকৈ সহায় কৰিব পাৰোঁ, যাতে তেওঁলোকে দেৱালৰ দৰে হয়, দৰ্জাৰ দৰে নহয়?’
২. আধ্যাত্মিক ৰত্ন বিচাৰক
(১০ মি.)
পৰ ৮:৬—প্ৰকৃত প্ৰেমক “যিহোৱাৰ অগ্নি-শিখা” বুলি কিয় কোৱা হৈছে? (w২৩.০৫ ২০ ¶১, ফুটনোট)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?
৩. বাইবেল পাঠ
(৪ মি.) পৰ ৭:১-১৩ (শিক্ষা অধ্যায় ১২)
৪. কথা-বতৰা আৰম্ভ কৰক
(২ মি.) ঘৰে-ঘৰে প্ৰচাৰ। jw.org যোগাযোগ কাৰ্ড দি কথা-বতৰা আৰম্ভ কৰক। (লোকসকলক প্ৰেম কৰক পাঠ ৪ ভাগ ৪)
৫. কথা-বতৰা আৰম্ভ কৰক
(২ মি.) ৰাজহুৱাভাৱে প্ৰচাৰ। বজাৰ বা মাৰ্কেট এলেকাত ট্ৰেক্ট ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। (লোকসকলক প্ৰেম কৰক পাঠ ১ ভাগ ৪)
৬. কথা-বতৰা আৰম্ভ কৰক
(২ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। হাঁহি মুখেৰে আৰু প্ৰেমেৰে কথা-বতৰা আৰম্ভ কৰক, কিন্তু প্ৰচাৰ কৰাৰ আগতেই কথা-বতৰা শেষ হৈ যায়। (লোকসকলক প্ৰেম কৰক পাঠ ২ ভাগ ৪)
৭. আপুনি কি বিশ্বাস কৰে বুজাওক
(৫ মি.) প্ৰদৰ্শন। ijwfq-HI লেখ ৪৩—বিষয়: যিহোৱা সাক্ষীসকলে ডেটিং কৰাৰ সময়ত কি কথা মনত ৰাখে? (শিক্ষা অধ্যায় ৭)
গীত নং ১২১
৮. অনৈতিক শাৰীৰিক সম্পৰ্কৰ পৰা দূৰলৈ পলোৱা!
(১৫ মি.) আলোচনা।
ৰখীয়াই চূলীস্মীত ছোৱালীজনীক একেলগে সময় অতিবাহিত কৰিবৰ বাবে আমন্ত্ৰণ জনালে, যাতে তেওঁলোকে প্ৰেমৰ বিষয়ে কথা পাতিব পাৰে। (পৰ ২:১০-১৪) ৰখীয়াৰ মনত হয়তো কোনো বেয়া ভাব নাছিল, তথাপিও ছোৱালীজনীৰ ককায়েকহঁতে তাৰ লগত সময় অতিবাহিত কৰাটো বিচৰা নাছিল। এনেদৰে অকলশৰীয়াকৈ সময় অতিবাহিত কৰাটো তেওঁলোকক ভুল পথলৈ লৈ যাব পাৰে, সেয়া তেওঁলোকে ভালদৰে বুজি পাইছিল। সেইবাবে, তেওঁলোকে নিজৰ ভনীক এটা কাম দিছিল।—পৰ ২:১৫.
বাইবেলে আমাক আজ্ঞা দিছে, “অনৈতিক শাৰীৰিক সম্পৰ্কৰ পৰা দূৰলৈ পলোৱা!” (১কৰি ৬:১৮) সেইবাবে, এনে কাম কৰাৰ পৰা দূৰত থকা উচিত, যাৰ পৰা আমি পাপ কৰিব পাৰোঁ। চলোমন যিজনে পৰমগীত লিখিছিল, তেওঁ ঈশ্বৰৰ প্ৰেৰেনাৰে এয়াও লিখিছে, “বিবেচক লোকে আপদ দেখি নিজকে লুকুৱায়; কিন্তু নিৰ্ব্বোধে আগলৈ গৈ দুখত পৰে।”—হিতো ২২:৩.
ঈশ্বৰে “মনৰ গোপনীয় কথা জানে।” ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:
আপুনি এই ভিডিঅʼৰ পৰা কি কি শিকিলে?
৯. মণ্ডলীৰ বাইবেল অধ্যয়ন
(৩০ মি.) বাইবেলৰ পৰা শিকোঁ পাঠ ৩৬-৩৭