ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w23 ফেব্ৰুৱাৰী পৃষ্ঠা ২৬-৩০
  • যিহোৱাই বিশ্বাসীলোকক বহুতো আশীৰ্বাদ দিয়ে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাই বিশ্বাসীলোকক বহুতো আশীৰ্বাদ দিয়ে
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • উপশীৰ্ষক
  • উত্তৰ আয়াৰলেণ্ড—“বোমা আৰু বন্দুকৰ এলেকা”
  • চিয়েৰা লিয়ন—অভাৱতো মজবুত বিশ্বাস
  • নাইজেৰিয়া—নতুন সংস্কৃতি শিকিলোঁ
  • কেনিয়া—ভাই-ভনীসকলে বহুত ধৈৰ্য্য ধৰিলে
  • আমেৰিকা—পইচাৰ ওপৰত নহয় যিহোৱাৰ ওপৰত মজবুত বিশ্বাস
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
w23 ফেব্ৰুৱাৰী পৃষ্ঠা ২৬-৩০
ভাই ৰৰ্ৱাট লেনডিচ।

জীৱন কাহিনী

যিহোৱাই বিশ্বাসীলোকক বহুতো আশীৰ্বাদ দিয়ে

ৰৰ্বাট লেনডিচৰ বাক্য

বহু বছৰ আগতে কাৰোবাৰ লগত পতা কোনো এটা কথা আপোনাৰ আজিও মনত আছেনে? আজিৰ পৰা প্ৰায় ৫০ বছৰ আগতে মোৰ বন্ধুৰ লগত পতা এটা কথা আজিও মোৰ মনত আছে। তেতিয়া আমি কেনিয়া দেশত আছিলোঁ। আমি কেইবা মাহ ধৰি যাত্ৰা কৰি আছিলোঁ আৰু ৰʼদত আমাৰ চেহেৰা একেবাৰে কʼলা হৈ গৈছিল। মোৰ আজিও মনত আছে আমি জুই ফুয়াই বহি আছিলোঁ আৰু এটা চিনেমাৰ বিষয়ে কথা পাতি আছিলোঁ। তাত কিছুমান ধাৰ্মিক কথাৰ বিষয়ে কোৱা হৈছিল। মোৰ বন্ধুৱে কʼলে “ইয়াত বাইবেলৰ বিষয়ে যি কোৱা হৈছে এয়া সচাঁ নহয়।”

তেওঁৰ কথা শুনি মই হাঁহিছিলোঁ। কিয়নো মোক লগাই নাছিল যে তেওঁ ধাৰ্মিক বিষয়ত আগ্ৰহী। মই তেওঁক সুধিলোঁ “তুমি বাইবেলৰ বিষয়ে কি জানা?” প্ৰথমতে তেওঁ মোক একো কোৱা নাছিল। তাৰ পাছত তেওঁ মোক কʼলে, তেওঁৰ মাক এজনী যিহোৱাৰ সাক্ষী আছিল আৰু তেওঁৰ পৰাই তেওঁ বাইবেলৰ বিষয়ে কিছুমান কথা শুনিছে। তেতিয়া মই তেওঁক কʼলোঁ ইয়াৰ বিষয়ে তুমি মোক আৰু কিছুমান কথা কবানে?

আমি বহু ৰাতিলৈকে কথা পাতিছিলোঁ। মোৰ বন্ধুৱে মোক জনালে যে বাইবেলত কোৱা হৈছে এই জগতৰ ৰজা হৈছে চয়তান আৰু সি ইয়াক চলাই আছে। (যোহ. ১৪:৩০) হʼব পাৰে আপুনি সৰুৰে পৰা এই কথা জানে। কিন্তু এয়া মই প্ৰথম বাৰ শুনিছোঁ। এতিয়ালৈকে মই শুনিছিলোঁ যে ঈশ্বৰে এই জগতখনক চলাই আছে, যিজনে সকলোকে প্ৰেম কৰে আৰু তেওঁ কাৰো লগত অন্যায় নকৰে। কিন্তু মই জগতত যি দেখিছিলোঁ, সেয়া একেবাৰে বেলেগ আছিল। মই মাত্ৰ ২৬ বছৰৰ আছিলোঁ। কিন্তু মই ইমানেই দুষ্টতাবোৰ দেখিছিলোঁ যে ইয়াক চাই মই বহুত চিন্তিত হৈ পৰিছিলোঁ। সেইবাবে, মোৰ বন্ধুৱে মোক যি কৈছিল তাৰ বিষয়ে আৰু বেছিকৈ জানিবলৈ বিচাৰিছিলোঁ।

মোৰ দেউতা আমেৰিকাৰ বায়ুসেনাৰ এজন পাইলট আছিল। সেইবাবে, সৰুৰে পৰা মই জানিছিলোঁ যে সেনাবাহিনীয়ে বুটাম টিপিলেই যিকোনো সময়ত পৰমাণু যুদ্ধ আৰম্ভ হʼব পাৰে। পাছত মই কেলিফʼৰ্ণিয়াৰ এখন কলেজত পঢ়িছিলোঁ। তেতিয়া ভিয়েতনামত যুদ্ধ হৈ আছিল। মই আৰু আন কিছুমান বিদ্যাৰ্থীয়ে একেলগে মিলি আন্দোলন কৰিছিলোঁ। পুলিচসকলে আমাক হাতত লাঠি লৈ খেদিছিলে আৰু তেওঁলোকে কন্দুৱা গেছ এৰি দিছিলে। সেইবাবে, উশাহ লোৱাটো আমাৰ বাবে কঠিন হৈ পৰিছিল আৰু ভালদৰে দেখাও পোৱা নাছিলোঁ। তথাপি আমি যেনে-তেনে পলাইছিলোঁ। চাৰিওফালে হুলস্থূল হৈ আছিল আৰু লোকসকলে চৰকাৰৰ বিৰুদ্ধে মাত মাতিছিল আৰু বহুতো নেতাসকলক হত্যা কৰা হৈছিল আৰু লোকসকলে চাৰিওফালে প্ৰতিবাদ কৰিছিল। কি কৰিব লাগে, কি কৰিব নালাগে, তাৰ বিষয়ে বিভিন্ন লোকৰ বিভিন্ন মতামত আছিল। আমি কি কৰিম একো বুজি পোৱা নাছিলোঁ।

ভাই ৰৰ্ৱাটে নিজৰ মটৰ চাইকেলৰ ওচৰত থিয় হৈ আছে। তেওঁৰ হাতত মেপ আছে আৰু তেওঁ কʼত কʼত যাত্ৰা কৰিছিল, সেয়া দেখুৱাই আছে।

লণ্ডনৰ পৰা মধ্য আফ্ৰিকালৈ যাত্ৰা

১৯৭০ চনত আলাস্কাৰ উত্তৰ উপকূলত মই এটা চাকৰি জইন কৰিলোঁ আৰু বহুতো টকা গোটালোঁ। তাৰ পাছত মই উৰা-জাহাজেৰে লণ্ডনলৈ গলোঁ আৰু তাত এটা মটৰচাইকেল কিনিলোঁ। মটৰচাইকেলত বহি মই দক্ষিণ দিশে এনেই যাত্ৰা কৰিলোঁ। কʼলৈ যাম মই ভবাই নাছিলোঁ। মই আগবাঢ়ি গৈ আছিলোঁ। কিছুমাহৰ পাছত মই আফ্ৰিকা পালোঁ। ৰাস্তাত মই এনে বহুতো লোকক লগ পালোঁ, যিসকল লোকে বহুতো সমস্যাৰ মাজেৰে পাৰ হৈ আছে। মোৰ নিচিনা তেওঁলোকেও সকলোখিনি এৰি ওলাই যোৱা হʼলে ভাল আছিল বুলি তেওঁলোকে ভাবিছিল।

মই যি দেখিলোঁ আৰু শুনিলোঁ, তাৰ পৰা বাইবেলৰ এই শিক্ষা একেবাৰে সঠিক বুলি গম পালোঁ যে এই জগতখনক চয়তানে শাসন কৰি আছে। কিন্তু মোৰ মনত আৰু এটা প্ৰশ্ন আছিল ‘যদি ঈশ্বৰে এই জগতক চলোৱা নাই, তেনেহʼলে এতিয়া তেওঁ কি কৰি আছে?’

কিছু মাহ পাৰ হোৱাৰ পাছত মই এই প্ৰশ্নৰ উত্তৰ বিচাৰি পালোঁ। সময় পাৰ হোৱাৰ লগে লগে মই এনে বহুতো লোকৰ লগত বন্ধুত্ব কৰিলোঁ, যিসকলে বেলেগ বেলেগ পৰিস্থিতিত বিশ্বাসী হৈ সত্য ঈশ্বৰৰ সেৱা কৰি আছিল।

উত্তৰ আয়াৰলেণ্ড—“বোমা আৰু বন্দুকৰ এলেকা”

কিছু সময়ৰ পাছত মই আকৌ লণ্ডনলৈ গুচি গʼলোঁ। তাত মোৰ বন্ধুৰ মাকক লগ পালোঁ আৰু তেওঁ মোক এখন বাইবেল দিলে। তাৰ পাছত মই নেদাৰলেণ্ডৰ এমষ্টৰডম চহৰলৈ গুচি গʼলোঁ। তাতে এদিন ৰাস্তাৰ কিনাৰত থকা লাইটৰ পোহৰত মই বাইবেল পঢ়ি আছিলোঁ। তেতিয়া এজন যিহোৱাৰ সাক্ষী সেই বাটেদি পাৰ হʼল। তেওঁ মোক দেখিলে আৰু মোক বাইবেলৰ বিষয়ে আৰু বহুতো কথা কʼলে। তাৰ পাছত মই আয়াৰলেণ্ডৰ ডাবলিন চহৰলৈ গʼলোঁ। তাত যিহোৱাৰ সাক্ষীসকলৰ শাখা কাৰ্য্যালয়লৈ গʼলোঁ। যেতিয়া মই দৰ্জা টুকুৰিয়ালোঁ, তেতিয়া ভাই অৰ্থৰ মেথিউ বাহিৰলৈ উলাই আহিল। তেওঁ বৰ বুদ্ধিমান আছিল আৰু বহু বছৰৰ অভিজ্ঞতাও আছিল। তেওঁ মোক বাইবেল অধ্যয়ন কৰাবনে বুলি মই সুধিলোঁ। তেওঁ মান্তি হʼল।

মই বহুত কথা জানিব বিচাৰিছিলোঁ, সেইবাবে অধ্যয়ন কৰিবলৈ বহুত পৰিশ্ৰম কৰিছিলোঁ। যিহোৱাৰ সাক্ষীসকলৰ যিয়েই কিতাপ মই পাইছিলোঁ, সেয়া পঢ়িছিলোঁ আৰু লগতে মই বাইবেলো পঢ়িছিলোঁ। মোক শিকা কথাবোৰ বহুত ভাল লাগিছিল। ডাঙৰ ডাঙৰ বিদ্বানসকলে বহু বছৰ ধৰি যিবিলাক প্ৰশ্নৰ উত্তৰ দিব পৰা নাছিল, সেই প্ৰশ্নবোৰৰ উত্তৰ মণ্ডলীত সৰু সৰু লʼৰা-ছোৱালীয়ে দিছিল। যেনে, ‘পৃথিৱীত ইমান দুষ্টতা কিয়? ঈশ্বৰ কোন হয়? মৃত্যুৰ পাছত আমাৰ কি হয়?’ সেই দেশত মোৰ যিমান বন্ধু আছিল, সকলো যিহোৱাৰ সাক্ষী আছিল, কাৰণ তাত মই কাকো চিনি পোৱা নাছিলোঁ। তেওঁলোকে মোক যিহোৱাক জনাত বহুত সহায় কৰিলে। মই যিহোৱাক প্ৰেম কৰিবলৈ ধৰিলোঁ আৰু তেওঁৰ ইচ্ছা পূৰ কৰিবলৈ মোৰ মন গʼল।

নাইজল, ডেনিছ আৰু মই

১৯৭২ চনত মই বাপ্তিষ্মা লʼলোঁ। তাৰ এবছৰৰ পাছত মই অগ্ৰগামী সেৱা কৰিবলৈ ধৰিলোঁ। মই উত্তৰ আয়াৰলেণ্ডৰ নিউৰি গাঁওৰ এটি সৰু মণ্ডলীত যাবলৈ ধৰিলোঁ। তাতে মই পাহাৰীয়া এলেকাত এখন ঘৰ ভাড়াত লʼলোঁ। তাত দূৰ-দূৰণিলৈকে কোনো ব্যক্তিক দেখা পোৱা নাছিলোঁ। কিন্তু ওচৰতে এখন ডাঙৰ পথাৰ আছিল, যʼত বহুতো গৰু চৰি আছিল আৰু সিহঁতৰ ওচৰত মই ভাষণ প্ৰেকটিছ কৰিলোঁ। সিহঁতক চাই মোৰ এনে লাগিছিল যেন সিহঁতে ঘাঁহ পাগুলি পাগুলি মোৰ ভাষণ শুনি আছে। সিহঁতে এয়াতো কʼব পৰা নাছিল যে মোক কʼত শুধৰণি কৰিব লাগে, কিন্তু মই এয়া নিশ্চয় জানিব পাৰিলোঁ যে লোকসকলৰ ফালে চাই কেনেকৈ ভাষণ দিব লাগে। ১৯৭৪ চনত মোক বিশেষ অগ্ৰগামী সেৱক হিচাপে নিযুক্ত কৰা হʼল আৰু ভাই নাইজল পিটক মোৰ লগত সেৱা কৰিবলৈ পঠোৱা হʼল। আমি দুয়োজনে ভাল বন্ধু হৈ পৰিলোঁ।

সেই সময়ত উত্তৰ আয়াৰলেণ্ডত ৰাজনৈতিক হুলস্থূল চলি আছিল আৰু লোকসকলে প্ৰতিবাদ কৰি আছিল। সেইবাবে, তাৰ লোকসকলে সেই ঠাইৰ নাম একেবাৰে সঠিক দিছিল “বোমা আৰু বন্দুকৰ এলেকা।” ৰাস্তাত কাজিয়া, গুলি চলোৱা, বোমা বিস্ফোৰণ কৰা বৰ সাধাৰণ কথা হৈ পৰিছিল। এই সকলোতে ধৰ্মৰ হাত আছিল। কিন্তু প্ৰটেষ্টেন্ট আৰু কেথʼলিক গীৰ্জাৰ লোকসকলে ভালদৰে জানিছিল যে যিহোৱাৰ সাক্ষীসকলে ৰাজনীতিত কাৰো পক্ষ নলয়। সেইবাবে, আমি অসুবিধা নোহোৱাকৈ ভালদৰে প্ৰচাৰ কৰিছিলোঁ। বহু বাৰ যেতিয়া আমি ঘৰে ঘৰে প্ৰচাৰ কৰিছিলোঁ, তেতিয়া লোকসকলে আমাক অহাকালি কোন ঠাইত আৰু কেতিয়া প্ৰতিবাদ হʼব, তাৰ বিষয়ে আগতীয়াকৈ কৈ দিছিল, যাতে আমি তালৈ নাযাওঁ।

বহু বাৰ আমি বিপদৰ সন্মুখীন হৈছিলোঁ। এদিন মই আৰু ভাই ডেনিছ কেৰিজনে ওচৰৰে এখন গাঁৱত প্ৰচাৰ কৰি আছিলোঁ। তেওঁ অগ্ৰগামী সেৱক আছিল। সেই এলেকাত কোনো সাক্ষী নাছিল আৰু আমিও তাত দ্বিতীয়বাৰ গৈছিলোঁ। তাত চাহৰ দোকানত এজনী তিৰোতাই আমাৰ ওপৰত অভিযোগ লগালে যে আমি প্ৰকৃততে ব্ৰিটেইনৰ গোপন সৈনিক হয়। আমাৰ কথা কোৱা ধৰণ দেখি হয়তো তেওঁ এইদৰে কৈছিল। সেই সময়ত যদি কোনো ব্যক্তিয়ে সৈনিকসকলৰ লগত বন্ধুত্ব ৰাখে, তেনেহʼলে লোকসকলে তেওঁক মাৰি পেলাইছিল বা তেওঁৰ আঠুত গুলিয়াইছিল। সেইবাবে, তেওঁৰ কথা শুনি আমি বহুত ভয় খাইছিলোঁ। তাৰ পাছত আমি বাহিৰত থিয় হৈ বাছৰ কাৰণে ৰৈ আছিলোঁ, আমাক বহুত ঠাণ্ডা লাগি আছিল আৰু ওচৰে- পাজৰে কোনো নাছিল। তেতিয়া সেই দোকানখনৰ ওচৰত এখন গাড়ী আহি ৰখিল আৰু সেই তিৰোতাই গাড়ীত বহী থকা দুজন ব্যক্তিৰ লগত কথা পাতি থকা দেখিলোঁ। তেওঁ আমাৰ ফালে দেখুৱাই তেওঁলোকৰ লগত কথা পাতি আছিল। পাছত সেই দুজন ব্যক্তি নিজৰ গাড়ী লৈ লাহে লাহে আমাৰ ফালে অহা দেখিলোঁ। তেওঁলোকে আমাক বাছৰ বিষয়ে সুধিলে। যেতিয়া বাছ আহিল, তেতিয়া তেওঁলোকে ড্ৰাইভাৰৰ লগত কথা পাতিলে। আমি তেওঁলোকৰ কথা-বতৰা শুনিব নোৱাৰিলোঁ। কিন্তু বাছখন একেবাৰে খালি আছিল। সেইবাবে, আমি ভাবিলোঁ যে এতিয়াতো আমি নাবাচিম! তেওঁলোকে আমাক গাঁৱৰ বাহিৰত এৰি দিবলৈ ড্ৰাইভাৰজনক কৈছিলে। কিন্তু এইদৰে নহʼল। যেতিয়া আমি বাছৰ পৰা নামিলোঁ, তেতিয়া মই ড্ৰাইভাৰজনক সুধিলোঁ, “তেওঁলোকে আমাৰ বিষয়ে সুধিছিল নেকি?” তেওঁ আমাক কʼলে, “তোমালোক কোন হয় মই ভালদৰে জানোঁ আৰু ইয়াৰ বিষয়ে তেওঁলোককো কʼলোঁ। সেইবাবে, তোমালোকে চিন্তা কৰাৰ প্ৰয়োজন নাই। তোমালোকৰ একো নহʼব।”

ভাই ৰৰ্ৱাট আৰু ভনী পʼলিন নিজৰ বিয়াৰ দিন।

মাৰ্চ ১৯৭৭ আমাৰ বিয়াৰ দিন

১৯৭৬ চনত ডাবলিনত এটা জিলা সন্মিলনa ৰখা হৈছিল। তাত মই পʼলিন লমেক্সক লগ পাইছিলোঁ। তাই ইংলেণ্ডৰ পৰা সন্মিলনলৈ আহিছিল আৰু তাই এজনী বিশেষ অগ্ৰগামী সেৱক আছিল। তাই যিহোৱাক বহুত প্ৰেম কৰিছিল আৰু তাই নম্ৰ আৰু মৰমিয়াল আছিল। তাই আৰু তাইৰ ভাইটি ৰে লমেক্স সৰুৰে পৰা সত্যত আছিল। জিলা সন্মিলনত লগ পোৱাৰ এবছৰৰ পাছত পʼলিন আৰু মই বিয়া পাতিলোঁ আৰু পাছত উত্তৰ আয়াৰলেণ্ডৰ বেলিমেনা চহৰত বিশেষ অগ্ৰগামী সেৱা কৰিবলৈ ধৰিলোঁ।

মই কিছু সময়লৈকে চাৰ্কিট ওভাৰচিয়াৰ হিচাপে সেৱা কৰিলোঁ। মই আৰু মোৰ পত্নীয়ে বেলফাস্ট, লণ্ডনডেৰি আৰু তাৰ নিচিনা আন এলেকাবোৰতো গৈছিলোঁ, যʼত বহুত বিপদ আছে। তাত আমি এনে ভাই-ভনীসকল লগ পালোঁ, যিসকলে আগতে বহুত পক্ষপাত কৰিছিল, নিজৰ ধৰ্মক লৈ বহুত কঠোৰ আছিল আৰু খঙাল আছিল। কিন্তু যেতিয়া তেওঁলোকে যিহোৱাৰ ওপৰত বিশ্বাস কৰিবলৈ ধৰিলে, তেতিয়া তেওঁলোকে সকলোবোৰ এৰি দিলে আৰু যিহোৱাৰ সেৱা কৰিবলৈ ধৰিলে। যিহোৱাই তেওঁলোকক বহুতো আশীৰ্বাদ আৰু সুৰক্ষা দিলে। এই ভাই-ভনীসকলৰ বিশ্বাস দেখি আমি উৎসাহিত হʼলোঁ।

মই দহ বছৰ আয়াৰলেণ্ডত আছিলোঁ। পাছত ১৯৮১ চনত আমাক গিলিয়েড স্কুলৰ ৭২ তম ক্লাচৰ বাবে মাতা হʼল। স্কুলৰ পাছত আমাক পশ্চিম আফ্ৰিকাৰ চিয়েৰা লিয়ন দেশত সেৱা কৰিবলৈ পঠিওৱা হʼল।

চিয়েৰা লিয়ন—অভাৱতো মজবুত বিশ্বাস

চিয়েৰা লিয়নলৈ মিচনেৰী সেৱাৰ বাবে পঠোৱা ১১ জন ভাই-ভনী আমি এখন ঘৰত একেলগতে আছিলোঁ। তেওঁলোক বহুত ভাল আছিল, কিন্তু সেই ঘৰখনত এটা পাকঘৰ, তিনিটা টইলেট, দুটা বাথৰুম, কাপোৰ ধোৱাৰ বাবে এখন মেচিন আৰু শুকোৱাৰ বাবে এখন মেচিন আছিল আৰু এখন টেলিফোন আছিল। তাত যিকোনো সময়তে কাৰেন্ট গুচি গৈছিল আৰু এইদৰে বাৰে বাৰে হৈছিল। ঘৰৰ ছাদত বহুতো নিগনি আছিল আৰু তলৰ ৰুমত বিষাক্ত সাপে অহা-যোৱা কৰিছিল।

কাঠেৰে বনোৱা ভুৰত ভাই ৰৰ্ৱাট আৰু কিছুমান লোকে মটৰ চাইকেল লৈ নদী পাৰ কৰি আছে।

ওচৰতে থকা গিনি দেশত অধিৱেশনত যাবৰ বাবে নদী পাৰ হোৱাৰ সময়ত

এই ঘৰখনত থকাটো ইমান সহজ নাছিল। কিন্তু আমি প্ৰচাৰত বহুত আনন্দ কৰিছিলোঁ। লোকসকলে বাইবেলক সন্মান কৰিছিল আৰু তেওঁলোকে আমাৰ কথা ধ্যান দি শুনিছিল। কিছুমান লোকে বাইবেল অধ্যয়ন আৰম্ভ কৰিলে আৰু যিহোৱাৰ সাক্ষী হʼল। তাত থকা লোকসকলে মোক “মিষ্টাৰ ৰৰ্বাট” বুলি মাতিছিল আৰু পʼলিনক “মিছেচ ৰৰ্বাট।” কিন্তু কিছু সময়ৰ পাছত মোক শাখা কাৰ্য্যালয়ৰ পৰা বহুতো কাম দিয়া হʼল, যাৰ বাবে মই প্ৰচাৰলৈ যাব নোৱাৰা হʼলোঁ। সেইবাবে, লোকসকলে পʼলিনক “মিছেচ পʼলিন” আৰু মোক “মিষ্টাৰ পʼলিন” বুলি মাতিবলৈ ধৰিলে। এয়া শুনি পʼলিনে বহুত ভাল পাইছিল।

ভাই ৰৱাৰ্ট আৰু ভনী পʼলিন নিজৰ গাড়ীৰ ওচৰত থিয় হৈ আছে।

চিয়েৰা লিয়নত প্ৰচাৰলৈ যোৱাৰ সময়ত

আমাৰ ভাই-ভনীসকল বহুত দুখীয়া আছিল, কিন্তু যিহোৱাই তেওঁলোকৰ সকলো প্ৰয়োজনীয়তা পূৰ কৰিলে আৰু এনেদৰে সহায় কৰিলে, যাৰ বিষয়ে তেওঁলোকে কেতিয়াও ভবাই নাছিল। (মথি ৬:৩৩) মোৰ আজিও মনত আছে, এজনী ভনীৰ হাতত নিজৰ আৰু নিজৰ লʼৰা-ছোৱালীৰ বাবে এদিনৰ আহাৰ কিনিবলৈ পইচা আছিল। কিন্তু তেওঁ সকলো পইচা মেলেৰিয়া হোৱা এজন ভাইক দি দিলে, কাৰণ তেওঁৰ ওচৰত দৰৱ কিনিবলৈ পইচা নাছিল। কিন্তু সেইদিনাই এগৰাকী তিৰোতাই আহি ভনীক নিজৰ চুলি ঠিক কৰাবলৈ কʼলে আৰু তাইক পইচাও দিলে। সেই ভনীৰ নিচিনাকৈ আন ভাই-ভনীসকলে দেখিবলৈ পালে যে যিহোৱাই কেনেকৈ তেওঁলোকক চম্ভালি আছে।

নাইজেৰিয়া—নতুন সংস্কৃতি শিকিলোঁ

আমি ন বছৰলৈকে চিয়েৰা লিয়নত আছিলোঁ। তাৰ পাছত আমাক নাইজেৰিয়াৰ শাখা কাৰ্য্যালয়লৈ পঠাই দিয়া হʼল। এই শাখা কাৰ্য্যালয় বহুত ডাঙৰ আছিল। মই আগতে চিয়েৰা লিয়নত যি কাম কৰিছিলোঁ, সেই একে কাম ইয়াতো কৰিবলৈ ধৰিলোঁ। কিন্তু পʼলিনৰ কাৰণে সকলোবোৰ একেবাৰে নতুন আছিল। আগতে তাই প্ৰচাৰত ১৩০ ঘন্টা সময় অতিবাহিত কৰিছিল আৰু উন্নতি কৰা লোকসকলৰ লগত বাইবেল অধ্যয়ন কৰিছিল। কিন্তু বেথেলত তাইক চিলাই কৰা কাম দিয়া হʼল আৰু গোটেই দিনটো ফটা কাপোৰ চিলাওতে পাৰ হৈছিল। আৰম্ভণিতে এই সাল-সলনি তাইৰ বাবে সহজ নাছিল। কিন্তু যেতিয়া তাই দেখিলে যে ভাই-ভনীসকলে তাইৰ এই কামৰ প্ৰতি কিমান কৃতজ্ঞ, তেতিয়া তাইক সেই কাম লাহে লাহে ভাল লাগিবলৈ ধৰিলে। যেতিয়াই তাই সুযোগ পাইছিল, তেতিয়াই বেথেললৈ সেৱা কৰিবলৈ অহা ভাই-ভনীসকলক উৎসাহিত কৰিবলৈ চেষ্টা কৰিছিল।

নাইজেৰিয়াত থকা লোকসকলৰ আচাৰ-ব্যৱহাৰ আৰু সংস্কৃতি একেবাৰে বেলেগ আছিল আৰু আমি ইয়াক এতিয়াও শিকি আছিলোঁ। এদিনাখন মই অফিচতে আছিলোঁ, এজন ভাই বেথেলত সেৱা কৰিবলৈ অহা এজনী ভনীক চিনাকী কৰাবলৈ মোৰ অফিচত আহিল। মই যেতিয়া হাত মিলাবলৈ নিজৰ হাত ভনীৰ ফালে আগবঢ়ালোঁ, তেতিয়া ভনীজনীয়ে আঠুকাঢ়ি মোৰ ভৰিত পৰিল। সেয়া চাই মই বহুত আচৰিত হৈছিলোঁ। তেতিয়া লগে লগে বাইবেলৰ দুটা পদ মোৰ মনত পৰিল, পাঁচনিৰ কৰ্ম্ম ১০:২৫, ২৬ আৰু প্ৰকাশিত বাক্য ১৯:১০ পদ। মই ভাবিলোঁ ‘এয়া তাই কি কৰি আছে। এইদৰে নকৰিবলৈ তাইক কʼম নেকি? এই ভনীজনী দেখোন বেথেল সেৱাৰ বাবে আহিছে। তাইতো নিশ্চয় জানে ইয়াৰ বিষয়ে বাইবেলত কি কোৱা হৈছে।’

যেতিয়ালৈকে আমাৰ কথা-বতৰা চলি আছিল, তেতিয়ালৈকে মই অসুবিধা অনুভৱ কৰিছিলোঁ। কিন্তু তেওঁলোকে যোৱাৰ পাছত মই ইয়াৰ বিষয়ে অনুসন্ধান কৰিলোঁ আৰু পাছলৈ মই বুজি পালোঁ যে এয়া মাত্ৰ এটা ৰীতি-নীতিহে, যি এতিয়াও দেশৰ কিছুমান ঠাইত পালন কৰা হয়। এই ৰীতি-নীতি অকল তিৰোতাই নহয়, পুৰুষসকলেও পালন কৰে আৰু এয়া উপাসনাৰ বাবে নহয়, ইয়াৰ পৰিৱৰ্তে লোকসকলক আদৰ দেখুৱাবলৈ কৰা হয়। বাইবেলতো কোৱা হৈছে যে কিছুমান বিশ্বাসী লোকসকলে এইদৰে কৰিছিল। (১ চমূ. ২৪:৮) তাৰ পাছত মই ভাবিলোঁ ভালে হʼলে নভবা-নিচিন্তাকৈ মই তাইক একো নকʼলোঁ, হয়তো তাইক বেয়া লাগিলেহেঁতেন।

আমি নাইজেৰিয়াত এনে বহুতো লোকক লগ পাইছিলোঁ, যিসকলে বিশ্বাসী হৈ বহু বছৰৰ পৰা যিহোৱাৰ সেৱা কৰি আছিল। এনে এজন ভাই আছিল আইজেয়াহ আডাদবনা।b তেওঁ ডেকা কালতে সত্য পাইছিল। পাছত তেওঁৰ কুষ্টৰোগ হʼল, সেইবাবে তেওঁক এনে ঠাইত পঠোৱা হʼল, যʼত কুষ্টৰোগীসকল আছিল। তাত তেওঁ অকলে এজন সাক্ষী আছিল। তেওঁক বহুত বিৰোধ কৰা হৈছিল। তথাপি তেওঁ প্ৰচাৰ কৰি থাকিল। তেওঁ ৩০-তকৈ বেছি লোকক সাক্ষী হʼবলৈ সহায় কৰিলে। পাছত তাত এটা মণ্ডলীও হʼল।

কেনিয়া—ভাই-ভনীসকলে বহুত ধৈৰ্য্য ধৰিলে

কেনিয়াত এটা অনাথ গড়ৰ সৈতে

১৯৯৬ চনত আমাক কেনিয়াৰ শাখা কাৰ্য্যালয়লৈ পঠোৱা হʼল। মই আৰম্ভণিতে যি কাহিনী কৈছিলোঁ, তাৰ পাছত প্ৰথমবাৰ মই কেনিয়ালৈ আহিছিলোঁ। আমি বেথেলত আছিলোঁ। তাত লোকসকলৰ বাহিৰে বান্দৰ কেইটাও বেথেল ফুৰিবলৈ আহিছিল। যদি বান্দৰ কেইটাই কোনোবা ভনীৰ হাতত ফলৰ টোপোলা দেখে, তেতিয়া লগে লগে তাক “কাঢ়ি” লৈছিল। এদিন এজনী ভনীয়ে নিজৰ ৰুমৰ খিৰিকি খোলা থৈ বাহিৰলৈ ওলাই গʼল আৰু তাই পুনৰাই ৰুমলৈ আহি দেখে যে বান্দৰৰ জাকে টেবুলত বহি আহাৰ খাই আছে। ভনীয়ে ভয়তে চিঞৰি বাহিৰলৈ পলাই গʼল। ভনীৰ চিঞৰ শুনি বান্দৰ কেইটাও খিৰিকি দি জপিয়াই বাহিৰলৈ ওলাই গʼল।

মই আৰু পʼলিনে স্বাহিলী ভাষা কোৱা মণ্ডলীত যাবলৈ ধৰিলোঁ। কিছু সময়ৰ পাছত মোক মণ্ডলীৰ পুস্তক অধ্যয়ন (যাক আজি মণ্ডলীৰ বাইবেল অধ্যয়ন বুলি কোৱা হয়) চলাবলৈ কোৱা হʼল। কিন্তু এই নতুন ভাষা কোৱাৰ ক্ষেত্ৰত মই এতিয়া এটা সৰু লʼৰা হৈ আছিলোঁ। সেইবাবে, অধ্যয়ন কৰা বিষয়টো মই আগতীয়াকৈ পঢ়ি থৈছিলোঁ, যাতে মই কমেই প্ৰশ্নবোৰ ভালকৈ শুধিব পাৰোঁ। কিন্তু অধ্যয়ন চলোৱাৰ সময়ত যদি কোনো ভাই বা ভনীয়ে পেৰেগ্ৰাফৰ বাহিৰৰ পৰা উত্তৰ দিছিল, তেনেহʼলে মই একো বুজি পোৱা নাছিলোঁ। মোৰ বৰ অসুবিধা হৈছিল আৰু মোক ভাই-ভনীসকলৰ বিষয়ে ভাবি বৰ বেয়া লাগিছিল। কিন্তু তেওঁলোকে ধৈৰ্য্য ধৰিছিল। মই অধ্যয়ন চলোৱাৰ বাবে তেওঁলোকে কেতিয়াও আপত্তি জনোৱা নাছিল, কাৰণ তেওঁলোক বহুত নম্ৰ আছিল। এই কথা মোৰ অন্তৰ চুই গʼল।

আমেৰিকা—পইচাৰ ওপৰত নহয় যিহোৱাৰ ওপৰত মজবুত বিশ্বাস

আমি কেনিয়াত এবছৰতকৈও কম সময় আছিলোঁ। ১৯৯৭ চনত আমাক নিউ ইয়ৰ্ক বেথেললৈ মতা হʼল। ইয়াত বেছিভাগ লোক ধনী আছিল আৰু ইয়াৰ বাবেও কিছুমান সমস্যা আহিলেহেঁতেন। (হিতো. ৩০:৮, ৯) কিন্তু ইয়াত থকা ভাই-ভনীসকলে বিশ্বাসেৰে যিহোৱাৰ সেৱা কৰিছিল। লাস-বিলাসৰ বস্তুবোৰ গুটোৱাৰ পৰিৱৰ্তে তেওঁলোকে নিজৰ সময় আৰু সম্পত্তি যিহোৱাৰ সেৱাত লগায়।

ইমান বছৰত আমি দেখিবলৈ পালোঁ যে আমাৰ ভাই-ভনীসকলে বেলেগ বেলেগ পৰিস্থিতিতো বিশ্বাসী হৈ যিহোৱাৰ সেৱা কৰে। যেনে, আয়াৰলেণ্ডত যুদ্ধ আৰু প্ৰতিবাদৰ মাজতো আমাৰ ভাই-ভনীসকলে নিজৰ বিশ্বাস মজবুত কৰি ৰাখিছে। আফ্ৰিকাত দৰিদ্ৰতা আৰু নিজৰ পৰিয়ালৰ পৰা দূৰত থাকিও আমাৰ ভাই-ভনীসকলে নিজৰ বিশ্বাস দুৰ্বল হʼবলৈ দিয়া নাই। আমেৰিকাত, যʼত লোকসকলে টকা-পইচাৰ ওপৰত ভৰসা কৰে, তাতো আমাৰ ভাই-ভনীসকলে যিহোৱাৰ ওপৰত নিজৰ বিশ্বাস মজবুত কৰিছে। চিন্তা কৰক, যেতিয়া যিহোৱাই এই সকলো লোকক চাই যে তেওঁলোকে বেলেগ বেলেগ পৰিস্থিতিতো তেওঁৰ বিশ্বাসী হৈ আছে, তেতিয়া তেওঁ এয়া চাই কিমান আনন্দিত হয়।

ৱাৰউইক বেথেলত পʼলিনৰ লগত

সময় অতি বেগেৰে উলাই গʼল ‘তাঁতীৰ মাকুতকৈয়ো বেগেৰে।’ (ইয়ো. ৭:৬) আজি আমি নিউ ইয়ৰ্কৰ ৱাৰউইকৰ মূখ্য কাৰ্য্যালয়ত সেৱা কৰি আছোঁ। আজিও আমি সেই ভাই-ভনীসকলৰ লগত সেৱা কৰি সঁচাকৈ আনন্দিত হৈছোঁ, যিসকলে ইজনে-আনজনক প্ৰেম কৰে। আজি আমি যি কৰিছোঁ, তাতে অতি আনন্দিত হৈছোঁ। আমি জানোঁ যে আমি নিজৰ ৰজা যীচুৰ সহায় কৰি আছোঁ আৰু অতি সোনকালে তেওঁ আমাক পুৰস্কাৰ দিব।—মথি ২৫:৩৪.

a আগতে আঞ্চলিক অধিৱেশনক জিলা সন্মিলন কোৱা হৈছিল।

b ভাই আইজেয়াহ আডাদবনাৰ জীৱন কাহিনী পঢ়িবলৈ ১ এপ্ৰিল, ১৯৯৮ চনৰ প্ৰহৰীদুৰ্গ (হিন্দী) ২২-২৭ পৃষ্ঠা চাওক। ২০১০ চনত ভাইৰ মৃত্যু হʼল।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক