অধ্যয়নৰ লেখ ২৮
গীত নং ৮৮ তোমাৰ পথ দেখুৱা আমাক
আনৰ পৰামৰ্শ কিয় লোৱা উচিত?
“সুপৰামৰ্শ লোৱাবিলাকৰ লগত প্ৰজ্ঞা থাকে।”—হিতো. ১৩:১০.
কি শিকিম?
আনৰ পৰামৰ্শৰ পৰা সম্পূৰ্ণকৈ লাভৱান হʼবলৈ আমি কি কৰা উচিত, তাৰ বিষয়ে শিকিম।
১. ভাল নিৰ্ণয় লʼবলৈ আৰু ভাল যোজনা বনাবলৈ আমি কি কৰিব লাগিব? (হিতোপদেশ ১৩:১০; ১৫:২২ )
আমি সকলোৱে সঠিক নিৰ্ণয় লʼব বিচাৰোঁ আৰু আমি যি যোজনা বনাওঁ, তাত সফল হʼব বিচাৰোঁ। ঈশ্বৰৰ বাক্যত কোৱা হৈছে যে ইয়াৰ বাবে আমি আনৰ পৰা পৰামৰ্শ লোৱা উচিত।—হিতোপদেশ ১৩:১০; ১৫:২২ পঢ়ক।
২. যিহোৱাই আমাক কি প্ৰতিজ্ঞা কৰিছে?
২ এই পৃথিৱীত আমাক সকলোতকৈ ভাল পৰামৰ্শ কেৱল আমাৰ পিতৃ যিহোৱাইহে দিব পাৰে। সেইবাবে, আমি তেওঁলৈ প্ৰাৰ্থনা কৰি বুদ্ধি বিচৰা উচিত। তেওঁ আমাক প্ৰতিজ্ঞা কৰিছে, “তোমাৰ ওপৰত মই দৃষ্টি ৰাখি পৰামৰ্শ দিম।” (গীত. ৩২:৮) ইয়াৰ পৰা জানিব পাৰি যে তেওঁ আমাক সকলোকে একেধৰণৰ পৰামৰ্শ নিদিয়ে। তাৰ পৰিৱৰ্তে তেওঁ আমাৰ ওপৰত ধ্যান দিয়ে আৰু আমাৰ প্ৰয়োজনীয়তাৰ অনুসৰি আমাক পৰামৰ্শ দিয়ে। তাৰ পাছত তেওঁ আমাক সেই অনুসৰি কাম কৰিবলৈ সহায়ো কৰে।
৩. এই লেখত আমি কি শিকিম?
৩ এই লেখত আমি ঈশ্বৰৰ বাক্যৰ পৰা চাৰিটা প্ৰশ্নৰ উত্তৰ পাম। সেইবোৰ হৈছে, (১) আনৰ ভাল পৰামৰ্শৰ পৰা লাভৱান হʼবলৈ মোৰ কি কি গুণ থকা উচিত? (২) মোক ভাল পৰামৰ্শ কোনে দিব পাৰে? (৩) কিহে দেখুৱাব যে মই সঁচাকৈ পৰামৰ্শ লʼব বিচাৰোঁ আৰু (৪) মোৰ নিৰ্ণয় আনে লোৱাতকৈ মই নিজেই নিজৰ নিৰ্ণয় লোৱাটো কিয় ভাল?
মোৰ কি কি গুণ থকা উচিত?
৪. আনৰ ভাল পৰামৰ্শৰ পৰা লাভৱান হʼবলৈ আমাৰ কি কি গুণ থকা উচিত?
৪ যেতিয়া আমি নম্ৰ হʼম আৰু মৰ্য্যদাত থাকিম, তেতিয়াহে আমি আনৰ ভাল পৰামৰ্শৰ পৰা লাভৱান হʼব পাৰিম। আমি স্বীকাৰ কৰিব লাগিব যে আমাৰ সকলো বিষয়ত অভিজ্ঞতা নাথাকে বা সেই বিষয়ে সকলো তথ্য নাথাকে। এনে পৰিস্থিতিত ভাল নিৰ্ণয় লʼবলৈ আমি আনৰ পৰা পৰামৰ্শ লোৱাৰ প্ৰয়োজন হʼব পাৰে। যদি আমি নম্ৰ নহওঁ আৰু মৰ্য্যদাত নাথাকোঁ, তেনেহʼলে যিহোৱাই আমাক সহায় কৰিব নোৱাৰিব। যিদৰে শিলত পানী পৰিলে, তাৰ ওপৰত একো প্ৰভাৱ নপৰে। ঠিক সেইদৰে বাইবেল পঢ়াৰ সময়ত যদি আমি যিহোৱাৰ পৰা কিবা পৰামৰ্শ পাওঁ, তেনেহʼলে ইয়ে আমাৰ ওপৰত কোনো প্ৰভাৱ নেপেলাব। (মীখা ৬:৮; ১ পিত. ৫:৫) কিন্তু যেতিয়া আমি নম্ৰ হওঁ আৰু মৰ্য্যদাত থাকোঁ, তেনেহʼলে আমি যেতিয়া বাইবেলৰ পৰা পৰামৰ্শ পাম, তেতিয়া আমি লগে লগে তাৰ ওপৰত ধ্যান দিম আৰু সেই অনুসৰি কাম কৰিম।
৫. ৰজা দায়ূদে কি কি কাম কৰিছিল, যাৰ বাবে তেওঁ অহংকাৰী হʼব পাৰিলেহেঁতেন?
৫ এতিয়া দায়ূদৰ উদাহৰণলৈ মন কৰক। তেওঁ বহুতো সফলতা লাভ কৰিছিল, যাৰ বাবে তেওঁ অহংকাৰী হʼব পাৰিলেহেঁতেন। ৰজা হোৱাৰ আগতে তেওঁ এজন সংগীতকাৰ হিচাপে জনাজাত আছিল। ইয়াৰ উপৰিও তেওঁক ৰজাৰ ওচৰত বাদ্যযন্ত্ৰ বজাবলৈয়ো কোৱা হৈছিল। (১ চমূ. ১৬:১৮, ১৯) পাছত যেতিয়া পৰৱৰ্তী ৰজা হিচাপে তেওঁক অভিষেক কৰা হʼল, তেতিয়াৰে পৰা যিহোৱাৰ পবিত্ৰ শক্তি বিশেষ ধৰণে তেওঁৰ ওপৰত কাম কৰিবলৈ ধৰিলে। (১ চমূ. ১৬:১১-১৩) তেওঁ এজন ওখ-পাখ পলেষ্টীয়া গলিয়াথ আৰু বহুতো শত্ৰুক মাৰি পেলালে, যাৰ বাবে তেওঁ বিখ্যাত হৈ পৰিল। (১ চমূ. ১৭:৩৭, ৫০; ১৮:৭) এজন অহংকাৰী ব্যক্তিয়ে এই সকলোবোৰ সফলতাৰ বাবে ভাবিব পাৰিলেহেঁতেন যে মই আনৰ পৰা পৰামৰ্শ লোৱাৰ কোনো প্ৰয়োজন নাই। কিন্তু দায়ূদে এইদৰে নকৰিলে।
৬. দায়ূদে সদায় আনৰ পৰামৰ্শৰ ওপৰত ধ্যান দিছিল বুলি আমি কিয় কʼব পাৰোঁ? ( ছবিখনো চাওক।)
৬ ৰজা হোৱাৰ পাছতো দায়ূদে এনে পুৰুষসকলৰ লগত বন্ধুত্ব কৰিলে, যিসকলে তেওঁক ভাল পৰামৰ্শ দিব পাৰিলেহেঁতেন। (১ বং. ২৭:৩২-৩৪) এয়া কোনো আচৰিত কথা নাছিল। কাৰণ তেওঁ আগতেও লোকসকলৰ পৰামৰ্শৰ ওপৰত ধ্যান দিছিল। তেওঁ কেৱল পুৰুষসকলৰ পৰা পৰামৰ্শ লৈছিল এনে নহয়। তেওঁ অবীগল নামৰ এগৰাকী তিৰোতাৰ পৰামৰ্শৰ ওপৰতো ধ্যান দিছিল। তাইৰ স্বামী নাবল অহংকাৰী আছিল আৰু উপকাৰৰ প্ৰতি কৃতজ্ঞতা দেখুৱা নাছিল, ইয়াৰ লগতে আনৰ সন্মানো কৰা নাছিল। কিন্তু দায়ূদ নম্ৰ আছিল। সেইবাবে, তেওঁ অবীগলৰ ভাল পৰামৰ্শৰ ওপৰত ধ্যান দিলে আৰু এটা ডাঙৰ ভুল কৰাৰ পৰা বাচি থাকিব পাৰিলে।—১ চমূ. ২৫:২, ৩, ২১-২৫, ৩২-৩৪.
ৰজা দায়ূদ নম্ৰ আছিল, সেইবাবে তেওঁ অবীগলৰ পৰামৰ্শ শুনিলে আৰু তাক পালন কৰিলে (অনুচ্ছেদ ৬ চাওক)
৭. দায়ূদৰ উদাহৰণৰ পৰা আমি কি শিকিব পাৰোঁ? (উপদেশক ৪:১৩) (ছবিখনো চাওক।)
৭ আমি দায়ূদৰ পৰা বহুতো কথা শিকিব পাৰোঁ। যেনে, আমি হয়তো কোনো এটা কাম বহুত ভালদৰে কৰিব জানোঁ বা আমাৰ ওচৰত কিছুমান অধিকাৰ বা দায়িত্ব আছে। তথাপি আমি কেতিয়াও এইদৰে ভবা উচিত নহয় যে আমি সকলোবোৰ জানোঁ আৰু আমাক আনৰ পৰা পৰামৰ্শ লোৱাৰ কোনো প্ৰয়োজন নাই। পৰামৰ্শ দিওঁতাজন যি কোনোৱে নহওক কিয়, আমি দায়ূদৰ দৰে সদায় আনৰ ভাল পৰামৰ্শৰ ওপৰত ধ্যান দিয়া উচিত। (উপদেশক ৪:১৩ পঢ়ক।) যদি আমি এইদৰে কৰোঁ, তেনেহʼলে আমি এনেধৰণৰ ডাঙৰ ডাঙৰ ভুল কৰাৰ পৰা বাচি থাকিব পাৰিম, যিয়ে আমাক আৰু আনক দুখ দিব পাৰে।
পৰামৰ্শ দিওঁতাজন যি কোনোৱে নহওক কিয়, আমি ভাল পৰামৰ্শৰ ওপৰত ধ্যান দিয়া উচিত (অনুচ্ছেদ ৭ চাওক)c
মোক ভাল পৰামৰ্শ কোনে দিব পাৰে?
৮. যোনাথনে কিয় দায়ূদক ভাল পৰামৰ্শ দিব পাৰিলে?
৮ দায়ূদৰ উদাহৰণৰ পৰা আমি আৰু কি শিকিব পাৰোঁ? তেওঁ এনে লোকসকলৰ পৰামৰ্শ মানিলে, যিসকলৰ যিহোৱাৰ লগত ভাল সম্পৰ্ক আছিল আৰু যিসকলে তেওঁৰ কঠিন পৰিস্থিতিৰ বিষয়ে ভালদৰে জানিছিল। যেনে, যেতিয়া তেওঁ এয়া জানিব বিচাৰিছিল যে তেওঁ চৌলৰ লগত পুনৰ ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰিব নে নোৱাৰে, তেতিয়া তেওঁ চৌলৰ পুত্ৰ যোনাথনৰ পৰামৰ্শ মানিলে। যোনাথনে কিয় ভাল পৰামৰ্শ দিব পাৰিলে? কাৰণ তেওঁৰ যিহোৱাৰ লগত ভাল সম্পৰ্ক থকাৰ লগতে তেওঁ চৌলৰ বিষয়েও ভালদৰে জানিছিল। (১ চমূ. ২০:৯-১৩) এই ঘটনাৰ পৰা আমি কি শিকিব পাৰোঁ?
৯. যেতিয়া আমাক কোনো এটা বিষয়ত পৰামৰ্শৰ প্ৰয়োজন হয়, তেতিয়া আমি কাৰ লগত কথা পতা উচিত? বুজাওক। (হিতোপদেশ ১৩:২০)
৯ যদি আমাক কোনো এটা বিষয়ত পৰামৰ্শৰ প্ৰয়োজন আছে, তেনেহʼলে আমি এনে ব্যক্তিৰ লগত কথা পতা উচিত, যাৰ যিহোৱাৰ লগত ভাল সম্পৰ্ক আছে আৰু যিজনে সেই বিষয়টো ভালদৰে বুজিও পায়।a (হিতোপদেশ ১৩:২০ পঢ়ক।) ধৰি লওক, এজন ডেকা ভায়ে বিয়া পাতিবলৈ ছোৱালী বিচাৰি আছে। এনে পৰিস্থিতিত তেওঁক ভাল পৰামৰ্শ কোনে দিব পাৰিব? যদি তেওঁ এনে এজন বন্ধুৰ লগত কথা পাতে, যাৰ বিয়া হোৱা নাই আৰু তেওঁ বাইবেলৰ সিদ্ধান্তৰ অনুসৰি পৰামৰ্শ দিয়ে, তেনেহʼলে তেওঁ সেই পৰামৰ্শৰ পৰা লাভৱান হʼব পাৰে। কিন্তু এজন ডেকা ভায়ে যদি এনে এহাল দম্পতীৰ লগত কথা পাতে, যিসকলে তেওঁক ভালদৰে জানে আৰু যিসকলে বহু বছৰৰ পৰা একেলগে মিলি যিহোৱাৰ সেৱা কৰি আছে, তেনেহʼলে তেওঁলোকে সেই ডেকা ভাইক আৰু ভাল পৰামৰ্শ দিব পাৰিব। তেওঁলোকে বাইবেলৰ পৰামৰ্শ কেনেকৈ পালন কৰিব পাৰি, তাৰ বিষয়ে জনোৱাৰ লগতে নিজৰ অনুভৱৰ পৰা তেওঁলোকে কি শিকিলে সেয়াও জনাব পাৰে।
১০. এতিয়া আমি কিহৰ বিষয়ে আলোচনা কৰিম?
১০ এতিয়ালৈকে আমি চালোঁ যে পৰামৰ্শৰ পৰা সম্পূৰ্ণৰূপে লাভৱান হʼবলৈ আমাৰ কি কি গুণ থকা উচিত আৰু আমাক ভাল পৰামৰ্শ কোনে দিব পাৰে। এতিয়া আহক আমি আলোচনা কৰোঁ যে কিহে দেখুৱাব যে আমি সঁচাকৈ পৰামৰ্শ লʼব বিচাৰোঁ আৰু আমি নিজৰ নিৰ্ণয় নিজে লোৱাটো কিয় ভাল।
কিহে দেখুৱাব যে মই সঁচাকৈ পৰামৰ্শ লʼব বিচাৰোঁ?
১১-১২. (ক) কেতিয়াবা কেতিয়াবা আমি হয়তো কি কৰিব পাৰোঁ? (খ) যেতিয়া ৰজা ৰহবিয়ামে এটা গুৰুত্বপূৰ্ণ নিৰ্ণয় লʼবলগীয়া আছিল, তেতিয়া তেওঁ কি কৰিলে?
১১ কেতিয়াবা কেতিয়াবা এজন ব্যক্তি হয়তো আনৰ পৰামৰ্শ লয়। কিন্তু তেওঁ হয়তো আগতীয়াকৈ মনতে ভাবি লৈছে যে তেওঁ কি কৰিব আৰু এতিয়া তেওঁ কেৱল এয়া জানিব বিচাৰে যে আনে তেওঁৰ নিৰ্ণয়ত সন্মত হয় নে নহয়। তেওঁ আচলতে আনৰ পৰামৰ্শ লʼব নিবিচাৰে। এনে ব্যক্তিয়ে ধ্যান দিয়া উচিত যে ৰজা ৰহবিয়ামৰ লগত কি হৈছিল।
১২ ৰহবিয়াম নিজৰ পিতৃ চলোমনৰ মৃত্যুৰ পাছত ৰজা হৈছিল। তেওঁ এনে এখন ৰাষ্ট্ৰত ৰাজত্ব কৰিছিল, যি বহুত উন্নতি কৰি আছিল। কিন্তু তাৰ লোকসকলক লাগিছিল যে চলোমনে তেওঁলোকৰ ওপৰত বহুত বোজা দি দিছে। সেইবাবে, তেওঁলোকে ৰহবিয়ামৰ ওচৰলৈ আহে আৰু সেই বোজা কম কৰি দিবলৈ তেওঁক মিনতি কৰে। ৰহবিয়ামে লোকসকলক অলপ সময় বিচাৰে যাতে তেওঁ ভাবি-চিন্তি সেই বিষয়ত নিৰ্ণয় লʼব পাৰে। ৰহবিয়ামে বৃদ্ধ পুৰুষসকলৰ পৰা পৰামৰ্শ লয়, যিসকলে চলোমনক পৰামৰ্শ দিছিল। (১ ৰাজা. ১২:২-৭) এইদৰে কৰি তেওঁ ভাল কৰিলে। কিন্তু পাছত তেওঁ সেই বৃদ্ধসকলৰ পৰামৰ্শ নামানিলে। তেওঁ এইদৰে কিয় কৰিলে? তেওঁ এই বিষয়ে আগতীয়াকৈ ভাবি লৈছিল নে যে তেওঁ কি কৰিব আৰু এতিয়া তেওঁৰ কথাত কোনোবাই সন্মত হোৱাটো তেওঁ বিচাৰিছিল? তেওঁ নিজৰ ডেকা বন্ধুসকলৰ পৰামৰ্শ লʼলে আৰু তেওঁলোকে তেওঁক সেই পৰামৰ্শই দিলে যি তেওঁ শুনিব বিচাৰিছিল। সেইবাবে, তেওঁলোকৰ পৰামৰ্শ তেওঁৰ বহুত ভাল লাগিল। (১ ৰাজা. ১২:৮-১৪) পাছত তেওঁ তেওঁৰ বন্ধুসকলে যি কথা কৈছিল, সেই কথাই সেই লোকসকলক কʼলে। পৰিণামস্বৰূপে, সেই ৰাষ্ট্ৰ দুটা ভাগত বিভাজিত হʼল আৰু বেছিভাগ লোকে তেওঁলোকৰ নিজৰ ৰজা পাতিলে। তাৰ পাছৰ পৰা ৰহবিয়ামে বহুতো সমস্যাৰ সন্মুখীন হʼবলগীয়া হʼল।—১ ৰাজা. ১২:১৬-১৯.
১৩. আমি আনৰ পৰা পৰামৰ্শ লʼব বিচাৰোঁ বুলি কেনেকৈ জানিব পাৰোঁ?
১৩ ৰহবিয়ামৰ উদাহৰণৰ পৰা আমি কি শিকিব পাৰোঁ? যেতিয়া পৰামৰ্শ লোৱাৰ কথা আহে, তেতিয়া এইদৰে হোৱা উচিত নহয় যে আমি আগতীয়াকৈ কিবা এটা ভাবি থৈছোঁ আৰু এতিয়া কেৱল নামৰ বাবেহে আনৰ পৰামৰ্শ লʼব বিচাৰোঁ। আমি সদায় আনৰ পৰামৰ্শৰ ওপৰত ধ্যান দিয়া উচিত। আমি কেনেকৈ জানিব পাৰোঁ যে আমি সঁচাকৈ আনৰ পৰামৰ্শ লʼব বিচাৰোঁ? আমি চিন্তা কৰিব পাৰোঁ, ‘যেতিয়া মই আনৰ পৰা পৰামৰ্শ লওঁ আৰু যদি তেওঁলোকে মই বিচৰা অনুসৰি পৰামৰ্শ নিদিয়ে, তেতিয়া মই তাক লগে লগে অস্বীকাৰ কৰোঁ নে?’
১৪. যেতিয়া কোনোবাই আমাক পৰামৰ্শ দিয়ে, তেতিয়া আমি কি মনত ৰখা উচিত? এটা উদাহৰণ দিয়ক। (ছবিখনো চাওক।)
১৪ এটা উদাহৰণলৈ মন কৰক। এজন ভায়ে ভাল দৰমহা থকা চাকৰি পাইছে। কিন্তু সেই চাকৰি লোৱাৰ আগতে তেওঁ এজন প্ৰাচীনৰ পৰা সেই বিষয়ে পৰামৰ্শ লয়। তেওঁ জনাই যে সেই চাকৰি লʼলে তেওঁ প্ৰায়ে নিজৰ পৰিয়ালৰ পৰা বহু সময়লৈকে দূৰত থাকিব লাগিব। প্ৰাচীনে বাইবেলৰ সিদ্ধান্ত দেখুৱাই কয় যে ঈশ্বৰৰ বাক্যৰ পৰা নিজৰ পৰিয়ালক শিকোৱা আৰু নিৰ্দেশনা দিয়াটোৱেই তেওঁৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ দায়িত্ব হয়। (ইফি. ৬:৪; ১ তীম. ৫:৮) কিন্তু ধৰি লওক, সেই ভাইজনে প্ৰাচীনজনৰ পৰামৰ্শ লগে লগে অস্বীকাৰ কৰে, কাৰণ সেয়া তেওঁক সঠিক যেন নালাগে। তাৰ পাছত তেওঁ যি শুনিব বিচাৰে, সেই পৰামৰ্শ যেতিয়ালৈকে নাপায়, তেতিয়ালৈকে মণ্ডলীৰ ভাই-ভনীসকলৰ পৰা পৰামৰ্শ লৈ থাকে। সেই ভাইজন সঁচাকৈ পৰামৰ্শ লʼব বিচাৰে নে তেওঁ আগতীয়াকৈ ভাবি লৈছে আৰু এতিয়া হয়ভৰ বিচাৰে। আমি মনত ৰখা উচিত যে আমাৰ মন সকলোতকৈ কপটময়। (যিৰি. ১৭:৯) কেতিয়াবা কেতিয়াবা আমাক যি পৰামৰ্শ একেবাৰে ভাল নালাগে সেই পৰামৰ্শৰেই আমাৰ অতি প্ৰয়োজন হয়।
আমি সঁচাকৈ পৰামৰ্শ লʼব বিচাৰোঁ নে আমাৰ কথাত হয়ভৰ দিয়াটো বিচাৰোঁ? (অনুচ্ছেদ ১৪ চাওক)
মই নিজেই নিজৰ নিৰ্ণয় লোৱাটো কিয় ভাল?
১৫. নিৰ্ণয় লোৱাৰ ক্ষেত্ৰত আমি কি কৰা উচিত নহয় আৰু কিয়?
১৫ আমি নিজৰ নিৰ্ণয় নিজে লোৱাটো যিহোৱাই বিচাৰে। (গালা. ৬:৪, ৫) আমি এতিয়ালৈকে আলোচনা কৰিলোঁ যে এজন বুদ্ধিমান ব্যক্তিয়ে যিকোনো নিৰ্ণয় লোৱাৰ আগতে ঈশ্বৰৰ বাক্যত এই বিষয়ে অনুসন্ধান কৰিব আৰু পৰিপক্ক খ্ৰীষ্টানসকলৰ পৰা পৰামৰ্শ লʼব। কিন্তু আমি মনত ৰখা উচিত যে আমি নিৰ্ণয় লোৱাৰ দায়িত্ব যাতে আনৰ ওপৰত জাপি নিদিওঁ। কিছুমান লোকে হয়তো চিধা-চিধিকৈ এইদৰে কৰে। তেওঁলোকে যাক সন্মান কৰে, তেওঁক এইদৰে সোধে, “আপুনি মোৰ ঠাইত থকা হʼলে কি কৰিলে হয়?” আন কিছুমানে হয়তো চিধা-চিধিকৈ এইদৰে নকৰে। তেওঁলোকে হয়তো আনৰ নিৰ্ণয়ৰ ওপৰত ধ্যান দিয়ে আৰু সেই বিষয়ে বেছিকৈ চিন্তা নকৰি তেওঁলোকৰ নিচিনাই নিৰ্ণয় লৈ লয়।
১৬. (ক) মুৰ্তিক উৎসৰ্গ কৰা মাংসক লৈ কৰিন্থ মণ্ডলীত কি কি সমস্যা হৈছিল? (খ) কোনো এজন খ্ৰীষ্টানে এনেধৰণৰ মাংস খাব পাৰিব নে নোৱাৰে এয়া কোনে নিৰ্ণয় লʼব লাগিছিল? (১ কৰিন্থীয়া ৮:৭; ১০:২৫, ২৬)
১৬ প্ৰথম শতিকাৰ কৰিন্থ মণ্ডলীৰ পৰিস্থিতিৰ বিষয়ে মন কৰক। তাত থকা ভাই-ভনীসকলে মূৰ্তিবোৰৰ আগত উৎসৰ্গ কৰা মাংস খাব নে নাখায়, তাৰ বিষয়ে নিৰ্ণয় লʼবলগীয়া আছিল। সেই খ্ৰীষ্টানসকললৈ পাঁচনি পৌলে লিখিলে, “আমি জানোঁ যে মূৰ্তি এই জগতত একোৱেই নহয় আৰু সত্য ঈশ্বৰৰ বাহিৰে আৰু কোনো ঈশ্বৰ নাই।” (১ কৰি. ৮:৪) এই সত্যক মনত ৰাখি মণ্ডলীৰ কিছুমান লোকে এই নিৰ্ণয় লʼলে যে তেওঁলোকে সেই মাংস খাব পাৰে, যি হয়তো কোনো মূৰ্তিৰ আগত উৎসৰ্গ কৰাৰ পাছত বজাৰত বিক্ৰী কৰা হৈছিল। কিন্তু কিছুমান খ্ৰীষ্টানে এনেধৰণৰ মাংস নাখাওঁ বুলি নিৰ্ণয় লʼলে। কাৰণ তেওঁলোকৰ বিবেকে এইদৰে কৰিবলৈ অনুমতি দিয়া নাছিল। (১ কৰিন্থীয়া ৮:৭; ১০:২৫, ২৬ পঢ়ক।) এয়া প্ৰতিজনৰ ব্যক্তিগত নিৰ্ণয় আছিল। পৌলে কৰিন্থৰ খ্ৰীষ্টানসকলক আনৰ বাবে নিৰ্ণয় লʼবলৈ বা আনক চাই নিৰ্ণয় লʼবলৈ কেতিয়াও পৰামৰ্শ দিয়া নাছিল। “প্ৰতিজনে ঈশ্বৰক নিজৰ হিচাপ দিব” লাগিছিল।—ৰোম. ১৪:১০-১২.
১৭. আনক চাই নিৰ্ণয় লʼলে কি হʼব পাৰে? এটা উদাহৰণ দিয়ক। (ছবিখনো চাওক।)
১৭ আজিও এনেধৰণৰ পৰিস্থিতি হʼব পাৰে। তেজৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশৰ বিষয়ে চিন্তা কৰক। প্ৰতিজন খ্ৰীষ্টানে নিজে নিৰ্ণয় লʼব লাগিব যে তেওঁ তেজৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশ লʼব নে নাই।b এই বিষয়বোৰ বুজিবলৈ কেতিয়াবা কেতিয়াবা কঠিন হʼব পাৰে। তথাপিও এনেধৰণৰ বিষয়বোৰত প্ৰতিজন খ্ৰীষ্টানে নিজৰ নিৰ্ণয় নিজে লʼব লাগিব। কাৰণ যিহোৱাৰ লগত ভাল সম্পৰ্ক বজাই ৰখাটো আমাৰ প্ৰতিজনৰে দায়িত্ব হয়। (ৰোম. ১৪:৪) যদি আমি আনক চাই নিৰ্ণয় লওঁ, তেনেহʼলে এয়া এনে হʼব যেন আমি আমাৰ বিবেকক দুৰ্বল কৰি আছোঁ। যদি আমাৰ বিবেকে ভালদৰে কাম কৰাটো আমি বিচাৰো, তেনেহʼলে আমি আমাৰ বিবেকক মনত ৰাখি আৰু বাইবেলৰ সিদ্ধান্তৰ অনুসৰি নিৰ্ণয় লʼব লাগিব। (ইব্ৰী ৫:১৪) তেনেহʼলে আমি কোনো পৰিপক্ক খ্ৰীষ্টানৰ পৰা কেতিয়া পৰামৰ্শ লʼম? আমি যি বিষয়ত নিৰ্ণয় লʼবলগীয়া আছে, সেই বিষয়ত আমি নিজে প্ৰথমে অনুসন্ধান কৰা উচিত। তাৰ পাছতো যদি আমি বুজিব পৰা নাই যে বাইবেলৰ সিদ্ধান্ত কেনেকৈ ব্যৱহাৰ হʼব, তেতিয়া আমি কাৰোবাৰ পৰামৰ্শ লʼব পাৰোঁ।
যি বিষয়ত আমাক নিৰ্ণয় লোৱাৰ প্ৰয়োজন আছে, সেই বিষয়ত অনুসন্ধান কৰাৰ পাছত আমি পৰামৰ্শ লোৱা উচিত (অনুচ্ছেদ ১৭ চাওক)
পৰামৰ্শ লৈ থাকক
১৮. যিহোৱাই আমাৰ বাবে কি কৰিছে?
১৮ আমি নিজৰ নিৰ্ণয় নিজে লোৱাটো যিহোৱাই বিচাৰে। ইয়ে দেখুৱাই যে তেওঁ আমাৰ ওপৰত কিমান ভৰসা কৰে। তেওঁ আমাৰ সহায়ৰ বাবে নিজৰ বাক্য বাইবেল দিছে। ইয়াৰ লগতে এনে ভাল বন্ধুবোৰ দিছে, যিসকলে আমাক বুজাব পাৰে যে বাইবেলৰ কোনো এটা সিদ্ধান্ত কেনেকৈ ব্যৱহাৰ কৰিব পাৰি। এজন পিতৃ হিচাপে তেওঁ নিজৰ দায়িত্ব ভালদৰে পূৰ কৰিছে। (হিতো. ৩:২১-২৩) আমি তেওঁৰ প্ৰতি কৃতজ্ঞতা কেনেকৈ দেখুৱাব পাৰোঁ?
১৯. আমি কেনেকৈ সদায় যিহোৱাৰ মন আনন্দিত কৰিব পাৰোঁ?
১৯ খন্তেকৰ বাবে এই বিষয়ে চিন্তা কৰক। যেতিয়া পিতৃ-মাতৃয়ে চাই যে তেওঁলোকৰ লʼৰা-ছোৱালীয়ে ডাঙৰ হৈ আছে আৰু কেনেকৈ ভাবি-চিন্তি কাম কৰে, আনক সহায় কৰিবলৈ সদায় সাজু হৈ থাকে আৰু বিশ্বাসী হৈ যিহোৱাৰ সেৱা কৰে, তেনেহʼলে তেওঁলোকে বহুত আনন্দিত হয়। ঠিক সেইদৰে এজন খ্ৰীষ্টান হোৱা হেতুকে আমি দিনক দিনে পৰিপক্ক হৈ গৈ আছোঁ, সদায় আনৰ পৰা পৰামৰ্শ লʼবলৈ সাজু হৈ থাকোঁ আৰু এনে নিৰ্ণয় লওঁ যাৰ পৰা যিহোৱাৰ মহিমা হয়, এয়া চাই তেওঁ বহুত আনন্দিত হয়।
গীত নং ১১৭ যিহোৱাক অনুকৰণ কৰা
a খ্ৰীষ্টানসকলে কেতিয়াবা কেতিয়াবা টকা-পইচাৰ ক্ষেত্ৰত, চিকিৎসা বা আন বিষয়বোৰত সেই লোকসকলৰ পৰামৰ্শ লʼব পাৰে, যিসকলে যিহোৱাৰ উপাসনা নকৰে।
b এই বিষয়ে আৰু বেছিকৈ জানিবলৈ দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপৰ পাঠ ৩৯ ভাগ ৫ আৰু “বেছিকৈ জানক” ভাগ পঢ়ক।
c ছবিৰ বিষয়ে: এজন প্ৰাচীনে অলপতে হোৱা প্ৰাচীনসকলৰ সভাত যিদৰে কথা পাতিলে, তাৰ বিষয়ে আন এজন প্ৰাচীনে পৰামৰ্শ দি আছে।