ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w25 জুলাই পৃষ্ঠা ৮-১৩
  • ভাল পৰামৰ্শ কেনেকৈ দিম?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ভাল পৰামৰ্শ কেনেকৈ দিম?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • যেতিয়া কোনোবাই আমাৰ পৰা পৰামৰ্শ বিচাৰে
  • যেতিয়া নিজেই আগবাঢ়ি গৈ পৰামৰ্শ দিবলগীয়া হয়
  • সঠিক সময়ত আৰু সঠিক উপায়েৰে পৰামৰ্শ দিয়ক
  • পৰামৰ্শ দিবলৈ আৰু শুনিবলৈ কেতিয়াও সংকোচ নকৰিব
  • আনৰ পৰামৰ্শ কিয় লোৱা উচিত?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • “প্ৰাচীনসকলক মাতক”
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • আপোনাৰ পৰামৰ্শই আনৰ “মনক আনন্দিত” কৰেনে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • ‘কাণ পাতি জ্ঞানৱানবিলাকৰ কথা শুনক’
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
w25 জুলাই পৃষ্ঠা ৮-১৩

অধ্যয়নৰ লেখ ২৯

গীত নং ৮৭ আহা! সতেজ হোৱা

ভাল পৰামৰ্শ কেনেকৈ দিম?

“তোমাৰ ওপৰত মই দৃষ্টি ৰাখি পৰামৰ্শ দিম।”—গীত. ৩২:৮.

কি শিকিম?

আমি আনক এনে পৰামৰ্শ কেনেকৈ দিব পাৰিম, যাৰ পৰা তেওঁলোকে লাভৱান হʼব পাৰে?

১. পৰামৰ্শ দিয়াৰ দায়িত্ব কাৰ হয় আৰু কিয়?

আপুনি আনক পৰামৰ্শ দি ভাল পায়নে? বহুতো লোকে আনক পৰামৰ্শ দি ভাল পায়, কিন্তু কিছুমান লোকে সংকোচ কৰে। কাৰণ তেওঁলোকে বুজি নাপায় যে আনক কি কʼব আৰু কেনেকৈ কʼব। যি কি নহওক আনক পৰামৰ্শ দিয়াটো আমাৰ সকলোৰে দায়িত্ব হয়। কিয় বাৰু? কাৰণ যীচুৱে কৈছিল যে যেতিয়া আমি এজনে-আনজনক প্ৰেম কৰিম, তেতিয়া ইয়ে দেখুৱাব যে আমি প্ৰকৃত খ্ৰীষ্টান হওঁ। (যোহ. ১৩:৩৫) ভাই-ভনীসকলক প্ৰেম দেখুৱাৰ এটা উপায় হৈছে প্ৰয়োজন হোৱাৰ সময়ত তেওঁলোকক পৰামৰ্শ দিয়া। আনকি ঈশ্বৰৰ বাক্যটো লিখা আছে যে ‘আন্তৰিক পৰামৰ্শ’ দিলে বন্ধুত্ব মজবুত হয়।—হিতো. ২৭:৯.

২. প্ৰাচীনসকলে কি কৰাৰ যোগ্য হোৱা উচিত আৰু কিয়? (“সপ্তাহৰ মাজত হোৱা সভাত পৰামৰ্শ দিয়া” নামৰ বক্সখনো চাওক।)

২ বিশেষকৈ প্ৰাচীনসকলে আনক ভালদৰে পৰামৰ্শ দিয়াৰ যোগ্য হোৱাটো অতি প্ৰয়োজন। কাৰণ যিহোৱাই যীচুৰ যোগেদি তেওঁলোকক মণ্ডলীক ৰখীয়াৰ দৰে চোৱা-চিতা কৰাৰ দায়িত্ব দিছে। (১ পিত. ৫:২, ৩) তেওঁলোকে এয়া বহুতো উপায়েৰে কৰে। তাৰে মাজৰ এটা উপায় হৈছে, তেওঁলোকে নিজৰ ভাষণৰ যোগেদি মণ্ডলীক বাইবেল আধাৰিত পৰামৰ্শ দিয়ে। যদি প্ৰয়োজন হয়, তেনেহʼলে তেওঁলোকে ভাই-ভনীসকলক ব্যক্তিগতভাৱে পৰামৰ্শ দিয়ে আৰু যিসকলে যিহোৱাৰ পৰা আঁতৰি গৈছে, তেওঁলোকক যিহোৱাৰ ওচৰলৈ আকৌ উভতি আহিবলৈও সহায় কৰে। গতিকে প্ৰাচীন আৰু আমি সকলোৱে কেনেকৈ আনক ভাল পৰামৰ্শ দিব পাৰোঁ?

সপ্তাহৰ মাজত হোৱা সভাত চেয়াৰমেনে বিদ্যাৰ্থীৰ প্ৰশংসা কৰি আছে আৰু “পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক” ব্ৰচাৰখনৰ পৰা পৰামৰ্শ দি আছে।

সপ্তাহৰ মাজত হোৱা সভাত পৰামৰ্শ দিয়া

সপ্তাহৰ মাজত হোৱা সভাত চেয়াৰমেনে সেই ভাই-ভনীসকলক ভাল ভাল পৰামৰ্শ দিয়ে, যিসকলৰ সভাত বিদ্যাৰ্থীৰ ভাগ থাকে। যেতিয়া বিদ্যাৰ্থীয়ে নিজৰ ভাগ আগবঢ়ায়, তেতিয়া চেয়াৰমেনে মন কৰে যে তেওঁক যি গুণ বা বিষয়ত কাম কৰিবলগীয়া আছিল, সেই ক্ষেত্ৰত তেওঁ কিমান ভালদৰে কৰিছে।

বিদ্যাৰ্থীয়ে নিজৰ ভাগ আগবঢ়োৱাৰ পাছত চেয়াৰমেনে হৃদয়ৰ পৰা তেওঁৰ প্ৰশংসা কৰে। যদি প্ৰয়োজন হয়, তেনেহʼলে তেওঁ বিদ্যাৰ্থীক মৰমেৰে কিন্তু স্পষ্টকৈ জনাই যে তেওঁ নিজৰ শিকোৱাৰ দক্ষতা কেনেকৈ বঢ়াব পাৰে। তেওঁৰ পৰামৰ্শৰ পৰা কেৱল বিদ্যাৰ্থীয়ে নহয়, মণ্ডলীৰ সকলো ভাই-ভনীয়ে লাভৱান হয়।—হিতো. ২৭:১৭.

৩. (ক) আমি ভাল পৰামৰ্শ দিবলৈ কেনেকৈ শিকিব পাৰোঁ? (যিচয়া ৯:৬; “যীচুৰ দৰে পৰামৰ্শ দিয়ক” নামৰ বক্সখনো চাওক।) (খ) এই লেখত আমি কি শিকিম?

৩ ভালদৰে পৰামৰ্শ দিয়াৰ বিষয়ে আমি বাইবেলত উল্লেখ থকা লোকসকলৰ বিষয়ে অধ্যয়ন কৰি বহুতো কথা শিকিব পাৰোঁ, বিশেষকৈ যীচুৰ পৰা। তেওঁক বহুতো উপাধি দিয়া হৈছিল, তাৰে মাজৰ এটা উপাধি হৈছে, “আশ্চৰ্য পৰামৰ্শদাতা।” (যিচয়া ৯:৬, IRV পঢ়ক।) এই লেখত আমি শিকিম যে যেতিয়া কোনোবাই আমাৰ পৰা পৰামৰ্শ বিচাৰে, তেতিয়া আমি কি কৰিব পাৰোঁ। অথবা কোনোবাই যদি আমাৰ পৰা পৰামৰ্শ নিবিচাৰে, তথাপি আমি নিজেই আগবাঢ়ি গৈ পৰামৰ্শ দিবলগীয়া হয়, তেনেহʼলে আমি কি কৰিব পাৰোঁ। ইয়াৰ উপৰিও আমি এয়াও শিকিম যে সঠিক সময়ত আৰু সঠিক উপায়েৰে পৰামৰ্শ দিয়াটো কিয় গুৰুত্বপূৰ্ণ।

যীচুৰ দৰে পৰামৰ্শ দিয়ক

যীচুক কিয় “আশ্চৰ্য পৰামৰ্শদাতা” বুলি কোৱা হৈছে, তাৰ কিছুমান কাৰণলৈ মন কৰক আৰু এয়াও মন কৰক যে আমি কেনেকৈ তেওঁৰ দৰে পৰামৰ্শ দিব পাৰোঁ।

  • যীচুৱে জানিছিল যে তেওঁ কি কোৱা উচিত। তেওঁ সদায় জানিছিল যে কি কʼলে ভাল হʼব। সেইবাবে, তেওঁ যি পৰামৰ্শ দিছিল, সেইবোৰ নিজৰ ফালৰ পৰা নহয়, তাৰ পৰিৱৰ্তে ঈশ্বৰৰ চিন্তাধাৰৰ অনুসৰি আছিল। তেওঁ নিজৰ শিষ্যসকলক কৈছিল, “মই যিবোৰ কথা কওঁ, সেইবোৰ নিজৰ ফালৰ পৰা নকওঁ।”—যোহ. ১৪:১০.

    শিক্ষা: হয়তো আমাৰ বহুত অভিজ্ঞতা আছে আৰু আমি বহুতো কথা শিকিছোঁ। কিন্তু আমি মনত ৰখা উচিত যে আমি যি পৰামৰ্শ দিওঁ, সেইবোৰ আমাৰ চিন্তাধাৰাৰ অনুসৰি নহয়, ঈশ্বৰৰ বাক্যৰ ওপৰত আধাৰিত হোৱা উচিত।

  • যীচুৱে জানিছিল যে তেওঁ কেতিয়া পৰামৰ্শ দিয়া উচিত। তেওঁ নিজৰ শিষ্যসকলক সকলো কথা এবাৰতে জনাই দিয়া নাছিল। তাৰ পৰিৱৰ্তে শিষ্যসকলক পৰামৰ্শ দিবলৈ সঠিক সময়ৰ অপেক্ষা কৰিছিল আৰু তেওঁলোকে যিমান বুজি পাব পাৰে, সিমানে কথা জনাইছিল।—যোহ. ১৬:১২.

    শিক্ষা: যেতিয়া আমি কাৰোবাক পৰামৰ্শ দিওঁ, তেতিয়া যেতিয়ালৈকে আমাৰ “কথা কবৰ সময়” নাহে, তেতিয়ালৈকে অপেক্ষা কৰা উচিত। (উপ. ৩:৭) যদি আমি কাৰোবাক এবাৰতে বহুতো কথা জনাই দিওঁ, তেনেহʼলে আমি কি কʼব বিচাৰিছোঁ, সেয়া তেওঁ হয়তো বুজি নাপাব আৰু নিৰাশ হৈ পৰিব। গতিকে তেওঁৰ যিমান তথ্যৰ প্ৰয়োজন, আমি তেওঁক সিমানে জনোৱা উচিত।

  • যীচুৱে জানিছিল যে পৰামৰ্শ কেনেকৈ দিয়া উচিত। পাঁচনিসকলক নম্ৰ হʼবলৈ তেওঁ বাৰে বাৰে পৰামৰ্শ দিছিল, কিন্তু প্ৰতিবাৰে তেওঁলোকৰ লগত মৰমেৰে আৰু আদৰেৰে কথা পাতিছিল।—মথি ১৮:১-৫.

    শিক্ষা: যদি আমি একেটা বিষয়ত কাৰোবাক বাৰে বাৰে পৰামৰ্শ দিবলগীয়া হয়, তথাপি আমি তেওঁৰ লগত মৰমেৰে আৰু আদৰেৰে কথা পতা উচিত। যদি আমি এইদৰে কৰোঁ, তেনেহʼলে তেওঁ আমাৰ কথা পালন কৰিবলৈ উৎসাহিত হʼব।

যেতিয়া কোনোবাই আমাৰ পৰা পৰামৰ্শ বিচাৰে

৪-৫. যেতিয়া কোনোবাই আমাৰ পৰা পৰামৰ্শ বিচাৰে, তেতিয়া আমি কিবা কোৱাৰ আগতে কি চিন্তা কৰা উচিত? এটা উদাহৰণ দিয়ক।

৪ যেতিয়া কোনোবাই আমাৰ পৰা পৰামৰ্শ বিচাৰে, তেতিয়া আমাৰ বৰ ভাল লাগে আৰু আমি লগে লগে তেওঁক সহায় কৰিব বিচাৰোঁ। কিন্তু আমি অলপ সময় ৰৈ চিন্তা কৰা উচিত যে ‘মোৰ ওচৰত ইমান তথ্য আৰু অভিজ্ঞতা আছেনে, যাৰ বাবে মই তেওঁক ভাল পৰামৰ্শ দিব পাৰিম।’ কেতিয়াবা কেতিয়াবা এজন ব্যক্তিক সহায় কৰাৰ আটাইতকৈ ভাল উপায় হৈছে, তেওঁক কোনো পৰামৰ্শ নিদিয়া, তাৰ পৰিৱৰ্তে এনে এজন ব্যক্তিক বিচাৰিবলৈ সহায় কৰা যিজনে তেওঁক ভাল পৰামৰ্শ দিব পাৰে।

৫ খন্তেকৰ বাবে এটা উদাহৰণলৈ মন কৰক। ধৰি লওক, আপোনাৰ এজন বন্ধুৰ এটা ডাঙৰ বেমাৰ হৈছে। তেওঁ চিকিৎসাৰ বাবে বেলেগ বেলেগ পদ্ধতি বিচাৰি উলিয়াইছে আৰু আপোনাক সুধিছে যে আপোনাৰ মতে কোনটো চিকিৎসা ভাল হʼব। আপোনাক হয়তো সেই পদ্ধতিবিলাকৰ মাজৰ এটা পদ্ধতি ভাল লাগিছে। কিন্তু আপুনি কোনো ডাক্তৰ নহয় আৰু সেই বেমাৰ চিকিৎসা কৰাৰ আপুনি ট্ৰেইনিং লোৱা নাই। এনে পৰিস্থিতিত কি কৰিলে ভাল হʼব? আপুনি তেওঁক কোনো পৰামৰ্শ দিয়াৰ পৰিৱৰ্তে এনে এজন ব্যক্তিক বিচাৰিবলৈ সহায় কৰিব পাৰে, যিজনে তেওঁৰ ভালদৰে চিকিৎসা কৰিব পাৰে।

৬. কাৰোবাক পৰামৰ্শ দিয়াৰ আগতে অলপ অপেক্ষা কৰাটো কিয় ভাল?

৬ হয়তো আমাৰ অনুভৱ হʼব পাৰে যে আমি কোনো এটা বিষয়ত ভালদৰে পৰামৰ্শ দিব পাৰিম। তথাপি কাৰোবাক পৰামৰ্শ দিয়াৰ আগতে আমি অলপ সময় অপেক্ষা কৰা উচিত। কিয় বাৰু? হিতোপদেশ ১৫:২৮ পদত লিখা আছে, “ধাৰ্ম্মিকৰ মনে উত্তৰ দিবৰ নিমিত্তে চিন্তা কৰে।” কিন্তু আমাৰ যদি অনুভৱ হয় যে তেওঁক কি উত্তৰ দিব লাগে, তাৰ বিষয়ে মই ভালদৰে জানোঁ, তেনেহʼলে আমি কি কৰিব পাৰোঁ? এনে পৰিস্থিতিতো আমি অলপ সময় ৰৈ প্ৰাৰ্থনা কৰা উচিত, অনুসন্ধান কৰা উচিত আৰু ভালদৰে চিন্তা কৰা উচিত যে আমি তেওঁক কি কʼম। তেতিয়া আমাৰ বিশ্বাস হʼব যে আমি তেওঁক যি পৰামৰ্শ দিম, সেয়া যিহোৱাৰ ইচ্ছাৰ অনুসৰি হয়। এই ক্ষেত্ৰত আমি ভৱিষ্যবক্তা নাথনৰ পৰা এক গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰিব পাৰোঁ।

৭. ভৱিষ্যবক্তা নাথনৰ পৰা আপুনি কি শিকিলে?

৭ এবাৰ যেতিয়া দায়ূদে ভৱিষ্যবক্তা নাথনক কʼলে যে তেওঁ যিহোৱাৰ বাবে মন্দিৰ বনাব বিচাৰিছে, তেতিয়া নাথনে তেওঁ মন্দিৰ বনাব পাৰে বুলি লগে লগে পৰামৰ্শ দিলে। কিন্তু নাথনে প্ৰথমে ইয়াৰ বিষয়ে যিহোৱাক সোধাৰ প্ৰয়োজন আছিল। কিয় বাৰু? কাৰণ দায়ূদে মন্দিৰ বনোৱাটো যিহোৱাই বিচৰা নাছিল। (১ বং. ১৭:১-৪) ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? যেতিয়া কোনোবাই আমাৰ পৰা পৰামৰ্শ বিচাৰে, তেতিয়া আমি ‘কʼবলৈ খৰ-খেদা কৰা’ উচিত নহয়।—যাকো. ১:১৯.

৮. কাৰোবাক পৰামৰ্শ দিয়াৰ আগতে আমি কিয় গভীৰভাৱে চিন্তা কৰা উচিত, তাৰ আৰু এটা কাৰণৰ বিষয়ে জনাওক।

৮ কাৰোবাক পৰামৰ্শ দিয়াৰ আগতে আমি কিয় গভীৰভাৱে চিন্তা কৰা উচিত, তাৰ আৰু এটা কাৰণলৈ মন কৰক। চিন্তা কৰক, যদি আমি কাৰোবাক নভবা-নিচিন্তাকৈ পৰামৰ্শ দি দিওঁ আৰু ইয়াৰ বাবে তেওঁ এনে এটা নিৰ্ণয় লয় যাৰ বাবে তেওঁ বেয়া পৰিণাম ভুগিবলগীয়া হয়, তেনেহʼলে ইয়াৰ বাবে আমিও কিছু পৰিমাণে দায়ী হʼম। সঁচাকৈ, কাৰোবাক পৰামৰ্শ দিয়াৰ আগতে গভীৰভাৱে চিন্তা কৰাটো অতি প্ৰয়োজন।

যেতিয়া নিজেই আগবাঢ়ি গৈ পৰামৰ্শ দিবলগীয়া হয়

৯. কাৰোবাক পৰামৰ্শ দিয়াৰ আগতে প্ৰাচীনসকলে কি চালি-জাৰি চোৱা উচিত? (গালাতীয়া ৬:১)

৯ কেতিয়াবা কেতিয়াবা প্ৰাচীনসকলে নিজেই আগবাঢ়ি গৈ এনে ভাই বা ভনীক পৰামৰ্শ দিবলগীয়া হয়, যিজনে “ভুল পদক্ষেপ” লৈছে। (গালাতীয়া ৬:১ পঢ়ক।) ইংৰাজী বাইবেলত এই পদৰ অধ্যয়ন নোটত এইদৰে লিখা আছে, “সেই ব্যক্তিজনে হয়তো কোনো গভীৰ পাপ এতিয়ালৈকে কৰা নাই। কিন্তু তেওঁ সেই পথত যাবলৈ ধৰিছে।” এনে পৰিস্থিতিত প্ৰাচীনসকলে সেই ব্যক্তিজনক সহায় কৰিবলৈ চেষ্টা কৰে যাতে তেওঁ অনন্ত জীৱনৰ পথত চলি থাকে। (যাকো. ৫:১৯, ২০) কিন্তু পৰামৰ্শ দিয়াৰ আগতে তেওঁ সঁচাকৈ ভুল পদক্ষেপ লৈছে নে নাই, তাৰ বিষয়ে প্ৰাচীনসকলে চালি-জাৰি চোৱা উচিত। যদি তেওঁলোকে এইদৰে নকৰে, তেনেহʼলে তেওঁলোকৰ পৰামৰ্শ সেই ব্যক্তিজনৰ কোনো কামত নাহিব। তেওঁলোকে মনত ৰখা উচিত যে কিছুমান ক্ষেত্ৰত সকলোকে নিজৰ বিবেকৰ অনুসৰি নিৰ্ণয় লʼবলৈ যিহোৱাই স্বাধীনতা দিছে। সেইবাবে, তেওঁ যি নিৰ্ণয় লৈছে, সেয়া হয়তো যিহোৱাৰ দৃষ্টিত ভুল নহʼবও পাৰে। (ৰোম. ১৪:১-৪) কিন্তু ধৰি লওক, সেই ব্যক্তিজনে সঁচাকৈ কোনো ভুল পদক্ষেপ লৈছে আৰু তেওঁক নিজেই আগবাঢ়ি গৈ পৰামৰ্শ দিয়া উচিত বুলি প্ৰাচীনসকলে নিৰ্ণয় লয়, তেনেহʼলে এনে পৰিস্থিতিত তেওঁলোকে কি কথা মনত ৰখা উচিত?

১০-১২. যেতিয়া প্ৰাচীনসকলে নিজেই আগবাঢ়ি গৈ কাৰোবাক পৰামৰ্শ দিয়ে, তেতিয়া তেওঁলোকে কি কি কথা মনত ৰখা উচিত? উদাহৰণ দি বুজাওক। (ছবিখনো চাওক।)

১০ যেতিয়া প্ৰাচীনসকলে নিজেই আগবাঢ়ি গৈ কাৰোবাক পৰামৰ্শ দিবলগীয়া হয়, তেতিয়া এইদৰে কৰাটো তেওঁলোকৰ বাবে ইমান সহজ নহয়। পৌলে কৈছিল যে সেই ব্যক্তিজনে হয়তো নজনাকৈ কিবা ভুল পদক্ষেপ লৈছে। এনে পৰিস্থিতিত পৰামৰ্শ দিয়াৰ আগতে প্ৰাচীনসকলে সেই ব্যক্তিজনৰ হৃদয় তৈয়াৰ কৰা উচিত।

১১ নিজেই আগবাঢ়ি গৈ আনক পৰামৰ্শ দিয়াটো টান মাটিত বীজ সিঁচাৰ দৰে হয়। মন কৰক এনে মাটিত বীজ সিঁচিবলৈ খেতিয়কে প্ৰথমতে কি কৰে। প্ৰথমতে তেওঁ মাটিখিনি তৈয়াৰ কৰে। তেওঁ সেই মাটিখিনিক কোমল কৰিবলৈ হাল বায়। তাৰ পাছত তেওঁ সেই মাটিখিনিত বীজ সিঁচে আৰু শেষত পানী দিয়ে যাতে তাৰ পৰা গজালি ওলায়। নিজে আগবাঢ়ি গৈ কাৰোবাক পৰামৰ্শ দিয়াৰ আগতে প্ৰাচীনসকলে তেওঁৰ হৃদয় তৈয়াৰ কৰা উচিত। উদাহৰণস্বৰূপে, তেওঁ সঠিক সময়ৰ বাবে অপেক্ষা কৰিব পাৰে। তাৰ পাছত নিজৰ কথাৰে আশ্বাস দিব পাৰে যে তেওঁ সেই ব্যক্তিজনৰ বিষয়ে বহুত চিন্তা কৰে আৰু কোনো এটা বিষয়ত তেওঁৰ লগত কথা পাতিব বিচাৰে। যদি পৰামৰ্শ দিওঁতাজনৰ এক ভাল নাম থাকে আৰু ভাই-ভনীসকলে জানে যে তেওঁ তেওঁলোকক বহুত প্ৰেম কৰে আৰু তেওঁলোকৰ বিষয়ে চিন্তা কৰে, তেনেহʼলে তেওঁলোকৰ বাবে সেই প্ৰাচীনৰ পৰামৰ্শ পালন কৰিবলৈ অলপ সহজ হʼব।

১২ কথা পাতি থকাৰ সময়তো প্ৰাচীনে তেওঁৰ হৃদয় তৈয়াৰ কৰিবলৈ চেষ্টা কৰিব পাৰে। তেওঁ সেই ব্যক্তিজনক কʼব পাৰে যে আমি সকলোৱে কেতিয়াবা নহয় কেতিয়াবা ভুল কৰোঁ আৰু আমাক পৰামৰ্শৰ প্ৰয়োজন হয়। (ৰোম. ৩:২৩) তাৰ পাছত মৰমেৰে আৰু আদৰেৰে প্ৰাচীনে তেওঁক বাইবেলৰ পৰা কোনো সিদ্ধান্ত দেখুৱাই জনাব পাৰে যে তেওঁ ভুল পদক্ষেপ লৈছে। যেতিয়া সেই ব্যক্তিজনে নিজৰ ভুল মানি লয়, তেতিয়া প্ৰাচীনজনে “বীজ সিঁচিব পাৰে” অৰ্থাৎ স্পষ্টকৈ জনাব পাৰে যে শুধৰণি কৰিবলৈ তেওঁ কি কৰিব লাগিব। অৱশেষত প্ৰাচীনে “পানী ঢালিব পাৰে” অৰ্থাৎ সেই ব্যক্তিজনে যি ভাল কাম কৰিছে, তাৰ বাবে তেওঁৰ প্ৰশংসা কৰিব পাৰে আৰু তেওঁৰ লগত প্ৰাৰ্থনা কৰিব পাৰে।—যাকো. ৫:১৫.

ছবিবোৰত প্ৰাচীনে এজন ভাইক পৰামৰ্শ দি আছে। প্ৰাচীনৰ তুলনা খেতিয়কৰ লগত কৰা হৈছে, যিজনে টান মাটিত বীজ সিঁচি আছে। ১. মাটি তৈয়াৰ কৰক: খেতিয়কে মাটি খান্দি আছে; প্ৰাচীনে এজন ভাইৰ লগত মৰমেৰে কথা পাতি আছে। ২. বীজ সিঁচক: খেতিয়কে খান্দি ৰখা মাটিত বীজ সিঁচি আছে; প্ৰাচীনে বাইবেলৰ পৰা সেই ভাইজনৰ লগত কথা পাতি আছে। ৩. পানী দিয়ক: খেতিয়কে বীজত পানী দি আছে; প্ৰাচীনে ভাইজনৰ লগত মিলি প্ৰাৰ্থনা কৰি আছে।

যেতিয়া আমি নিজেই আগবাঢ়ি গৈ পৰামৰ্শ দিবলগীয়া হয়, তেতিয়া আমি মৰমেৰে আৰু ভাবি-চিন্তি কথা পতাটো অতি গুৰুত্বপূৰ্ণ (অনুচ্ছেদ ১০-১২ চাওক)


১৩. প্ৰাচীনসকলে কেনেকৈ জানিব পাৰে যে ব্যক্তিজনে তেওঁলোকৰ পৰামৰ্শ বুজি পালে নে নাই?

১৩ কেতিয়াবা কেতিয়াবা এনে হʼব পাৰে যে প্ৰাচীনসকলে কাৰোবাক কিবা পৰামৰ্শ দিয়ে, কিন্তু ব্যক্তিজনে তেওঁলোকৰ কথা বুজি নাপায় বা আন কিবাহে বুজি পায়। এইদৰে নহʼবলৈ প্ৰাচীনসকলে কি কৰিব পাৰে? তেওঁলোকে ভাবি-চিন্তি তেওঁক কিছুমান প্ৰশ্ন সুধিব পাৰে। (উপ. ১২:১১) তেতিয়া তেওঁৰ উত্তৰৰ পৰা প্ৰাচীনসকলে জানিব পাৰিব যে তেওঁক যি কোৱা হʼল, সেয়া তেওঁ বুজি পালে নে নাই।

সঠিক সময়ত আৰু সঠিক উপায়েৰে পৰামৰ্শ দিয়ক

১৪. যেতিয়া আমি খঙত থাকোঁ, তেতিয়া পৰামৰ্শ দিয়া উচিত নে? বুজাওক।

১৪ আমি সকলোৱে অসিদ্ধ হওঁ, সেইবাবে বহুবাৰ আমি এনে কথা কৈ দিওঁ বা কাম কৰোঁ, যাৰ বাবে আনে মনত আঘাত পায়। (কল. ৩:১৩) ঈশ্বৰৰ বাক্যত কোৱা হৈছে যে কেতিয়াবা কেতিয়াবা আমি এজনে-আনজনক খঙো তোলাও। (ইফি. ৪:২৬) কিন্তু আমি মনত ৰখা উচিত যে যেতিয়া আমাৰ খং উঠে, তেতিয়া আমি কাকো পৰামৰ্শ দিয়া উচিত নহয়। কিয় বাৰু? বাইবেলত লিখা আছে, “ক্ৰোধ কৰা মানুহে ঈশ্বৰৰ দৃষ্টিত যি সঠিক, সেই অনুসৰি নচলে।” (যাকো. ১:২০) যদি আমি কাৰোবাক খঙত পৰামৰ্শ দিওঁ, তেনেহʼলে বিষয়টো সমাধান হোৱাৰ পৰিৱৰ্তে আৰু বেয়াহে হʼব। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে যিজন ব্যক্তিয়ে আমাক খং তোলাইছে, আমি তেওঁক কেতিয়াও নিজৰ কথা কʼব নোৱাৰোঁ। যদি আমি অলপ সময় অপেক্ষা কৰোঁ আৰু খং শান্ত হোৱাৰ পাছত তেওঁৰ লগত কথা পাতোঁ, তেনেহʼলে ইয়াৰ ভাল পৰিণাম হʼব। এই বিষয়ে আমি ইলীহূৰ পৰা বহুতো কথা শিকিব পাৰোঁ, যিজনে ইয়োবক ভাল পৰামৰ্শ দিছিল।

১৫. ইলীহূৰ উদাহৰণৰ পৰা আমি কি শিকোঁ? (ছবিখনো চাওক।)

১৫ যেতিয়া ইয়োবৰ বন্ধুসকলে তেওঁৰ ওপৰত মিছা অভিযোগ লগালে, তেতিয়া তেওঁ বহু দিনলৈকে নিজকে নিৰ্দোষী প্ৰমাণ কৰি থাকিল। সেই সময়ছোৱাত ইলীহূয়ে ধ্যান দি ইয়োবৰ কথা শুনি থাকিল। তেওঁৰ ইয়োবৰ ওপৰত দয়া উপজিল। কিন্তু তেওঁৰ ইয়োবৰ ওপৰত খঙো উঠিছিল। কাৰণ তেওঁ যিহোৱাৰ বিষয়ে কোৱাৰ পৰিৱৰ্তে কেৱল নিজৰ বিষয়েই চিন্তা কৰি আছিল। তথাপি ইলীহূয়ে অপেক্ষা কৰিলে আৰু যেতিয়া তেওঁ কʼবলৈ সুযোগ পালে, তেতিয়া মৰমেৰে আৰু আদৰেৰে পৰামৰ্শ দিলে। (ইয়ো. ৩২:২; ৩৩:১-৭) ইলীহূৰ উদাহৰণৰ পৰা আমি এটা গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰোঁ। সেয়া হৈছে আমি সঠিত সময়ত আৰু সঠিক উপায়েৰে অৰ্থাৎ মৰমেৰে আৰু আদৰেৰে পৰামৰ্শ দিয়া উচিত, তেতিয়াহে আমাৰ কথা শুনোঁতাজনে লাভৱান হʼব।—উপ. ৩:১, ৭.

ইয়োবৰ গোটেই শৰীৰত খহু ওলাইছে। ইলীহূ মনোযোগেৰে তেওঁৰ কথা শুনি আছে আৰু সহানুভুতি দেখুৱাইছে।

যদিও ইলীহূৰ ইয়োবৰ ওপৰত খং উঠিছিল, তথাপি তেওঁ বহুত মৰমেৰে আৰু আদৰেৰে পৰামৰ্শ দিলে। (অনুচ্ছেদ ১৫ চাওক)


পৰামৰ্শ দিবলৈ আৰু শুনিবলৈ কেতিয়াও সংকোচ নকৰিব

১৬. গীতমালা ৩২:৮ পদৰ পৰা আমি কি শিকোঁ?

১৬ এই লেখৰ মুখ্য পদত লিখা আছে, ‘আমাৰ ওপৰত যিহোৱাই দৃষ্টি ৰাখি পৰামৰ্শ দিয়ে।’ (গীতমালা ৩২:৮ পঢ়ক।) ইয়াৰ পৰা জানিব পাৰি যে যিহোৱাই আমাক সদায় সহায় কৰে। তেওঁ আমাক কেৱল পৰামৰ্শ দিয়ে এনে নহয়, তাৰ লগতে সেই পৰামৰ্শ কেনেকৈ পালন কৰিব পাৰি তাক বুজাই দিয়ে। সঁচাকৈ, তেওঁ আমাৰ বাবে উত্তম উদাহৰণ হয়! যেতিয়া আমি আনক পৰামৰ্শ দিওঁ, তেতিয়া আহক আমিও যিহোৱাৰ দৰে সেই ব্যক্তিজনৰ ওপৰত ধ্যান দিওঁ আৰু যিমান পাৰোঁ সিমান সহায় কৰি থাকোঁ যাতে তেওঁ সঠিক নিৰ্ণয় লʼব পাৰে।

১৭. যেতিয়া প্ৰাচীনসকলে আমাৰ প্ৰয়োজনৰ অনুসৰি আমাক বাইবেল আধাৰিত পৰামৰ্শ দিয়ে, তেতিয়া তেওঁলোক কিহৰ দৰে হয়? বুজাওক। (যিচয়া ৩২:১, ২)

১৭ বৰ্তমান সময়ত আগতকৈ বহুগুণে বেছি আমাক আনৰ ভাল পৰামৰ্শৰ প্ৰয়োজন হয় আৰু আনক ভাল পৰামৰ্শ দিয়াৰো প্ৰয়োজন হয়। (২ তীম. ৩:১) যিসকল প্ৰাচীনে আমাৰ প্ৰয়োজনৰ অনুসৰি আমাক বাইবেল আধাৰিত পৰামৰ্শ দিয়ে, তেওঁলোক ‘খৰাং ঠাইৰ পানীৰ সোঁতৰ’ দৰে হয়। (যিচয়া ৩২:১, ২ পঢ়ক।) এই বন্ধুসকলে আমাৰ কথাত কেৱলহয়ভৰ নিদিয়ে, তাৰ পৰিৱৰ্তে তেওঁলোকে আমাক আমাৰ প্ৰয়োজনৰ অনুসৰি পৰামৰ্শ দিয়ে। “ৰূপৰ ডালি-খৰাহিত থোৱা সোণৰ সুমথিৰাবোৰ যেনে,” ঠিক তেনেকৈ তেওঁলোকৰ কথাবোৰ মূল্যৱান উপহাৰৰ দৰে হয়। (হিতো. ২৫:১১) গতিকে, আহক আমি আনক ভাল পৰামৰ্শ দিবলৈ আৰু আনৰ ভাল পৰামৰ্শৰ ওপৰত ধ্যান দিবলৈ শিকি থাকোঁ।

আমি কি কি কথা মনত ৰখা উচিত . . .

  • যেতিয়া কোনোবাই আমাৰ পৰা পৰামৰ্শ বিচাৰে?

  • যেতিয়া আমি নিজেই আগবাঢ়ি গৈ কাৰোবাক পৰামৰ্শ দিবলগীয়া হয়?

  • যেতিয়া আমি খঙত থাকোঁ?

গীত নং ১৫৪ অলুপ্ত প্ৰেম

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক