ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w22 ফেব্ৰুৱাৰী পৃষ্ঠা ৮-১৩
  • ‘কাণ পাতি জ্ঞানৱানবিলাকৰ কথা শুনক’

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ‘কাণ পাতি জ্ঞানৱানবিলাকৰ কথা শুনক’
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • তেওঁলোকে পৰামৰ্শ পালন নকৰিলে
  • তেওঁলোকে পৰামৰ্শ পালন কৰিলে
  • পৰামৰ্শ পালন কৰিবলৈ আমি কি কৰা উচিত?
  • পৰামৰ্শ লওক আৰু লাভৱান হওক
  • আপোনাৰ পৰামৰ্শই আনৰ “মনক আনন্দিত” কৰেনে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • ভাল পৰামৰ্শ কেনেকৈ দিম?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • আপুনি নিজকে শুধৰণি কৰি থাকিবনে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
w22 ফেব্ৰুৱাৰী পৃষ্ঠা ৮-১৩

অধ্যয়নৰ লেখ ৭

‘কাণ পাতি জ্ঞানৱানবিলাকৰ কথা শুনক’

“কাণ পাতি জ্ঞানৱানবিলাকৰ কথা শুনা।”—হিতো. ২২:১৭.

গীত ১২৩ ঈশ্বৰৰ সংগঠনৰ নিয়মবোৰ হৃদয়ৰপৰা পালন কৰক

লেখৰ এক আভাসa

১. (ক) আমাক কেতিয়া পৰামৰ্শৰ প্ৰয়োজন হয়? (খ) আমি কিয় পৰামৰ্শ পালন কৰিব লাগে?

আমাক সকলোকে মাজে-সময়ে পৰামৰ্শৰ প্ৰয়োজন হয়। কেতিয়াবা কেতিয়াবা আমি নিজে আনৰপৰা পৰামৰ্শ বিচাৰোঁ আৰু কেতিয়াবা আন লোকসকলে আমাক পৰামৰ্শ দিয়ে। যেতিয়া কোনোবাই ধ্যান দিয়ে যে আমি কোনো ‘অপৰাধ’ অৰ্থাৎ ভুল পদক্ষেপ লʼবলৈ ওলাইছোঁ, তেতিয়া তেওঁ আমাক সতৰ্ক কৰে। (গালা. ৬:১) অথবা যেতিয়া আমি কোনো এটা ডাঙৰ ভুল কৰোঁ, তেতিয়া প্ৰাচীনে আমাক পৰামৰ্শ দি শুধৰণি কৰে। আমাক যিয়ে কাৰণৰ বাবে পৰামৰ্শ দিয়া হয়, আমি সেই সকলো পালন কৰা উচিত। এইদৰে কৰিলে আমাৰে লাভ হʼব আৰু আমাৰ জীৱন ৰক্ষা পৰিব।—হিতো. ৬:২৩.

২. হিতোপদেশ ১২:১৫ পদৰ অনুসৰি আমি কিয় পৰামৰ্শ পালন কৰা উচিত?

২ এই লেখৰ মূখ্য পদত আমাক ‘কাণ পাতি জ্ঞানৱানবিলাকৰ কথা শুনিবলৈ’ কোৱা হৈছে। (হিতো. ২২:১৭) এই জগতত এনে কোনো ব্যক্তি নাই, যিজনে সকলো কথা জানে। কোনোবা নহয় কোনোবা আমাতকৈ বেছি বুদ্ধিমান হয় বা তেওঁলোকৰ আমাতকৈ বেছি অভিজ্ঞতা আছে। (হিতোপদেশ ১২:১৫ পঢ়ক।) সেইবাবে, আমি যেতিয়া আনৰ পৰামৰ্শ পালন কৰোঁ, তেতিয়া ইয়াৰপৰা বুজিব পাৰি যে আমি নম্ৰ হওঁ। আমি নিজৰ সীমা বুজি পাওঁ আৰু আমি এয়াও জানো যে আনৰ সহায়ৰ অবিহনে আমি নিজৰ লক্ষ্য পাব নোৱাৰোঁ। বুদ্ধিমান ৰজা চলোমনে ঈশ্বৰৰ প্ৰেৰণাৰে এইদৰে লিখিছিল, “মন্ত্ৰীৰ বাহুল্যত সেয়ে সিদ্ধ হয়,” অৰ্থাৎ বহুতৰ পৰামৰ্শৰপৰা সফলতা পাব পাৰি।—হিতো. ১৫:২২.

ছবি: এজন ভায়ে চিন্তা কৰি আছে যে তেওঁ কি কি উপায়েৰে পৰামৰ্শ পাব পাৰে। ছবিখনৰ ওপৰত এখন বাইবেল খোলা আছে আৰু তাৰ তলত পৰামৰ্শ পোৱাৰ দুটা উপায়ৰ বিষয়ে কোৱা হৈছে। নিজকে নিজে: ১. ভাইজনে সভাত মনোযোগেৰে শুনি আছে; বাইবেল পঢ়ি আছে; JW ব্ৰʼডকাষ্টিং চাই আছে; এখন আলোচনী পঢ়ি আছে। ২. আনৰপৰা: এজন ভায়ে তেওঁৰ লগত কথা পাতি আছে আৰু নিজৰ টেবলেটৰপৰা কিবা দেখুৱাইছে; দুজন প্ৰাচীনে তেওঁক লগ কৰিবলৈ আহিছে।

কেনেধৰণৰ পৰামৰ্শ পালন কৰিবলৈ আপোনাক কঠিন লাগে? (অনুচ্ছেদ ৩, ৪ চাওক)

৩. আমি কি কি উপায়েৰে পৰামৰ্শ পাব পাৰোঁ?

৩ আমি দুটা উপায়েৰে পৰামৰ্শ পাব পাৰোঁ। প্ৰথম, বাইবেল বা কোনো প্ৰকাশন পঢ়াৰ সময়ত বা সভাৰ যোগেদি শিকাৰ সময়ত আমি গম পাওঁ যে আমাক নিজৰ জীৱনত শুধৰণি কৰাৰ প্ৰয়োজন আছে। ইয়াৰ পাছত তাৰ অনুসৰি আমি নিজৰ চিন্তাধাৰা আৰু কাম সলনি কৰোঁ। (ইব্ৰী. ৪:১২) দ্বিতীয়তে, আমি কোনটো দিশত সলনি কৰাৰ প্ৰয়োজন আছে, তাৰ বিষয়ে প্ৰাচীন আৰু আন অভিজ্ঞ ভাই-ভনীয়ে আমাক জনাব পাৰে। ভাই-ভনীসকলে আমাক প্ৰেম কৰাৰ বাবে বাইবেলৰপৰা পৰামৰ্শ দিয়ে। সেইবাবে, আমি তেওঁলোকৰ প্ৰতি কৃতজ্ঞ হোৱা উচিত আৰু তেওঁলোকৰ পৰামৰ্শ পালন কৰা উচিত।

৪. উপদেশক ৭:৯ পদৰ অনুসৰি পৰামৰ্শ পালে আমি কি কৰিব নালাগে?

৪ যেতিয়া কোনোবাই আমাক পৰামৰ্শ দিয়ে, তেতিয়া হয়তো আমাক সেইবোৰ পালন কৰিবলৈ কঠিন লাগিব পাৰে আৰু আমাক হয়তো বেয়াও লাগিব পাৰে। এইদৰে কিয় হয় বাৰু? আমি জানো যে আমি অসিদ্ধ হওঁ আৰু আমাৰপৰা ভুল হয়। তথাপি যেতিয়া কোনোবাই আমাক আমাৰ ভুলৰ বিষয়ে জনাই আৰু সেই ভুল শুধৰণি কৰিবলৈ পৰামৰ্শ দিয়ে, তেতিয়া আমাক ভাল নালাগে। (উপদেশক ৭:৯ পঢ়ক) আমি হয়তো অজুহাত দেখুৱাব পাৰোঁ, পৰামৰ্শ দিয়া ব্যক্তিজনৰ উদ্দেশ্যৰ ওপৰত সন্দেহ কৰিব পাৰোঁ বা তেওঁ যিধৰনে আমাক পৰামৰ্শ দিয়ে, সেয়া আমাক ভাল নালাগিব পাৰে। আমি হয়তো সেই ব্যক্তিজনৰ ভুলবোৰ বিচাৰিব ধৰোঁ আৰু আমি ভাবিব পাৰোঁ যে ‘তেওঁ মোক পৰামৰ্শ দিয়াৰ কি অধিকাৰ আছে।’ ইয়াৰ পাছত আমি হয়তো সেই ব্যক্তিজনৰ পৰামৰ্শ আওকাণ কৰি দিওঁ বা আমি বিচৰাৰ মতে কথা কোৱা ব্যক্তিজনৰপৰা পৰামৰ্শ লওঁ।

৫. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

৫ এই লেখত আমি বাইবেলৰপৰা দুই ধৰণৰ ব্যক্তিৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে, যিসকলে পৰামৰ্শ পালন কৰিছিল আৰু দ্বিতীয়তে, যিসকলে পালন কৰা নাছিল। আমি এয়াও শিকিম যে পৰামৰ্শ পালন কৰিবলৈ আমি কি কৰা উচিত আৰু এইদৰে কৰিলে কি লাভ হʼব।

তেওঁলোকে পৰামৰ্শ পালন নকৰিলে

৬. (ক) যেতিয়া ৰহবিয়ামক পৰামৰ্শ দিয়া হৈছিল, তেতিয়া তেওঁ কি কৰিলে? (খ) এই ঘটনাৰপৰা আমি কি শিকিব পাৰোঁ?

৬ আহক ৰহবিয়ামৰ উদাহৰণলৈ মন কৰোঁ। যেতিয়া তেওঁ ইস্ৰায়েলৰ ৰজা হʼল, তেতিয়া কিছুমান লোকে এটা অনুৰোধ কৰিবলৈ তেওঁৰ ওচৰলৈ আহিছিল। ৰহবিয়ামৰ পিতৃ চলোমনে তেওঁলোকৰ ওপৰত যি বোজা দিছিল, সেয়া অলপ কম কৰিবলৈ তেওঁলোকে ৰহবিয়ামক কৈছিল। ৰহবিয়ামে বুদ্ধিমতাৰে কাম কৰিলে। তেওঁ ইস্ৰায়েলৰ বৃদ্ধসকলৰপৰা পৰামৰ্শ লʼলে। সেই বৃদ্ধলোকসকলে লোকসকলৰ কথা মানি লʼবলৈ ৰহবিয়ামক কৈছিল, কিয়নো তেতিয়াহে লোকসকলে সদায় তেওঁৰ সেৱক হৈ থাকিব। (১ ৰাজা. ১২:৩-৭) কিন্তু ৰহবিয়ামক হয়তো তেওঁলোকৰ পৰামৰ্শ ভাল লগা নাছিল। সেইবাবে, তেওঁৰ লগত ডাঙৰ-দীঘল হোৱা লোকসকলৰপৰা পৰামৰ্শ বিচাৰিছিল। তেওঁলোকৰ বয়স প্ৰায় ৪০ বছৰ আছিল, সেইবাবে তেওঁলোকৰ ইমান অভিজ্ঞতা নাছিল। (২ বং. ১২:১৩) কিন্তু সেইসময়ত তেওঁলোকে ভুল পৰামৰ্শ দিলে। তেওঁলোকে লোকসকলৰ বোজা বঢ়াই দিবলৈ পৰামৰ্শ দিলে। (১ ৰাজা. ১২:৮-১১) ৰহবিয়ামে দুটা বেলেগ বেলেগ পৰামৰ্শ পাইছিল। তেওঁ বিচৰা হʼলে ইয়াৰ বিষয়ে যিহোৱাৰপৰা পৰামৰ্শ লʼব পাৰিলেহেঁতেন। কিন্তু তেওঁ এইদৰে কৰাৰ পৰিৱৰ্তে নিজৰ বন্ধুসকলৰ কথা শুনিলে। কাৰণ তেওঁলোকৰ পৰামৰ্শ ৰহবিয়ামক ভাল লাগিছিল। এইদৰে কৰাৰ বাবে ৰজা আৰু প্ৰজা সকলোৰে হানি হʼল। ঠিক সেইদৰে হয়তো আমাক ভাল লগা পৰামৰ্শ আমি নাপাবও পাৰোঁ। কিন্তু সেই পৰামৰ্শ যদি বাইবেলৰপৰা হয়, তেনেহʼলে আমি সেইবোৰ পালন কৰা উচিত।

৭. (ক) ৰজা উজ্জিয়াই কি কৰিলে? (খ) এই ঘটনাৰপৰা আমি কি শিকিব পাৰোঁ?

৭ ৰজা উজ্জিয়াও পৰামৰ্শ পালন নকৰিলে। তেওঁ ধূপ জ্বলাবলৈ যিহোৱাৰ মন্দিৰত সোমাইছিল। যিহোৱাৰ পুৰোহিতসকলে তেওঁক এইদৰে কৈছিল, ‘যিহোৱাৰ উদ্দেশে ধূপ জ্বলোৱা আপোনাৰ অধিকাৰ নাই, পুৰোহিতবিলাকৰহে অধিকাৰ’ আছে। সেই সময়ত উজ্জিয়াই কি কৰিলে? তেওঁ নম্ৰ হোৱা হʼলে পুৰোহিতসকলৰ পৰামৰ্শ পালন কৰি লগে লগে তাৰপৰা ওলাই গʼলেহেঁতেন। তেওঁ এইদৰে কৰিলে যিহোৱাই তেওঁক ক্ষমা কৰি দিলেহেঁতেন। কিন্তু উজ্জিয়াৰ পুৰোহিতবিলাকৰ ওপৰত “বৰ খং উঠিল।” উজ্জিয়াই তেওঁলোকৰ পৰামৰ্শ কিয় পালন নকৰিলে? হয়তো তেওঁ ভাবিছিল যে তেওঁ ৰজা হয় আৰু তেওঁৰ যি মন যায় তাকে কৰিব পাৰে। কিন্তু যিহোৱাৰ দৃষ্টিত তেওঁৰ চিন্তাধাৰা একেবাৰে ভুল আছিল। সেইবাবে, যিহোৱাই উজ্জিয়াৰ অহংকাৰৰ বাবে তেওঁক কুষ্ঠ ৰোগ দিলে আৰু তেওঁ “মৰণৰ দিনলৈকে কুষ্ঠৰোগী হৈ থাকিল।” (২ বং. ২৬:১৬-২১) এই ঘটনাৰপৰা আমি শিকোঁ যে সংগঠনে আমাক যিয়ে দায়িত্ব নিদিয়ক কিয়, যদি আমি বাইবেলৰপৰা পোৱা পৰামৰ্শ পালন নকৰোঁ, তেনেহʼলে আমি যিহোৱাৰপৰা পোৱা অনুমোদন হেৰুৱাম।

তেওঁলোকে পৰামৰ্শ পালন কৰিলে

৮. ইয়োবে পৰামৰ্শ পোৱাৰ সময়ত কি কৰিলে?

৮ বাইবেলত এনে কিছুমান লোকৰ উদাহৰণ আছে, যিসকলে পৰামৰ্শ পালন কৰিলে আৰু আশীৰ্বাদ লাভ কৰিলে। তেওঁলোকৰ মাজৰ এজন হৈছে ইয়োব। যদিও তেওঁ যিহোৱাক বহুত প্ৰেম কৰিছিল আৰু তেওঁক আনন্দিত কৰিব বিচাৰিছিল, কিন্তু তেওঁ সিদ্ধ নাছিল। সেইবাবে, যেতিয়া তেওঁৰ ওপৰত এটাৰ পাছত এটা সমস্যা আহিল, তেতিয়া তেওঁ এনে কথা কৈছিল যাৰপৰা বুজিব পাৰি যে তেওঁৰ চিন্তাধাৰা সঠিক নহয়। যেতিয়া ইলীহু আৰু যিহোৱাই তেওঁক পৰামৰ্শ দিছিল, সেইসময়ত ইয়োবে কি কৰিলে? তেওঁ নম্ৰ আছিল, সেইবাবে পৰামৰ্শ পালন কৰিলে। তেওঁ এইদৰে কৈছিল, ‘মই নুবুজাকৈ কথা কলোঁ, . . . এই হেতুকে মই নিজকে ঘিণাইছোঁ, ধূলি আৰু ছাইত বহি খেদ কৰিছোঁ।’ ইয়োব নম্ৰ আছিল, সেইবাবে যিহোৱাই তেওঁক বহুতো আশীৰ্বাদ দিলে।—ইয়ো. ৪২:৩-৬, ১২-১৭.

৯. (ক) মোচিয়ে পৰামৰ্শ পোৱাৰ পাছত কি কৰিলে? (খ) তেওঁৰপৰা আমি কি শিকিব পাৰোঁ?

৯ কোনো ডাঙৰ ভুল কৰাৰ পাছত যেতিয়া আমাক পৰামৰ্শ দিয়া হয়, তেতিয়া আমি সেই পৰামৰ্শ পালন কৰা উচিত। এই ক্ষেত্ৰত মোচিয়ে এটা ভাল উদাহৰণ ৰাখিলে। এবাৰ তেওঁ খঙত যিহোৱাৰ ইচ্ছা পূৰ নকৰিলে। সেইবাবে, যিহোৱাই তেওঁক প্ৰতিজ্ঞা কৰা দেশত যাবলৈ নিদিলে। (গণ. ২০:১-১৩) যিহোৱাই যাতে নিজৰ নিৰ্ণয় সলনি কৰি দিয়ে, তাৰ বাবে মোচিয়ে যিহোৱালৈ মিনতি কৰিলে। কিন্তু যিহোৱাই তেওঁক এইদৰে কৈছিল, “এই বিষয়ে আৰু মোক কথা নকবা।” (দ্বিতী. ৩:২৩-২৭) যিহোৱাৰ কথা শুনি তেওঁ খং কৰা নাছিল। তেওঁ যিহোৱাৰ নিৰ্ণয় মানিলে আৰু যিহোৱাই তেওঁক ইস্ৰায়েলৰ নেতৃত্ব লʼবলৈ দায়িত্ব দিলে। (দ্বিতী. ৪:১) ইয়োব আৰু মোচি দুয়োজনে পৰামৰ্শ পালন কৰাৰ ক্ষেত্ৰত এটা ভাল উদাহৰণ ৰাখিলে। ইয়োবে অজুহাত দেখুৱা নাছিল, ইয়াৰ পৰিৱৰ্তে তেওঁ নিজৰ চিন্তাধাৰা সলনি কৰিলে। প্ৰতিজ্ঞা কৰা দেশত যাবলৈ মোচিৰ বৰ মন আছিল। কিন্তু এই সুযোগ হেৰুৱাৰ সত্ত্বেও তেওঁ মৃত্যুলৈকে যিহোৱাৰ বিশ্বাসী হৈ থাকিল।

১০. (ক) হিতোপদেশ ৪:১০-১৩ পদত পৰামৰ্শ পালন কৰাৰ কি কি লাভৰ বিষয়ে কোৱা হৈছে? (খ) কিছুমান ভাই-ভনীয়ে পৰামৰ্শ পোৱাৰ সময়ত কি কৰিলে?

১০ যেতিয়া আমি মোচি আৰু ইয়োবৰ নিচিনা বিশ্বাসী লোকসকলৰ দৰে পৰামৰ্শ পালন কৰোঁ, তেতিয়া আমাৰ লাভ হয়। (হিতোপদেশ ৪:১০-১৩ পঢ়ক) বহুতো ভাই-ভনীয়ে এইদৰে কৰিলে। কংগোৰ ভাই ইমানুৱেলে কি কৰিলে তালৈ মন কৰক। তেওঁ এইদৰে কৈছে, “মোৰ মণ্ডলীৰ কিছুমান ভায়ে ধ্যান দিলে যে মই এনে কাম কৰিবলৈ লৈছিলোঁ, যাৰপৰা যিহোৱাৰ লগত থকা মোৰ সম্পৰ্ক নাইকিয়া হʼলহেঁতেন। সেইবাবে, তেওঁলোকে মোক সহায় কৰিলে। তেওঁলোকে দিয়া পৰামৰ্শ মই পালন কৰিলোঁ আৰু বহুতো সমস্যাৰপৰা বাচিব পাৰিলোঁ।”b কানাডাত সেৱা কৰা ভনী মেগনে এইদেৰ কৈছে, “যদিও বহুতো পৰামৰ্শ মোক ভাল নালাগে কিন্তু সেই পৰামৰ্শ মোৰ ভালৰ বাবে হয়।” ক্ৰয়েছিয়াৰ ভাই মাৰ্কই এইদৰে কৈছে, “মোৰ দায়িত্ব লৈ লোৱাৰ বাবে মোক বহুত দুখ লাগিছিল। কিন্তু মোৰ অনুভৱ হʼল যে সেইসময়ত মোক যি পৰামৰ্শ দিয়া হʼল তাৰপৰা মই যিহোৱাৰ লগত থকা সম্পৰ্ক পুনৰ গঢ়ি তুলিব পাৰিলোঁ।”

১১. পৰামৰ্শ পালন কৰাৰ বিষয়ে ভাই কাৰ্ল ক্লাইনে কি কʼলে?

১১ ভাই কাৰ্ল ক্লাইন প্ৰশাসন গোষ্ঠীৰ এজন সদস্য আছিল। তেওঁ পৰামৰ্শ পালন কৰি বহুত লাভৱান হʼল। নিজৰ জীৱন কাহিনীত তেওঁ কৈছিল যে তেওঁ আৰু ভাই যোচেফ এফ. ৰাডাৰফৰ্ড ভাল বন্ধু আছিল। কিন্তু এদিনাখন ভাই ৰাডাৰফৰ্ডে তেওঁক কিবা এটা কথাৰ বাবে কঠোৰভাবে পৰামৰ্শ দিছিল। ভাই কাৰ্লক তেওঁৰ কথা ভাল নালাগিল। তেওঁ এইদৰে কৈছে, “তাৰ পাছত যেতিয়া ভাই ৰাডাৰফৰ্ডে মোক দেখিলে, তেতিয়া তেওঁ মোক আনন্দেৰে কʼলে, ‘হেল্ল’ কাৰ্ল!’ কিন্তু মই এতিয়াও খঙত আছিলোঁ। সেইবাবে, মই তেওঁক মাতিম নামাতিমকৈ উত্তৰ দিলোঁ। তেওঁ এইদৰে কৈছিল, ‘কাৰ্ল সাৱধান হোৱা, চয়তান তোমাৰ পাছে পাছে আছে।’ লাজ পাই মই তেওঁ এইদৰে কʼলোঁ, ‘নহয় ভাই মই আপোনাক খং কৰা নাই।’ কিন্তু মই খং কৰিছোঁ বুলি তেওঁ ভালদৰে জানিছিল। সেইবাবে, তেওঁ আকৌ কʼলে, ‘ঠিক আছে, তথাপিও সাৱধান হোৱা চয়তান তোমাৰ পাছে পাছে আছে।’ ভাই ৰাডাৰফৰ্ডে ঠিকেই কৈছিল যে যেতিয়া এজন ভায়ে আমাক কিবা কয় বিশেষকৈ এনে কথা কয়, যি কথা কোৱাৰ তেওঁৰ সম্পূৰ্ণ অধিকাৰ আছে . . . আৰু আমি সেই ভাইজনৰ প্ৰতি নিজৰ হৃদয়ত খং পুহি ৰাখোঁ, তেনেহʼলে আমি নিজকে চয়তানৰ ফান্দত পেলাও।”c (ইফি. ৪:২৫-২৭) ভাই কাৰ্লে ভাই ৰাডাৰফৰ্ডৰ কথা মানিলে আৰু তেওঁলোকে সদায় বন্ধু হৈ থাকিল।

পৰামৰ্শ পালন কৰিবলৈ আমি কি কৰা উচিত?

১২. পৰামৰ্শ পালন কৰিবলৈ কিয় নম্ৰ হৈ থকাটো প্ৰয়োজন? (গীতমালা ১৪১:৫)

১২ পৰামৰ্শ পালন কৰিবলৈ আমি কি কৰা উচিত? আমি নম্ৰ হোৱা উচিত আৰু মনত ৰখা উচিত যে আমি সকলোৱে অসিদ্ধ হোৱাৰ বাবে বহুবাৰ নভবা-নিচিন্তাকৈ কিছুমান কাম কৰি দিওঁ। আমি শিকিলোঁ যে ইয়োবৰ চিন্তাধাৰা ভুল আছিল, কিন্তু পাছত তেওঁ নিজৰ চিন্তাধাৰা শুধৰণি কৰিলে আৰু যিহোৱাই তেওঁক বহুতো আশীৰ্বাদ দিলে। তেওঁ কিয় নিজৰ চিন্তাধাৰা সলনি কৰিব পাৰিলে? কিয়নো তেওঁ নম্ৰ আছিল, সেইবাবে ইলীহু যদিও বয়সত তেওঁতকৈ সৰু আছিল, তথাপি তেওঁ ইলীহুৰ কথা মানিব পাৰিলে। (ইয়ো. ৩২:৬, ৭) বহুবাৰ আমাক হয়তো লাগিব পাৰে যে আমাক বিনা কাৰণতে পৰামৰ্শ দিয়া হৈছে বা হয়তো এনে এজন ব্যক্তিয়ে আমাক পৰামৰ্শ দিয়ে, যিজন বয়সত আমাতকৈ সৰু হয়। এনে পৰিস্থিতি যদি আমি নম্ৰ হওঁ, তেনেহʼলে আমি পৰামৰ্শ পালন কৰিব পাৰিম। কানাডাৰ এজন প্ৰাচীনে এইদৰে কৈছে, “আনৰ পৰামৰ্শ নোলোৱাকৈ আমি উন্নতি কৰিব নোৱাৰিম।” ভাইজনে কোৱা কথাষাৰ সঁচা হয়। আমি সকলোৱে উন্নতি কৰিব লাগে, পবিত্ৰ আত্মাৰ গুণ বঢ়াব লাগে আৰু এজন ভাল প্ৰচাৰক আৰু শিক্ষক হʼব লাগে। ইয়াৰ বাবে আমাক পৰামৰ্শৰ প্ৰয়োজন হয়।—গীতমালা ১৪১:৫ পঢ়ক।

১৩. আমি পৰামৰ্শৰ বিষয়ে কি কথা মনত ৰখা উচিত?

১৩ আমি মনত ৰখা উচিত যে পৰামৰ্শ ঈশ্বৰৰ প্ৰেমৰ প্ৰমাণ হয়। যিহোৱাই সদায় আমাৰ ভাল হোৱাটো বিচাৰে। (হিতো. ৪:২০-২২) তেওঁ আমাক বহুত প্ৰেম কৰে। সেইবাবে, তেওঁ বাইবেল, প্ৰকাশন আৰু আন ভাই-ভনীসকলৰ যোগেদি আমাক পৰামৰ্শ দিয়ে। তেওঁ ‘আমাৰ হিতৰ কাৰণে শাস্তি দিয়ে।’—ইব্ৰী ১২:৯, ১০.

১৪. যেতিয়া আমাক পৰামৰ্শ দিয়া হয়, তেতিয়া আমি কি কথাৰ প্ৰতি ধ্যান দিয়া উচিত?

১৪ আমি পৰামৰ্শৰ ওপৰত ধ্যান দিয়া উচিত, পৰামৰ্শ কেনেকৈ দিয়া হৈছে তালৈ নহয়। বহুবাৰ হয়তো আমাক লাগিব পাৰে যে আমাক যিদৰে পৰামৰ্শ দিয়া হৈছে, সেয়া সঠিক নহয়। এয়া সঁচা যে যিজন ব্যক্তিয়ে পৰামৰ্শ দিয়ে, তেওঁ এইদৰে পৰামৰ্শ দিয়া উচিত যাতে আন ব্যক্তিজনৰ সেই পৰামৰ্শ পালন কৰিবলৈ সহজ হয়।d (গালা. ৬:১) কিন্তু আমাক যদি পৰামৰ্শ দিয়া হৈছে, তেনেহʼলে আমাক কি কোৱা হৈছে, আমি তালৈ ধ্যান দিয়া উচিত। আমি নিজকে এইদৰে প্ৰশ্ন সুধিব পাৰোঁ, ‘যদিও তেওঁ মোক যিদৰে পৰামৰ্শ দিলে, সেয়া মোক ভাল নালাগিলে, কিন্তু তেওঁৰ কথা সঁচা হয়নে? মই তেওঁৰ ভুলবোৰ আওকান কৰি পৰামৰ্শ পালন কৰিব পাৰোঁনে?’ আমি পৰামৰ্শ পালন কৰিবলৈ চেষ্টা কৰাটোৱে বুদ্ধিমানৰ কাম হʼব।—হিতো. ১৫:৩১.

পৰামৰ্শ লওক আৰু লাভৱান হওক

১৫. আমি কিয় আনৰপৰা পৰামৰ্শ লোৱা উচিত?

১৫ আমি নিজে আগবাঢ়ি আহি আনৰপৰা পৰামৰ্শ লʼবলৈ বাইবেলে আমাক উৎসাহিত কৰে। হিতোপদেশ ১৩:১০ পদত লিখা আছে, বহুতৰ ‘পৰামৰ্শ লোৱাবিলাকৰ লগত প্ৰজ্ঞা থাকে।’ এই কথা কিমান সঁচা হয়! যিসকল লোকে আনৰপৰা পৰামৰ্শ লয়, তেওঁলোকে আৰু ভালদৰে নিৰ্ণয় লʼব পাৰে আৰু যিহোৱাৰ সেৱা বেছিকৈ কৰিব পাৰে। সেইবাবে, নিজেই আগবাঢ়ি আনৰপৰা পৰামৰ্শ লওক। আনে আপোনাক পৰামৰ্শ দিব বুলি আপুনি অপেক্ষা নকৰিব।

ছবি: ১. এজনী যুৱতী ভনীয়ে অনলাইনত বজাৰ কৰি আছে। তাই ফোনত এনে এযোৰ কাপোৰ চাই আছে, যিটো শৰীৰত একেবাৰে লাগি ধৰিছে। ২. ইয়াৰ পাছত তাই সেই কাপোৰ যোৰ এগৰাকী বৃদ্ধ ভনীক দেখুৱাইছে।

এজনী যুৱতী ভনীয়ে বৃদ্ধ ভনীৰপৰা কিয় পৰামৰ্শ লৈছে? (অনুচ্ছেদ ১৬ চাওক)

১৬. আমি কি কি পৰিস্থিতিত আনৰপৰা পৰামৰ্শ লʼব পাৰোঁ?

১৬ আমি ভাই-ভনীসকলৰপৰা কেতিয়া পৰামৰ্শ লʼব পাৰোঁ? আহক কিছুমান পৰিস্থিতিলৈ মন কৰোঁ। (১) এজনী ভনীয়ে অভিজ্ঞ প্ৰচাৰকজনক নিজৰ বাইবেল অধ্যয়নলৈ মাতে। অধ্যয়নৰ পাছত তাই অভিজ্ঞ প্ৰচাৰকজনক সোধে যে তাই আৰু ভালদৰে কেনেকৈ শিকাব পাৰে? (২) এজনী অবিবাহিতা ভনীয়ে কাপোৰ কিনিব বিচাৰিছে, কিন্তু ইয়াৰ আগতে তাই এগৰাকী অভিজ্ঞ ভনীৰ মতামত লয়। (৩) এজন ভায়ে প্ৰথমবাৰ জনভাষণ দিব, তেওঁ এজন অভিজ্ঞ ভাইক তেওঁৰ ভাষণ শুনিবলৈ কয় আৰু তেওঁ কি কি বিষয়ত শুধৰণি কৰাৰ প্ৰয়োজন আছে, সেয়া জনাবলৈ কয়। যিজন ভাই বহুবছৰৰপৰা ভাষণ দি আছে, তেৱোঁ ভাল বক্তাসকলৰপৰা পৰামৰ্শ লʼব পাৰে আৰু তেওঁলোকৰ পৰামৰ্শ মানিব পাৰে।

১৭. পৰামৰ্শ পালন কৰিলে আমাৰ কি লাভ হʼব?

১৭ আহিবলগীয়া সময়ত আমি কিবা নহয় কিবা উপায়েৰে পৰামৰ্শ লাভ কৰিম। যেতিয়া আমি পৰামৰ্শ পাম, তেতিয়া এই লেখত শিকা সকলো কথা আমি মনত ৰখা উচিত। যেনে, আমি নম্ৰ হোৱা উচিত। আমি পৰামৰ্শলৈ ধ্যান দিয়া উচিত, পৰামৰ্শ কেনেকৈ দিয়া হৈছে তালৈ নহয়। আমাক যিয়ে পৰামৰ্শ দিয়া হয়, তাক পালন কৰা উচিত। আমাৰ মাজৰ কোনেও জন্মৰেপৰা বুদ্ধিমান বা জ্ঞানী নহয়। বাইবেলত এইদৰে লিখা আছে, আমি “জ্ঞানী হবৰ নিমিত্তে, পৰামৰ্শ শুনা, আৰু শিক্ষা গ্ৰহন কৰা” উচিত।—হিতো. ১৯:২০.

আপুনি কেনেকৈ উত্তৰ দিব?

  • যিসকল লোকে পৰামৰ্শ পালন কৰা নাছিল, তেওঁলোকৰপৰা আমি কি শিকিব পাৰোঁ?

  • যিসকল লোকে পৰামৰ্শ পালন কৰিলে, তেওঁলোকৰপৰা আমি কি শিকিব পাৰোঁ?

  • পৰামৰ্শ পালন কৰিবলৈ আমি কি কৰা উচিত?

গীত ১২৪ সদায় নিষ্ঠাৱান

a যিহোৱাৰ লোকসকলে জানে যে বাইবেলৰপৰা পোৱা পৰামৰ্শ পালন কৰা কিমান গুৰুত্বপূৰ্ণ। কিন্তু এইদৰে কৰাটো সদায় সহজ নহয়। ইয়াৰ কি কি কাৰণ হʼব পাৰে? কি কি কথা মনত ৰাখিলে আমি পৰামৰ্শ পালন কৰিব পাৰিম?

b কিছুমান নাম সলনি কৰা হৈছে।

c অক্টোবৰ ১, ১৯৮৪ চনৰ প্ৰহৰীদুৰ্গৰ (ইংৰাজী) ২১-২৮ পৃষ্ঠা পঢ়ক।

d পৰৱৰ্তী লেখত আমি আলোচনা কৰিম যে পৰামৰ্শ দিয়া ব্যক্তিজনে কেনেকৈ ভাবি-চিন্তি আৰু প্ৰেমেৰে পৰামৰ্শ দিব পাৰে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক