ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w23 ফেব্ৰুৱাৰী পৃষ্ঠা ৩১
  • চকুৰে নেদেখাৰ সত্ত্বেও ভাই-ভনীৰ প্ৰেম দেখিলে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • চকুৰে নেদেখাৰ সত্ত্বেও ভাই-ভনীৰ প্ৰেম দেখিলে
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • মিল থকা বিষয়
  • ঘোষণা কাৰ্য্যত আমাৰ দক্ষতা উন্নতি কৰা—দৃষ্টিহীনসকলক সাক্ষ্য দিয়ক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
w23 ফেব্ৰুৱাৰী পৃষ্ঠা ৩১

[বাওঁফালৰ পৰা সোঁফাললৈ] মাৰ্চেলʼ, ইওমাৰা আৰু ইৱৰ। প্ৰত্যেকে স্পেনিছ ব্ৰেইল ভাষাত নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান্‌ বাইবেলৰ এটা এটা ভাগ হাতত লৈ আছে

চকুৰে নেদেখাৰ সত্ত্বেও ভাই-ভনীৰ প্ৰেম দেখিলে

ইওমাৰা আৰু তাইৰ দুজন ভায়েক মাৰ্চেলʼ আৰু ইৱৰ গুৱাটীমেলাৰ এখন সৰু চহৰত থাকে। ইওমাৰাই যিহোৱাৰ সাক্ষীৰ সৈতে বাইবেল অধ্যয়ন কৰিবলৈ ধৰিলে, তাৰ পাছত ভাই দুজনেও বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু এটা সমস্যা আহিল, তেওঁলোক তিনিজনে চকুৰে দেখা নাপাই আৰু তেওঁলোকে ব্ৰেইল ভাষা পঢ়িব নাজানে। সেইবাবে, তেওঁলোকৰ সৈতে বাইবেল অধ্যয়ন কৰা ভাইজনে অধ্যয়ন কৰিবলগীয়া ভাগ পঢ়ি শুনাইছিল আৰু পাঠৰ লগত জড়িত থকা পদবিলাকো পঢ়ি শুনাইছিল।

সভাবিলাকত যাবলৈ তেওঁলোকৰ আন এটা সমস্যা আছিল, তেওঁলোকৰ ঘৰৰ পৰা ৰাজ্যগৃহ যাবলৈ ৪০ মিনিট সময় লাগিছিল আৰু তেওঁলোকে অকলে সভালৈ যাব নোৱাৰিছিল। কিন্তু মণ্ডলীৰ ভাইসকলে তেওঁলোকক সভাত লৈ যাবলৈ ব্যৱস্থা কৰিলে। সপ্তাহৰ মাজৰ সভাত যেতিয়া তেওঁলোকে বিদ্যাৰ্থী ভাগ পালে, তেতিয়া ভাইসকলে তেওঁলোকক মনত ৰাখিবৰ বাবে সহায় কৰিলে যাতে তেওঁলোকে নিজৰ ভাগ প্ৰস্তুত কৰিব পাৰে।

২০১৯ চনৰ মে’ মাহৰ পৰা তেওঁলোকৰ গাঁৱত মণ্ডলীৰ সভা আৰম্ভ হয়। নিয়মিত অগ্ৰগামী সেৱা কৰা এহাল দম্পতী তেওঁলোকৰ গাঁৱলৈ আহিল। যদিও সেই দম্পতীয়ে ব্ৰেইল ভাষা নাজানে, তথাপি তেওঁলোকে লক্ষ্য ৰাখিলে যে সেই তিনিজনক ব্ৰেইল ভাষা পঢ়িবলৈ আৰু লিখিবলৈ শিকাব। সেইবাবে, তেওঁলোক লাইব্ৰেৰীলৈ গʼল আৰু তাৰ পৰা ব্ৰেইল ভাষাৰ কিছুমান কিতাপ লʼলে। সেই কিতাপবোৰত আনক ব্ৰেইল ভাষা কেনেকৈ শিকাব পাৰি, তাৰ বিষয়ে কোৱা হৈছিল।

মণ্ডলীৰ সভাত মাৰ্চেলʼয়ে উত্তৰ দি আছে

কিছু মাহৰ ভিতৰতে তিনিওজনে ব্ৰেইল ভাষা পঢ়িবলৈ শিকিলে, যাৰ যোগেদি তেওঁলোকে আধ্যাত্মিকভাৱে উন্নতি কৰিবলৈ ধৰিলে।a এতিয়া ইওমাৰা মাৰ্চেলʼ আৰু ইৱৰে নিয়মিত অগ্ৰগামী হিচাপে সেৱা কৰি আছে। মাৰ্চেলʼ এজন পৰিচাৰক হিচাপে মণ্ডলীত সেৱা কৰি আছে। তেওঁলোকক গোটেই সপ্তাহ জুৰি আধ্যাত্মিক কামত উৎসাহেৰে ভাগ লোৱা দেখি আন ভাই-ভনীসকলেও উৎসাহিত হয়।

তেওঁলোক তিনিওজনে কৃতজ্ঞ। ইওমাৰাই এইদৰে কৈছে, “প্ৰথম দিনা যেতিয়া মই সাক্ষীসকলক লগ পাইছিলোঁ, তেতিয়া তেওঁলোকে আমাক প্ৰকৃত প্ৰেম দেখুৱালে” লগতে মাৰ্চেলেও এইদৰে কৈছে “আমাৰ স্থানীয় মণ্ডলীত বহুতো ভাল বন্ধু আছে। ইয়াৰ উপৰিও আমি বিশ্বজুৰিৰ ভাতৃ প্ৰেমৰ ভাগ হওঁ, যিয়ে আমাক একতাৰ বান্ধোনত বান্ধি ৰাখে।” যিদিনাখন এই পৃথিৱী প্ৰমোদবনলৈ ৰূপান্তৰ হʼব, সেই দিনটো চাবলৈ ইওমাৰা আৰু তেওঁৰ ভাইসকলে আগ্ৰহেৰে বাট চাই আছে।—গীত. ৩৭:১০, ১১; যিচ. ৩৫:৫.

a যিসকল ব্যক্তিয়ে চকুৰে নেদেখে বা দেখি পোৱাত অসুবিধাৰ সন্মুখীন হয়, তেওঁলোকৰ বাবে আমাৰ সংগঠনে লাৰ্ন টু ৰিড ব্ৰেইল নামৰ ব্ৰচাৰখন প্ৰস্তুত কৰিছে, যাতে তেওঁলোকে এই ভাষা পঢ়িবলৈ আৰু লিখিবলৈ শিকিব পাৰে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক