ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w21 অক্টোবৰ পৃষ্ঠা ১৪-১৭
  • যিহোৱাৰ লগত পুনৰ সম্পৰ্ক গঢ়ি তোলক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ লগত পুনৰ সম্পৰ্ক গঢ়ি তোলক
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • কি কি সমস্যা আহিব পাৰে?
  • সৰু-সুৰা লক্ষ্য ৰাখক
  • হাৰ নামানিব!
  • “প্ৰাচীনসকলক মাতক”
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • যিহোৱাই সঁচাকৈ আপোনাক প্ৰেম কৰে
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • প্ৰাচীনসকল, পৌলৰ উদাহৰণ অনুকৰণ কৰি থাকক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • আপুনি অকলশৰীয়া নহয়, যিহোৱা লগত আছে
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
w21 অক্টোবৰ পৃষ্ঠা ১৪-১৭
এজন ভাইৰ ঘৰখন ভাঙি শেষ হৈ গৈছে আৰু তেওঁ চিন্তা কৰি আছে যে সেয়া পুনৰ নিৰ্মাণ কৰিবলৈ বহুত পৰিশ্ৰম আৰু সময়ৰ প্ৰয়োজন হʼব।

যিহোৱাৰ লগত পুনৰ সম্পৰ্ক গঢ়ি তোলক

প্ৰতিবছৰে বহুতোলোকক মণ্ডলীত বহিষ্কৃত হোৱাৰপৰা উঠাই দিয়া হয়। তেওঁলোকে যেতিয়া মণ্ডলীলৈ উভতি আহে, তেতিয়া ‘স্বৰ্গত আনন্দ’ কৰা হয়। (লূক ১৫:৭, ১০) যদি আপুনিও তেওঁলোকৰ মাজৰ এজন হয় , তেনেহʼলে আপুনি বিশ্বাস কৰিব পাৰে যে আপুনি উভতি অহাৰ বাবে যিহোৱা, যীচু আৰু স্বৰ্গদূতসকল বহুত আনন্দিত আছে। কিন্তু যিহোৱাৰ লগত পুনৰ সম্পৰ্ক গঢ়ি তোলাটো সহজ নহʼবও পাৰে। আহক চাওঁ কি কি সমস্যা আহিব পাৰে আৰু আপুনি সেয়া কেনেকৈ পাৰ কৰিব পাৰে?

কি কি সমস্যা আহিব পাৰে?

বহুতো ভাই-ভনীৰ নিচিনা আপুনিও হয়তো নিৰাশাৰ ভাবনাৰ সন্মুখীন হৈছে। ইয়াৰ কাৰণ হৈছে মণ্ডলীলৈ উভতি অহাৰ পাছতো নিজকে দোষ অনুভৱ কৰা আৰু বহুবছৰৰলৈকে লাজ অনুভৱ কৰা। দায়ূদৰ লগতো এইদৰে হৈছিল। যিহোৱাই তেওঁক ক্ষমা কৰাৰ পাছতো তেওঁ এইদৰে কৈছিল, “অপৰাধসমূহে মোক পৰাজয় কৰে।” (গীত. ৪০:১২; ৬৫:৩) ভনী ইজাবেলৰ উদাহৰণলৈ মন কৰক।a তাই ২০ বছৰ ধৰি বহিষ্কৃত আছিল। তাই যেতিয়া মণ্ডলীলৈ ঘূৰি আহিল, তেতিয়া তাই ভাবিছিল যে যিহোৱাই তাইক কেনেকৈ ক্ষমা কৰিব পাৰে। নিৰাশাৰ ভাবনাই যিহোৱাৰ লগত থকা আপোনাৰ সম্পৰ্কক বিপদত পেলাব পাৰে। (হিতো. ২৪:১০) সেইবাবে নিৰাশাৰপৰা উলাই আহিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰক।

আপুনি হয়তো ইয়াৰ বিষয়ে ভাবি চিন্তিত হʼব পাৰে যে যিহোৱাৰ লগত পুনৰ সম্পৰ্ক গঢ়ি তুলিবলৈ কিমান পৰিশ্ৰমৰ প্ৰয়োজন হʼব। মণ্ডলীলৈ উভতি অহাৰ পাছত ভাই এনটʼনে এইদৰে কৈছে, “মোক এনেকুৱা লাগিছিল যেন মই যি শিকিছিলোঁ, সকলো পাহৰি গʼলোঁ।” এনেধৰণৰ ভাবনাই হয়তো আপোনাক সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ সেৱা কৰিবলৈ বাধা দিব পাৰে।

এটা উদাহৰণলৈ মন কৰক যেতিয়া ধুমুহা আহে, তেতিয়া সকলো ধ্বংস হৈ যায়। তেতিয়া আপুনি হয়তো চিন্তা কৰিব পাৰে যে ঘৰখন পুনৰ বনাবলৈ বহুত পৰিশ্ৰম আৰু সময়ৰ প্ৰয়োজন হʼব। ঠিক সেইদৰে যেতিয়া আপোনাৰপৰা কিবা পাপ হৈ যায়, তেতিয়া যিহোৱাৰ লগত আপোনাৰ সম্পৰ্ক নাইকিয়া হৈ যায়। তেতিয়া আপুনি হয়তো ভাবিব পাৰে যে যিহোৱাৰ লগত পুনৰ সম্পৰ্ক গঢ়ি তুলিবলৈ বহুত পৰিশ্ৰমৰ প্ৰয়োজন হʼব। কিন্তু ভৰসা কৰক যে আপুনি অকলশৰীয়া নহয় আৰু এয়া আপুনি অকলে কৰিব নালাগিব।

যিহোৱাই এইদৰে কৈছে, “আহাঁ, আমি তৰ্কবিতৰ্ক কেৰাহঁক।” [সমাধান, NW] (যিচ. ১:১৮) আপুনি যিহোৱাৰ লগত বিষয়টো সমাধান কৰিবলৈ প্ৰথমে পদক্ষেপ লৈছে। সেইবাবে, যিহোৱাই আপোনাক বহুত প্ৰেম কৰে। ইয়াৰ যোগেদি আপুনি যিহোৱাক এটা ভাল সুযোগ দিছে যে তেওঁ চয়তানক উত্তৰ দিব পাৰে।—হিতো. ২৭:১১.

আপুনি মণ্ডলীলৈ পুনৰ ঘূৰি আহিলে আৰু যিহোৱাৰ কাষ চাপিবলৈ পদক্ষেপ লʼলে। যিহোৱাও আপোনাৰ কাষ চাপিম বুলি প্ৰতিজ্ঞা কৰিছে। (যাকো. ৪:৮) কেৱল ইমানেই যথেষ্ট নহয়। যিহোৱা আপোনাৰ বন্ধু আৰু পিতৃ হয়। সেইবাবে, যিহোৱাৰ প্ৰতি আপুনি নিজৰ প্ৰেম বঢ়োৱা উচিত। আপুনি এয়া কেনেকৈ কৰিব পাৰে?

সৰু-সুৰা লক্ষ্য ৰাখক

বহুবাৰ যেতিয়া ধুমুহা আহে, তেতিয়া গোটেই ঘৰখন ভাঙি শেষ হৈ যায়। কিন্তু তাৰ মুধছ খোটাডাল নাভাঙে। সেইবাবে, ঘৰৰ ওপৰৰ অংশহে বনাবলগীয়া হয়। ঠিক সেইদৰে আপুনি যেতিয়া মণ্ডলীলৈ উভতি আহে, তেতিয়া আপুনি প্ৰথমে শিকা প্ৰাথমিক শিক্ষাবোৰ মনত থাকিব পাৰে। কিন্তু এতিয়া আপুনি যিহোৱাৰ লগত পুনৰ সম্পৰ্ক গঢ়ি তুলিব লাগিব। ইয়াৰ বাবে আপুনি আগতে যিবোৰ কাম কৰিছিল, সেইবোৰ আকৌ কৰিব লাগিব। যেনে, প্ৰচাৰলৈ যোৱা, সভালৈ যোৱা আৰু ভাই-ভনীসকলৰ লগত সময় অতিবাহিত কৰা। এনে কৰিবলৈ আপুনি সৰু-সুৰা লক্ষ্য ৰাখিব পাৰে।

বাৰে বাৰে যিহোৱালৈ প্ৰাৰ্থনা কৰক। আপোনাৰ পিতৃ যিহোৱাই ভালদৰে জানে যে দোষৰ ভাৱনা সহজে আঁতৰি নাযায়। সেইবাবে, প্ৰাৰ্থনা কৰাটো কঠিন হʼব পাৰে। (ৰোম. ৮:২৬) তথাপি “প্ৰাৰ্থনাত লাগি” থাকক আৰু যিহোৱাক কওক যে আপুনি তেওঁৰ লগত পুনৰ বন্ধুত্ব কৰিব বিচাৰে। (ৰোম. ১২:১২) যেতিয়া ভাই আন্দ্ৰেই এইদৰে কৰিলে, তেতিয়া তেওঁৰ বহুতো লাভ হʼল। তেওঁ এইদৰে কৈছে, “মই বহুত দোষ অনুভৱ কৰিছিলোঁ আৰু লাজো অনুভৱ কৰিছিলোঁ। কিন্তু প্ৰাৰ্থনা কৰাৰ পাছত মই মনত শান্তি লাভ কৰিছিলোঁ।” যদি আপুনি বুজি নাপায় যে আপুনি প্ৰাৰ্থনাত কি কʼব লাগে, তেনেহʼলে ৰজা দায়ূদৰ প্ৰাৰ্থনালৈ ধ্যান দিয়ক। তেওঁ এই প্ৰাৰ্থনা অনুতাপ কৰাৰ পাছত লিখিছিল। এই প্ৰাৰ্থনাবোৰ গীতমালা ৫১ আৰু ৬৫-ত উল্লেখ আছে।

নিয়মিতৰূপে বাইবেল অধ্যয়ন কৰক। এইদৰে কৰিলে আপোনাৰ বিশ্বাস মজবুত হʼব আৰু যিহোৱাৰ প্ৰতি আপোনাৰ প্ৰেম বাঢ়িব। (গীত. ১৯:৭-১১) ভাই ফিলীপে এইদৰে কৈছে, “নিয়মিয়ৰূপে বাইবেল অধ্যয়ন নকৰাৰ বাবে যিহোৱাৰ লগত মোৰ সম্পৰ্ক দুৰ্বল হৈছিল আৰু মই তেওঁৰ মনত আঘাত দিছিলোঁ। মই পুনৰ সেই একে ভুল কৰিব বিচৰা নাছিলোঁ। সেইবাবে, মই নিয়মিতৰূপে বাইবেল অধ্যয়ন কৰিবলৈ নিৰ্ণয় লʼলোঁ।” আপুনি ঠিক এইদৰে কৰিব পাৰে। যদি আপুনি বুজি নাপায় যে কোনটো বিষয়ত অধ্যয়ন কৰিব, তেনেহʼলে আপুনি এনে এজন বন্ধুৰ সহায় লʼব পাৰে, যিজনৰ যিহোৱাৰ লগত মজবুত সম্পৰ্ক আছে।

ভাই-ভনীসকলৰ লগত পুনৰ বন্ধুত্ব কৰক। মণ্ডলীলৈ পুনৰ উভতি অহাৰ পাছতো কিছুমান লোকে ভাবে যে ভাই-ভনীসকলে তেওঁৰ বিষয়ে কি ভাবিব। লʼৰিছা নামৰ ভনীগৰাকীয়ে এইদৰে কৈছে, “মোক বহুত লাজ লাগিছিল। মণ্ডলীৰ ভাই-ভনীসকলক মই নিৰাশ কৰি দিলোঁ বুলি ভাবিছিলোঁ আৰু এই ভাবনা বহুত দিনৰলৈকে থাকিল।” বিশ্বাস কৰক যে প্ৰাচীন আৰু ভাই-ভনীসকলে যিহোৱাৰ লগত আপোনাৰ সম্পৰ্ক পুনৰ গঢ়ি তুলিবলৈ সহায় কৰিব বিচাৰে। (“প্ৰাচীনসকলে কি কৰিব পাৰে?” নামৰ বক্স পঢ়ক।) আপুনি পুনৰ যিহোৱাৰ ওচৰলৈ উভতি অহাৰ বাবে তেওঁলোক অতি আনন্দিত আছে আৰু আপুনিও আনন্দিত থকাটো তেওঁলোকে বিচাৰে।—হিতো. ১৭:১৭.

ভাই-ভনীসকলৰ লগত বন্ধুত্ব গঢ়ি তুলিবলৈ আপুনি কি কৰিব পাৰে? আপুনি তেওঁলোকৰ লগত মিলি যিহোৱাৰ সেৱা কৰক, নিয়মিতৰূপে সভালৈ যাওক আৰু প্ৰচাৰত ভাগ লওক। ভাই ফেলিক্সে এইদৰে কৈছে, “মণ্ডলীৰ ভাই-ভনীসকলে মই উভতি অহালৈ অপেক্ষা কৰিছিল। ইয়াৰপৰা মোৰ অনুভৱ হʼল যে তেওঁলোকে মোক কিমান প্ৰেম কৰে। তেওঁলোকে মোক অনুভৱ কৰাইছিল যে মই মণ্ডলীৰ ভাগ হয়, যিহোৱাই মোক ক্ষমা কৰি দিলে আৰু মই তেওঁৰ সেৱা কৰিব পাৰোঁ।”—“আপুনি কি কৰিব পাৰে?” নামৰ বক্স পঢ়ক।

আপুনি কি কৰিব পাৰে?

আধ্যাত্মিক ঘৰখন পুনৰ নিৰ্মাণ কৰক

এজন ভায়ে যিহোৱাৰ ওচৰলৈ উভতি আহিছে আৰু প্ৰাচীনে তেওঁৰ লগত মিলি প্ৰাৰ্থনা কৰি আছে।

যিহোৱাৰ লগত বাৰে বাৰে কথা পাতক

যিহোৱাক জনাওক যে আপুনি তেওঁৰ লগত বন্ধুত্ব কৰিব বিচাৰিছে। প্ৰাচীনে আপোনাৰ লগত আৰু আপোনাৰ বাবে প্ৰাৰ্থনা কৰিব

সেই প্ৰাচীনজনে “যিহোৱাৰ কাষ চাপক” নামৰ কিতাপখনৰপৰা সেই ভাইজনৰ অধ্যয়ন কৰি আছে।

নিয়মীয়াকৈ বাইবেল অধ্যয়ন কৰক

নিজৰ বিশ্বাস মজবুত কৰক আৰু যিহোৱাৰ প্ৰতি প্ৰেম বঢ়াওক

এটা পাৰ্টীত সেই ভাইজনে মণ্ডলীৰ আন লোকসকলৰ লগত কথা পাতিছে।

ভাই-ভনীসকলৰ লগত পুনৰ বন্ধুত্ব কৰক

ভাই-ভনীসকলৰ লগত মিলি সেৱা কৰক। প্ৰতিটো সভাত উপস্থিত হওক আৰু প্ৰচাৰত ভাগ লওক

হাৰ নামানিব!

যিহোৱাৰ লগত থকা আপোনাৰ সম্পৰ্কক নাইকিয়া কৰিবলৈ চয়তানে বহুতো “সমস্যা” আনিব। (লূক ৪:১৩) সেইবাবে, নিজৰ বিশ্বাস মজবুত কৰক।

আমি সকলোৱে যিহোৱাৰ মূল্যৱান মেৰ হয়। সেইবাবে, তেওঁ প্ৰতিজ্ঞা কৰিছে যে “মই হেৰোৱাটোক বিচাৰিম, খেদি নিয়াটোক ঘূৰাই আনিম, হাড় ভগাটোৰ ভগা ঠাই বান্ধিম, ৰুগীয়াটোক সবল কৰিম।” (যিহি. ৩৪:১৬) যিহোৱাই বহুতোলোকক নিজৰ লগত পুনৰ সম্পৰ্ক গঢ়ি তুলিবলৈ সহায় কৰিছে। তেওঁ আপোনাকো নিশ্চয় সহায় কৰিব।

প্ৰাচীনসকলে কি কৰিব পাৰে?

সেই প্ৰাচীনজনে ঘৰটো পুনৰ নিৰ্মাণ কৰিবলৈ সেই ভাইজনক সহায় কৰিছে।

প্ৰাচীনসকল, যিসকল লোকে মণ্ডলীত পুনৰ উভতি আহে, যিহোৱাৰ লগত তেওঁলোকৰ সম্পৰ্ক পুনৰ গঢ়ি তুলিবলৈ আপোনালোকে বহুতো কাম কৰিব পাৰে। মন কৰক যে আপোনালোকে তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰে?

তেওঁলোকক উৎসাহিত কৰক। পাঁচনি পৌলে ভালদৰে জানিছিল যে যিজন ব্যক্তিয়ে যিহোৱাৰ ওচৰলৈ উভতি আহে, তেওঁলোকে ‘অতিৰিক্ত মনৰ দুখত মগ্ন’ হʼব পাৰে। (২ কৰি. ২:৭) হয়তো তেওঁ নিজৰ ভুলৰ বাবে লাজ অনুভৱ কৰিব পাৰে বা নিৰাশ হʼব পাৰে। সেইবাবে, পৌলে মণ্ডলীক এইদৰে কৈছিল, “তোমালোক তেওঁক ক্ষমা আৰু শান্ত্বনা” দিয়া। মণ্ডলীলৈ উভতি অহা লোকসকলক যিহোৱা আৰু ভাই-ভনীসকলৰ প্ৰেমৰ প্ৰয়োজন হয়। সেইবাবে, আপোনালোকে তেওঁলোকক প্ৰেম কৰে বুলি আশ্বাস দিয়ক। তেওঁলোকৰ প্ৰশংসা আৰু সহায় কৰি থাকক। এইদৰে কৰিলে তেওঁলোকে নিৰাশ নহʼব।

তেওঁলোকৰ লগত প্ৰাৰ্থনা কৰক। “ধাৰ্ম্মিকৰ নিবেদন কাৰ্য্য-সাধনত মহা-শক্তিবিশিষ্ট।” (যাকো. ৫:১৬) লেখত উল্লেখ কৰা ভনী লʼৰিছাই এইদৰে কৈছে, “মই নিজৰ সকলো চিন্তা আৰু ভয়ৰ বিষয়ে প্ৰাচীনসকলক জনালোঁ। তেওঁলোকে মোৰ বাবে প্ৰাৰ্থনা কৰিলে। ইয়াৰপৰা মই বুজিলোঁ যে প্ৰাচীনসকলে মোক খং কৰা নাই, ইয়াৰ পৰিৱৰ্তে যিহোৱাৰ লগত পুনৰ সম্পৰ্ক গঢ়ি তুলিবলৈ তেওঁলোকে মোৰ সহায় কৰিব বিচাৰে।” ভাই থীয়ʼয়ে এইদৰে কৈছে, “প্ৰাচীনসকলৰ প্ৰাৰ্থনাৰপৰা মোৰ বিশ্বাস হʼল যে যিহোৱাই মোক বহুত প্ৰেম কৰে। ভুল কৰাৰ সত্ত্বেও তেওঁ মোৰ ভাল গুণবোৰ চায়।”

তেওঁলোকৰ লগত বন্ধুত্ব কৰক। মণ্ডলীলৈ পুনৰ উভতি অহা ভাই-ভনীসকলক বন্ধুসকলৰ প্ৰয়োজন হয়। জস্টিন নামৰ প্ৰাচীনজনে এইদৰে কৈছে, “তেওঁলোকৰ লগত প্ৰচাৰলৈ যাওক আৰু তেওঁলোকক লগ কৰিবলৈ ঘৰলৈ যাওক, এইদৰে বাৰে বাৰে কৰক। কিয়নো এনে পৰিস্থিতিত তেওঁলোকক বন্ধুসকলৰ অতি প্ৰয়োজন।” আন এজন প্ৰাচীন হেনৰীয়ে এইদৰে কৈছে, “যেতিয়া প্ৰাচীনসকলে তেওঁলোকৰ লগত বন্ধুত্ব কৰাটো ভাই-ভনীসকলে দেখিব, তেতিয়া তেওঁলোকেও এইদৰে কৰিবলৈ আগবাঢ়ি আহিব।”

অধ্যয়ন কৰিবলৈ সহায় কৰক। যিহোৱাৰ লগত ভাল সম্পৰ্ক থকা ভাই-ভনীসকলে এই ক্ষেত্ৰত তেওঁলোকক সহায় কৰিব পাৰিব। ডাৰকʼ নামৰ এজন প্ৰাচীনে এইদৰে কৈছে, “বাইবেলৰপৰা শিকা কথাবোৰ তেওঁলোকক কʼবলৈ মোক ভাল লাগে। ইয়াৰপৰা তেওঁলোকে জানিব পাৰে যে মই বাইবেল অধ্যয়ন কৰি বহুত ভাল পাওঁ। মই তেওঁলোকৰ লগত কিছুমান উৎসাহজনক লেখো পঢ়োঁ।” আন এজন প্ৰাচীন ভাই ক্লেটনে এইদৰে কৈছে, “মই তেওঁলোকক বাইবেলৰপৰা এনে লোকসকলৰ বিষয়ে পঢ়িবলৈ আৰু শিকিবলৈ উৎসাহিত কৰোঁ, যিসকলৰ পৰিস্থিতি তেওঁলোকৰ নিচিনা আছিল।”

এজন ভাল ৰখীয়াৰ দৰে তেওঁলোকৰ যত্ন লওক। এজন ব্যক্তিয়ে পাপ কৰিলে, প্ৰাচীনসকলে ন্যায়ীৰ দৰে কাম কৰে। কিন্তু যেতিয়া তেওঁলোকক বহিষ্কৃত হোৱাৰপৰা উঠাই দিয়া হয়, তেতিয়া প্ৰাচীনসকলে ৰখীয়া হোৱা উচিত। (যিৰি. ২৩:৪) প্ৰাচীনসকলে তেওঁৰ কথা মনোযোগেৰে শুনা উচিত আৰু তেওঁৰ প্ৰশংসা কৰা উচিত। তেওঁলোকৰ লগত বাৰে বাৰে কথা পতা উচিত। এনে ভাই-ভনীসকলৰ লগত লগ কৰিবলৈ যাওঁতে তেওঁলোকে কি কৰে, তাৰ বিষয়ে মাৰ্কছ নামৰ প্ৰাচীনজনে এইদৰে কৈছে, “আমি তেওঁলোকক বাইবেলৰপৰা উৎসাহজনক কথাবোৰ কওঁ আৰু তেওঁলোকৰ প্ৰশংসা কৰোঁ। আমি তেওঁলোকক এয়াও কওঁ যে তেওঁলোকে মণ্ডলীলৈ পুনৰ উভতি আহিবলৈ যি পৰিশ্ৰম কৰিলে, তাৰ বাবে আমি আনন্দিত আছোঁ আৰু যিহোৱাও আনন্দিত আছে। প্ৰতিবাৰে লগ কৰাৰ পাছত আমি আকৌ কেতিয়া লগ কৰিম, তাৰ কাৰণে সময় ঠিক কৰোঁ।”

a এই লেখত কিছুমান নাম সলনি কৰা হৈছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক