ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w21 জানুৱাৰী পৃষ্ঠা ২০-২৫
  • পৰস্পৰৰ মাজত গভীৰ প্ৰেম ৰাখক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৰস্পৰৰ মাজত গভীৰ প্ৰেম ৰাখক
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • যিহোৱা “অতি স্নেহৱান” ঈশ্বৰ
  • “যোনাথনৰ প্ৰাণ দায়ূদৰ প্ৰাণৰ লগত গঁথা হল”
  • আজি আমি গভীৰ প্ৰেম কেনেকৈ কৰিব পাৰোঁ?
  • ‘পৰস্পৰ স্নেহশীল হওক’
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • সাহসী আৰু বিশ্বাসী যোনাথন
    বাইবেলৰ পৰা শিকোঁ আহা
  • ঈশ্বৰক প্ৰেম কৰা লোকসকলক প্ৰেম কৰক
    “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
w21 জানুৱাৰী পৃষ্ঠা ২০-২৫

অধ্যয়নৰ লেখ ৪

পৰস্পৰৰ মাজত গভীৰ প্ৰেম ৰাখক

“ভ্ৰাতৃ-প্ৰেমত পৰস্পৰ স্নেহশীল হোৱা।”—ৰোম. ১২:১০.

গীত ১০৯ অন্তৰৰপৰা প্ৰেম কৰক

লেখৰ এক আভাসa

১. আজি বহুতো পৰিয়ালত প্ৰেম কমি গৈছে বুলি কিহে দেখুৱায়?

বাইবেলত আগৰেপৰা কোৱা হৈছে যে শেষ-কালত লোকসকল “স্নেহশীন” হʼব। (২ তীম. ৩:১, ৩) আজি এই ভৱিষ্যতবাণী পূৰ হোৱাটো আমি দেখিবলৈ পাইছোঁ। উদাহৰণস্বৰূপে, বিবাহ-বিচ্ছেদৰ বাবে বহুতো পৰিয়াল বিভাজিত হৈছে। ইয়াৰ বাবে স্বামী-স্ত্ৰীয়ে এজনে-আনজনক ঘৃণা কৰে আৰু সন্তানসকলে ভাবে যে কোনেও তেওঁলোকক প্ৰেম নকৰে। আনহাতে, যদিও কিছুমান পৰিয়াল একেলগে থাকে, কিন্তু তেওঁলোকৰ মাজত প্ৰেম নাই। পৰিয়ালক সহায় কৰা এজন পৰামৰ্শদাতাই এইদৰে কয়, “পিতৃ-মাতৃ আৰু সন্তানে একেলগে সময় অতিবাহিত কৰাৰ পৰিৱৰ্তে, কম্পিউটাৰ, ফোন, টেবলেট আৰু ভিডিঅʼ গেম খেলাত বেছি সময় কটায়। একেখন ঘৰতে থাকিও তেওঁলোকে এজনে-আনজনক ভালদৰে নাজানে।”

২-৩. (ক) ৰোমীয়া ১২:১০ পদৰ অনুসৰি আমি কোন লোকসকলক গভীৰ প্ৰেম কৰা উচিত? (খ) এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

২ আমি জগতৰ সেই লোকসকলৰ দৰে হʼব নিবিচাৰোঁ, যিসকলে এজনে-আনজনক প্ৰেম নকৰে। (ৰোম. ১২:২) ইয়াৰ পৰিৱৰ্তে, আমি নিজৰ পৰিয়াল আৰু মণ্ডলীৰ ভাই-ভনীসকলক গভীৰ প্ৰেম কৰা উচিত। (ৰোমীয়া ১২:১০ পঢ়ক।) আমি যিদৰে নিজৰ পৰিয়ালক প্ৰেম আৰু স্নেহ কৰোঁ, ঠিক সেইদৰে আমি নিজৰ ভাই-ভনীসকলকো প্ৰেম কৰা উচিত। এইদৰে কৰিলে মণ্ডলীত একতা থাকিব আৰু আমি আনন্দেৰে যিহোৱাৰ সেৱা কৰিব পাৰিম।—মীখা ২:১২.

৩ এতিয়া আহক আমি বাইবেলৰ কিছুমান উদাহৰণলৈ মন কৰোঁ। তেওঁলোকৰপৰা আমি শিকিম যে আমি ভাই-ভনীসকলক কেনেকৈ গভীৰ প্ৰেম কৰিব পাৰোঁ।

যিহোৱা “অতি স্নেহৱান” ঈশ্বৰ

৪. যাকোব ৫:১১ পদৰপৰা যিহোৱাৰ প্ৰেমৰ বিষয়ে কি জানিব পাৰি?

৪ বাইবেলে কয় যে যিহোৱাৰ বহুতো আকৰ্ষণীয় গুণ আছে। উদাহৰণস্বৰূপে, বাইবেলত উল্লেখ আছে যে “ঈশ্বৰ প্ৰেম” হয়। (১ যোহ. ৪:৮) এই গুণে আমাক যিহোৱাৰ প্ৰতি আকৰ্ষিত কৰে। বাইবেলত এয়াও উল্লেখ আছে যে যিহোৱা “অতি স্নেহৱান” ঈশ্বৰ হয়। (যাকোব ৫:১১ পঢ়ক।) ইয়াৰপৰা বুজিব পাৰি যে যিহোৱাই আমাক কিমান প্ৰেম কৰে।

৫. (ক) যিহোৱাই আমাক কেনেকৈ দয়া দেখুৱায়? (খ) তেওঁৰ দৰে হʼবলৈ আমি কি কৰা উচিত?

৫ যাকোব ৫:১১ পদৰ অনুসৰি যিহোৱা স্নেহৱান হোৱাৰ লগতে তেওঁ দয়ালু ঈশ্বৰ হয়। (যাত্ৰা. ৩৪:৬) তেওঁ আমাৰ ভুলবোৰ ক্ষমা কৰি আমাক দয়া দেখুৱায়। (গীত. ৫১:১) কিন্তু বাইবেলৰ অনুসৰি দয়া দেখুৱাৰ অৰ্থ কেৱল আনৰ ভুলবোৰ ক্ষমা কৰাটোৱেই নহয়। যেতিয়া আমি কাৰোবাক সমস্যা ভুগি থকা দেখোঁ, তেতিয়া তেওঁৰ প্ৰতি আমাৰ দয়া উপজে আৰু এই ভাৱনাই তেওঁক সহায় কৰিবলৈ আমাক অনুপ্ৰাণিত কৰে। সাধাৰণতে, নিজৰ সন্তানৰ দুখ-কষ্ট দেখি এগৰাকী মাতৃৰ হৃদয়ত দয়া উপজে। কিন্তু যিহোৱাই কৈছে যে তেওঁৰ দয়া এগৰাকী মাতৃতকৈ বেছি। (যিচ. ৪৯:১৫) আমি দুখ-কষ্ট ভুগি থকা দেখি আমাৰ প্ৰতি যিহোৱাৰ দয়া উপজে আৰু তেওঁ আমাক সহায় কৰে। (গীত. ৩৭:৩৯; ১ কৰি. ১০:১৩) আমিও যিহোৱাৰ দৰে দয়ালু হোৱা উচিত। যেতিয়া ভাই-ভনীসকলে কিবা ভুল কৰে, তেতিয়া আমি তেওঁলোকক ক্ষমা কৰা উচিত আৰু খং পুহি ৰখা উচিত নহয়। (ইফি. ৪:৩২) কিন্তু দয়ালু হোৱাৰ আন এক উপায় হৈছে সমস্যাৰ সময়ত ভাই-ভনীসকলক সহায় কৰা। যেতিয়া আমি ভাই-ভনীসকলক দয়া দেখুৱাওঁ, তেতিয়া আমি যিহোৱাৰ দৰে হওঁ। তেওঁ গভীৰ প্ৰেম কৰাত আমাৰ বাবে এক উত্তম উদাহৰণ হয়।—ইফি. ৫:১.

“যোনাথনৰ প্ৰাণ দায়ূদৰ প্ৰাণৰ লগত গঁথা হল”

৬. যোনাথন আৰু দায়ূদৰ মাজত কেনেধৰণৰ বন্ধুত্ব আছিল?

৬ বাইবেলত এনে বহুতো লোকৰ বিষয়ে কোৱা হৈছে, যিসকলে অসিদ্ধ হোৱাৰ সত্ত্বেও আনক গভীৰ প্ৰেম কৰিছিল। যোনাথন আৰু দায়ূদৰ উদাহৰণলৈ মন কৰক। যিহোৱাই চৌলৰ পাছত দায়ূদক ইস্ৰায়েলৰ ৰজা হিচাপে বাছনি কৰিছিল। চৌলে দায়ূদক ঈৰ্ষা কৰিছিল আৰু তেওঁক হত্যা কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু যোনাথনে এই কামৰ বাবে নিজৰ পিতৃক সহযোগ কৰা নাছিল। বাইবেলত এইদৰে লিখা আছে, “যোনাথনৰ প্ৰাণ দায়ূদৰ প্ৰাণৰ লগত গঁথা হল, আৰু যোনাথনে নিজ প্ৰাণৰ দৰে তেওঁক প্ৰেম কৰিবলৈ ধৰিলে।” (১ চমূ. ১৮:১) যোনাথন আৰু দায়ূদে প্ৰতিজ্ঞা কৰিলে যে তেওঁলোকে সদায় বন্ধু হৈ থাকিব আৰু এজনে-আনজনক সহায় কৰিব।—১ চমূ. ২০:৪২.

যোনাথনে কোৱা কথা দায়ূদে শুনি আছে।

যোনাথন আৰু দায়ূদৰ বয়সৰ মাজত বহুত পাৰ্থক্য আছিল। তথাপি তেওঁলোকৰ মাজত ঘনিষ্ঠ বন্ধুত্ব আছিল (অনুচ্ছেদ ৬-৯ চাওক)

৭. যোনাথনক দায়ূদৰ লগত বন্ধুত্ব কৰিবলৈ কি কি কথাই বাধা দিব পাৰিলেহেঁতেন?

৭ যদিও যোনাথন আৰু দায়ূদৰ মাজত ঘনিষ্ঠ বন্ধুত্ব আছিল। কিন্তু এনে বহুতো কাৰণ আছিল, যিয়ে তেওঁলোকৰ বন্ধুত্বত বাধা জন্মাব পাৰিলেহেঁতেন। উদাহৰণস্বৰূপে, তেওঁলোকৰ বয়সত বহুত পাৰ্থক্য আছিল। যোনাথন দায়ূদতকৈ প্ৰায় ৩০ বছৰ ডাঙৰ আছিল। যোনাথনে ভাবিব পাৰিলেহেঁতেন যে দায়ূদ মোৰপৰা বহুত সৰু হয়। তেওঁৰ বেছি অভিজ্ঞতাও নাই। তেওঁ মোৰ বন্ধু কেনেকৈ হʼব পাৰে? কিন্তু যোনাথনে এইদৰে ভবা নাছিল। তেওঁ দায়ূদক সন্মান কৰিছিল।

৮. যোনাথন কিয় দায়ূদৰ ভাল বন্ধু আছিল? বুজাওক।

৮ চৌলৰ পুত্ৰ হোৱাৰ বাবে তেওঁৰ পাছত যোনাথনৰ ৰজা হোৱাৰ অধিকাৰ আছিল। কিন্তু যেতিয়া যিহোৱাই দায়ূদক ৰজা হিচাপে বাছনি কৰিছিল, তেতিয়া যোনাথনে ঈৰ্ষা কৰা নাছিল। (১ চমূ. ২০:৩১) যোনাথন নম্ৰ আৰু যিহোৱাৰ বিশ্বাসী সেৱক আছিল। সেইবাবে, তেওঁ যিহোৱাৰ নিৰ্ণয়ক সমৰ্থন কৰিলে। তেওঁ নিজৰ বন্ধু দায়ূদৰ প্ৰতিও বিশ্বাসী আছিল। সেইবাবে, চৌলে তেওঁক খং কৰিছিল।—১ চমূ. ২০:৩২-৩৪.

৯. যোনাথনে দায়ূদক ঈৰ্ষা কৰা নাছিল বুলি আমি কেনেকৈ কʼব পাৰোঁ?

৯ যোনাথনে দায়ূদক গভীৰ প্ৰেম কৰিছিল। সেইবাবে, তেওঁ দায়ূদক ঈৰ্ষা কৰা নাছিল। এয়া আমি কেনেকৈ কʼব পাৰোঁ? যোনাথন এজন যুঁজাৰু আছিল আৰু তেওঁ ধনু বিদ্যাত পাৰ্গত আছিল। যোনাথন আৰু তেওঁৰ পিতৃ “কুৰৰ পক্ষীতকৈয়ো বেগী আছিল। তেওঁবিলাক সিংহতকৈয়ো বলৱান আছিল।” (২ চমূ. ১:২২, ২৩) কিন্তু যোনাথনে নিজৰ দক্ষতাৰ বাবে কেতিয়াও ফিতাহি মৰা নাছিল। ইয়াৰ পৰিৱৰ্তে, দায়ূদে যি ডাঙৰ ডাঙৰ কাম কৰিছিল, তাৰ ওপৰত যোনাথনে আনন্দ কৰিছিল। দায়ূদ সাহসী আছিল আৰু তেওঁ যিহোৱাৰ ওপৰত ভৰসা কৰিছিল। দায়ূদৰ এইবোৰ গুণ যোনাথনক ভাল লাগিছিল। দায়ূদে গলিয়াথক হত্যা কৰাৰ পাছৰেপৰা দায়ূদ আৰু যোনাথন ভাল বন্ধু হৈ পৰিল। সঁচাকৈ, যোনাথনে দায়ূদক গভীৰ প্ৰেম কৰিছিল। আজি আমি নিজৰ ভাই-ভনীসকলক এইদৰে প্ৰেম কেনেকৈ কৰিব পাৰোঁ?

আজি আমি গভীৰ প্ৰেম কেনেকৈ কৰিব পাৰোঁ?

১০. ‘হৃদয়ৰ সহিত পৰস্পৰে আগ্ৰহেৰে প্ৰেম কৰাৰ’ অৰ্থ কি?

১০ বাইবেলে কৈছে যে আমি “হৃদয়ৰ সহিত পৰস্পৰে আগ্ৰহেৰে প্ৰেম কৰা” উচিত। (১ পিত. ১:২২) এই ক্ষেত্ৰত যিহোৱাই এক উত্তম উদাহৰণ ৰাখিছে। আমাৰ প্ৰতি তেওঁৰ গভীৰ প্ৰেম আছে। যদি আমি তেওঁৰ বিশ্বাসী হৈ থাকিম, তেনেহʼলে এই প্ৰেম কেতিয়াও কম নহʼব। (ৰোম. ৮:৩৮, ৩৯) ইয়াত যি গ্ৰীক শব্দৰ অনুবাদ আগ্ৰহেৰে কৰা হৈছে, তাৰ অৰ্থ হৈছে কোনো বস্তুক পাবলৈ সম্পূৰ্ণ চেষ্টা কৰা বা নিজৰ সম্পূৰ্ণ শক্তি ব্যৱহাৰ কৰা। এনে কৰিবলৈ কষ্টও ভুগিবলগীয়া হʼব পাৰে। ঠিক সেইদৰে ভাই-ভনীসকলক প্ৰেম দেখুৱাবলৈ আমি কষ্টও ভুগিবলগীয়া হʼব। তথাপি আমি তেওঁলোকক প্ৰেম দেখুৱাবলৈ সম্পূৰ্ণ চেষ্টা কৰা উচিত। যেতিয়া কোনোবাই আমাক আঘাত দিয়ে, তেতিয়া আমি এই পৰামৰ্শ পালন কৰা উচিত: “চিৰসহিষ্ণুতাৰে প্ৰেমত পৰস্পৰে সহন কৰি, . . . শান্তিৰ বন্ধনত পবিত্ৰ আত্মাৰ ঐক্য ৰাখিবলৈ যত্ন কৰা।” (ইফি. ৪:১-৩) যদি আমি আমাৰ মাজত ‘শান্তি’ বজাই ৰাখিবলৈ চেষ্টা কৰোঁ, তেনেহʼলে আমি ভাই-ভনীসকলৰ ভুলবোৰৰ ওপৰত ধ্যান দিয়াৰ পৰিৱৰ্তে যিহোৱাই তেওঁলোকক যি দৃষ্টিৰে চায়, আমিও তেওঁলোকক সেই দৃষ্টিৰেই চাম।—১ চমূ. ১৬:৭; গীত. ১৩০:৩.

ইবদিয়া আৰু চুন্তুখীয়ে একেটা কোঠালীত এজনে-আনজনক খঙেৰে চাই আছে। তেওঁলোকে মণ্ডলীৰ এটা সমূহৰ লগত কথা পাতিছে।

ইবদিয়া আৰু চুন্তুখীক ভাল বন্ধু হʼবলৈ পৰামৰ্শ দিয়া হৈছিল। এই পৰামৰ্শ পালন কৰিবলৈ কেতিয়াবা কেতিয়াবা আমাৰ বাবেও কঠিন হʼব পাৰে (অনুচ্ছেদ ১১ চাওক)

১১. কেতিয়াবা কেতিয়াবা ভাই-ভনীসকলক প্ৰেম কৰিবলৈ কিয় কঠিন হয়?

১১ যেতিয়া আমি ভাই-ভনীসকলৰ দুৰ্বলতা দেখা পাওঁ, তেতিয়া আমি তেওঁলোকক প্ৰেম কৰিবলৈ কঠিন হয়। প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ লগতো ঠিক এইদৰেই হৈছিল। ইবদিয়া আৰু চুন্তুখী নামৰ দুগৰাকী ভনীৰ উদাহৰণলৈ মন কৰক। ‘তেওঁবিলাকে শুভবাৰ্ত্তাত পৌলৰ সহিত প্ৰাণপণ’ চেষ্টা কৰিছিল। পৌলৰ লগত কাম কৰিবলৈ তেওঁলোকৰ কোনো অসুবিধা হোৱা নাছিল। কিন্তু কিবা কাৰণৰ বাবে সেই দুগৰাকী ভনীৰ মাজত মিল নাছিল। সেইবাবে, পৌলে এই দুগৰাকী ভনীক “প্ৰভুত একে মন” ৰাখিবলৈ কৈছিল।—ফিলি. ৪:২, ৩.

প্ৰাচীনসকলৰ সভাত বৃদ্ধ প্ৰাচীনজনে ডেকা প্ৰাচীনজনৰ কথা শুনি আছে।

প্ৰাচীনসকল বয়সত সৰুৱেই হওক বা ডাঙৰেই হওক তেওঁলোকে এজনে-আনজনৰ ভাল বন্ধু হʼব পাৰে (অনুচ্ছেদ ১২ চাওক)

১২. ভাই-ভনীসকলক প্ৰেম কৰিবলৈ আমি কি কৰিব পাৰোঁ?

১২ আজি আমি ভাই-ভনীসকলৰ প্ৰতি নিজৰ প্ৰেম কেনেকৈ বঢ়াব পাৰোঁ? আমি তেওঁলোকক ভালদৰে জানিবলৈ চেষ্টা কৰিব পাৰোঁ। এইদৰে কৰিলে আমি তেওঁলোকক ভালদৰে বুজিব পাৰিম আৰু তেওঁলোকৰ প্ৰতি আমাৰ হৃদয়ত প্ৰেমো বাঢ়িব। তেওঁলোকৰ বয়স বা সংস্কৃতি যিয়েই নহওক কিয়, আমি তেওঁলোকৰ ভাল বন্ধু হʼব পাৰোঁ। যোনাথনো দায়ূদতকৈ ৩০ বছৰ ডাঙৰ আছিল, তথাপি তেওঁলোকৰ মাজত ঘনিষ্ঠ বন্ধুত্ব আছিল। আপোনাৰ মণ্ডলীতো এনে ভাই-ভনীসকল আছেনে, যিসকলৰ লগত আপুনি বন্ধুত্ব কৰিব পাৰে? ভাই-ভনীসকলৰ লগত বন্ধুত্ব কৰি আপুনি দেখুৱাব যে আপুনি “ভাইমাত্ৰকেই প্ৰেম” কৰে।—১ পিত. ২:১৭.

অনুচ্ছেদ ১২ চাওকb

১৩. আমি মণ্ডলীৰ সকলোৰে লগত ঘনিষ্ঠ বন্ধুত্ব কিয় কৰিব নোৱাৰোঁ? বুজাওক।

১৩ ভাই-ভনীসকলক গভীৰ প্ৰেম কৰাৰ অৰ্থ এয়া নহয় যে মণ্ডলীত আমাৰ সকলোৰে লগত ঘনিষ্ঠ বন্ধুত্ব হʼব। আমি প্ৰায় সেই লোকসকলৰ লগত বন্ধুত্ব কৰোঁ, যাৰ লগত আমাৰ পছন্দ মিলে। যীচুৱেও সকলো পাঁচনিক নিজৰ “বন্ধু” বুলি কৈছিল। কিন্তু তেওঁ যোহনক প্ৰিয় বন্ধু বুলি কৈছিল। (যোহ. ১৩:২৩; ১৫:১৫; ২০:২) তথাপি, তেওঁ যোহনক আনতকৈ বেছি গুৰুত্ব নিদিলে। এবাৰ যেতিয়া যোহন আৰু তেওঁৰ ভাই যাকোবে যীচুক ঈশ্বৰৰ ৰাজ্যত বিশেষ পদ বিচাৰিছিল, তেতিয়া যীচুৱে তেওঁলোকক এইদৰে কৈছিল, “মোৰ সোঁহাতে বা বাওঁহাতে বহিবলৈ দিবলৈ মোৰ ক্ষমতা নাই।” (মাৰ্ক ১০:৩৫-৪০) আমিও সকলোৰে লগত সমান ব্যৱহাৰ কৰা উচিত। আমি নিজৰ ঘনিষ্ঠ বন্ধুক আনতকৈ বেছি গুৰুত্ব দিয়া উচিত নহয়। (যাকো. ২:৩, ৪) যদি আমি পক্ষপাত কৰোঁ, তেনেহʼলে মণ্ডলীত বিবাদৰ সৃষ্টি হʼব আৰু শান্তি নাইকিয়া হʼব পাৰে।—যিহূ. ১৭-১৯.

১৪. ফিলিপীয়া ২:৩ পদত প্ৰতিযোগিতা নকৰাৰ বিষয়ে কি কোৱা হৈছে?

১৪ যদি আমি ভাই-ভনীসকলক প্ৰেম কৰোঁ, তেনেহʼলে আমি তেওঁলোকক ঈৰ্ষা নকৰিম আৰু তেওঁলোকৰ লগত প্ৰতিযোগিতাও নকৰিম। মনত পেলাওক যে যোনাথনে দায়ূদক ঈৰ্ষা কৰা নাছিল আৰু তেওঁ দায়ূদৰ ঠাইত নিজে ৰজা হʼবলৈও চেষ্টা কৰা নাছিল। আমিও যোনাথনৰ দৰে আনৰ উন্নতি দেখি ঈৰ্ষা কৰা উচিত নহয়। ইয়াৰ পৰিৱৰ্তে “নম্ৰভাবে প্ৰত্যেকে নিজতকৈ অন্যক উত্তম” বুলি ভবা উচিত। (ফিলিপীয়া ২:৩ পঢ়ক।) মনত ৰাখক, মণ্ডলীত সকলো ভাই আৰু ভনীৰ গুৰুত্বতা আছে। তেওঁলোকে যিয়ে কৰে, তাৰপৰা মণ্ডলীৰ লাভ হয়। যদি আমি নম্ৰ হওঁ, তেনেহʼলে আমি ভাই-ভনীসকলৰ ভাল গুণবোৰলৈ ধ্যান দিব পাৰিম আৰু তেওঁলোকৰ বিশ্বাসৰপৰা শিকিব পাৰিম।—১ কৰি. ১২:২১-২৫.

১৫. ভনী তানীয়া আৰু তাইৰ সন্তানসকলৰ লগত যি হʼল, তাৰপৰা আপুনি কি শিকিলে?

১৫ যেতিয়া আমাৰ লগত হঠাতে কিবা বেয়া ঘটনা ঘটে, তেতিয়া ভাই-ভনীসকলৰ যোগেদি যিহোৱাই আমাৰ প্ৰেমেৰে যত্ন লয় আৰু আমাক সহায় কৰে। ভনী তানীয়া আৰু তাইৰ সন্তানসকলে ভাই-ভনীৰ এই প্ৰেম অনুভৱ কৰিছিল। তেওঁলোকে ২০১৯ চনৰ “প্ৰেম কেতিয়াও লুপ্ত নহব!” নামৰ আন্তঃৰাষ্ট্ৰীয় অধিৱেশনৰ বাবে আমেৰিকালৈ গৈছিল। ভনীগৰাকীয়ে কয় যে শনিবাৰৰ কাৰ্য্যক্ৰমৰ পাছত হোটেললৈ উভতি যোৱাৰ সময়ত তেওঁলোকৰ লগত কি হৈছিল, “আমি গাড়ীত গৈ আছিলোঁ আৰু হঠাতে এখন গাড়ী আহি আমাৰ গাড়ীখনক খুন্দা মাৰিলে। কোনেও আঘাত পোৱা নাছিল। কিন্তু আমি ভয়ভিত হৈছিলোঁ। আমি গাড়ীৰপৰা নামি ৰাস্তাত থিয় হʼলোঁ। তাৰ পাছত আমি দেখিলোঁ যে ৰাস্তাৰ কাষত কোনোবাই আমাক হাত বাউলি দি নিজৰ গাড়ীৰ ফালে মাতিছে। তেওঁ আমাৰ এজন ভাই আছিল আৰু তেওঁ আমাৰ দৰে অধিৱেশনৰপৰা উভতি আহিছিল। আমাক দেখি আৰু পাঁচজন ভাই-ভনী তাত ৰৈছিল। তেওঁলোক অধিৱেশনৰ বাবে ছুইডনৰপৰা আহিছিল। ভনীসকলে আমাক সাৱটি ধৰিলে। আমাক বহুত ভাল লাগিল। মই তেওঁলোকক কʼলোঁ যে আমি ভালেই আছোঁ আৰু তেওঁলোকে যাব পাৰে। কিন্তু যেতিয়ালৈকে এম্বুলেন্স অহা নাছিল আৰু আমাক বেণ্ডেজ কৰা নাছিল, তেতিয়ালৈকে ভাই-ভনীসকল তাতে ৰৈ থাকিল। এই কঠিন পৰিস্থিতিত আমি অনুভৱ কৰিলোঁ যে যিহোৱাই আমাক কিমান প্ৰেম কৰে। এই ঘটনাৰ পাছত যিহোৱা আৰু ভাই-ভনীসকলৰ প্ৰতি আমাৰ প্ৰেম আৰু গভীৰ হৈ পৰিল।” আপোনাৰো সেই দিনটো মনত আছেনে, যেতিয়া আপুনি সমস্যাত আছিল আৰু ভাই-ভনীসকলে আপোনাক প্ৰেমেৰে যত্ন লৈছিল আৰু আপোনাক সহায় কৰিছিল?

১৬. ভাই-ভনীসকলক গভীৰ প্ৰেম কৰিলে কি কি ভাল পৰিণাম হয়?

১৬ মন কৰক যে আমি ভাই-ভনীসকলক গভীৰ প্ৰেম কৰিলে কি কি ভাল পৰিণাম হয়। সমস্যাৰ সময়ত ভাই-ভনীসকলে আমাৰপৰা শান্ত্বনা লাভ কৰে। মণ্ডলীত একতা থাকে। নম্ৰ লোকসকলে স্পষ্টকৈ দেখিবলৈ পায় যে আমি খ্ৰীষ্টৰ শিষ্য হওঁ আৰু এই কথাই তেওঁলোকক যিহোৱাৰ ফালে আকৰ্ষিত কৰে। সকলোতকৈ বেছি যিহোৱাৰ প্ৰশংসা হয়। তেওঁ “কৰুণাময় পিতৃ, আৰু সকলো শান্ত্বনাৰ ঈশ্বৰ।” (২ কৰি. ১:৩) গতিকে, আহক আমি ভাই-ভনীসকলক গভীৰ প্ৰেম কৰোঁ।

আপুনি কেনেকৈ উত্তৰ দিব?

  • আমি খ্ৰীষ্টান ভাই-ভনীসকলক কিমান প্ৰেম কৰা উচিত?

  • যিহোৱা, যোনাথন আৰু দায়ূদৰপৰা আমি গভীৰ প্ৰেম কৰাৰ বিষয়ে কি শিকিলোঁ?

  • আজি আমি ভাই-ভনীসকলক গভীৰ প্ৰেম কেনেকৈ কৰিব পাৰোঁ?

গীত ১৩০ ক্ষমা কৰিবলৈ শিকক

a যীচুৱে কৈছিল যে তেওঁৰ শিষ্যসকলৰ মাজত প্ৰেম থাকিব আৰু এই প্ৰেমেই তেওঁলোকৰ পৰিচয় হʼব। আমি সকলোৱে যীচুৰ এই কথা পালন কৰিবলৈ চেষ্টা কৰোঁ। আমি আমাৰ পৰিয়ালৰ লোকসকলক যিমান প্ৰেম কৰোঁ, সিমানেই আমি আমাৰ ভাই-ভনীসকলকো প্ৰেম কৰা উচিত। এই লেখৰ সহায়ত আমি আমাৰ ভাই-ভনীসকলক বেছিকৈ প্ৰেম কৰিবলৈ শিকিম।

b ছবিৰ বিষয়ে: এজন ডেকা প্ৰাচীন এজন বৃদ্ধ প্ৰাচীনৰ অভিজ্ঞতাৰপৰা বহুতো কথা শিকিছে। বৃদ্ধ ভাইজনে সেই ডেকা ভাই আৰু তেওঁৰ পত্নীক নিজৰ ঘৰলৈ আহাৰ খাবলৈ মাতিছে। ডেকা ভাই আৰু তেওঁৰ পত্নীয়েও বৃদ্ধ ভাইজনৰ বাবে কিবা আনিছে। এইদৰে তেওঁলোকে এজনে-আনজনৰ প্ৰতি প্ৰেম প্ৰকাশ কৰিছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক