ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w24 ফেব্ৰুৱাৰী পৃষ্ঠা ৩২
  • এনে আধ্যাত্মিক ৰত্ন বিচাৰক যি আপোনাৰ কামত আহিব

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এনে আধ্যাত্মিক ৰত্ন বিচাৰক যি আপোনাৰ কামত আহিব
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • মিল থকা বিষয়
  • অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • বাইবেলে মোক কেনেকৈ সহায় কৰিব পাৰে?—ভাগ ১: বাইবেলৰ বিষয়ে বেছিকৈ জানক
    যুৱক-যুৱতীসকলে সোধে
  • শিকা কথাবোৰ আনক জনাওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
w24 ফেব্ৰুৱাৰী পৃষ্ঠা ৩২

অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়

এনে ৰত্ন বিচাৰক যি আপোনাৰ কামত আহিব

যেতিয়া আমি বাইবেলৰ কোনো এটা ভাগ পঢ়োঁ, তেতিয়া তাৰ বিষয়ে অনুসন্ধান কৰি তাত লুকাই থকা আধ্যাত্মিক ৰত্ন বিচাৰিব পাৰোঁ। কিন্তু আমি বাইবেলৰ পৰা কেনেকৈ সম্পূৰ্ণকৈ লাভ উঠাব পাৰোঁ?

সৰু-সৰু কথা জানিবলৈ চেষ্টা কৰক। যেনে, এয়া জানিবলৈ চেষ্টা কৰক যে আপুনি যি পঢ়িলে, সেয়া কোনে, কাৰ বাবে আৰু কেতিয়া লিখিছিল। এয়াও জানিবলৈ চেষ্টা কৰক যে সেই সময়ত পৰিস্থিতি কেনে আছিল, তাৰ আগতে কি হৈছিল আৰু তাৰ পাছত কি হʼল।

চিন্তা কৰক আপুনি কি শিকিব পাৰে? আপুনি এনেধৰণৰ প্ৰশ্নবোৰৰ বিষয়ে চিন্তা কৰিব পাৰে: ‘এই ঘটনাত যিসকল লোকৰ বিষয়ে পঢ়িলোঁ, তেওঁলোকে হয়তো কেনে অনুভৱ কৰিছিল? তেওঁলোকৰ কি কি গুণ আছিল? মই কিয় তেওঁলোকৰ দৰে হোৱা উচিত বা তেওঁলোকৰ দৰে বেয়া ব্যৱহাৰ কৰা উচিত নহয়?’

শিকা কথাবোৰ পালন কৰক। আপুনি যি শিকিলে তাৰ অনুসৰি প্ৰচাৰ কৰক বা আনৰ লগত ব্যৱহাৰ কৰক। এইদৰে আপুনি যিহোৱাৰ পৰা পোৱা বুদ্ধিৰ অনুসৰি কাম কৰিছে বুলি দেখুৱাব। কিয়নো বাইবেলত লিখা আছে, “যি কোনো জ্ঞানী, সি এই সকলো কথালৈ মন দিব।”—গীত. ১০৭:৪৩.

  • উপায়: আপুনি হয়তো চাবলৈ পাইছে যে সভাৰ বাবে অধ্যয়ন পুস্তিকাত ‘ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান’ নামৰ ভাগত বাইবেলৰ এটা ভাগৰ ওপৰত আলোচনা কৰা হয়। তাত নিজকে সুধিবলৈ কিছুমান প্ৰশ্ন বা মনন কৰিবলৈ কিছুমান কথা আৰু ছবিবোৰ দিয়া থাকে। ইয়াৰ পৰা আমি বুজিব পাৰোঁ যে এই ভাগৰ পৰা আমি কি শিকিব পাৰিম। সেইবাবে বাইবেলৰ কোনো এটা ভাগ পঢ়োঁতে নিজকে এনেধৰণৰ প্ৰশ্ন সোধক বা এনে কথাবোৰৰ ওপৰত মনন কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক