ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w23 অক্টোবৰ পৃষ্ঠা ১৮-২৩
  • ঈশ্বৰৰ বাক্যৰ দীঘল, বহল, দ আৰু ওখৰ বিষয়ে জানক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰৰ বাক্যৰ দীঘল, বহল, দ আৰু ওখৰ বিষয়ে জানক
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • বাইবেলৰ গভীৰ কথাবোৰ অনুসন্ধান কৰি চাওক
  • ঈশ্বৰৰ উদ্দেশ্যৰ বিষয়ে গভীৰভাৱে চিন্তা কৰক
  • ভৱিষ্যৰ বিষয়ে মনন কৰক
  • স্বৰ্গলৈ মনোযোগেৰে চাওক
  • সকলো দিশলৈ চাওক আৰু ঈশ্বৰৰ বাক্যৰ পৰা আনন্দ লাভ কৰক
  • ঈশ্বৰে আমাক কিয় সৃষ্টি কৰিলে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
w23 অক্টোবৰ পৃষ্ঠা ১৮-২৩

অধ্যয়নৰ লেখ ৪৪

ঈশ্বৰৰ বাক্যৰ দীঘল, বহল, দ আৰু ওখৰ বিষয়ে জানক

‘বহল, দীঘল, ওখ আৰু দ ভালদৰে’ জানিবলৈ চেষ্টা কৰক। —ইফি. ৩:১৮.

গীত ৯৫ বৃদ্ধি হয় সত্যৰ পোহৰ

লেখৰ এক আভাসa

১-২. বাইবেল পঢ়া আৰু ইয়াৰ অধ্যয়ন কৰাৰ আটাইতকৈ ভাল উপায় কি? এটা উদাহৰণ দিয়ক।

চিন্তা কৰক, আপুনি এখন ঘৰ কিনিব বিচাৰিছে। আপুনি ঘৰখন কিনাৰ আগতে কি কৰিব? আপুনি অকল ফটোখনে চাই ঘৰখন কিনিবনে? কেতিয়াও নিকিনে। আপুনি নিজে গৈ ঘৰখন চাব বিচাৰিব। আপুনি তাৰ ভিতৰলৈ যাব আৰু প্ৰতিটো কোঠালিৰ দীঘল, বহল, ওখ সকলো কথাক ভালদৰে চাব। কিছুমান লোকে হয়তো ঘৰখনৰ মালিকৰ লগত কথা পাতিব বিচাৰে বা নক্সাও চাব বিচাৰে যাতে তেওঁলোকে ঘৰখনৰ বিষয়ে আৰু ভালদৰে জানিব পাৰে। এইদৰে সকলোবোৰ ভালদৰে চোৱাৰ পাছতহে আপুনি ঘৰখন কিনিবলৈ নিৰ্ণয় ল’ব।

২ যেতিয়া আমি বাইবেল পঢ়োঁ আৰু অধ্যয়ন কৰোঁ, তেতিয়াও আমি এইদৰে কৰিব পাৰোঁ। এজন বিদ্বানে বাইবেলৰ বিষয়ে এইদৰে কʼলে, “বাইবেল এখন ডাঙৰ বিল্ডিঙৰ দৰে হয়। যি বহুত ওখ আৰু তাৰ ভেটিও বহুত গভীৰ।” তেনেহ’লে বাইবেলত লিখা কথাবোৰ ভালদৰে জানিবলৈ আমি কি কৰিব পাৰোঁ? যদি আপুনি খৰ-খেদাকৈ ইয়াক পঢ়ে, তেনেহ’লে আপুনি ইয়াৰ কিছুমান কথাহে গ’ম পাব অৰ্থাৎ ‘ঈশ্বৰৰ বচনসমূহৰ আদিকথাহে।’ (ইব্ৰী ৫:১২) আমি এইদৰে কৰিব নিবিচাৰোঁ। আমি এই বিল্ডিঙৰ ভিতৰলৈ যাব বিচাৰোঁ, অৰ্থাৎ ইয়াৰ সৰু সৰু কথাও ভালদৰে বুজিব বিচাৰোঁ। এনেদৰে কৰিবলৈ প্ৰথমে আমি চিন্তা কৰিব লাগিব যে আমি কি কি সত্যতাৰ ওপৰত বিশ্বাস কৰোঁ আৰু সেইবোৰ ভালদৰে বুজিব লাগিব। তাৰ পাছত আমি সেইবোৰ কিয় বিশ্বাস কৰোঁ এয়া জানিবলৈ চেষ্টা কৰিব লাগিব। ইয়াৰ উপৰিও বাইবেলৰ বেলেগ বেলেগ অংশ এটাই আনটোৰ লগত কেনেকৈ জড়িত হৈ আছে তাক জানিবলৈ চেষ্টা কৰিব লাগিব।

৩. পাঁচনি পৌলে খ্ৰীষ্টানসকলক কি কৰিবলৈ অনুৰোধ কৰিছিল আৰু কিয়? (ইফিচীয়া ৩:১৪-১৯)

৩ ঈশ্বৰৰ বাক্যক আৰু ভালদৰে বুজিবলৈ আমাক ইয়াত লিখা গভীৰ কথাবোৰ আৰু সত্যতাবোৰক জনা উচিত। পাঁচনি পৌলে খ্ৰীষ্টান ভাই-ভনীসকলক ঈশ্বৰৰ বাক্য ভালদৰে অধ্যয়ন কৰিবলৈ অনুৰোধ কৰিছিল যাতে তেওঁলোকে ইয়াৰ দীঘল, বহল, দ আৰু ওখৰ বিষয়ে ভালদৰে বুজিব পাৰে। এইদৰে কৰাৰ যোগেদি তেওঁলোকে নিজৰ বিশ্বাস ‘শিপা ধৰাই আৰু বলৱন্ত হৈ’ বিশ্বাসত টিকি থাকিব পাৰিলেহেতেঁন। (ইফিচীয়া ৩:১৪-১৯ পঢ়ক।) আমিও এইদৰে কৰা উচিত। আহক আমি চাওঁ যে আমি ঈশ্বৰৰ বাক্য কেনেকৈ অধ্যয়ন কৰিব পাৰোঁ, যাতে ইয়াৰ সৰু সৰু কথাবোৰো আমি ভালদৰে জানিব পাৰোঁ।

বাইবেলৰ গভীৰ কথাবোৰ অনুসন্ধান কৰি চাওক

৪. যিহোৱাৰ আৰু কাষ চাপিবলৈ আমি কি কৰিব পাৰোঁ? কিছুমান উদাহৰণ দিয়ক।

৪ আমি খ্ৰীষ্টানসকলে কেৱল বাইবেলৰ ওপৰে-ওপৰে জ্ঞান লৈ সন্তুষ্ট হৈ নাথাকোঁ। আমি পবিত্ৰ শক্তিৰ সহায়ত ঈশ্বৰৰ গভীৰ কথাক ভালদৰে জানিবলৈ চেষ্টা কৰোঁ। (১ কৰি. ২:৯, ১০) তেনেহ’লে আপুনি নিজৰ ব্যক্তিগত অধ্যয়নত এনে বিষয়বোৰ অধ্যয়ন কৰিব পাৰে যাৰ যোগেদি আপুনি যিহোৱাৰ আৰু কাষ চাপিব পাৰে। যেনে, আপুনি অনুসন্ধান কৰিব পাৰে যে যিহোৱাই অতীতত কেনেকৈ নিজৰ সেৱকসকলক প্ৰেম দেখুৱাইছিল আৰু ইয়াৰ পাৰ কেনেকৈ প্ৰমাণ হয় যে তেওঁ আপোনাকো প্ৰেম কৰে। আপুনি এয়াও অধ্যয়ন কৰিব পাৰে যে অতীতত যিহোৱাই ইস্ৰাযেলীসকলক উপাসনা কৰাৰ যি পদ্ধতিৰ বিষয়ে কৈছিল আৰু আজি তেওঁ সত্য খ্ৰীষ্টানসকলক যিদৰে উপাসনা কৰাৰ বিষয়ে কৈছে তাৰ মাজত কি মিল আছে। ইয়াৰ উপৰিও আপুনি এই ভৱিষ্যবাণীবোৰ গভীৰভাৱে অধ্যয়ন কৰিব পাৰে, যিবোৰ যীচু খ্ৰীষ্টই পৃথিৱীত সেৱা কৰাৰ সময়ত পূৰ কৰিছিল।

৫. আপুনি ব্যক্তিগত অধ্যয়নৰ সময়ছোৱাত কিহৰ বিষয়ে অনুসন্ধান কৰিব বিচাৰে?

৫ বাইবেলৰ ভালদৰে অধ্যয়ন কৰা কিছুমান ভাই-ভনীক সোধা হ’ল যে তেওঁলোকে বাইবেলৰ কোনবোৰ বিষয়ৰ ওপৰত গভীৰভাৱে অনুসন্ধান কৰিব বিচাৰে। তেওঁলোকে যিবোৰ কথা জনালে, সেইবোৰ “ব্যক্তিগত অধ্যয়নৰ বাবে কিছুমান বিষয়” নামৰ বক্সত কোৱা হৈছে। আপুনি এই বিষয়বোৰৰ অনুসন্ধান কৰিবলৈ যিহোৱাৰ সাক্ষীসকলৰ বাবে অনুসন্ধান গাইডৰ ব্যৱহাৰ কৰিব পাৰে। এইদৰে অধ্যয়ন কৰিলে আপুনি আনন্দিত হ’ব। যেতিয়া আপুনি গভীৰভাৱে বাইবেল অধ্যয়ন কৰিব তেতিয়া আপোনাৰ বিশ্বাস মজবুত হ’ব আৰু আপুনি ঈশ্বৰৰ বিষয়ে জ্ঞান পাব। (হিতো. ২:৪, ৫) এতিয়া আহক আমি বাইবেলৰ এনে কিছুমান গভীৰ কথাবোৰলৈ মন কৰোঁ, যিবোৰৰ বিষয়ে আমি আৰু ভালদৰে অধ্যয়ন কৰিব পাৰোঁ।

ব্যক্তিগত অধ্যয়নৰ বাবে কিছুমান বিষয়

  1. ১. বাইবেলৰ মুখ্য বিষয়টো আদিপুস্তকৰ পৰা প্ৰকাশিত বাক্যলৈকে সকলো কিতাপত কেনেকৈ কোৱা হৈছে?

  2. ২. যিহোৱাৰ নামৰ অৰ্থ ভালদৰে বুজা

  3. ৩. বাইবেলত যিবোৰ চুক্তিৰ বিষয়ে কোৱা হৈছে, সেইবোৰ ঈশ্বৰৰ উদ্দেশ্যৰ লগত কেনেকৈ জড়িত হৈ আছে?

  4. ৪. মোচিৰ নিয়মৰ অনুসৰি যিবোৰ বলিদান দিবলগীয়া হৈছিল, সেইবোৰে কি অৰ্থ ৰাখিছিল?

  5. ৫. যিচয়াই পুনৰ স্থাপনৰ বিষয়ে যিবোৰ ভৱিষ্যবাণী কৰিছিল, তাৰ পৰা আমি কেনেকৈ উৎসাহ লাভ কৰোঁ?

  6. ৬. যিহোৱাই পবিত্ৰ শক্তিৰ যোগেদি কেনেকৈ নিজৰ ইচ্ছা পূৰ কৰে?

  7. ৭. দানিয়েল আৰু প্ৰকাশিত বাক্য কিতাপত লিখা ভৱিষ্যবাণীবোৰৰ কি কি কথা মিল আছে?

ঈশ্বৰৰ উদ্দেশ্যৰ বিষয়ে গভীৰভাৱে চিন্তা কৰক

৬. (ক) উদাহৰণ দি বুজাওক যে যিহোৱাৰ উদ্দেশ্য সদায় কিয় পূৰ হয়? (খ) আমি এয়া কিয় কʼব পাৰোঁ যে পৃথিৱী আৰু মানুহৰ বাবে যিহোৱাৰ উদ্দেশ্য “আদিকালৰ” পৰা একে আছে? (ইফিচীয়া ৩:৯)

৬ বাইবেলত ঈশ্বৰৰ উদ্দেশ্যৰ বিষয়ে কি কোৱা হৈছে আহক এই বিষয়ৰ ওপৰত ধ্যান দিওঁ। ধৰি লওক আপুনি কʼৰবালৈ যাবলৈ বিচাৰিছে। আপুনি কোনটো ৰাস্তায়েদি যাব আৰু কেনেকৈ যাব তাৰ বিষয়ে হয়তো আপুনি আগতীয়াকৈ চিন্তা কৰি ৰাখিছে। কিন্তু ৰাস্তাত হয়তো কিবা বাধা আহিব পাৰে আৰু আপুনি যিদৰে ভাবিছিল তাত সফল নহʼল। কিন্তু যেতিয়া যিহোৱাই কিবা কৰিব বিচাৰে, তেতিয়া তেওঁ এইদৰে নাভাবে। তেওঁ নিজৰ লক্ষ্য স্থান আৰু উদ্দেশ্য থিৰাং কৰে আৰু তালৈকে পাবলৈ যিকোনো ৰাস্তা লʼব পাৰে। যিহোৱাই বাইবেলত অলপ অলপকৈ প্ৰকাশ কৰিলে যে তেওঁৰ ‘আদি কালৰ’ উদ্দেশ্য কি। (ইফি. ৩:৯) যিহোৱাই নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ যিকোনো উপায় ব্যৱহাৰ কৰিব পাৰে আৰু তেওঁ সদায় সফল হয়। কিয়নো তেওঁ সকলো কাম এনেদৰে কৰে যাতে তেওঁৰ উদ্দেশ্য পূৰ হয়। (হিতো. ১৬:৪, NW) যিহোৱাৰ উদ্দেশ্য ‘আদি কালৰ’ পৰা একেই আছে, কিয়নো তেওঁ নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ যিয়ে কাম কৰে, তাৰ পৰা সদায় লাভ হৈ থাকিব। গতিকে আহক চাওঁ যে যিহোৱাৰ উদ্দেশ্য কি আৰু তাক পূৰ কৰিবলৈ তেওঁ কি কি সাল-সলনি কৰিছে।

৭. যেতিয়া আদম আৰু হৱাই যিহোৱাৰ আজ্ঞা নামানিলে, তেতিয়া তেওঁ নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ কি সাল-সলনি কৰিলে? (মথি ২৫:৩৪)

৭ যিহোৱাই আদম আৰু হৱাক মানৱ জাতিৰ বাবে তেওঁৰ উদ্দেশ্য কি তাক জনালে। যিহোৱাই তেওঁলোকক ক’লে, “তোমালোক বহুবংশ হোৱা, আৰু বাঢ়ি বাঢ়ি পৃথিৱীখন পৰিপূৰ্ণ কৰা আৰু . . . সকলো জীৱজন্তুৰ ওপৰত অধিকাৰ চলোৱা।” (আদি. ১:২৮) কিন্তু যেতিয়া আদম আৰু হৱাই যিহোৱাৰ আজ্ঞা পালন নকৰিলে, তেতিয়া মানৱ জাতিৰ ওপৰত পাপ আহি পৰিল। কিন্তু ইয়াৰ বাবে যিহোৱাৰ উদ্দেশ্য আধৰুৱা হৈ নাথাকিল। যিহোৱাই লগে লগে কিছুমান সাল-সলনি কৰিলে যাতে তেওঁ নিজৰ উদ্দেশ্য পূৰ কৰিব পাৰে। তেতিয়াই তেওঁ নিৰ্ণয় ল’লে যে তেওঁ স্বৰ্গত এখন ৰাজ্য আৰম্ভ কৰিব যাৰ জৰিয়তে পৃথিৱী আৰু মানৱ জাতিৰ বাবে তেওঁৰ উদ্দেশ্য পূৰ কৰিব। (মথি ২৫:৩৪ পঢ়ক।) তাৰ পাছত উচিত সময়ত যিহোৱাই নিজৰ একমাত্ৰ প্ৰিয় পুত্ৰক পৃথিৱীলৈ পঠিয়ালে যাতে তেওঁ আমাক এই ৰাজ্যৰ বিষয়ে শিকাব পাৰে আৰু আমাক পাপ আৰু মৃত্যুৰ পৰা উদ্ধাৰ কৰিবলৈ নিজৰ জীৱন বলিদান দিব পাৰে। তাৰ পাছত যিহোৱাই যীচুক জীৱিত কৰিলে আৰু স্বৰ্গত ৰজা হিচাপে নিযুক্ত কৰিলে। কিন্তু যিহোৱাৰ কেৱল এয়াই উদ্দেশ্য নাছিল, ইয়াত আৰু কিছুমান কথা জড়িত আছে যাৰ ওপৰত আমি ধ্যান দিব পাৰোঁ।

স্বৰ্গত স্বৰ্গদূত আৰু ধুনীয়া পৃথিৱীখনত লোকসকলে আনন্দেৰে যিহোৱাৰ প্ৰশংসা কৰি আছে।

সেই সময়ৰ বিষয়ে চিন্তা কৰক যেতিয়া স্বৰ্গ আৰু পৃথিৱীত যিহোৱাৰ সকলো সেৱকে একেলগে মিলি বিশ্বাসী হৈ তেওঁৰ সেৱা কৰিব (অনুচ্ছেদ ৮ চাওক)

৮. (ক) বাইবেলৰ মুখ্য বিষয় কি? (খ) ইফিচীয়া ১:৮-১১ পদত কোৱাৰ দৰে অৱশেষত যিহোৱাই কি কৰিব? (বেটুপাতত দিয়া ছবিখন চাওক।)

৮ বাইবেলৰ মূল বিষয় হৈছে যিহোৱাৰ নাম পবিত্ৰ কৰা আৰু যিহোৱাৰ নাম তেতিয়াহে পবিত্ৰ হ’ব, যেতিয়া তেওঁ নিজৰ ৰাজ্যৰ যোগেদি যাৰ ৰজা যীচু খ্ৰীষ্ট হয়, পৃথিৱীৰ বাবে নিজৰ উদ্দেশ্য পূৰ কৰিব। তেওঁৰ উদ্দেশ্য কেতিয়াও সলনি নহʼব। তেওঁ গাৰেন্টি দিছে যে তেওঁ যিকোনো পৰিস্থিতিতে ইয়াক পূৰ কৰিব। (যিচ. ৪৬:১০, ১১; ইব্ৰী ৬:১৭, ১৮) আগলৈ গৈ এই পৃথিৱীখন এখন সুন্দৰ প্ৰমোদবন হৈ পৰিব য’ত আদম আৰু হৱাৰ বিশ্বাসী আৰু সিদ্ধ লʼৰা-ছোৱালীয়ে চিৰকাললৈকে জীয়াই থাকিব। (গীত. ২২:২৬) কিন্তু যিহোৱাৰ উদ্দেশ্য ইমানে নহয়। অৱশেষত তেওঁ সকলো স্বৰ্গদূত আৰু মানুহক এক কৰিব। তেতিয়া সকলোৱে যিহোৱাক নিজৰ ৰজা বুলি স্বীকাৰ কৰিব আৰু বিশ্বাসী হৈ তেওঁৰ সেৱা কৰিব। (ইফি. ১:৮-১১ পঢ়ক।) যিহোৱাই যিদৰে নিজৰ উদ্দেশ্য পূৰ কৰে, এয়া সঁচাকৈ আচৰিতজনক হয় বুলি নাভাবেনে?

ভৱিষ্যৰ বিষয়ে মনন কৰক

৯. বাইবেল পঢ়িলে আমি ভৱিষ্যৰ বিষয়ে কিমান দূৰলৈকে চাব পাৰোঁ?

৯ এতিয়া যিহোৱাই এদন বাগিচাত কৰা ভৱিষ্যবাণীলৈ ধ্যান দিয়ক। ইয়াৰ বিষয়ে আমি আদিপুস্তক ৩:১৫ পদত পঢ়িবলৈ পাওঁ।b এই ভৱিষ্যবাণীত এনে বহুতো কথাৰ বিষয়ে কোৱা হৈছে, যাৰ যোগেদি যিহোৱাৰ উদ্দেশ্য পূৰ হʼলহেঁতেন। কিন্তু এইবোৰ হাজাৰ বছৰৰ পাছতহে পূৰ হʼলহেঁতেন। যেনে, প্ৰতিজ্ঞা কৰা বংশ বা মচীহ অব্ৰাহামৰ বংশৰ পৰা আহিলেহেঁতেন। (আদি. ২২:১৫-১৮) ইয়াত কোৱা হৈছিল যে বংশ বা মচীহৰ গোৰোৱা আঘাত কৰা হʼলহেঁতেন। এয়া ৩৩ খ্ৰীষ্টাব্দত পূৰ হʼল, যেতিয়া যীচুৰ মৃত্যু হৈছিল। (পাঁচ. ৩:১৩-১৫) ইয়াৰ উপৰিও ভৱিষ্যবাণীত এয়াও কোৱা হৈছিল যে অৱশেষত চয়তানৰ মূৰ গুড়ি কৰা হʼব। ভৱিষ্যতে ১,০০০ বছৰতকৈ বেছি সময়ৰ পাছত এই কথা পূৰ হʼব। (প্ৰকা. ২০:৭-১০) যেতিয়া চয়তানৰ জগত আৰু যিহোৱাৰ সংগঠনৰ মাজত শত্ৰুতা শেষ হʼব, তেতিয়া কি কি ঘটনা ঘটিব তাৰ বিষয়েও বাইবলত বহুতো কথা কোৱা হৈছে।

১০. (ক) অতি সোনকালে ভৱিষ্যতে কি কি ঘটনা হʼবলগীয়া আছে? (খ) এই ঘটনাবোৰৰ সন্মুখীন হʼবলৈ আমি এতিয়াৰে পৰা কেনেকৈ নিজকে সাজু কৰিব পাৰোঁ? (ফুটনোট চাওক।)

১০ বাইবেলত কোৱা এই ঘটনাবোৰৰ ওপৰত মন কৰক যিয়ে জগতৰ লোকসকলক আচৰিত কৰি তুলিব। প্ৰথমতে, জগতৰ ৰাষ্ট্ৰই ‘শান্তি আৰু নিৰ্ব্বিঘ্নতাৰ’ ঘোষণা কৰিব। (১ থিচ. ৫:২, ৩) সেই সময়ত জগতৰ ৰাষ্ট্ৰবোৰে সকলো মিছা ধৰ্মৰ ওপৰত আক্ৰমণ কৰিব আৰু তেতিয়াই মহা সংকট আৰম্ভ হʼব। (প্ৰকা. ১৭:১৬) ইয়াৰ পাছত আচৰিভাৱে “মানুহৰ পুত্ৰৰ চিন আকাশত দেখিবলৈ পোৱা যাব” (মথি ২৪:৩০) যীচুৱে সকলো মানুহৰ ন্যায় কৰিব অৰ্থাৎ মেৰৰ নিচিনা লোকসকলক ছাগলীৰ নিচিনা লোকসকলৰ পৰা পৃথক কৰিব। (মথি ২৫:৩১-৩৩, ৪৬) কিন্তু সেই সময়ত চয়তান মনে মনে নাথাকিব। সি খঙত মাগোগদেশীয় গোগক (ৰাষ্ট্ৰৰ সমূহ) ঈশ্বৰৰ লোকসকলৰ ওপৰত আক্ৰমণ কৰিবলৈ উচটাব। (যিহি. ৩৮:২, ১০, ১১) এই সময়ছোৱাতে বাকী থকা অভিষিক্ত খ্ৰীষ্টানসকল স্বৰ্গলৈ গুচি যাব আৰু মহা সংকটৰ অন্তিম সময়ত যীচু আৰু তেওঁৰ স্বৰ্গীয় সেনাই একেলগে মিলি হৰমাগিদোনৰ যুদ্ধ কৰিব।c (মথি ২৪:৩১; প্ৰকা. ১৬:১৪, ১৬) ইয়াৰ পাছত এই পৃথিৱীত মচীহৰ ১,০০০ বছৰৰ শাসন আৰম্ভ হʼব।—প্ৰকা. ২০:৬.

এজন ভায়ে আৰু ভালদৰে বাইবেল পঢ়িবলৈ “নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান্‌ৰ” (হিন্দী) অতিৰিক্তি লেখ খ১-ত দিয়া তালিকা, “বাইবেলৰ বাৰ্তা” ভাগটো চাই আছে। ছবি: ১. নতুন পৃথিৱীত সেই ভাইজন ভালুকৰ পোৱালিৰ পিঠিত হাত বুলাইছে। ওচৰতে সেই পোৱালিৰ মা আৰু আন এটা পোৱালিও আছে। ২. সেই ভাইজনে ৰাতি আকাশত টেলিস্কʼপৰ সহায়ত অসংখ্য তৰাবোৰ চাই আছে।

আপুনি কি ভাবে কোটি কোটি বছৰ যিহোৱাৰ বিষয়ে জনাৰ পাছত তেওঁৰ লগত আপোনাৰ সম্পৰ্ক কেনেকুৱা হʼব? (অনুচ্ছেদ ১১ চাওক)

১১. আপোনাৰ ওচৰত অনন্ত জীৱন জীয়াই থকাৰ যি আশা আছে, তাৰ যোগেদি আপোনাৰ বাবে কি কি সম্ভৱ হৈ পৰিব? (ছবিখনো চাওক।)

১১ এতিয়া আৰু দূৰলৈকে চাবলৈ চেষ্টা কৰক, সেয়া হৈছে ১,০০০ বছৰৰ পাছত কি কি হʼব। বাইবেলত এয়াও লিখা আছে যে সৃষ্টিকৰ্তাই আমাৰ অনন্তৰত ‘অনন্ত কাল’ জীয়াই থকাৰ ইচ্ছা দিছে। (উপ. ৩:১১) চিন্তা কৰক, সেই সময়ত আপোনাৰ জীৱন কেনেকুৱা হʼব আৰু যিহোৱাৰ লগত আপোনাৰ সম্পৰ্ক কিমান গভীৰ হʼব। যিহোৱাৰ কাষ চাপক (হিন্দী) কিতাপখনৰ ৩১৯ পৃষ্ঠাত ইয়াৰ বিষয়ে এটা ভাল কথা কোৱা হৈছে, “এতিয়াৰ পৰা কোটি কোটি বছৰ জীয়াই থকাৰ পাছতো আমি যিহোৱাৰ বিষয়ে এতিয়াতকৈ বহুগুণে বেছি কথা জানিব পাৰিম। কিন্তু তেতিয়াও আমাৰ অনুভৱ হʼব যে এতিয়াও বহুতো কথা জানিবলৈ বাকী আছে। . . . অনন্ত জীৱন কিমান সুন্দৰ হʼব সেয়া আমি কল্পনাও কৰিব নোৱাৰোঁ। আমি যি কৰিব পাৰিম, তাৰ বিষয়ে অনুমানো কৰিব নোৱাৰোঁ। কিন্তু যিহোৱাৰ আৰু কাষ চপাটোৱে সেই জীৱনৰ আটাইতকৈ ভাল ভাগ হʼব।” কিন্তু তেতিয়ালৈকে ঈশ্বৰৰ বাক্যৰ অধ্যয়ন কৰাৰ সময়ত আমি আৰু কি কি কথা জানিব পাৰোঁ?

স্বৰ্গলৈ মনোযোগেৰে চাওক

১২. এটা উদাহৰণ দি জনাওক যে আমি কেনেকৈ স্বৰ্গত চাব পৰোঁ।

১২ বাইবেলত কোৱা হৈছে যে যিহোৱা “উৰ্ধলোকত বাস কৰে।” ইয়াৰ পৰা এয়াও জানিব পাৰি যে তেওঁৰ আশে-পাশে থকা দৃশ্য বহুত সুন্দৰ। (যিচ. ৩৩:৫) যিহোৱা আৰু তেওঁৰ সংগঠনৰ যি ভাগ স্বৰ্গত আছে, তাৰ বিষয়ে বহুতো ভাল ভাল কথা কোৱা হৈছে। (যিচ. ৬:১-৪; দানি. ৭:৯, ১০; প্ৰকা. ৪:১-৬) যেনে, আমি বাইবেলত সেই আচৰিত কথাবোৰৰ বিষয়ে পঢ়িবলৈ পাওঁ, যি যিহিষ্কেলে সেই সময়ত দেখিছিল যেতিয়া ‘স্বৰ্গ মেলা হল, আৰু [তেওঁ] ঈশ্বৰীয় দৰ্শন পালে।’—যিহি. ১:১.

১৩. ইব্ৰী ৪:১৪-১৬ পদত কোৱাৰ অনুসৰি আজি স্বৰ্গত যীচুৱে যি কৰি আছে, তাৰ কি কথা আপোনাক ভাল লাগে?

১৩ এতিয়া যীচুৰ ওপৰত মন কৰক। চিন্তা কৰক, তেওঁ এজন মহাপুৰোহিত হিচাপে আমাক কেনেকৈ সহানুভূতি দেখুৱায় আৰু স্বৰ্গত শাসন কৰি আছে। যীচুৰ নামেৰে প্ৰাৰ্থনা কৰিলে আমি ঈশ্বৰৰ ‘অনুগ্ৰহৰ সিংহাসনৰ ওচৰলৈ চাপিব’ পাৰোঁ। যিহোৱাই যাতে আমাক দয়া দেখুৱায় আৰু ‘উপযুক্ত সময়ত’ সহায় কৰে, তাৰ বাবে আমি তেওঁলৈ মিনতি কৰিব পাৰোঁ। (ইব্ৰী ৪:১৪-১৬ পঢ়ক।) সদায় এই বিষয়ে চিন্তা কৰিবলৈ চেষ্টা কৰক যে যিহোৱা আৰু যীচুৱে আপোনাৰ বাবে কি কৰিলে আৰু আজি স্বৰ্গৰ পৰা কি কৰি আছে। তেওঁলোকে আমাক যিদৰে প্ৰেম দেখুৱালে, সেয়া আমাৰ হৃদয় স্পৰ্শ নকৰে নে? যিহোৱাৰ সেৱা আৰু উৎসাহেৰে কৰিবলৈ মন নাযায় নে?—২ কৰি. ৫:১৪, ১৫.

ছবি: ১. এজনী ভনীয়ে ট্ৰেনত এগৰাকী তিৰোতাক প্ৰচাৰ কৰি আছে আৰু তেওঁক নিজৰ ফোনৰ পৰা কিবা দেখুৱাই আছে। ২. সেই ভনী, তেওঁৰ স্বামীয়ে আৰু সেই তিৰোতা আৰু তেওঁৰ স্বামী নতুন পৃথিৱীত আছে আৰু একেলগে খোজ কাঢ়িছে। তেওঁলোকক বহুত আনন্দিত দেখিবলৈ পোৱা গৈছে।

চিন্তা কৰক নতুন পৃথিৱীত আপুনি এই কথাৰ বাবে কিমান আনন্দিত হʼব যে আপুনি লোকসকলক যিহোৱাৰ সাক্ষী আৰু যীচুৰ শিষ্য হʼবলৈ সহায় কৰিছিল। (অনুচ্ছেদ ১৪ চাওক)

১৪. যিহোৱা আৰু যীচুৰ প্ৰতি কৃতজ্ঞতা দেখুৱাৰ এটা উপায় কি? (ছবিখনো চাওক।)

১৪ ঈশ্বৰ আৰু তেওঁৰ পুত্ৰৰ প্ৰতি কৃতজ্ঞতা দেখুৱাৰ এটা ভাল উপায় হৈছে লোকসকলক যিহোৱাৰ সাক্ষী আৰু যীচুৰ শিষ্য হʼবলৈ সহায় কৰা। (মথি ২৮:১৯, ২০) পাঁচনি পৌলেও ঈশ্বৰ আৰু খ্ৰীষ্টৰ প্ৰতি কৃতজ্ঞতা দেখুৱাবলৈ এইদৰেই কৰিছিল। তেওঁ জানিছিল যে ঈশ্বৰৰ ইচ্ছা হৈছে, “সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়।” (১ তীম. ২:৩, ৪) সেইবাবে, তেওঁ প্ৰচাৰ কৰিবলৈ কঠিন পৰিশ্ৰম কৰিছিল আৰু বেছিভাগ লোকক শুভবাৰ্তা শুনাবলৈ চেষ্টা কৰিছিল যাতে তেওঁ ‘কোনো কোনোবিলাকক পৰিত্ৰাণ’ কৰাব পাৰে।—১ কৰি. ৯:২২, ২৩.

সকলো দিশলৈ চাওক আৰু ঈশ্বৰৰ বাক্যৰ পৰা আনন্দ লাভ কৰক

১৫. গীতমালা ১:২ পদৰ অনুসৰি কি কৰিলে আমি আনন্দ লাভ কৰিম?

১৫ গীত ৰচক এজনে কৈছিল যে যি মানুহে “যিহোৱাৰ ব্যৱস্থাত সন্তুষ্ট হয়, আৰু দিনে-ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে,” তেওঁ প্ৰকৃত অৰ্থত সুখী আৰু তেওঁ নিজৰ জীৱনত সফল হʼব পাৰে। (গীত. ১:১-৩) বাইবেলৰ এজন অনুবাদক যোচেফ ৰাডাৰহেমে এই গীত ৰচকৰ বিষয়ে নিজৰ কিতাপত এইদৰে কৈছে, এজন ব্যক্তিৰ “ঈশ্বৰৰ পৰা নিৰ্দেশনা পাবলৈ ইমানেই ইচ্ছা থকা উচিত যাতে তেওঁ বাইবেলত অনুসন্ধান কৰে, ইয়াৰ অধ্যয়ন কৰে আৰু বহু দেৰিলৈকে ইয়াৰ বিষয়ে চিন্তা কৰে।” তেওঁ এয়াও কৈছিল যে “যদি এজন ব্যক্তি কোনোবা এদিন বাইবেল নপঢ়ে, তেনেহʼলে তেওঁৰ সেই দিনটো এনেই ব্যৰ্থ হোৱা যেন হʼব।” গতিকে বাইবেল অধ্যয়ন কৰাৰ সময়ত তাৰ সৰু সৰু কথাবোৰলৈ ধ্যান দিয়ক আৰু এয়া বুজিবলৈ চেষ্টা কৰক যে ইয়াৰ বেলেগ বেলেগ ভাগত লিখা কথাবোৰ কেনেকৈ এটাই আনটোৰ লগত জড়িত হৈ আছে। এইদৰে যেতিয়া আপুনি ঈশ্বৰৰ বাক্যৰ বহল, দীঘল, দ আৰু ওখ ভালদৰে বুজিবলৈ চেষ্টা কৰিব, তেতিয়া আপুনি বহুত আনন্দ লাভ কৰিব।

১৬. পৰৱৰ্তী লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

১৬ যিহোৱাই নিজৰ বাক্যত যিবোৰ গভীৰ কথা লিখাইছে, সেইবোৰ ইমানো কঠিন নহয় যে আমি বুজিব নোৱাৰোঁ। পৰৱৰ্তী লেখত এনে এটা গুৰুত্বপূৰ্ণ সত্যতাৰ বিষয়ে আলোচনা কৰিম। সেয়া হৈছে যিহোৱাৰ মহান লাক্ষণিক মন্দিৰ, যাৰ বিষয়ে পৌলে ইব্ৰী খ্ৰীষ্টানসকললৈ লিখা নিজৰ চিঠিত কৈছিল। এই বিষয়টো অধ্যয়ন কৰি আপোনোলোকে বহুত আনন্দ লাভ কৰিব বুলি আমি আশা কৰিছোঁ।

আপুনি কেনেকৈ উত্তৰ দিব?

  • নিজৰ উদ্দেশ্যৰ অনুসৰি যিহোৱাই কি কৰিব?

  • বাইবেলত ভৱিষ্যৰ বিষয়ে কি কোৱা হৈছে?

  • আমি স্বৰ্গলৈ কেনেকৈ চাব পাৰোঁ?

গীত ৯৪ যিহোৱাৰ বাক্যৰ প্ৰতি কৃতজ্ঞ

a বাইবেল অধ্যয়ন কৰিলে আমি গোটেই জীৱন আনন্দ লাভ কৰিব পাৰিম। ইয়াৰ পৰা আমাৰ বহুতো লাভ হʼব পাৰে আৰু আমি যিহোৱাৰ আৰু কাষ চাপিব পাৰিম। এই লেখত আমি শিকিম যে ঈশ্বৰৰ বাক্যৰ ‘বহল, দীঘল, দ আৰু ওখৰ’ বিষয়ে কেনেকৈ জানিব পাৰোঁ।

b জুলাই ২০২২ চনৰ প্ৰহৰীদুৰ্গত “প্ৰথম ভৱিষ্যতবাণী—আপোনাৰ বাবে কিয় গুৰুত্বপূৰ্ণ?” নামৰ লেখখন পঢ়ক।

c ভৱিষ্যতে লোকসকলক আচৰিত কৰি তোলা যিবোৰ ঘটনা ঘটিব, তাৰ বাবে আপুনি নিজকে কেনেকৈ সাজু কৰিব পাৰে, তাৰ বিষয়ে জানিবলৈ ঈশ্বৰৰ ৰাজ্যই শাসন কৰিছে! (হিন্দী) নামৰ কিতাপখনৰ ২৩০ পৃষ্ঠা পঢ়ক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক